শিল্পী আৰু শিল্প - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শিল্পী আৰু শিল্প

শিল্পী আৰু শিল্প

Share This
"উকি মাৰি গুচি যায়" আৰু "দোলা মোৰ আহিব এদিন" শীৰ্ষক গীতেৰে 
নতুন পৰিচয় গঢ়া

 শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ গান আৰু জীৱন
-------------------------------------------------------------
 আৰু
(আপলোড হৈ গ’ল)
--------------------------------------------------------------
১. আপোনাৰ সংগীত জীৱনৰ আৰম্ভণি

শৰ্মিষ্ঠাৰ উত্তৰঃ সংগীতৰ লগত পৰিচয় জন্মৰ আগৰ পৰাই বুলি কলেও হয়তো ভুল কোৱা নহব৷ কাৰণ মোৰ মা, অসমৰ এগৰাকী জ্যেষ্ঠ শিল্পী ৰেণু দেৱী চক্ৰৱৰ্তী৷ সেয়ে মই যেতিয়া মোৰ মাৰ গৰ্ভত আছিলোমা তেতিয়া বহুত গীত মাতৰ অনুষ্ঠানৰ লগত জড়িত আছিল৷ গতিকে কিছু পৰিমাণে চিনা পৰিচয় তেতিয়াই হৈছিল কিজানি৷ ঘৰখনত সদায় গানৰ চৰ্চা হৈছিল৷ সেই কাৰণে চাগে সৰুৰে পৰাই সংগীতৰ প্ৰতি দুৰ্বলতা অনুভৱ কৰিছিলো৷

২. শিশু কালৰে পৰা সংগীত সাধনা কৰিছিল নহয় জানো?প্ৰথম কোনবোৰ গীত শিকিছিলপ্রথম মঞ্চাৰোহনৰ অভিজ্ঞতাৰ বিষয়ে অলপ কব নেকি?মইনা পাৰিজাতলৈ গৈছিল নেকি?

শৰ্মিষ্ঠাৰ উত্তৰঃ আগৰ প্ৰশ্নটোত কোৱাৰ দৰেসৰুৰে পৰা যিহেতু সংগীতৰ পৰিৱেশ পাইছিলোসেই কাৰনে সৰুৰে পৰাই চৰ্চা আৰম্ভ হৈছিল৷ প্ৰকৃত অৰ্থত কিমান সাধনা কৰিছিলোকব নোৱাৰিম৷ কিন্তু খুব চিঞৰি চিঞৰি গান গাইছিলো৷ মোৰ আজিও মনত পৰে মায়ে যেতিয়া মোৰ বা-ক গান শিকাইছিল, (মই তেতিয়া বহুত সৰু আছিলো) মই ওচৰতে বহি থাকিছিলো আৰু শুনি শুনিয়েই পিছত খুব ভালদৰে গাই দিব পাৰিছিলো৷

প্ৰথম মঞ্চাৰোহন হৈছিল মোৰ মাৰ স্কুলত৷ মই কেনেবাকৈ তাল মিচ হয় বুলি ইমানেই ভয় খাই আছিলো যে গোঠেই গানটোৰ মই আদিৰ পৰা অন্তলৈকে তবলা যোৰলৈকে চাই থাকিলো৷ "ৰিমঝিম ঝিম বৰষুণ পৰিছিল" নামৰ এটা গীত গাইছিলো৷ মায়ে শিকাইছিল৷

এই "মইনা পাৰিজাত"ৰ কথাটো বৰ ভাল কথা সুধিলে আপুনি৷ হয় মইনা পাৰিজাতলৈ গৈছিলো৷ বৰ দু্ঃখ লাগে যে আজিকালি মইনা পাৰিজাত নোহোৱা হৈ গ'ল৷ সেই অভিজ্ঞতা পাহৰিব নোৱৰা এক অভিজ্ঞতা৷ সকলো ফালৰ পৰাই সৰু ল'ৰা ছোৱালী বিলাকৰ উন্নতি সাধন কৰাত সহায় কৰে৷ মোৰ মনত আছে৷ মইনা পাৰিজাত সমূহত নাচগানকবিতাখেল-ধেমালি৷ তাৰ উপৰিও আন তিনিটা পুৰষ্কাৰ আগবঢ়োৱা হৈছিল৷ "সজ আচৰণ" "পৰিষ্কাৰ পৰিচন্নতা" আৰু "নিয়মানুৱৰ্ত্তিতা"৷ আপোনাৰ প্ৰশ্নটোৱে মোক মোৰ লৰালিলৈ লৈ গ'ল৷ আপোনাক ধন্যবাদ এই প্ৰশ্নটিৰ বাবে৷ আজিকালি ইয়াৰ স্থানত ৰিয়েলিটি শ্ব আহিল৷ কিন্তু সঁচাই মইনা পাৰিজাত জীয়াই ৰখাটো খুবেই প্ৰয়োজন আছে ৷

৩. সংগীত সাধনাৰ বাবে আনুষ্ঠানিক শিক্ষা লৈছিল নেকিশাস্ত্ৰীয় সংগীত বা আন শৈলীৰ গীতৰ চৰ্চাৰ বাবে কোনো সংগীত বিদ্যালয়ত শিকিছিল নে ?

