সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
অসমীয়াৰ সংজ্ঞা: বিতৰ্ক আৰু বিভ্ৰান্তি 
দীপাংকৰ মল্ল বৰুৱা
১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ এই ছয় বছৰ কাল অসমৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ সময়। এই ছয়টা বছৰত সংঘটিত হোৱা ঘটনা প্ৰবাহে অসমত বাস কৰা সকলো জাতি উপজাতি জনজাতিৰ ওপৰত সুদীৰ্ঘ কালৰ প্ৰভাৱ পেলাই থৈ গৈছে। অসমত অবৈধ ভাৱে থকা বিদেশী নাগৰিক সকলক বহিষ্কাৰ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদৰ সহযোগত অসমত এক ব্যাপক গণ জাগৰণ হৈছিল। স্বাধীনতা আন্দোলনৰ পিছত অসমত এনে গণ জাগৰণ কেতিয়াও হোৱা নাছিল। অসম আন্দোলন নামেৰে পৰিচিত এই অসম আন্দোলনৰ চালিকা শক্তি আছিল আবেগ সৰ্বস্ব জাতীয়তাবোধ। এই আন্দোলনটোত ইন্ধন যোগাইছিল বিদেশী নাগৰিকৰ সংখ্যা বৃদ্ধিয়ে অস্থিত্বৰ সংকটত পেলোৱা জাতীয়তাবাদী দল সংগঠনে। অসম সাহিত্য সভাৰ দৰে বৃহৎ জাতীয় অনুস্থানেও অসম আন্দোলনৰ সমৰ্থনত থিয় হৈছিল। আঙুলিৰ মুৰত লেখিব পৰা কেইজনমানৰ বাহিৰে অসমৰ বুদ্ধিজীৱি, চিন্তাবিদ সকলেও প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে আন্দোলনটোত সহায় কৰিছিল।

 নকলেও হ’ব যে এই আন্দোলনটোত অসমত বিদেশী নাগৰিকৰ আগ্ৰাসনত শংকিত হৈ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী জড়িত হৈ পৰিছিল। আৰম্ভণিৰে পৰা অসম আন্দোলন আছিল উগ্ৰ অসমীয়া জাতীয়তাবোধৰ ভাৱেৰে উদ্ধুদ্ধ। অসমৰ পৰা অকল বিদেশীয়েই নহয়, সকলো অনা অসমীয়া ভাৰতীয় লোকক বহিষ্কাৰৰ হুংকাৰেৰে অসম আন্দোলনৰ সূচনা হৈছিল। অসমত যুগ যুগ ধৰি বাস কৰি থকা মাৰোৱাৰী, বঙালী সম্প্ৰদায়ৰ লোক সকলকো ভীতি প্ৰদৰ্শন কৰা আৰম্ভ হৈছিল। কিন্তু আন্দোলনৰ নেতৃবৰ্গই অতি সোনকালে উপলব্ধি কৰিলে যে আন্দোলনটোক সাংবিধানিক মৰ্যাদা দিয়াৰ বাবে কেৱল বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীহে বৈধতাৰে উত্থাপন কৰিব পৰা যায়। সেয়েহে এই আন্দোলনটো বহিৰাগতৰ সলনি বিদেশী নাগৰিকৰ বিৰুদ্ধে হোৱা আন্দোলন হিচাপে পৰিচিত হ’ল। 

