অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

অনুভৱ

Share This
উপেক্ষিত বৰাক উপত্যকা 

ডাঃ বিৰাজ কুমাৰ শৰ্মা
ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ো পাৰে 
নানা জাতি-উপজাতিৰ সমন্বয়ৰে গঢ়াঁ 
এইয়া মোৰ মৰমী আই
অ’ মোৰ মৰমী চেনেহী অসমী
অ’ মোৰ বুকুৰে আই.......

বৰাক উপত্যকা । ভাৰতবৰ্ষৰ দৃষ্টিত উত্তৰ পূৰ্বাঞ্চল যেনেদৰে উপেক্ষিত, ঠিক তেনেদৰে অসমৰ শাসকপক্ষৰ দৃষ্টিটো হয়তো তেনেদৰে উপেক্ষিত দক্ষিণ অসম খ্যাত এই বৃহৎ অঞ্চলটি । তাহানিৰ ব্ৰিটিছ আমোলত মূলত চাহ বাগিছা স্থাপনৰ উদ্দেশ্যে আগবঢ়া শাসকপক্ষই এই অঞ্চলটি উন্নয়নৰ বাবে বিশেষ ব্যবস্থা গ্ৰহন কৰিছিল, পাহাৰীয়া অঞ্চলৰ মাজেৰে সুৰংগ খান্দি তাহানি দিনতেই ৩২ টাকৈ সুৰংগ খান্দি এই অঞ্চললৈ ৰেল সেৱাৰ সম্প্ৰসাৰন কৰিছিল, কিন্ত্ত সেই বৰাক উপত্যকাৰ আজিৰ সাম্প্ৰতিক ছবিখন খূবেই হতাশজনক । তাহানিৰ শ্ৰীহট্ট জিলাৰ কিছু অংশ সাঙুৰি এই বৃহৎ অঞ্চলটি অসমৰ সৈতে সাঙুৰি প্ৰশাসনৰ সুবিধাৰ্থে গঠন কৰা হৈছিল যদিও স্বাধীনতাৰ পিছৰে পৰা অসমৰ শাসকপক্ষই আজি মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাবেই হওক বা অন্য কাৰণতেই হওক,  এই অঞ্চলৰ জনসাধাৰণে আজিও অসমবাসীৰ সৈতে সহাবস্থান কৰাত বহুক্ষেত্ৰত আপোচ কৰে । আজিও বৰাক উপত্যকাবাসীয়ে নিজকে অসমীয়া বুলি চিনাকী দিবলৈ কুন্ঠাবোধ কৰে আৰু আমাৰ জাতিয়তাবাদী শিবিৰ তথা সংগঠন সমূহেও বৰাক উপত্যকাক বহুক্ষেত্ৰত উপেক্ষিত কৰি অহা দেখা যায় ।

আজি কেইমাহমান পূৰ্বে মই কৰ্মসূত্ৰে কৃষি বিভাগৰ অধীনত বিষয়বস্ত্ত বিশেষজ্ঞ হিচাবে বৰাক উপত্যকাত নিয়োজিত হোৱাৰ সূত্ৰে এই উপত্যকা দৰ্শনৰ সৌভাগ্য হৈছিল । প্ৰথমতেই অসস্তিত পৰিছিলো যেতিয়া কেইজনমানে মোক প্ৰশ্ন কৰিছিল যে মই অসমীয়া নেকি ? এই কথাই প্ৰতীয়মান কৰে যে বৰাক উপত্যকাবাসী জনসাধাৰণৰ লগত আমাৰ ব্ৰহ্মপূত্ৰ উপত্যকাৰ জনসাধাৰনৰ হৃদয়ৰ সম্পৰ্ক হবলৈ অদ্যপি বহুদূৰ বাকী ।অন্যহাতে শেহতীয়াকৈ বিধায়িকা ৰুমী নাথে ব্ৰহ্মপূত্ৰ উপত্যকাৰ লোকক বহিৰাগত আখ্যা দিয়াক লৈ অন্য এক বিতৰ্কৰ সূচনা হৈছে ।
এতিয়া প্ৰশ্ন হয় এনে মানসিকতা বৰাক উপত্যকাৰ জনসাধাৰনৰ মাজত কিয় গা কৰি উঠিছে ? তাৰ কাৰণ হয়তো ফঁহিয়াই চালে ক’ব পাৰি যে আমাৰ ব্ৰহ্মপূত্ৰ উপত্যকাবাসীৰ বৰাক উপত্যকাবাসীৰ প্ৰতি থকা উদাসীনতা তথা সহানুভূতিৰ অভাব । যাৰ বাবে আমাৰ সহোদৰ বৰাকৰ ভাতৃসকলো সকলোক্ষেত্ৰতে উপেক্ষিত হৈ অহাৰ পিছতো তেওঁলোকৰ সেই অভাৱ-অভিযোগ, বঞ্চনা, উপেক্ষিতক আমাৰ অসমৰ সমস্যা বুলি গণ্য নকৰাৰ বাবেই এনে মানসিকতা গঢ় লৈ ঊঠিছে ।