শৰ্মিষ্ঠাৰ উত্তৰঃ হয়শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছিলো৷ যোৰহাটৰ প্ৰদীপ বৰ্মন চাৰৰ ওচৰত শিক্ষা গ্ৰহ কৰিছিলো৷ দশম মান পাছ কৰাৰ পিছত হোষ্টেলত থকাৰ কাৰণে মাজত কেইবাটাও বছৰ শিকিব পৰা নাছিলো৷ তাৰ পিছত গুৱাহাটী অহাৰ পিছত জগন্নাথ কুমাৰ চাৰৰ ওচৰত পুনৰ শিকিলো আৰু বিশাৰদ পাছ কৰিলো৷ শাস্ত্ৰীয় সংগীতৰ বাহিৰে আন জ্যোতি সংগীতৰাভা সংগীতবনগীতলোকগীতবিহুগীতপাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীত এইবোৰ মোক মোৰ আদিগুৰু মোৰ মায়ে শিকাইছিল৷

৪. কোন শৈলীৰ গানে আপোনাক বেছি আকৰ্ষিত কৰে?

শৰ্মিষ্ঠাৰ উত্তৰঃ এইটো প্ৰশ্নৰ উত্তৰ মই বিনা-দ্বিধাৰে, কোনো চিন্তা নকৰাকৈয়ে একে আষাৰে দিব পাৰিম৷ মো খুব ছফ্টমেলডিয়াছচেমি-ক্লাছিকেল ধৰণৰ গানে বেছি আকৰ্ষিত কৰে৷ মই সৰুতে ইমান বেছি ছফ্ট গানবোৰ শুনি থাকো যে মোক মায়ে এদিন গালি পাৰি দিছিল "কিমাননো এই পেনপেনিয়া গানবোৰ শুনি থাক'" বুলি৷ বেলেগে অশান্তি পাই যায় ঘৰত৷ মই কিন্তু ঘৰুৱা ভাষাত কবলৈ গ'লে এই পেনপেনিয়া গানবোৰ হে বেছি ভাল পাওঁ৷

৫. এতিয়ালৈকে কিমান অসমীয়া গীতত আপুনি কণ্ঠদান কৰিছে?

শৰ্মিষ্ঠাৰ উত্তৰঃ মই এতিয়ালৈকে বহুত বেছি গান গোৱা নাই৷ "মা তুমি অনন্যা" নামৰ এখন মুন্না আহমেদ পৰিচালিত অসমীয়া বোলছবিৰ টাইটেল ট্ৰেকটো গাইছিলো৷ তাৰ বাহিৰে চাৰি পাঁচটামান এলবামত গাইছো৷ কিন্তু বেকিং ভোকেলচ্ৰ বাবে অসংখ্য গাইছো (বিশেষ উল্লেখনীয় যেন অনুভৱ কৰা নাই৷

৬. অসমৰ পৰা মুম্বাইলৈ যাত্ৰাকিদৰে আৰম্ভণি?

শৰ্মিষ্ঠাৰ উত্তৰঃ মুম্বাইলৈ যে আহিম, সেই চিন্তা বহুত আগৰ পৰাই আছিল৷ কাৰণ অৱশ্যে মই নহয়মোৰ জীৱন-সংগী অম্বৰ দাস৷ তেখেতো এজন সংগীত শিল্পী৷ সেয়ে সংগীতৰ ক্ষেত্ৰখনৰ বাবে মুম্বাই যিহেতু “ৰাষ্ট্ৰীয় কেন্দ্ৰ স্বৰূপ”, গতিকে আমাৰ বাবে মুম্বাই অহাতো প্ৰয়োজনীয় বুলি ভাবিছিলো ৷ ঘৰুৱা কিছুমান অসুবিধাৰ কাৰণে আমি আহিব পৰা নাছিলো৷ কিন্তু অৱশেষত ২০১০চনত আমাৰ অহাটো হ'ল৷

৭. মুম্বাইত গীতৰ জগতত কি দৰে সংগ্ৰাম কৰিছিলআৰম্ভণি কেনেকৈ?

