ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দা

ৰূপালী পৰ্দা

Share This
আহি আছে 'হৰি ওম'! 
ৰূপাংকৰ চৌধুৰী


মই কোনো ভগৱান বা দেৱপুৰুষ আহি থকাৰ খবৰ নিদিওঁ! মই কোনো ধাৰ্মিক চিনেমাৰো বতৰা নিদিওঁ! অসমীয়া সাংস্কৃতিক জগতত নাম লিপিবদ্ধ কৰিবলৈ আহি আছে এখন অগতানুগতিক চিনেমা- 'হৰি ওম! 

এজাক অনুসন্ধিৎসু যুৱক-যুৱতী। গড় হিচাপত তেওঁলোকৰ বয়স ২৭বছৰ। সকলো দিশৰ পৰা এক নতুনত্বৰ চেতনাৰে জাগ্ৰত উৎসুক নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা এজাক অসমীয়া ডেকা-গাভৰুৰ দল। আজিৰ বিশ্বায়নৰ যুগত তথ্য-প্ৰযুক্তিৰে সমৃদ্ধ তেওঁলোক। আটাইকেইজনে নিজৰ জনমভূমি আই অসমীক অন্তৰৰ পৰা ভাল পায়। ভাল পায় নিজৰ ঠাইখনৰ সংস্কৃতি আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যক। মনত তেওঁলোক সকলোৰে এক সপোন- কিবা এটা বেলেগ কৰিবলৈ। বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰখনত কিবা এটা বেলেগ কৰাৰ সপোন! সেই সপোন বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকে বাছি ল'লে সাংস্কৃতিক জগতৰ এক বৃহৎ পৰিসৰ থকা মাধ্যম- চলচিত্ৰ। 

আজিৰ তাৰিখত অসমীয়া চিনেমাৰ অৱস্থা তেনেই তথৈবচ। চিনেমা হ'লৰ স্বত্বাধিকাৰী সকলে বলিউডৰ লগতে দক্ষিণ ভাৰতৰ হিন্দীত 'ডাবিং' কৰা চিনেমাক প্ৰদৰ্শন কৰিবলৈ প্ৰাধান্য দিয়ে। তাৰ মাজতে যোৱা বছৰত কেইবাখনো অসমীয়া চিনেমাই মুক্তি লাভ কৰিছিল। তাৰে দুই-এখনৰ বাদে প্ৰায়খিনিয়েই দৰ্শকক হতাশ কৰিছে। তেনে এক অৱস্থাত অসমীয়াত চিনেমা কৰিবলৈ ওলাই অহা মানে জানি বুজি জুইত হাত দিয়াৰ দৰেই কাৰবাৰ। 

'হৰি-ওম'ৰ লগত জড়িত এই অনুসন্ধিৎসু যুৱক-যুৱতী সকল কিন্তু আশাবাদী। প্ৰধানকৈ এই বাবেই আশাবাদী যে তেওঁলোক প্ৰত্যেকেই চিনেমা পাগল। দ্বিতীয়তে, তেওঁলোকে নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰে। আজিৰ দিনত, চিনেমাহলত গৈ চিনেমা চোৱা শতকৰা ৮০%ই নৱপ্ৰজন্মৰ। তেনেস্থলত আজিৰ প্ৰজন্মৰ ইচ্ছাক আগস্থান দি চিনেমা এখন বনালে ব্যৱসায়িক ভাৱে সফল হোৱাৰ বহুলাংশে সম্ভাৱনা থাকে। উদাহৰণ- কেনি বসুমতাৰীৰ পৰিচালনাত অতি কম বাজেটৰ ছুপাৰ-হিট চিনেমা- 'লোকেল কুংফু'। 

'হৰি ওম' ৰ নিৰ্মাতাই বুজি পাই যে চিনেমাত যিমানেই ডাঙৰ কলা-কুশলী থাকিলেও তাৰ মূল চালিকা শক্তি হৈছে এক নিপোটল কাহিনী। সেয়েহে তেওঁলোকে এক সুন্দৰ কাহিনীক আগস্থান দিছে 'হৰি ওম'ত। 'হৰি ওম'ত থাকিব- প্ৰেম, বন্ধুত্ব, প্ৰতিশোধ, সংগীতৰ লগতে মনোমহা লোকেচন আৰু শিহৰণকাৰী 'একচন' দৃশ্য। 

প্ৰেমত শ্লীলতা হানিৰ দোষত আজিৰ যুব প্ৰজন্মক সততে দোষাৰোপ কৰা দেখা যায়। 'হৰি ওম'ৰ প্ৰেম কাহিনী আগবাঢ়িব প্ৰেমৰ পবিত্ৰ দিশতো সাৰোগত কৰি। ইয়াত নাথাকিব প্ৰেমৰ নামত কোনো অশ্লীলতা।

প্ৰায় আটাইখিনিয়েই নতুন শিল্পীক লৈ আগবঢ়া এই নতুন অসমীয়া চিনেমাখনত আন এক মুখ্য আকৰ্ষণ হ'ব ইয়াৰ একচন দৃশ্যসমূহ। 'হৰি ওম' টীমৰ এজন অন্যতম শিল্পী যিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰাৰ লগতে চিনেমাখনৰ একচন দৃশ্য সমূহ সজাইছে তেখেত হ'ল চিওন হাজৰিকা। চিনেমাখনৰ ১০০ শতাংশ 'ফাইট'ৰ দৃশ্যই হ'ব বাস্তৱিক। কোনো ধৰণৰ VFX ৰ সহায় নোলোৱাকৈ শিহৰণকাৰী 'ফাইট'ৰ দৃশ্য সমূহ চিত্ৰায়িত কৰা হৈছে। হাজৰিকাই জানিবলৈ দিয়া মতে, 'হৰি ওম'ৰ নিচিনাই 'ফাইট'ৰ দৃশ্য সম্ভৱত আজিলৈকে কোনো এখন অসমীয়া চিনেমাত আজিলৈকে হোৱা নাই।

'হৰি ওম'ৰ দৃশ্যগ্ৰহণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া পোষ্ট-প্ৰডাকচনৰ কাম চলি আছে ক্ষীপ্ৰগতিত। এই বছৰতে মুক্তিলাভ কৰিবলগীয়া এক নতুনত্বৰ বাৰ্তা কঢ়িয়াই অনাৰ প্ৰতিশ্ৰুতিৰে আহি আছে 'হৰি ওম'। আমি আশাৰে বাট চাই থাকিম। ইতিমধ্যে অৰূপ জ্যোতি ৰাভা পৰিচালিত চিনেমাখনৰ 'ট্ৰেইলৰ' ইউটিউবত মুকলি কৰি দিছে।

(ইউটিউব লিংক - https://www.youtube.com/watch?v=Qj2brpQqeLI&feature=youtu.be ) 

No comments:

Post a Comment