পলকতে সুখ দুখৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ ভাল খবৰবোৰ

১. আজি সমগ্ৰ বিশ্বতে ৰাতি ৮-৩০বজাৰ পৰা ০৯-৩০ বজালৈ বৈদ্যুতিক পোহৰ পৰিহাৰ কৰি “ধৰিত্ৰী ঘণ্টা” পালন কৰা হব। এই কাৰ্যসূচীৰ বাবে সকলো ৰাইজৰে সহযোগিতা কামনা কৰি বিদ্যুত শক্তি ব্যৱহাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অসম শক্তি বিতৰণ কোম্পানীয়েও ৰাইজক আহ্বান জনাইছে।

২. অসমৰ সাংস্কৃতিক সম্পদ “জাৰী” গীতৰ স্ৰষ্টা দাৰা ফকীৰ চাহেবৰ স্মৃতি জনমানসত জীয়াই ৰখাৰ বাবে সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে প্ৰৱৰ্তন কৰিছে এক বঁটা। ২৮-২৯ মাৰ্চত গুৱাহাটীৰ আজানপীৰ উদ্যানত অনুষ্ঠিত হব লগা দ্বিতীয় বাৰ্ষিক জিকিৰ-দাৰী প্ৰতিযোগিতাত দ্বিতীয় বাৰৰ বাবে ৰেকিবুদ্দিন আহমেদ বঁটাৰ সৈতেই দাৰা ফকীৰ বঁটা প্ৰদান কৰা হব। এই বঁটাৰ বাবে সাহিত্যিক শিক্ষক ৰফিউল হুছেইন বৰুৱাৰ নাম মনোনীত কৰা হৈছে।

৩. সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কাৰ্যনিবাহকে কৰিলে দ্বায়িত্ব গ্ৰহণ। দীপাংক কুমাৰ নাথ সভাপতি আৰু লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক ৰূপে দ্বায়িত্ব লাভ কৰাৰ লগতে ৫৫ জনীয়াকৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকখন গঠন কৰা হৈছে। বিদায়ী সভাপতি আৰু সাধাৰণ সম্পাদক হব পৰম্পৰা ৰক্ষা কৰি আছুৰ উপদেষ্টা। আছুৰ মুখ্য উপদেষ্টা হিচাবে কাৰ্যনিৰ্বাহ কৰিবলৈ ডঃ সমুজ্জ্বল ভট্টাচাৰ্যক আহ্বান জনায় প্ৰতিনিধি সভাই।

৪. প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক তেওঁৰ নতুন দিল্লীৰ বাসভৱনত কালি ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে প্ৰদান কৰিলে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন”। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি বহুতো সুধীজনেও অংশগ্ৰহণ কৰে।

৫. বঙাইগাঁও জিলাৰ ৰবৰ খেতিয়ক সকলক টেপিং প্ৰশিক্ষণৰ কালি সফল ভাৱে সামৰণি পৰে। ৰবৰ বৰ্ডৰ বিষয়া সকলে খেতিয়ক সন্থাৰ সহযোগত দুটা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ কাৰ্যসূচী তিনি মাৰ্চৰ পৰা তেৰ মাৰ্চলৈ আৰু ১৬-২৫ মাৰ্চলৈ অনুষ্ঠিত হয়।

৬. অসমৰ লামডিং আৰু শিলচৰ ব্ৰডগজ ৰেলপথৰ শুভাৰম্ভ হোৱাৰ সুখবৰ। দিল্লীৰ পৰাই দূৰ নিয়ন্ত্ৰণ পদ্ধতিৰে এই ৰেল সেৱাৰ শুভাৰম্ভ কৰিলে ৰেল মন্ত্ৰী সুৰেশ প্ৰভূৱে।

৭. অনুপ্ৰৱেশকাৰীক আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি বিতাড়ণ কৰাৰ বাবে ভাৰত-বাংলাদেশৰ মাজত প্ৰত্যৰ্পণ চুক্তি সম্পন্ন কৰিবলৈ ভাৰত চৰকাৰক হেঁচা দিবলৈ বিধান সভাৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে অসম জাতীয় গণ সংগ্ৰাম পৰিষদে। অসম বিধান সভাৰ অধ্যক্ষক এখন স্মাৰক পত্ৰৰে এই বিষয়ত পদক্ষেপ লবলৈ আহ্বান জনাইছে।

৮. গুৱাহাটীত থকা সংগীত-নাটক অকাডেমীৰ কাৰ্যালয় ত্ৰিপুৰালৈ স্থানান্তৰ কৰা নহয় বুলি বিধান সভাত স্পষ্ট কৰি দিলে অসমৰ সাংস্কৃতিক মন্ত্ৰী বিস্মিতা গগৈয়ে। ভাড়াঘৰত থকা কাৰ্যালয়টোৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতে ঠাই দিয়া হব বুলিও সুখবৰ প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।

৯. অসমৰ গুৱাহাটীৰ সমীপৰ আমিনগাঁৱত স্থাপিত হব ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেকেজিংৰ শাখা প্ৰতিষ্ঠান। ছবিঘা মাটি ইয়াৰ বাবে ৰাজ্য চৰকাৰে মোকোলাই দিছে আৰু কেন্দ্ৰীয় চৰকাৰে পাঁচ কোটি টকাও মুকলি কৰি দিছে বুলি সুখবৰ প্ৰকাশ পাইছে। মুম্বাইত আছে এই প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়।

১০. আধ্যাত্মিক যুৱ সন্মিলন (আয়ুস)ৰ উদ্যোগত মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট ৰাজসত্ৰৰ বণমালী সত্ৰত ২৬ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে ৰাজ্যিক অভিবৰ্তন আৰু আধ্যাত্মিক কৰ্মশালাৰ। শ্ৰীমন্ত ফাউণ্ডেচনৰ মুখ্য সম্পাদক দীপাংকৰ মহন্তই নৈতিক শিক্ষাৰ ওপৰত আলোচনা সত্ৰত অংশ লয়, ৰাজীৱ কমল শইকীয়াৰ সম্পাদনাত প্ৰকাশিত স্মৰণিকা “বনমালী”ও উন্মোচিত হয়। অভিবৰ্তনত ৫০খনৰো অধিক বিপনীয়ে মেলা আৰম্ভ কৰিছে। প্ৰায় দুই হাজাৰ নৱ-প্ৰজন্মই আধ্যাত্মিক কৰ্মশালাত অংশ লোৱাৰ লগতে বহু দেশ বিদেশৰ পৰ্যটকেও এই অনুষ্ঠানত উপস্থিত হোৱা বুলিও সুখবৰ জানিব পৰা গৈছে।

No comments:

Post a Comment