উত্তৰঃ সঁচা কথা কবলৈ গ'লে মুম্বাইত গীতৰ জগতত মই একো সংগ্ৰাম এতিয়ালৈকে কৰাই নাই৷ মোৰ এটি তিনি বছৰীয়া ল'ৰা আছেগতিকে তাক এৰি যাবলৈ অসুবিধা হয় কাৰণেও মই সচাঁ অৰ্থত সংগ্ৰাম কৰিব পৰা নাই৷ মোৰ জীৱন-সংগী নিজে যিহেতু সংগীতৰ লগত জড়িগতিকে সেই সূত্ৰেই মই কিছুমান গান গাবলৈ পাই আছো৷ আৰু কিছুমান মিউজিচিয়ান বন্ধুৰ পৰাও গাবলৈ পাই আছো৷

৮. মুম্বাইত ভিন্ন ভাষাৰ কি কি প্ৰকল্পৰ লগত জড়িত হৈছে?

শৰ্মিষ্ঠাৰ উত্তৰঃ আগতে কোৱাৰ দৰে মই মুম্বাইত আহি প্ৰকৃত সংগ্ৰাম কৰা নাই এতিয়ালৈকে৷ সে বাবে বহুত বেছি কামৰ লগত জড়িত হব পৰা নাই৷ মোৰ এই অসমীয়া গানকেইটাৰ কাম বহুত বছৰ ধৰি অসম্পূৰ্ণ হৈ আছিল৷ সেই কাৰণে নিজৰ গানবোৰ লৈয়ে ব্যস্ত হৈ আছো৷ হিন্দী ছিৰিয়েলতো এটা গান গাইছো৷ তাৰ ওপৰি “ডিজনী”ৰ চিনেমাসমূহৰ হিন্দী ডাবিং যে হয়তাতো দুই তিনিবাৰ গাইছো৷ আন কোনো বেলেগ ভাষাত গান তেনেকৈ গোৱা নাই৷

৯. কোন কোন সংগীত শিল্পীৰ লগত কাম কৰিবলৈ সুযোগ পাইছে ৷ এই বিশাল পৰিসৰত কাম কৰিবলৈ পাই কেনে অনুভৱ হৈছে ৷

শৰ্মিষ্ঠাৰ উত্তৰঃ অলপতে পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ পুত্ৰ ৰাহুল শৰ্মাৰ এটা আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টত কাম কৰাৰ সুযোগ পালো৷ ফ্ৰান্সৰ ডিপ-ফৰেষ্ট নামৰ আন্তঃৰাষ্ট্ৰীয় বেণ্ডৰ লগত ৰাহুল শৰ্মাই কোলাবৰেট কৰি এটা এলবাম কৰিছিল যত বেলেগ বেলেগ ঠাইৰ লোকসংগীত সমুহ ব্যৱহাৰ কৰিছিল৷ তাত মই এটা বিহুগীত গাবলৈ সুযোগ পালো৷ 

এতিয়া আন কিছুমান হিন্দী গানৰ প্ৰজেক্ট চলি আছে৷ ৰিলিজ নোহোৱালৈকে কবলৈ অলপ অসুবিধা হয়৷ অতি সোনকালে ৰেকৰ্ডিং সম্পূৰ্ণ হব৷ মুম্বাইত আহি কাম কৰাৰ অভিজ্ঞতা খুব সুন্দৰ৷ খুব প্ৰফেচনেল সকলো কথাই৷ ভাল লাগে৷

১০. আপোনাৰ জীৱনসংগীও সংগীত শিল্পী ৷ একে ক্ষেত্ৰৰ জীৱনসংগী পোৱাৰ বাবে আপোনলোকৰ যুগ্ম সংগীত জীৱন কেনেদৰে আগবাঢ়িছে ?

শৰ্মিষ্ঠাৰ উত্তৰঃ সেইটো আমাৰ সকলোতকৈ ডাঙৰ সুবিধা দুয়োৰে কাৰণে৷ আজি যে আপুনি মোলৈ এই প্ৰশ্ন কেইটা সোধাৰ কথা ভাবিলেসেয়া অম্বৰৰ কাৰণেই সম্ভৱ হৈছে৷ অম্বৰ নিজে হেতু সংগীতকাৰ, সেই কাৰণে মোক ভালদৰে বুজি পায়বা গানৰ ফালৰ পৰাওকেনেধৰণৰ গান মোৰ কাৰণে ভাল হবতেখেতে বুজি পায়  আৰু তেনে ধৰণে মোৰ কণ্ঠৰ লগত খাপ খোৱাকৈ সুন্দৰকৈ গান বনাই দিয়ে৷ আনহাতে তেখেতৰ ক্ষেত্ৰতোহঠাতে কিবা “সংগীতৰ প্ৰকল্প”ত গাবৰ কাৰণে নাৰী কণ্ঠৰ প্ৰয়োজন হ'লে ঘৰতে বিনা পাৰিশ্ৰমিকতে পাই যায়!

