কথা-বাৰ্তাঃ আছু আৰু অসমৰ ছাত্ৰ ৰাজনীতিঃ কিছু চিন্তা-দুঃচিন্তাঃ নিৱন্ধকাৰ দীপাংকৰ মল্ল বৰুৱাৰ সতে সুখ-দুখ.কমৰ কথা-বাৰ্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কথা-বাৰ্তাঃ আছু আৰু অসমৰ ছাত্ৰ ৰাজনীতিঃ  কিছু চিন্তা-দুঃচিন্তাঃ নিৱন্ধকাৰ দীপাংকৰ মল্ল বৰুৱাৰ সতে সুখ-দুখ.কমৰ কথা-বাৰ্তা

কথা-বাৰ্তাঃ আছু আৰু অসমৰ ছাত্ৰ ৰাজনীতিঃ কিছু চিন্তা-দুঃচিন্তাঃ নিৱন্ধকাৰ দীপাংকৰ মল্ল বৰুৱাৰ সতে সুখ-দুখ.কমৰ কথা-বাৰ্তা

Share This
আছু আৰু অসমৰ ছাত্ৰ ৰাজনীতিঃ 
কিছু চিন্তা-দুঃচিন্তা
নিৱন্ধকাৰ দীপাংকৰ মল্ল বৰুৱাৰ সতে সুখ-দুখ.কমৰ কথা-বাৰ্তা
 প্ৰশ্নঃ১ অৰাজনৈতিক ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই নিজৰ দ্বায়িত্ব পালনত যোৱা দশকটোত কিমান সফল বুলি আপুনি ভাবে? দুধনৈ অধিবেশনত নেতৃত্ব নতুনৰ হাতলৈ যাব আছু। নতুন নেতৃত্বৰ সমুখত আপোনাৰ মতে প্ৰত্যাহ্বান সমূহ কেনে ধৰণৰ?

উত্তৰ: অসমৰ জাতীয় সমস্যা বুলি বিবেচিত বিষয় সমূহত সদৌ অসম ছাত্ৰ সন্থাই (আছু) মাত মাতি আহিছে যদিও সমস্যা সমূহৰ সমাধানৰ পথ দেখুওৱাত সফল হোৱা নাই। এটা ছাত্ৰ সংগঠন হিচাপে আছুৱে অসমৰ শিক্ষা খণ্ডৰ সংস্কাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত থকা দ্বায়িত্ব পালনত সফল হৈছে বুলি মই নাভাবো। আছুৰ নতুন নেতৃত্বৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ল অসমৰ জনজীৱনত আছুৰ গ্ৰহণযোগ্যতা আৰু প্ৰভাৱ অক্ষুন্ন ৰখাটো। আছুক অসমৰ সকলো ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিত্ব কৰিব পৰা সংগঠন হিচাপে গঢ়ি তুলিব পৰাটোও এটা বৃহৎ প্ৰত্যাহ্বান।

প্ৰশ্নঃ২ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে সাংবিধানিক সুৰক্ষা সঁচাই সম্ভৱনে? বাস্তৱত এনে ৰক্ষা কৱচ ৰাইজে সঁচাই পাবনে, নে এয়া এক চিৰন্তন ৰাজনীতিৰ বিষয় হৈ ৰৈ যাব।

উত্তৰ: মোৰ ব্যক্তিগত মতামত হ’ল, অসমীয়া হিচাপে বা খিলঞ্জীয়া হিচাপে এনে সাংবিধানিক সুৰক্ষা কবচ সম্ভৱ নহয়। অসম চুক্তিত খিলঞ্জীয়া শব্দটোৰেই উল্লেখ নাই। তদুপৰি সাংবিধানিক সুৰক্ষাৰ বাবে আছুৱে পৰামৰ্শ দিয়াৰ দৰে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দেশৰ সংসদৰ অনুমোদনৰ প্ৰয়োহন হ’ব। একোটা সমষ্টিৰ জনবিন্যাসক আওকাণ কৰি খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণ কৰাটো অবাস্তৱ আৰু অগণতান্ত্ৰিক। অসম চুক্তিত লিখিত ‘অসমীয়া’ শব্দৰ সৰ্বজনগ্ৰাহ্য সংজ্ঞা নিৰ্ণয় কৰাটোৱেই সম্ভৱ হোৱা নাই। গতিকে এনে সুৰক্ষা প্ৰাপ্তি সদায় এক ৰাজনীতিৰ বিষয় হিচাপে থাকি যোৱাটোৱেই সম্ভৱ। 

