পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা



আজিৰ ভাল খ‌ৱৰবোৰ 
১) ৰজতকমল বঁটা প্ৰাপ্ত পৰিচালক হীৰেন বৰাৰ পৰিচালনা আৰু শংকৰলাল গো‌ৱেংকাৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া কথাছ‌ৱি 'ক্ষোভ' আমন্ত্ৰিত হৈছে অহা ২০ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ ইজিপ্তত অনুষ্ঠিত হ'বলগীয়া কাইৰো আন্ত:ৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ আৰু কলা উৎস‌ৱলৈ । উল্লেখ্য যে এই মহোৎস‌ৱলৈ আমন্ত্ৰিত হো‌ৱা এইখনে হৈছে প্ৰথম অসমীয়া ছ‌ৱি । ছ‌ৱিখনিত সংগীত পৰিচলনা কৰিছে তৰালী শৰ্মাই ।

২) "চ'লাৰ ইমপালছ." নামৰ বিমান খনেই হৈছে দিন আৰু ৰাতি সমানেই উৰিবপৰা বিশ্বৰ প্ৰথমখন সৌৰশক্তি চালিত বিমানযান । এই দা‌ৱী কৰিছে ছুইজাৰলেণ্ডৰ পি.আৰ. ফাৰ্ম নামৰ সৌৰশক্তি ব্য‌ৱহাৰকাৰী সংস্থাটো‌ৱে । বিশ্বব্যাপী এক উৰণৰ অংশ হিচাপে আবু-ধা‌ৱীৰপৰা আৰম্ভ কৰা এই যানখনে আজি অ‌ৱতৰণ কৰিবহি গুজৰাটৰ এলাহাবাদত । যানখনে গংগা নদীৰ ওপৰেৰে উৰি বিমানখনে ভাৰতবাসীক ইন্ধন-ৰাহিৰ বিষয়ে এক বাৰ্তা বিয়পাব বুলি প্ৰকাশ কৰিছে । ১৭,২৪৮ টা সৌৰ-কোষ থকা এই বিমানখনৰ ওজন হৈছে ২৩০০ কি.গ্ৰা. অৰ্থাৎ এখন গাড়ীৰ ওজনৰ সৈতে প্ৰায় সমান ।

৩) বিধায়ক প্ৰশান্ত ফুকনৰ এক প্ৰশ্নৰ উত্তৰত কালি সদনত চৰকাৰে জনায় যে যো‌ৱা পাঁচ বছৰত ৰাজ্যখনত মুঠ ৯২,৭৯,০৩০ টকা মূল্যৰ জালনোট ধৰা পৰে । উক্ত সময়ছো‌ৱাত মুঠ ৩৫৩ জন ব্য‌ক্তিক আটক কৰা হৈছে জালনোট সৰ‌ৱৰাহৰ অপৰাধত ।

৪) ভাৰত চৰকাৰে 'মেক ইন ইণ্ডিয়া' প্ৰচাৰ অভিযানৰ বলেৰে ইলেক্ট্ৰনিকছ নিৰ্মাণ খণ্ডত মুধ ২৫,৩৫২ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তা‌ৱ লাভ কৰিছে । ইয়েই দেশবাসীৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।

৫) নামনি অসমৰ অন্যতম ব্য‌ৱসায় কেন্দ্ৰ স্বৰূপে বিখ্যাত হৈ পৰা বৰপেটাৰোড নগৰত বৰ্তমানে গঢ় লৈ উঠিছে সৰু -বৰ কেইবাখনো বজাৰ আৰু ক্ষুদ্ৰ উদ্যোগ । সপ্তাহৰ সোম আৰু বৃহস্পতিবাৰে বহা বৰপেটাৰোডৰ তামোলৰ বজাৰখনে শেহতীয়াকৈ ভৰপূৰ সম্ভা‌ৱনাৰ বতৰা কঢ়িয়াইছে কৃষকসকলৰ মাজত ।বাক্সা আৰু চিৰাং জিলাৰো নানা ঠাইৰ লগতে বৰপেটাৰ হাউলী, সৰভোগ আঞ্চলৰ বেপাৰী আহি এই বজাৰখনত ভিৰ কৰেহি । ব্য‌ৱসায়ী সকলে প্ৰতি কুইন্টল হিচাপত তামোলৰ মূল্য ৩৫০০ ৰ পৰা ৩৮০০ টকালৈকে উপাৰ্জন কৰিব পাৰে বুলি গম পো‌ৱা গৈছে ।