প্ৰথমতেই চাওঁ আহক কেইটামান উদাহৰণলৈ । আজি বৰাক উপত্যকালৈ যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে লামডিঙৰ পৰা থকা মিটাৰগজ ৰেলসেৱা আৰু মেঘালয়ৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথচোৱা যি অতিশয় বিপদসংকুল আৰু সময় খৰচী । এনেদৰেই অযথা ধন আৰু সময়ৰ অপব্যবহাৰ কৰি বৰাক উপত্যকাবাসীয়ে চলাই যাব লগা হৈছে ৰাজধানী চহৰৰ সৈতে যোগাযোগ । ৰেলসেৱাও উন্নত নহয় আৰু ৰাজধানী চহৰৰ সৈতে নাই কোনো প্ৰত্যক্ষ যোগাযোগ । কিন্তু ইয়াৰ পিছতো নিৰৱ আমাৰ জাতিয়তাবাদী শিবিৰ, অসম সাহিত্য সভা আদি । নগাঁৱৰ পৰা শিলচৰলৈ যোৱা ৰাষ্ট্ৰীয়ঘাইঅপথচোৱাৰ নিৰ্মাণকাৰ্য্য শামুকীয়া গতিৰে আগবঢ়া বাবেই বৰাকলৈ ক্ষীপ্ৰ যোগাযোগ সম্ভবপৰ হৈ উঠা নাই । অন্যহাতে বৰাক উপত্যকাৰ এক শক্তিশালী লবীৰ হেচাঁৰ বাবেই আজিও সম্পূৰ্ণ হৈ উঠা নাই লামডিঙৰ পৰা বৰাকলৈ ব্ৰডগজ ৰেলৰ সম্প্ৰসাৰণৰ কাম । কিয়নো সুলভ ৰেল সেৱা সম্ভৱপৰ হৈ উঠিলে হয়তো সেইসকলৰ বাছৰ ব্যবসায়ত ঋণাত্মক প্ৰভাব পেলায় বুলি । কিয়নো এই সুযোগ গ্ৰহণ কৰি তেওঁলোকে গঢ় দিয়া ট্ৰেভেল এজেঞ্চিবোৰৰ ব্যবসায়ত প্ৰভাৱ পেলায় বুলিও সেইসকল ভীতিগ্ৰস্থ হৈ পৰিছে ।
এনেবোৰ কাৰকৰ বাবেই বৰাক উপত্যকাৰ জনসাধাৰণে বহিঃবিশ্বৰ সৈতে যোগাযোগ কৰাত দূৰ্ভোগ ভূগিব লগা হৈছে । অন্যহাতে অসমৰ অনগ্ৰসৰ জিলাসমূহৰেই অন্যতম হাইলাকান্দি য’ত খোৱাপানী, বিজুলীযোগান আদি অন্যতম সমস্যা । য’ত এক গৰিষ্ঠসংখ্যক লোকেই আজিও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে আৰু মাত্ৰ কেইশতাংশ মান লোকৰ ঘৰতহে বিদ্যুৎ সংযোগ সম্ভবপৰ হৈছে । তথাপিও কিন্তু বৰাক উপত্যকাৰ প্ৰতিনিধিত্ত্ব কৰি আহিছে শাসকীয় দলৰ এজন শক্তিশালী প্ৰভাৱশালী মন্ত্ৰীয়ে ।
আগতেই উল্লেখ কৰা হৈছে যে বৰাক উপত্যকালৈ যোগাযোগৰ একমাত্ৰ পথ হৈছে মেঘালয়ৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱা আৰু যিটো পথেৰে প্ৰায়েই হোৱা ভূমিস্খলন, যান-যঁট আদিৰ বাবে গন্তব্যস্থল সময়মতে পোৱাটো যেন অদৃশ্যজনৰ হাততহে থাকে । অন্যহাতে বাট-পথৰ শোচনীয়া ৰূপ, ভগা পথ দলং আদি একবিংশ শতিকাতো বৰাক উপত্যকাৰ চিৰপৰিচিত দৃশ্য । এনেবোৰ নানা সৰু-বৰ সমস্যাৰে ভাৰাক্ৰান্ত বৰাক উপত্যকা । তথাপিও কিন্ত্ত কানসাৰ নাই দিশপুৰীয়া বৰমূৰীয়া সকলৰ, জাতীয়তাবাদী শিবিৰৰ, অসমৰ বিভিন্ন সংস্থা, দল ইত্যাদিৰ । যাৰ বাবে মাত্ৰ বৰাক উপত্যকাৰ স্থানীয় প্ৰেক্ষাপতৰ বাহিৰে সমগ্ৰ অসমৰ আঞ্চলিক প্ৰেক্ষাপটত বৰাক উপত্যকাৰ ছবিখন আজিও ধূসৰ । বহুক্ষেত্ৰত আমাৰ অসমীয়া কাকত সমূহতো সবিস্তাৰে প্ৰকাশ নাপায় বৰাক উপত্যকাৰ প্ৰকৃত ছবিখন, ইয়াৰ ৰাইজৰ দুখ-দুৰ্গতি আদি। আজিও বৰাক উপত্যকাত অসমীয়া কাকত এখন বিছৰাতো পৰ্বতত কাছ-কনী বিচৰা সদৃশ । গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহও প্ৰায়েই এদিন পলমকৈ উপস্থিত হ্য় বৰাকত ।
এইক্ষেত্ৰত আমাৰ অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আদিৰ যথেষ্টখিনি কৰনীয় আছে । অবশ্যে আজি কেইবছৰমান আগতে ভাৰত কন্ঠ দেবজিৎ সাহাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই দেখুওৱা তৎপৰতাই বৰাক আৰু ব্ৰহ্মপূত্ৰৰ মাজত কিছু হলেও আত্মীয়তা আৰু সম্প্ৰীতিৰ সাঁকো গঢ়িবলৈ সক্ষম হৈছিল । কিন্ত্ত এইটো এটা উদাহৰণহে মাত্ৰ । যোৱা বছৰ বৰাক উপত্যকাৰ অগ্ৰমী সাহিত্য অনুষ্ঠান “বৰাক উপত্যকা বাংলা সাহিত্য সন্মিলন”ৰ এটি প্ৰতিনিধি দলে অসমৰ মূখ্যমন্ত্ৰীক সাক্ষাতৰ সময়ত অনুৰোধ কৰিছিল যাতে আলফা-চৰকাৰৰ শান্তি আলোচনাত এই সন্মিলনৰো এজন প্ৰতিনিধিক নিয়োগ কৰা হয়, যিটো কথা আমাৰ অসমীয়া সমাজ তথা বুদ্ধিজীবি সকলে আগতেই ভাবিব লাগিছিল । তেওঁলোকৰ চিন্তাধাৰাওটো অসম তথা আমাৰ বৃহত্তম অসমীয়া জাতিৰ বাবেই । আজিও অসমীয়া শিল্পী সাহিত্যিকৰ সৃষ্টিৰাজিত প্ৰতিফলিত নহয় বৰাকৰ কৃষ্টি-সংস্কৃতি । অবশ্যে দুই এক শিল্পী ইয়াৰ ব্যতিক্ৰম। আমাৰ শিল্পী সাহিত্যিকৰ সৃষ্টিত যেনেদৰে ব্ৰহ্মপুত্ৰই স্থান পাইছে, ঠিক তেনেদৰে অসমৰ অবিচ্ছেদ্য অংগ বৰাক ইয়াৰ ব্যতিক্ৰম হোৱাটো অতিশয় দূৰ্ভাগ্যজনক । বৰাক উপত্যকা অবিহনে আমাৰ অসমৰ নক্সা আকিব কেতিয়াও নোৱাৰো ।

যদিহে আমি এক বৃহত্তৰ অসমীয়া জাতি হিচাবে নিজৰ চিনাকি দিব খোজো, তেন্তে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ সম্প্ৰীতিৰ সেঁতুখন মজবুত কৰাটো অতিশয় জৰুৰী । বৰাকৰ চকুলো মানেই ব্ৰহ্মপূত্ৰৰ চকুলো আৰু ব্ৰহ্মপুত্ৰৰ চকুলো মানেই বৰাকৰো চকুলো, এনে এক দৃষ্টিভংগীৰে আমি আগবাঢ়িব লাগিব । অন্যথাই আমাৰ বুকুৰ মাজৰ পৰাই সাতভনী বিচ্ছিন্ন হোৱাৰ দৰেই বৰাক উপত্যকাও বিচ্ছিন্ন হবলৈ বেছি পৰ নালাগিব । ডঃ ভূপেন হাজৰিকাৰ এটি গীতৰ কলিৰে সামৰনি মাৰিছো ... “কিছু দিব লাগে কিছু ল’ব লাগে জীন যাবলৈ হ’লে, মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰ নাথেও ক’লে”।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages