Monday, March 23, 2015

পৰ্যবেক্ষণ

অসমীয়াঃ সোণালী সূতাৰে বন্ধা এটি বৰ্ণিল ধাৰণা
অজয় লাল দত্ত

(১)

আধুনিক সভ্যতাৰ এই যুগসন্ধিত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ভাষিক, ধাৰ্মিক, নৃ-গোষ্ঠীয়, সাংস্কৃতিক গোট সমূহে নিজৰ সত্তা, সাংস্কৃতিক পৰিচয়, ঐতিহ্য আদিক লৈ বিশেষভাৱে সন্দিহান হৈ উঠা পৰিলক্ষিত হৈছে। গোলকীকৰণ তথা পৰিবৰ্তিত যুগ সভ্যতাই সৃষ্টি কৰা এই প্ৰত্যাহ্বানৰ পৰা ভাৰতৰ বিভিন্ন জাতিসত্বা তথা অসম আৰু অসমীয়া সকলো আঁতৰি থাকিব পৰা নাই। ক্ষুদ্ৰাদি-ক্ষুদ্ৰ গোট সমূহেও নিজস্ব একক পৰিচয়, ঐতিহ্যক লৈ সচেতন হৈছে, নিজৰ পৰিচয় বিলীন হোৱাৰ শংকাত শংকিত হৈ স্পৰ্শকাতৰ হৈ উঠাও পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিভিন্ন ৰাজনৈতিক তথা সামাজিক দিশৰ পৰা একোটা জাতি তথা বাসিন্দা সকলৰ মাজত ঐক্য, অনৈক্য, বৈচিত্ৰ্যৰ বিচাৰ খোচাৰ আৰম্ভ হৈছে। বিভিন্ন দিশৰ পৰা পৰা নিজৰ গোট বা জাতি-সত্তাৰ পৰিচয়ৰ একক সংজ্ঞা নিৰূপণ কৰিবলৈ লোকসকল ব্ৰতী হৈ পৰিছে। অসমীয়াৰ সংজ্ঞা নিৰূপণো এনে সামাজিক কছৰতৰে এক এৰাব নোৱাৰা অন্বেষণ বুলি কলেও চাগৈ অতুক্তি কৰা নহব!

(২)
অসমীয়া কোন? এই প্ৰশ্নৰ উত্তৰ আৰু সংজ্ঞা নিৰূপণ কৰিবলৈ গৈ বহুতো জাতীয় সংগঠন, সংস্থাই নিজস্ব অভিমত প্ৰকাশ কৰিলেও, আমাৰ দৃষ্টিত আজিৰ তাৰিখৰ আধুনিক অসমীয়াৰ ধাৰণাটো এটি সোণালী সূতাৰে বন্ধা এক বৰ্ণিল ধাৰণা ৰূপেহে ধৰা দিয়ে। যাক সমাজৰ নেতা সকলে নিজস্ব সুবিধাৰ বাবে গঢ়ি লোৱা ৰাজনৈতিক সীমা, সময়, চুক্তি আদিৰ সংজ্ঞাৰ উৰ্ধত গৈহে অনুভৱ কৰিব পাৰি।

ইতিহাসে অসমৰ ভূমিপুত্ৰ ৰূপে চিহ্নিত কৰা জনজাতীয় মূলৰ লোক সকলে আজি নিজৰ নৃ-গোষ্ঠীয় পৰিচয় তথা সাংস্কৃতিক উপাদানবোৰেৰে নিজকে একোটা নিজা পৰিচয়েৰেহে চিনাকি দিবলৈ বা ৰাজনৈতিক ভাৱে নিজৰ আত্ম-নিয়ন্ত্ৰণৰ বাবে সংবিধানৰ গণ্ডিত সুযোগ-সুবিধা দাবী কৰিছে বা লাভ কৰিছে। প্ৰব্ৰজনৰ ইতিহাস নথকা এই সকল নৃ-গোষ্ঠীয় লোকৰ উপৰিও বুৰঞ্জীয়ে ঢুকি পোৱা বা নোপোৱা সময়চোৱাত উৰ্বৰ অসম ভূমিলৈ প্ৰব্ৰজনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে ন-ন লোকৰ আগমন হৈছে। আহোম সকলৰ আগমনৰ পাছত পূৰ্বৰ সাত-ৰাজ সামৰি এক বৃহত ৰাজশাসনৰ ইতিহাস গঢ় লৈ উঠিল।
 তাৰো-আগৰ বা পাছৰ সময়চোৱাত ব্ৰাহ্মণ, শূদ্ৰ আদি বিভিন্ন জাতি-উপজাতিৰ উপৰিও ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, জৈন আদিকে ধৰি বিভিন্ন ধৰ্মালম্বী লোক সকলৰ আগমন ঘটিল। স্বাধীনতাৰ আগে-পাছেও এই উৰ্বৰ ভূমিলৈ ৰাজনৈতিক তথা সামাজিক কাৰণত ন-ন দেশী-বেদেশী-প্ৰতিবেশী লোকৰ আগমন ঘটিয়েই আছে। ৰাজনৈতিক ভাৱে অসম ভাৰতবৰ্ষৰ সৈতে এক ৰাজ্যৰূপে অন্তৰ্ভুক্ত কৰাৰ সময়ৰে পৰা সাত-ভনীক সামৰি এক বিশাল অসমৰো মানচিত্ৰ গঢ় লৈ উঠিল। সময়ৰ সোঁতত আকৌ সেই মানচিত্ৰ কেইবাখনো ৰাজ্যৰ ৰূপত বিভংগনৰ মুখ দেখাৰ পাছত, বৰ্তমানৰ গঢ়ত অসমখন বাচি থাকিলগৈ! ব্যৱসায়িক কাৰণত, উদ্যোগ আদিৰ বাবে হোৱা আগমন, গোলকীকৰণ, প্ৰযুক্তি, প্ৰাকৃতিক সম্পদ আহৰণ আদিৰ বাবেও নতুন নতুন মানুহৰ আগমনৰ ফলত সৃষ্টি হোৱা এক সংমিশ্ৰিত লোকৰ সমাজত পৰিণত হৈছে আজিৰ আধুনিক অসমখন। সেয়ে আজিৰ তাৰিখত অসমীয়া কোন বুলি সোধা এটা প্ৰশ্নৰ এক সৰল ৰৈখিক উত্তৰ কোনেও দিব নোৱাৰে! অথচ নিজস্ব ৰাজনৈতিক বা সামাজিক স্বাৰ্থ-প্ৰণোদিত ভাৱে অপবাখ্যামূলক সংজ্ঞা দিয়া লোকৰ অভাৱো নিশ্চয়কৈ নাই!

(৩)

এনে গণ্ডীৰ উৰ্ধত যদি আমি এক সংজ্ঞাৰ সন্ধান কৰো তেন্তে, বৃহত অসমীয়া জাতি বুলিলে অসম ভূমিত বসবাস কৰা সকলো জাতি-উপজাতিক সামৰি লোৱাৰ এক বিশাল সংজ্ঞাৰেহে আচলতে "অসমীয়া" শব্দৰে প্ৰকাশ পোৱা অনুভৱক সামৰি লব পাৰি । 

ভাষিক ভাৱে মাতৃভাষাৰ ৰূপত অসমীয়া ভাষা নোকোৱা সকল তেন্তে অসমীয়া নহয় নেকি? বৰাকৰ সকল, নিজস্ব নৃ-গোষ্ঠীয় ভাষা থকা সকল, তেওঁলোক অসমবাসী, অথচ অসমীয়া নহয়! তেনে প্ৰশ্নও সমাজত নুঠাকৈ নাথাকে।

একেদৰে সকলোৱে যদি নিজৰ নৃ-গোষ্ঠীয় পৰিচয়েৰে অসমীয়াৰ পৰা নিজকে বিচ্ছিন্ন কৰি নিজকে বড়ো, কছাৰী, মিচিং, তিৱা, কোঁচ, কলিতা, আহোম, গাৰো, ৰাভা, গৰিয়া, মৰিয়া বুলি ভিন্ন ভাৱে পৰিচয় দিবলৈ লাগে, তেন্তে অসমীয়া হৈ থাকিব কোন? একে সময়তে এই প্ৰশ্নৰো উত্তৰো আমি বিচাৰিব লাগিব।

অসমীয়া সংস্কৃতি বুলি ক'লে মাত্ৰ বিহু কেইটিকে নধৰি, সকলো জাতি-উপজাতি, সকলো ধৰ্মীয় পন্থা বাঅনুষ্ঠানে সংপৃক্ত কৰা সাংস্কৃতিক উপাদানবোৰকো সামৰি লব পাৰিলেহে আচলতে প্ৰকৃত বৈচিত্ৰ্যময় অসমীয়াৰ সাংস্কৃতিক পৰিচয়েৰে অসমীয়াৰ সংজ্ঞা তুলি ধৰিব পাৰিম।

