পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চেটেলাইট চেণ্টাৰ, বেংগেলুৰুৰ সঞ্চালক এচ.কি. শিৱকুমাৰে সংস্থাটোৱে ২০১৫বৰ্ষটোত ১০টাকৈ চেটেলাইট উক্ষেপন কৰাৰ বাবে পৰিকল্পনা হাতত লোৱাৰ কথা প্ৰকাশ কৰিছে। ভাৰতে ১৯৭৫চনৰ পৰা ৭২টাকৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰা সংস্থাটিয়ে এই বৰ্ষত গড় মান দুগুণ কৰিব বিচৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

২. অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ কেবিনেট বৈঠকে ৰাজ্যৰ বান আৰু খহনীয়াত ক্ষতিগ্ৰস্তৰ বাবে ৭৫ হাজাৰকৈ টকাৰ সাহাৰ্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ। আন্তঃৰাজ্যিক সীমান্তৰ জিলাকেইখনৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবেও সিদ্ধান্ত। মেডিকেল কলেজত সংখ্যালঘুৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা চাৰিখনলৈ বৃদ্ধি, ৰাজ্যত জল আয়োগ গঠন কৰা আৰু এছডিআৰএফ বেটেলিয়ন গঠনৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন দিছে।

৩. দেশৰ চাৰিখন ৰাজ্যৰ ভিতৰতো অসমতো এইমছৰ দৰে উন্নত চুপাৰ-স্পেচিয়েলিটী হাস্পতাল স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বাজেটত ব্যৱস্থা কৰাৰ খবৰ। এই সিদ্ধান্তলৈ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে আদৰণি জনাইছে।

৪. বেনামী সম্পত্তি আহৰণ কৰি ক’লা ধন ৰাখিবলৈ চেষ্টা কৰা সকললৈ দহ বছৰ পৰ্যন্ত কাৰাবাসৰ শাস্তি বিধান হোৱাকৈ বিশেষ বিধেয়ক মোদী চৰকাৰে এই বাজেট অধিবেশনতে উত্থাপন কৰিব বুলি সুখবৰ প্ৰকাশ কৰিছে। এক লাখতকৈ অধিক মূল্যৰ সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো এতিয়াৰ পৰা পেন-কাৰ্ড নম্বৰ উল্লেখ কৰিব লাগিব বুলিও প্ৰকাশ পাইছে। সোণৰ মুদ্ৰাৰ বিক্ৰী প্ৰচলন কৰাৰ লগতে বেংকত সোণ জমা থৈও সুত পাবৰ ব্যৱস্থা কৰা হৈছে।

৫. মুনীন বৰকটকী স্মাৰক ন্যাসৰ উদ্যোগত কালি গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত মুনীন বৰকটকী জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে মুনীন বৰকটকা বঁটা দুটা বৰ্ষৰ বাবে প্ৰদান কৰা হয়। ২০১৩ বৰ্ষৰ এই বঁটা অপু ভৰদ্বাজলৈ “মস্তিস্কৰ চিনেমা” নামৰ গল্প সংকলন আৰু মৃদুল হালৈক “অকলে আছো কুশলে আছো” কবিতাপুথিৰ বাবে প্ৰদান কৰা হয়। ২০১৪চনৰ এই বঁটা তুলিকা শইকীয়াক “চাৰিশাল গোঁসানীৰ তেজ” আৰু দিব্যজোতি বৰাক “টোপনিত” শীৰ্ষক কবিতাপুথিৰ বাবে প্ৰদান কৰা হয়। এই বঁটাৰে সন্মানিত সকলৰ সম্পৰ্কে এখন গ্ৰন্থও উন্মোচিত হোৱাৰ লগতে মুনীন বৰকটকীৰ জীৱনৰ আধাৰত প্ৰবীণ হাজৰিকা প্ৰযোজিত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

৬. অচিৰেই অসম আৰক্ষী দহ হাজাৰ কনিষ্টবল নিযুক্তি দিয়া হব বুলি ঘোষণা কৰিছে ডিজিপি খগেন শৰ্মাই। পাঠশালাত বাসুদেৱ জালান আৰু পুষ্পাদেৱী জালানৰ সোঁৱৰণত নিৰ্মাণ কৰিব লগা গোশালা আৰু উচ্চমানৰ অতিথিশালাৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতে আৰক্ষী আধুনিকীকৰণ সন্দৰ্ভত এই সুখবৰ প্ৰকাশ কৰে।

৭. সৰ্ব-সাধাৰণৰ বাবে সাৰ্বজনীন সামাজিক সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত বছৰি ১২টকা কিস্তি আদায় দি ২লাখ টকা পৰিমাণৰ দুৰ্ঘটনাজনিত বীমা দিয়াৰ কথা প্ৰকাশ কৰিছে। অটল পেঞ্চন যোজনাত ৰাইজে বছৰি এহেজাৰ টকা কিস্তি জমা দিলে চৰকাৰেও এহেজাৰ টকাৰ বৰঙণি আগবঢ়াব।কৰ্মচাৰীকো ভৱিষ্যত নিধিৰ বৰঙণি দিয়াতো বাধ্যতামূলক কৰাৰ প্ৰস্তাৱো বাজেটত ৰখা হৈছে।

৮. প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সফল অসমীয়া ব্যৱসায়ী সমাজকৰ্মী ছায়াৰাম কুমাৰৰ জীৱন, ব্যক্তিত্ব আৰু কৃৰ্তিত্বসম্বলিত “অভিনন্দন” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ অধ্যাপক ডঃ উমেশ ডেকাই। উক্ত সভাত ছায়াপ্ৰভা সংস্কৃতি লোকশিল্পী ক্ৰমে কৈলাস তালুকাদৰ আৰু বৈজয়ন্তী নাথ তালুকদাৰক প্ৰদান কৰে প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাই।

৯. অসম সত্ৰ মহাসভাৰ শতবৰ্ষ উদযাপন অনুষ্ঠান উপলক্ষে তিনিদিনীয়াকৈ আয়োজিত অনুষ্ঠানৰ অংশ স্বৰূপে যোৰহাটৰ অসম সত্ৰ মহাসভাৰ কলা ভৱনত অনুষ্ঠিত হয় আলোচনাচক্ৰও। মুখ্য আলোচক হিচাবে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে অংশ লোৱা আলোচনা চক্ৰখনৰ বিষয় আছিল “সূত-শৌনক সংবাদঃ শংকৰদেৱৰ পুনৰীক্ষণ”।

১০. একেডৰা মাটিতে দুতৰপীয়া ধান খেতি কৰি অধিক উৎপাদন লাভৰ লক্ষ্যৰে অহা ১৫ মাৰ্চত ৰাজ্যৰ দুশটা স্থানত মোমাই তামুলী বৰুৱা কৃষক বন্ধু আঁচনিৰ শুভাৰম্ভ কৰা হব। দক্ষিণ যোৰহাটৰ তিমতিমিয়া গাঁৱৰ চৰ্দাৰ আলিৰ সমীপত ৫হেক্টৰ ভূমিত মুখ্যমন্ত্ৰীয়ে বৰ্ণশংকৰ কঠীয়া ৰোপণৰ শুভাৰম্ভ কৰি এই আঁচনিৰ উদ্বোধন কৰিব।

No comments:

Post a Comment