প্ৰশ্নঃ৩ বিগত দশকত থৰক বৰক হৈছে নেকি আছুৰ জনশক্তি? বিভিন্ন নৃ-গোষ্ঠীয় ছাত্ৰ সংগঠন সমূহৰ উত্থানে কিমান প্ৰভাৱ পেলাইছে? আছুৰ সৈতে ২৬টা জনগোষ্ঠীয় সংগঠনৰ সহযোগিতা, অথচ এতিয়া অসমীয়াৰ গাৰ্জেন বুলি মানি লবলৈ অস্বীকাৰ কৰা সংগঠন আমছুৰ দৰে সংগঠনেও প্ৰত্যাহ্বান জনাইছে। এনে প্ৰত্যাহ্বান আৰু ইয়াৰ ভৱিষ্যত সন্দৰ্ভত আপোনাৰ কেনে অনুভৱ।

উত্তৰ: অসম আন্দোলনৰ আগতে আছুৰ যি স্থিতি আছিল, আন্দোলনটোৰ পিছত সেই স্থিতিৰ নি:সন্দেহে যথেষ্ট পৰিৱৰ্তন হৈছে। অসম আন্দোলনৰ সময়ত অসমত আছুৰ বাহিৰে আন কোনো ছাত্ৰ সংগঠনৰ অস্তিত্বই নাছিল বুলি ক’ব পাৰি। কিন্তু অসম আন্দোলন আৰু অসম চুক্তিৰ সম্পূৰ্ণ কৃতকাৰ্যতা দাবী কৰাৰ পিছত আছুৰ নেতা সকলে যেতিয়া ৰাজনৈতিক ক্ষমতা হস্তগত কৰি অসমীয়াবাদ প্ৰতিস্থা কৰিবলৈ প্ৰয়াস কৰিলে, তেতিয়াই অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ পৃথক ছাত্ৰ সংগঠনে গঁজালি মেলে। এতিয়া যদিও আছুৱে ২৬ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত কাম কৰি আছে বুলি প্ৰচাৰ কৰিছে, তথাপিও আছুৰ কৰ্তৃত্ব মানিবলৈ অস্বীকাৰ কৰা ছাত্ৰ সংগঠনৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। আছুৱে সকলোকে একেলগে লগত লৈ আগবাঢ়িব পাৰিলেহে আন সংগঠন সমূহৰ সমীহ আদায় কৰিব পাৰিব।

প্ৰশ্নঃ ৪ ৰাজনৈতিক ঘৃণাৰ সৃষ্টি তথা ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিয়ে অসমত গা কৰি উঠিছে। এই ক্ষেত্ৰত আছুৰ স্থিতি কি হোৱা উচিত? ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰিব পাৰিছেনে সংগঠনটোৱে অসমৰ ছাত্ৰ সমাজক?

উত্তৰ: আছুৱে সাম্প্ৰতিকতাবাদক সদায় গৰিহণা দি আহিছে। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু মুছলমান নিৰ্বিশেষে সকলো বিদেশী নাগৰিক অসমৰ পৰা বহিষ্কাৰ কৰাৰ বাবে আছুৱে দাবী উত্থাপন কৰি আহিছে। কিন্তু অসমৰ সামূহিক ছাত্ৰ সমাজক অৰাজনৈতিক ভাৱে কোনো লক্ষ্যৰ প্ৰতি বান্ধি ৰখাটো পৰিলক্ষিত হোৱা নাই। ৰাজনৈতিক শিক্ষাৰে ছাত্ৰ সমাজক পুৰঠ কৰিব পৰা সফলতাও দৃষ্টিগোচৰ হোৱা নাই।