১১. অম্বৰদাৰ সৈতে এই "অসমীয়া গান"ৰ প্ৰকল্পটো আৰম্ভ কৰাৰ কথা কেনেকৈ আৰম্ভ হযাৰ ফলত সৃষ্টি হল "উকি মাৰি গুচি গল"ৰ দৰে এটা অপূৰ্ব গীত তথা ভিডিঅ’ 

শৰ্মিষ্ঠাৰ উত্তৰঃ অসমীয়া গানৰ এটা এলবামৰ কাম আমাৰ ৭ বছৰ মান আগতেই আৰম্ভ হৈছিল। কিন্তু সদায় কিবা হয় কিবা কাৰণে কামবোৰ সম্পূৰ্ণ হৈ উঠা নাছিল। 'কি মাৰি গুচি গ’ল' গানটো সৃষ্টি হোৱাৰ মূলতে হ'সেই কেইদিনত আমি অসমলৈ যোৱাৰ কথা আছিল আৰু মই উৎপাত কৰা আৰম্ভ কৰিলোঁ যে সম্পূৰ্ণ এলবাম নহ'লেও নাইকিন্তু এটা হ'লেও গান মোক লাগে!সকলোৱে ঘৰত মোক সুধি থাকে যে কি কাম কৰি আছাএকো কিয় ৰিলিজ হোৱা নাইতেনে ক্ষেত্ৰত ক'বলৈ মোৰ একো উপায় নাথাকে আৰু এই কথাটোৱে মোক বৰ ব্যতিব্যস্ত কৰে। মোক মুঠতে মোক আপোন মানুহক দেখুৱাবলৈকে লাগে যে এইটো চোৱামোৰ গান। কিন্তু অম্বৰ লৰালৰিকৈ জধে মধে কাম কৰাৰ পক্ষপাতী নহয়। শেষত অৱশ্যে মোৰ হেঁচাত গানটো অম্বৰে সম্পূৰ্ণ কৰিলে। 'অসমীয় খবৰকাকতখনৰ উপ-সম্পাদক ৰাজদ্বীপে খুব ধুনীয়াকৈ গানটো লিখি দিলে। তাৰ পাছত সমস্যা হ'ল এটা মিউজক ভিডিঅকৰিব লাগেকিন্তু কাক লওঁআমাৰ কপাল ভাল আছিল বুলিয়েই ক'ব লাগিব যে তেনেতে আমি কেনী বসুমতাৰীৰ সংস্পৰ্শত আহিলোঁ যি খুব ধুনীয়াকৈ ভিডিঅ'টো পৰিচালনা কৰিলে। তেখেত এজন বহুমুখী প্ৰতিভাৰ যুবক। পৰিচালনা কৰাৰ উপৰিও তেখেত এজন খুব ভাল লিখক আৰু অভিনেতাও। এনেদ'ৰেই “উকি মাৰি গুচি গ’ল” মিউজিক ভিডিঅ’টোৰ সৃষ্টি হ’ল৷
১২. জীৱন চুটি, মিউজিক ভিডিঅ’ আৰু এনিমেচন ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবে মনোনীত হোৱাৰ লগতে ইউটিউবত ১৬হাজাৰতকৈ অধিক দৰ্শন হোৱা এই গীতটোৰ সম্পৰ্কে এতিয়া কি অনুভৱইমান জনপ্ৰিয়তা আশা কৰিছিল নে?