বিদেশী নাগৰিক বুলি ক’লে অসমত চুবুৰীয়া ৰাষ্ট্ৰ মূলত: বাংলাদেশ, ভূটান, নেপাল আৰু ম্যানমাৰৰ পৰা বিভিন্ন সময়ত অসমত প্ৰৱেশ কৰি অবৈধ ভাৱে বসবাস কৰি থকা লোক সকল হোৱা উচিত। কিন্তু অসম আন্দোলনটো হৈছিল বাংলাদেশৰ পৰা আহি অসমত থিতাপি লৈ দ্ৰুতগতিত বংশ বৃদ্ধি কৰা বংগভাষী মুছলমান সকলৰ আগ্ৰাসনৰ আশংকাত। আদিতে চৰ চাপৰিত বাস কৰা কৃষিজীৱি বংগ মূলৰ মুছলমান সকলে জনসংখ্যা বৃদ্ধিৰ বাবে খিলঞ্জীয়া মানুহৰ ভূমিৰ ওপৰত চাপ সৃষ্টি কৰাৰ বাবেই মূল সমস্যাৰ সৃষ্টি হৈছিল। বিদেশী বহিষ্কাৰৰ মূল দাবীটোক শক্তিশালী কৰাৰ বাবে অসম আন্দোলনৰ নেতৃত্বই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত অসমত থকা অবৈধ নাগৰিকৰ সংখ্যা কেইবাগুণো বঢ়াই ঘোষণা কৰিলে। এই কাৰ্যৰ ফলত অসমৰ সাধাৰণ খিলঞ্জীয়া মানুহ শংকিত হৈ পৰিল। আনহাতে স্বাধীনতাৰ আগতেই অসমত আহি স্থায়ীভাৱে বসবাস কৰা, অসমীয়া ভাষাক আদৰি লোৱা অভিবাসী অসমীয়া মুছলমান সকলকো বিদেশীৰ সন্দেহত সাঙুৰি পেলোৱা হ’ল। বংগভাষী মুছলমান দেখিলেই বাংলাদেশী বুলি মাৰ পিট কৰাৰ দৰে ঘটনাও সংঘটিত হ’ল। কোৱা বাহুল্য যে অসম আন্দোলনৰ সময়ৰে পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত ভাঙোন আৰম্ভ হ’ল। 

অভিবাসী মুছলমানকে ধৰি বিভিন্ন জাতি উপজাতি, জনজাতিৰ লোক সকল, যি সকলে স্ব ইচ্ছাৰে অসমীয়া জাতিত চামিল হ’বলৈ আগবাঢ়ি আহিছিল, তেওঁলোক আটায়ে শংকিত হৈ পৰিল। জাতি জনগোষ্ঠী সমূহৰ মাজতো সন্দেহৰ পৰিৱেশৰ সৃষ্টি হ’ল। উগ্ৰ অসমীয়া জাতীয়তাবোধেৰে সমৃদ্ধ আন্দোলনটোৰ নেতৃবৰ্গই আন জাতি জনগোষ্ঠীৰ মানুহক আশ্বস্ত কৰাত ব্যৰ্থ হ’ল। সেয়েহে সেই সময়ৰ পৰাই বড়ো, কাৰ্বি আদি জনজাতিৰ মাজত বিচ্ছিন্নতাবাদী চিন্তা চৰ্চাই প্ৰাধান্য পাবলৈ ধৰিলে। অভিবাসী মুছলমান সকলে নিজৰ বংগীয় মূলক লৈ সচেতন হৈ উঠিল আৰু নিজকে অসমৰ মূল সুঁতিৰ পৰা বিচ্ছিন্ন বুলি ভাবিবলৈ ল’লে। বৰাক উপত্যকাৰ বঙালী হিন্দু সকলেও নিজকে অসমৰ পৰা বিচ্ছিন্ন বুলি ভাবিবলৈ ল’লে। অসম আন্দোলনৰ পৰিসমাপ্তি হ’ল অসম চুক্তিৰে। 

বিদেশী বিতাড়ণৰ বাবে যিটো সময়সীমা এদিনো আন্দোলন নকৰাকৈ লাভ কৰিব পৰা হ’লহেঁতেন, সেই সময়সীমাকে গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হ’ল। অপ্ৰিয় হ’লেও সত্য যে অসম চুক্তিয়ে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত যিখিনি বাকী আছিল সেইখিনিও চুৰমাৰ কৰি দিলে। অসম চুক্তিৰ অৱদান হিচাপেই অসম আন্দোলনৰ নেতৃত্ৱ লোৱা জাতীয়তাবাদী অসমীয়া বৰ্ণ হিন্দু নেতা সকলৰ হাতলৈ শাসনৰ বাঘজৰী গ’ল। অসমৰ যি সকল খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ জনসাধাৰণে অসম আন্দোলনত জঁপিয়াই পৰিছিল, তেওঁলোকে উপেক্ষিত অনুভৱ কৰিবলৈ ল’লে। বড়ো ছাত্ৰ সন্থাৰ সভাপতি উপেন ব্ৰহ্মক দিছপুৰত অসম গণ পৰিষদৰ চৰকাৰৰ মন্ত্ৰীয়ে সাক্ষাৎ নিদিলে, যিটো ঘটনা অসমত বড়ো সকলৰ পৃথক গৃহভূমি দাবী কৰাৰ বাবে ফিৰিঙতি সদৃশ হৈ পৰিল। 

