সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নদীবান্ধ ভঙাৰ হুংকাৰ কিমান গ্ৰহণযোগ্য?
দীপাংকৰ মল্ল বৰুৱা

নামনি সোৱণশিৰিৰ নদীবান্ধটো হ’ব লাগে নে নালাগে, এই বিষয়টো এতিয়াও বিবদমান হৈ আছে। বৃহৎ আকাৰৰ নদীবান্ধ এটাৰ পৰা যে বিপদৰ আশংকা বেছি সেই কথা সকলোৱে বুজি পায়। কিন্তু প্ৰযুক্তিগত ভাৱে এটা বৃহৎ নদীবান্ধ কিমানখিনি নিশ্চয়তাৰে সুৰক্ষিত বুলি দাবী কৰিব পাৰি সেয়া নিশ্চয় বিশেষজ্ঞৰ অধ্যয়নৰ বিষয়। তদুপৰি নদীবান্ধ নিৰ্মাণৰ ফলত নদীখনৰ ভাৰসাম্যতাৰ তাৰতম্যৰ ফলাফল আৰু নামনি অঞ্চলৰ মানুহ আৰু জীৱ জন্তুৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈও নিশ্চয়কৈ এই বিষয়ৰ বিশেষজ্ঞৰ মতামতৰ প্ৰয়োজন আছে।


২০১১ চনৰ পৰা বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ বাবে কাম বন্ধ হৈ থকা নামনি সোৱনশিৰি জলবিদ্যুত উত্পাদন প্ৰকল্পটোৰ ওপৰত এটা সিদ্ধান্ত লবলৈ ২০১৪ চনৰ ১০ ডিছেম্বৰত কেন্দ্ৰীয় চৰকাৰে নদীবান্ধৰ বিৰোধিতা কৰা ৩০ টা সংগঠনৰ সৈতে বৈঠক অনুস্থিত কৰিছিল এই বৈঠকত বান্ধটোৰ ওপৰত সিদ্ধান্ত লবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি সিছিল। এই বিশেষজ্ঞ সমিতিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে চাৰিজনকৈ বিশেষজ্ঞ আছে। বিশেষজ্ঞ সকলে এই নদীবান্ধটোৰ ওপৰত পুংখানুপুংখ ভাৱে অধ্যয়ন কৰিছে। হয়তো অতি সোনকালেই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব।

ইতিমধ্যে বান্ধটোৰ সপক্ষে প্ৰচাৰ অভিযানত নামি পৰিছে এন এইচ পি চি। বান্ধটোৰ সমৰ্থনত অনাতাৰ আৰু দুৰদৰ্শন যোগে বিজ্ঞাপন প্ৰচাৰ কৰিছে। এখন ভি চি ডি ছবিও নিৰ্মাণ কৰাৰ বাতৰি আহিছে। নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ সৰবৰাহো আৰম্ভ কৰিছে। বিশেষজ্ঞ সমিতিয়ে অধ্যয়ন কৰি থকা সময়ত কোম্পানীটোৱে এনে ধৰণে সাধাৰণ মানুহক প্ৰভাৱিত কৰিবলৈ কৰা চেষ্টা গ্ৰহণযোগ্য নহয়।

এনে সময়ত অখিল গগৈয়ে তেওঁৰ কেইজনমান সতীৰ্থৰ সৈতে গেৰুকামুখলৈ গৈ নিজাববীয়াকৈ বান্ধ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি হুংকাৰ দিছে যে বান্ধটো ভাঙি পেলাব লাগিব। কাৰণ তেওঁৰ দৃষ্টিত বান্ধটো এটা ‘জলবোমা’।

এইখিনিতে প্ৰশ্ন হৈছে –

১) বিশেষজ্ঞ সমিতিয়ে নদীবান্ধটোৰ ওপৰত অধ্যয়ন কৰি থকা সময়ত এইদৰে বান্ধটো ভাঙি দিব লাগে বুলি ঘোষণা কৰাৰ অধিকাৰ অখিল গগৈক কোনে দিলে?

২) এদিন মাত্ৰ পৰিদৰ্শনতে বান্ধটো এটা জলবোমা বুলি ৰায় দিবলৈ অখিল গগৈৰ কি কাৰিকৰী অৰ্হতা আছে?

৩) বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন অহালৈ অখিল গগৈয়ে অপেক্ষা কৰিব নোৱাৰিলে কিয়? তেওঁ নিজেই দাবী কৰিছিল যে বিশেষজ্ঞ সমিতিৰ সময়সীমা ছমাহলৈ ছমাহলৈ বঢ়াই দিব লাগে। তেনেস্থলত হঠাতে ইমান তত্পৰতাৰ ৰহস্য কি?

৪) ভাৰতীয় জনতা পাৰ্টীয়ে অযোধ্যাৰ বাবৰি মছজিদ ভাঙি দি আবেগৰ জোৱাৰ সৃষ্টি কৰাৰ সৰে নদীবান্ধ ভাঙি দি অখিল গগৈয়ে ৰাজনৈতিক চমক দি আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখিছে নেকি?

নদীবান্ধ অসমৰ ৰাইজৰ বাবে এক ষ্পৰ্শকাতৰ বিষয়। অসমৰ উন্নয়নৰ বাবে বিজুলী শক্তিৰ যে প্ৰয়োজন সেই কথা অনস্বীকাৰ্য। কিন্তু ৰাইজৰ সুৰক্ষা বিঘ্নিত কৰি বান্ধ নিৰ্মাণ হ’ব নোৱাৰে। এতিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ ওপৰত সকলো নিৰ্ভৰ কৰিছে। বিশেষজ্ঞ সমিতিয়ে যদি প্ৰযুক্তিগত ভাৱে আৰু সামাজিক প্ৰভাৱৰ দিশৰ পৰা অধ্যয়ন কৰি বান্ধটোৰ সপক্ষে ৰায় দিয়ে, সেই ৰায় মুকলি মনেৰে গ্ৰহণ কৰিব লাগিব। যদি বিশেষজ্ঞ সমিতিয়ে বান্ধটো বিপদজনক বুলি ৰায় দিয়ে, তেনেহ’লে বান্ধটোৰ নিৰ্মাণ যিকোনো মুল্যৰ বিনিময়ত বন্ধ হ’বই লাগিব।

কিন্তু নদীবান্ধ নিৰ্মাণ বিষয়টোত ৰায় দিয়াৰ অধিকাৰ বিশেষজ্ঞ সমিতিৰ ওপৰত এৰিব লাগিব। বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষা নকৰি অখিল গগৈয়ে বান্ধ ভাঙি দিবই লাগিব বুলি হুংকাৰ দিয়াটো উচিত হৈছে জানো?

No comments:

Post a Comment