৬) অহা ২০১৫-১৬ বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট সদনত আজি উত্থাপন কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । ৰাজ্যৰ অৰ্থনৈতিক বিকাশ আৰু সামাজিক ন্যয় ব্য‌ৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীজনে আগতীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে ।

৭) কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী মনোজ সিনহাই সদনত প্ৰকাশ কৰা তথ্যমতে চলিত মাহৰ পহিলা তাৰিখলৈকে উত্তৰ-পূ‌ৱ সীমান্ত ৰেল‌ৱেত খালী হৈ থকা পদৰ সংখ্যা হৈছে ২৩,০৫৬ টা । এই পদসমূহৰ বাবে নিয়োগ প্ৰক্ৰিয়া পৰ্যায় ক্ৰমে অনুষ্ঠিত কৰা হ'ব ।

৮) এতিয়াৰে পৰা জঘন্য অপৰাধত জড়িত হো‌ৱা ১৫বছৰতকৈ ডাঙৰ অথচ ১৮ বছৰতকৈ সৰু কিশোৰ সকলকো প্ৰাপ্তবয়স্কৰ দৰে শাস্তি প্ৰদান কৰা হ'ব । সংশ্লিষ্ট সংসদীয়া সমিতিৰ আপত্তি স্বত্তেও চৰকাৰে কিশোৰ আইন সংশোধনৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।অ‌ৱশ্যে অপৰাধ সংঘটিত কৰাৰ সময়ৰত কিশোৰটিৰ স্বভা‌ৱ কিশোৰৰ দৰে আছিল নে প্ৰাপ্তবয়স্কৰ দৰে আছিল সেই কথা চালি-জাৰি চো‌ৱাৰ পাছতহে এনে শাস্তি প্ৰদান কৰা হ'ব ।

৯) মৰিগা‌ৱঁৰ মায়ঙত অ‌ৱস্থিত পবিতৰা ইক'টুৰিজিম ডেভেলপমেন্ট ছছাইটী নামৰ বেচৰকাৰী সংস্থাটো‌ৱে মায়ঙ আৰু পবিতৰাক জগতবাসীৰ আগত চিনাকী কৰি দিয়াৰ উদ্দেশ্যে মুকলি কৰিছে এটি ‌ৱেবচাইট । এই ‌ৱেবচাইটটিৰ ঠিকনা হৈছে www.exploremayong.in । ‌ৱেবচাইটটো মায়ঙৰ ইতিবৃত্ত, গ্ৰন্থ-আলোচনা , পবিতৰা অভযাৰণ্যৰ ভিডিঅ' ইত্যাদি সমলেৰে আটোমটোকাৰীকৈ সজো‌ৱা হৈছে ।

১০) ইং. ২০১৫ বৰ্ষৰ বীৰাংগানা মূলাগাভৰু বঁটা লাভ কৰিছে প্ৰগতিবাদী নাৰী, লেখক -সাংবাদিক নিৰুপমা বৰগোহাঞিয়ে । এই বঁটা তাই আহোম যু‌ৱ পৰিষদে যো‌ৱা ২০১৩ বৰ্ষৰপৰা প্ৰদান কৰি আহিছে ।

১১) গু‌ৱাহাটীৰ শ্ৰদ্ধাঞ্জলী কাননত 'কল্প'ৰ উদ্যোগত অনুষ্ঠিত হয় সপ্তম প্ৰাগজ্যোতি আন্ত:ৰাষ্ট্ৰীয় নৃত্য মহোৎস‌ৱ । অনুষ্ঠানটিত কেইবাশতাধিক দৰ্শকৰ সমুখত বিভিন্ন থলু‌ৱা নৃত্য-গীত প্ৰদৰ্শিত হয় ।

No comments:

Post a Comment