সেইদৰে পূৰ্বৰে পৰা অসমত বাস কৰি অহা অভিবাসী মুছলমান সকলক বিশ্বাসত নলৈ অসম চুক্তিৰ আধাৰত ন্যায়াধিকৰণ বহুৱাই যধে মধে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা বাবে এই সকল লোকো আঁতৰি গ’ল। পূৰ্ব বংগীয় মূলৰ স্বদেশী বিদেশী সকলোকে সংখ্যালঘুৰ বেনাৰত একত্ৰিত কৰি গোলাম ওচমানিয়ে সংখ্যালঘু মৰ্চাৰ জন্ম দিলে। আনহাতে অসম গণ পৰিষদ চৰকাৰৰ হাতত বিপৰ্যস্ত হোৱা কংগ্ৰেছ দলৰ পৰোক্ষ প্ৰৰোচনাত অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ বিচ্ছিন্নতাবাদী আন্দোলনে গা কৰি উঠিল। আমোদজনক ভাৱে অসম চুক্তিত উল্লেখ কৰা হ’ল যে ‘অসমীয়া’ সকলৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক ঐতিহ্য সংৰক্ষিত কৰাৰ বাবে তেওঁলোকক সাংবিধানিক, ৰাজনৈতিক আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান কৰা হ’ব। অসম চুক্তি ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা অসম গণ পৰিষদ চৰকাৰৰ সন্মুখত প্ৰশ্ন আহিল, ‘অসমীয়া’ৰ সংজ্ঞা কি? 

ৰাজনীতিলৈ অহাৰ পিছত আন্দোলনৰ নেতৃবৰ্গই অনুভৱ কৰিলে যে এই ষ্পৰ্শকাতৰ বিষয়টোৰ মীমাংসা কৰাটো সহজ নহয়। অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমীয়াৰ সংজ্ঞা কি হ’ব সেই কথাটো নেতৃবৰ্গৰ মনলৈ নহাটো পৰিতাপৰ কথা। অসম গণ পৰিষদ চৰকাৰৰ পিছত কংগ্ৰেছ চৰকাৰেও অসমীয়াৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ প্ৰয়াস কৰিলে। অসম সাহিত্য সভাকো জড়িত কৰা হ’ল। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰে গঠিত ত্ৰিপাক্ষিক উপ-সমিতিও গঠন কৰা হ’ল। স্থানীয় নিকায়, বিধানসভা আৰু সংসদত খিলঞ্জীয়া লোকৰ বাবে আসন সংৰক্ষণৰ জৰিয়তে সাংবিধানিক ৰক্ষাকবচ প্ৰৱৰ্তন কৰাৰ বিষয়টোও আলোচনালৈ আহিল। কিন্তু এই সকলো প্ৰচেষ্টাৰ অন্তত অসম চুক্তি স্বাক্ষৰ হোৱাৰ ৩০ বছৰ পিছতো ‘অসমীয়াৰ সংজ্ঞা’ এক সাঁথৰ হৈয়েই থাকিল। 

অসমীয়াৰ সংজ্ঞা নিৰ্ণয়ৰ লগত যিহেতু মানুহৰ সাংবিধানিক, ৰাজনৈতিক আৰু প্ৰশাসনিক সুৰক্ষাৰ বিষয়টো জড়িত হৈ আছে, সেয়েহে এই সংজ্ঞা নিৰ্ণয় সহজসাধ্য নহয়। সদৌ অসম ছাত্ৰ সন্থাই অসমৰ খিলঞ্জীয়া মানুহৰ বাবে (খিলঞ্জীয়াৰ সংজ্ঞাও অষ্পষ্ট) স্থানীয় নিকায়, বিধান সভা আৰু সংসদীয় সমষ্টিত আসন সংৰক্ষণৰ জড়িয়তে সাংবিধানিক সুৰক্ষাৰ পোষকতা কৰি আহিছে। কিন্তু এটা সমষ্টিৰ জনবিন্যাসক উপেক্ষা কৰি কেৱল ‘অসমীয়া সংজ্ঞা’ৰ আধাৰত আসন সংৰক্ষণ কেতিয়াও সম্ভৱপৰ নহ’ব। 