প্ৰশ্নঃ ৫ ৰাজনৈতিক দল সমূহে ধনে-জনে ছাত্ৰ ৰাজনীতিত কব্জা কৰিবৰ বাবে চেষ্টা চলাই আহিছে। কৃষক মুক্তিৰ ছাত্ৰ মুক্তিয়েও যথেষ্ট প্ৰসাৰতা লভিছে। কিন্তু আছুৰ প্ৰাসংগিকতা অসমৰ স্কুল-কলেজৰ পৰা কমি যোৱা নাই। ছাত্ৰ ৰাজনীতিত ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাপুষ্ট শক্তি সমূহৰ সমুখত অৰাজনৈতিক শক্তি হিচাবে আছুৱে সফল ভাৱেই যুঁজ দি অহা বুলি আপুনি ভাবেনে?

উত্তৰ: এই ক্ষেত্ৰত আছুৱে নিশ্চয়কৈ সফলতা দাবী কৰিব পাৰে। এতিয়াও স্কুল কলেজৰ নিৰ্বাচনত আছুৱে সদায় শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়াই আহিছে।

প্ৰশ্নঃ ৬ অসমৰ বিভিন্ন যুৱ-ছাত্ৰ সংগঠনে অসমৰ নৱ-প্ৰজন্মক চান্দা-বৰঙণিৰ অপসংস্কৃতিৰ মাজলৈ লৈ গৈছে। অলপ আগৰণুৱা ল'ৰা মানেই হাতত পেড-ৰছিদ থকা অৱস্থালৈ পৰ্যবসিত হোৱাৰ অভিযোগ। এই সহজ ধনেই সামাজিক কাম-কাজ প্ৰতি আকৰ্ষণৰ এটা কাৰণ আৰু ন ন সংগঠনৰ সৃষ্টি হোৱা ধাৰাটো বিষয়ত আপুনি কি ভাবে। এনে অপ-সংস্কৃতিয়ে জাতিটোক কলৈ লৈ যাব।

উত্তৰ: আছু শক্তিশালী হোৱাৰ পিছৰে পৰা চান্দা-বৰঙণিৰ অপসংস্কৃতি অসমত আৰম্ভ হৈছে। এই অপসংস্কৃতি গঢ়ি উঠাৰ এটা মূল কাৰণ হ’ল অসমৰ ভয়াবহ নিবনুৱা সমস্যা। নিবনুৱা সমস্যাৰ সমাধান কৰিব পাৰিলে এই অপ-সংস্কৃতি বহুখিনি ম্লান হৈ পৰিব বুলি মোৰ বিশ্বাস।

প্ৰশ্নঃ ৭ বৃহৎ নদী-বান্ধ বিষয়ক আছুৰ স্থিতিক কৈ কি কব। নীতিগত কথাত আছুৱে আপোচ কৰাৰ সম্ভাৱনা কিমান?

উত্তৰ: নদী-বান্ধ বিষয়ত আছুৱে এতিয়ালৈকে গ্ৰহণ কৰা স্থিতিৰ বিৰুদ্ধে মোৰ ক’বলগীয়া একো নাই। নদী-বান্ধটো যদি বিশেষজ্ঞৰ দৃষ্টিত বিপদজনক হয়, তেনেহ’লে নদী-বান্ধৰ নিৰ্মাণৰ বিৰোধিতা কৰিবই লাগিব। মই ভাবো অসমৰ জনতাৰ বৃহৎ স্বাৰ্থ জড়িত থকা নদী-বান্ধ বিষয়ত আছুৱে কেতিয়াও আপোচ নকৰে।

প্ৰশ্নঃ ৮ বিদেশী বহিস্কাৰ বাস্তৱত কোনো কালেই সম্ভৱ নহয়। আমেৰিকাৰ দৰে দেশেই এইকাম কৰিব নোৱাৰি অনুপ্ৰৱেশকাৰীক লিগেলাইজ কৰাৰ দিশে কাম কৰিছে। এই বাস্তৱ সত্যক মানি লবলৈ আছুৰ দৰে সংগঠনে কেনে স্থিতি গ্ৰহণ কৰা উচিত।