আনহাতে বিশেষকৈ ধৰ্মৰ ফালৰ পৰাও জনজাতীয় লোক সকলৰ পাৰম্পৰিক পদ্ধতি, বাথৌ, ব্ৰাহ্মণ্যবাদ, শাক্ত, শংকৰী, নাম-ধৰ্ম, আহোম, মৰাণ-মটক, আদিবাসী সকলৰ নিজা ৰীতি-নীতি আদি পন্থাৰ বিভিন্ন লোকাচাৰ সমূহকো অসমীয়া জাতীয় জীৱনৰ অনুপম অংগ ৰূপে স্বীকৃতি দিব পাৰিব লাগিব। অসমীয়া মুছলমান সকলৰ সহজ তথা পাৰস্পৰিক মিলা-প্ৰীতিৰে আন সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক লোকাচাৰ সমূহৰ সৈতে সহযোগিতাময় অৱস্থান আৰু অৰিহণাক স্বীকাৰ কৰি লব লাগিব। অসমীয়া পাঞ্জাৱী সকলৰ উদাহৰণ বিচাৰিলেও এক বিশাল জাতি-সত্ত্বাৰ অনুপম উপাদান সমূহক আঁকোৱালি লৈও নিজস্ব ধাৰ্মিক লোকাচাৰ সমূহ পালন কৰি যোৱাৰ কথা জানিব পাৰি। একেদৰেই চাহ বাগিচাৰ কৰম পূজা, ইছলাম ভাই সকলৰ পবিত্ৰ ৰমজান, ধৰ্মীয় লোকাচাৰ, বৰদিন, বুদ্ধ-পূৰ্ণিমাৰ পবিত্ৰতাকো বিশাল অসমীয়া জাতীয় জীৱনৰ এক অভিন্ন অংগ ৰূপে আমি মনে-প্ৰাণে গ্ৰহণ কৰিব লাগিব। ধৰ্ম-নিৰপেক্ষ এখন ৰাষ্ট্ৰৰ অংশ ৰূপে আধুনিক অসমে এই উত্তৰ-দ্বায়িত্ব পালনৰ আদৰ্শ দেখুৱাই বৈচিত্ৰ্যৰ মাজত ঐক্যৰ পৰিচয় ৰূপে "অসমীয়া" অনুভৱক তুলি ধৰিব পাৰিব লাগিব।

একেদৰেই স্বাধীনোত্তৰ ভাৰতত আগমন ঘটা লোক সকলৰ পৰাও নতুন নতুন সাংস্কৃতিক তথা ধাৰ্মিক উপাদান তথা লোকাচাৰে আমাৰ অসম ভূমিখনলৈ বিভিন্ন ৰঙ কঢ়িয়াই আনিছে। সেয়ে আধুনিক অসমীয়াৰ পৰিচয় বিচাৰিবলৈ গলে এই সকলো উপাদানৰ সৈতেহে এক অৰ্থবহ সংজ্ঞা আগবঢ়াব পৰা যাব, সেই কথা সকলোৱেই আজি মানি লব লাগিব। কেইটিমান সংখ্যাগুৰু আৰু তুলনামূলক ভাৱে বৌদ্ধিক দিশত আগবঢ়া গোষ্ঠীয়েই চিৰদিন অসম আৰু অসমীয়াৰ সংজ্ঞা আৰু ভাগ্য নিৰপূণ কৰি থাকিব বুলি ভবাটো সঁচাকৈয়ে বাদ দিয়াৰ সময় আহিল।
(৪)
সকলোখিনি জুকিয়াই চালে আমি দেখিম যে, অসমীয়াৰ ধাৰণাটোৱেই হৈছে এক বিশাল উৰ্বৰ উমৈহতীয়া ভূমিত যৌথভাৱে সংমিশ্ৰণ আৰু পাৰস্পৰিক সহযোগিতাৰে বসবাসৰ ধাৰণাহে। বিচ্ছিন্নতাবাদী, সমাজৰ আঁহফলা মনোভাৱ পোষণ কৰি এই একতাৰ সোণালী সূতাৰে বন্ধা "অসমীয়া" ধাৰণাক কেতিয়াও অনুভৱ কৰিব নোৱাৰি।