উল্লেখ্য যে নামনি অসমৰ কেইবাটাও বিধান সভা সমস্তি বংগীয় মূলৰ মুছলমান প্ৰধান হৈ পৰিছে। ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিটো তেওঁলোকৰ সংখ্যা অধিক। সেইদৰে বৰাক উপত্যকাত এই অসমীয়া সংজ্ঞাৰ আসন সংৰক্ষণে তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’ব। গতিকে অসমৰ জনগণৰ একাংশক বাদ দি অসমীয়াৰ সংজ্ঞা কেতিয়াও সম্পূৰ্ণ নহ’ব। 

এটা কথা সত্য যে ‘অসমীয়া’ সংজ্ঞাৰ লগত অসমীয়া, অনা অসমীয়া, অসমীয়াক আপোন কৰি লোৱা অন্য ভাষাৰ লোক সকলোৰে আবেগ মিহলি হৈ আছে। স্বাৰ্থ বিবৰ্জিত ভাৱে, সৰ্বজনগ্ৰাহ্য অসমীয়াৰ সংজ্ঞা বিচাৰি উলিওৱাটো প্ৰায় অসম্ভৱ কাম। সাংবিধানিক ৰক্ষাকবচৰ কথাটো জড়িত হৈ থকাৰ বাবে একাংশ মানুহক অসমীয়া বুলি চিনাক্ত হ’লে আন একাংশ মানুহ বঞ্চিত হ’বই। 

অসমীয়া সংজ্ঞাৰ আধাৰত অসমৰ জন সাধাৰণৰ মাজত পুনৰ বিভাজন হৈ সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি হ’লে সেয়া অসমৰ সমূহ ৰাইজৰ বাবেই এক ভয়ংকৰ কথা হ’ব। এটা কথা অপ্ৰিয় হ’লেও সত্য যে অসমত অবৈধ বিদেশী নাগৰিকৰ অনুপ্ৰৱেশ বন্ধ কৰিব নোৱাৰিলে সাংবিধানিক সুৰক্ষা কবচেও কোনো কাম নিদিব। সেইবাবে অসমীয়া সংজ্ঞা নিৰ্ণয়ত অযথা বিভ্ৰান্তিৰ সৃষ্টি নকৰি অনুপ্ৰৱেশ ৰোধ আৰু আন্ত:ৰাষ্ট্ৰীয় সীমান্তত পহৰা কটকটীয়া কৰাতহে অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। সমিলমিলৰ জৰিয়তে অসমত বাস কৰা সকলো জাতি উপজাতিয়ে ভাষা ধৰ্ম নিৰ্বিশেষে যদি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি আহে, অসমীয়াৰ সংজ্ঞা নিৰ্ণয় কৰাৰ কোনো প্ৰয়োজনেই নাথাকিব। এটা গণভোটৰ জৰিয়তে বিচৰা হওক নিজকে অসমীয়া বুলি স্বইচ্ছাৰে গৌৰৱেৰে পৰিচয় দিয়া লোক সকলক। হয়তো অসমৰ প্ৰতিজন লোকেই নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি আহিব পাৰে।
--------------------------------------
বিষয়টোৰ সৈতে সংগতিপূৰ্ণ লেখকৰ আন এটা জনপ্ৰিয় লেখাঃ "বিদেশী বহিস্কাৰৰ অলীক কল্পনা বনাম অসম চুক্তি"দীপাংকৰ মল্ল বৰুৱাৰ....পৰ্যালোচনা.. ক্লিক কৰকঃ http://www.xukhdukh.com/2015/02/ASSAM-ACCORD-REVIEW.html

No comments:

Post a Comment