উত্তৰ: আছুৱে সীমান্ত সম্পূৰ্ণ ভাৱে ছীল কৰাত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়, যাতে নতুন অনুপ্ৰৱেশ বন্ধ হয়। বাংলাদেশৰ লগত ভাৰতৰ সীমা বিবাদ নিষ্পত্তি কৰি সীমাত স্থায়ী বেৰ নিৰ্মাণৰ স্বাৰ্থত ভূমি হস্তান্তৰ প্ৰক্ৰিয়াৰ সমৰ্থন কৰাটোও অতি প্ৰয়োজনীয়। বাংলাদেশৰ লগত অবৈধ নাগৰিকৰ প্ৰত্যাৰ্পন চুক্তি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ হেঁচা দিব লাগে আৰু প্ৰয়োজন হ’লে জন আন্দোলন গঢ়ি তুলিব লাগে। অন্যথা বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ নামত এচাম মানুহক হাৰাশাস্তি কৰি থকাটো অনুচিত। 

প্ৰশ্নঃ ৯ অসমত উন্নত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আছুৱে লব লগা ভূমিকা সঠিককৈ পালন কৰিব পাৰিছে বুলি আপুনি ভাবেনে? গোলকীকৰণ, পৰিবৰ্তিত বজাৰ আৰু প্ৰযুক্তি, প্ৰতিযোগিতামূলক পৰিবেশ আদিৰ সৈতে ফেৰ মাৰিব পৰাকৈ অসমৰ নৱ-প্ৰজন্মক কেনেদৰে দিশ দেখুওৱা উচিত?

উত্তৰ: এই ক্ষেত্ৰত আছুৰ কৰিবলগীয়া যথেষ্ট কৰিবলগীয়া আছে। আছুৱে অসমৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষা, খেলা-ধূলা, গীত, নৃত্য আদি বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভা সমূহ চিনাক্তকৰণ, প্ৰতিভা সমূহৰ উপযুক্ত প্ৰতিপালন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শনত গুৰুত্ব দিয়া উচিত। 

প্ৰশ্নঃ ১০ ছাত্ৰ ৰাজনীতিৰ পৰা অৱসৰৰ নিৰ্দিষ্ট বয়স থকা উচিত নে? গণতান্ত্ৰিক ভাৱে নিৰ্বাচনৰ জৰিয়তে দুই-তিনি বছৰৰ মূৰে মূৰে যি কোনো সংগঠনৰে নেতৃত্ব সলনি হোৱাটো উচিত নহয়নে? ফাঁচী বজাৰেই হওক বা দালাল ঠিকাদাৰেই হওক, চান্দা নিৰ্ভৰ সংগঠন হোৱা বাবেই অসমৰ ছাত্ৰ সংগঠন সমূহে নৈতিক ভাৱে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত নামিব পৰা নাই নেকি?

উত্তৰ: নিশ্চয়কৈ মানুহৰ আস্থা অটুট ৰাখিবলৈ হ’লে ছাত্ৰ ৰাজনীতিৰ পৰা এক নিৰ্দিষ্ট বয়সত অৱসৰ লোৱাটো প্ৰয়োজনীয়। সমুজ্জ্বল ভট্টাচাৰ্যই দীৰ্ঘদিন ধৰি আছুৰ সৰ্বে সৰ্বা হৈ থকা কথাটো জনতাৰ বাবে দৃষ্টিকটু হৈ পৰিছিল। গণতান্ত্ৰিক ভাৱে নিৰ্বাচনৰ জৰিয়তে দুই তিনি বছৰৰ মুৰে মূৰে যিকোনো সংগঠনৰ নেতৃত্ব সলনি নহ’লে সেই নেতা সকলৰ উদ্দেশ্যৰ বিষয়ে নেতিবাচক বাৰ্তা প্ৰচাৰ হয়। আছু চান্দা নিৰ্ভৰ হোৱাৰ বাবেই দুৰ্নীতিৰ বাবে যুঁজিব নোৱাৰাটো সঁচা কথা। আছুৱে কৰা আন্দোলন ব্যৱসায়ী বা উদ্যোগপতিৰ সৈতে হোৱা লেন দেনেৰে শেষ হয় বুলি বদনাম আছে।