এক কথাত কবলৈ গ'লে অসমীয়া এটা জীৱনধাৰাৰহে নাম। নৈ পৰীয়া জীৱন, খাল,ডোং পাহাৰ-জুৰিৰ বৰ্ণিল পৰিবেশ, ঔ-টেঙা, কুঁজী থেকেৰা, টেঙেচীৰ আনে নোপোৱা সোৱাদ, খোল-তাল-মৃদংগৰ গহীন তাল, বাৰী-ঘৰ জিলিকোৱা বাঁহৰ জেওৰা, মাছখোৱা জাতিৰ জাকৈ-খালৈ-চেপা-খলহা, সুৰ তোলা গগণা-সুতুলী, বিহুৰ পিঠা-লাৰুৰ জুতি, আপং, চুজে, সাজৰ দেউলগা নিচা, মন উৰুৱাই নিয়া দখনা, ৰিচি গাচেংৰ চানেকিত জাগি উঠা পুৰুষ প্ৰকৃতিৰ প্ৰেম, ভাল পালেই পলুৱাই নিয়াৰ অবাধ স্বাধীনতা, খোলা মনেৰে সেই সকলক গ্ৰহণ কৰাৰ মানসিকতা পোষণ কৰা এক সহনশীল সমাজৰ পৰিচয় এই জীৱনধাৰা, যাৰ নাম অসমীয়া।
লেখাটি এই স্মৰণিকাটো প্ৰকাশ পাইছে
কোনো এজন লোকৰ মাতৃভাষা যদি অসমীয়া নহয়, কোনো নৃ-গোষ্ঠীয় ভাষাক তেওঁ মাতৃভাষা বুলি গণ্য কৰে, তথাপি অসমৰ বায়ু,পানী, মাটি, আকাশ, বতাহ, ফল-ফুলৰ পৰশেৰে উজ্জীৱিত এক জীৱনৰ অনুভৱৰে তেওঁ অসমীয়া। কোনো এজন যদি ধৰ্মীয় ৰীতিৰে ভিন্ন, লোকাচাৰেৰে পৰিচয় ভিন্ন, তথাপি তেওঁ একেখন মাতৃভূমিত জন্মলভা অসমীয়া ভাই! ৰাজনৈতিক, সামাজিক, ধাৰ্মিক, নৃ-তাত্বিক দিশত কোনো এটাত ভিন্নতা থাকিলেও বিশাল উৰ্বৰ উমৈহতীয়া ভূমিৰ ৰসাল সংস্কৃতিয়ে আমাক অসমীয়া হোৱাৰ অনুভৱ কৰায়। এই বৈচিত্ৰ্যময় অসমীয়া জীৱনধাৰাৰ যিকোনো সমল বা উপাদানক বুকুত সামৰি জীৱন আগুৱাই নিয়া সকলে দেশে বিদেশে থাকিলেও আন্তৰিক ভাৱে অসমীয়া হৈ থাকিব পাৰে, অথচ একে উপাদানসমূহকে ক্ৰমাত এলাগী কৰি অসম বা ঘৰতে থাকিও বহুতো লোক অসমীয়া জীৱনধাৰাৰ পৰা দিনক-দিনে ছিন্নমূল হব পাৰে, বা চিন্তাজনক ভাৱে সেয়াই হবলৈ ধৰিছে! 

একেখন জন্মভূমিৰ ৰূপ-ৰস-গন্ধৰে পালিত হোৱা গছ-লতা-বনৰ দৰেই নিজস্ব প্ৰজাতি বা ফল-ফুল থাকিলেও একোখন হাবি জাতিস্কাৰ কৰা বৰ্ণিল বৈচিত্ৰ্যময়তাৰ ধাৰণাৰে আচলতে এই অসমীয়া হোৱাৰ সংজ্ঞা। যাক এক বিশাল অন্তৰ্দৃষ্টিৰেহে দেখিব পাৰি, খোলা অন্তৰেহে অনুভৱ কৰিব পাৰি। অসম আৰু অসমীয়াৰ ধাৰণাক বান্ধি ৰখা এই আপোনতাৰ সোণালী সূতাডাল বিচ্ছিন্নবাদী, সংকীৰ্ণ মনেৰে কেতিয়াও দেখা নাপায়! সেই সূতাৰ ডোল অনুভৱ কৰি এই বিশাল উৰ্বৰ ভূমিৰ বৈচিত্ৰ্যময় জনঅৰণ্য জাতিস্কাৰ কৰা একোজোপা মূল্যবান বৃক্ষ বুলি নিজকে চিহ্নিত কৰিব পৰা সকলেই আচলতে প্ৰকৃত অসমীয়া! আৰু এই যোগসূত্ৰক বিচাৰি উলিয়াবলৈ একে মাটি, একে জাতি, একে ধৰ্ম, একে সংস্কৃতি বা আন যি কোনো উপাদানৰে আলম ললেই হ'ল। অনুভৱ কৰিলেই কৰিব পাৰিব চয়-নিশ্চয়, দিব পাৰিব সেই সংজ্ঞা, অসমীয়া, আমাৰ উমৈহতীয়া পৰিচয়।

No comments:

Post a Comment