প্ৰশ্নঃ ১১ অসমৰ ছাত্ৰ ৰাজনীতিয়ে ৰাজ্যখনৰ সকলো স্তৰৰ লোককে, সকলো জাতি জনগোষ্ঠীয়ে আপোন বুলি ভাবিব পৰা ৰাজনৈতিক নেতৃত্ব গঢ়ি দিব পাৰিছেনে? আছুৰ পৰা অৱসৰ লোৱা ছাত্ৰ-নেতা সকলে ৰাজনৈতিক ভাৱে কোন শিবিৰত অৱস্থান লৈ অসমৰ বাবে ভৱিষ্যতে কাম কৰিলে বেছি ভাল হব বুলি আপুনি ভাৱে?

উত্তৰ: অসমৰ ছাত্ৰ ৰাজনীতিয়ে ৰাজ্যখনৰ সকলো স্তৰৰে লোকক প্ৰভাৱিত কৰিব পৰা নাই। আছুৰ পৰা অৱসৰ লোৱা ছাত্ৰ নেতা সকলে আঞ্চলিকতাবাদৰ সপক্ষে অৱস্থান লোৱা ৰাজনৈতিক শিবিৰত যোগদান কৰিলে ভাল হয়, কাৰণ অন্যথা ৰাষ্ট্ৰীয় দলৰ মতাদৰ্শৰ লগত আদৰ্শগত সংঘাত হোৱাটো অনিবাৰ্য।

প্ৰশ্নঃ ১২ আৰু এটা দশকৰ পাছত অসমৰ ছাত্ৰ ৰাজনীতিৰ ৰূপৰেখা কি হবগৈ বুলি আপুনি অনুভৱ কৰে। অসমীয়া জাতি বুলি এটা ধাৰণাৰ ধৰি ৰাখিব পৰাকৈ অসমৰ নৱ-প্ৰজন্মই নিজকে নেতৃত্ব দিব পাৰিবনে? আপোনাৰ মতে অনাগত দশকৰ বাবে পাঁচটো মূল প্ৰত্যাহ্বান কি কি হব?

উত্তৰ: অহা দহ বছৰৰ ভিতৰত অসমৰ ছাত্ৰ ৰাজনীতি বহুদা বিভক্ত আৰু প্ৰভাৱহীন হৈ পৰিব যেন লাগে। অসমীয়া জাতি বুলি এটা ধাৰণাৰে নৱ প্ৰজন্মই নিজকে নেতৃত্ব দিব পাৰিবনে নাই সেয়াও সন্দেহৰ বিষয়।

মোৰ মতে অনাগত দশকৰ বাবে ছাত্ৰ ৰাজনীতিৰ পাঁচোটা মূল প্ৰত্যাহ্বান হ’ল –
১) ছাত্ৰ ছাত্ৰীৰ মাজত ছাত্ৰ সংগঠনৰ জনপ্ৰিয়তা বৃদ্ধি কৰা।
২) জনসাধাৰণক নেতৃত্ব দিব পৰা উপযুক্ত নেতাৰ সৃষ্টি কৰা।
৩) ছাত্ৰ সংগঠন সমূহক ৰাজনৈতিক হস্তক্ষেপৰ পৰা আঁতৰাই ৰখা।
৪) শিক্ষা খণ্ডৰ সংস্কাৰ আৰু উন্নয়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ ব্যৱস্থা কৰা।
৫) জনতাৰ মাজত ঐক্য, সংহতি আৰু সহযোগিতাৰ মনোভাৱৰ উত্তৰণ কৰা।

No comments:

Post a Comment