শৰ্মিষ্ঠাৰ উত্তৰঃ সঁচা কথা ক'বলৈ গ'লে মই ভুলতো ইমান জনপ্ৰিয়তা আশা কৰা নাছিলোঁ। আগৰ প্ৰশ্নটোত যি দ'ৰে ক'লোমই একো ফলাফলৰ কথা চিন্তাই কৰা নাছিলোঁ। মোক মাত্ৰ চিনাকি-আপোন মানুহখিনিক দেখুৱাবৰ কাৰণে এটা গান লাগিছিল। অৱশ্যে এটা কথা, 'উকি মাৰি' গানটোৰ কথা আৰু সুৰ মোৰ খুব ভাল লাগিছিলসেই কাৰণে অম্বৰ আৰু মই ১২ টা মান অসম্পূৰ্ণ গানৰ মাজৰ পৰা এই গানটো বাচি লৈছিলোঁ ভিডিঅকৰিবৰ কাৰণে। ছুটিং কৰি থাকোঁতেও মই তেনেকৈ একো ফলাফলৰ কথা ভবা নাছিলোঁ। কিন্তু ভিডিঅ'টো মুক্তি দিয়াৰ পাছত সকলোৰে যি প্ৰতিক্ৰিয়া দেখিলোঁসঁচাকৈ কৈছোঁমোৰ চকুপানী ওলাই গৈছিল। ইমান সুন্দৰ সুন্দৰ কিছুমান মন্তব্য পাইছোঁযি বোৰ মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ

'জীৱনৰ ছবি মহোৎসৱতমনোনীত হোৱাটো এটা আশা নকৰা খবৰএদিন হঠাতে ফে'চবুক খোলোঁতে এটা মেচেজ পালো যে “উকি মাৰি গানটো মনোনীত কৰিছে। যদিও পুৰস্কৃত নহ'ল তথাপি মনোনীত হোৱাটোৱেই এটা বহুত ডাঙৰ কথা মোৰ কাৰণে

১৩. "দোলা মোৰ আহিব এদিন" নামৰ নতুন মিউজিক ভিডিঅটোৰ বাবে অভিনন্দন জনালো ৷ কওকচোনকি দৰে এই সফল টীমটোৱে পুনৰ আন এটা সুন্দৰ গীত দৰ্শক-শ্ৰোতাক উপহাৰ দিলে ৷ এই যাত্ৰাৰ আৰম্ভণি তথা নিৰ্মাণৰ সময়ৰ মনত থাকি যোৱা কিছু ঘটনাৰ কথা কব নেকি?

শৰ্মিষ্ঠাৰ উত্তৰঃ ধন্যবাদ। 'কি মাৰিগানটো ওলাই যোৱাৰ পাছত আমি চিন্তা কৰিলোঁযিহেতু গোটেই এলবামটো মুক্তি দিবলৈ আৰু বহুত সময়ৰ প্ৰয়োজন হ'গতিকে এটা এটকৈ গানবোৰ ভিডিঅকৰি কৰি মুক্তি দি থাকিম। সেই সূত্ৰে আকৌ ৰাজদ্বীপ আৰু কেনীৰ লগত কথা পাতিলোঁ। আৰু "দোলা মোৰ আহিব এদিন" গানটো কৰাৰ কথা ভাবিলোঁ। যিহেতু 'ঊকি মাৰিগানটো অলপ গহীন গান আছিলএইবাৰ ভাবিলোঁ অলপ লঘু গান এটা কৰোঁ

গানটোৰ নিৰ্মাৰ সময়ত হোৱা ঘটনাৰ কথা ক'বলৈ গ'লে, .... আমি বহুত কেইটা কাম দুবাৰ দুবাৰ কৰিব লগীয়া হৈছিল। এবাৰ ভয়চ ডাবিং কৰি হৈ যোৱাৰ পাছত এজেগাত উচ্চাৰণ ঠিক নালাগিল কাৰণে আকৌ ডাবিং কৰিলোঁ। গীটাৰ দুবাৰ বজোৱা হ'ছুটিং শেষ হৈ যোৱাৰ পাছত এটা শ্বট্ ভাল নালাগিল কাৰণে সেই শ্বটটো আকৌ এদিন দৃশ্যগ্ৰহণ কৰা হ'। 'ঊকি মাৰিগানটোৰ তুলনাত এই গানটোত আমাৰ বহুখিনি কষ্ট হৈছে। পৰবৰ্তী গানটো আৰু অলপ গহীন, চেমি-ক্লাছিকেল ধৰণৰ কৰিম বুলি মনতে ভাবিছোঁ

১৪. অহা পাঁচবছৰৰ পাছত নিজকে কি ৰূপতকি স্থানত উপবিষ্ট কৰাৰ সপোন দেখে ?

শৰ্মিষ্ঠাৰ উত্তৰঃ এটা মাত্ৰ গান 'ঊকি মাৰি গুচি যায়'ৰ পৰা মই যিখিনি ধুনীয়া ধুনীয়া মন্তব্য পাইছোঁমৰমআশীৰ্বাদ পাইছোঁমই বিচাৰোঁ যে অহা পাঁচবছৰত এই মন্তব্যবোৰে যেন বিকৃত ৰূপ ল'বলগীয়া নহয়। আৰু যাতে ধুনীয়া ধুনীয়া গান মই সৃষ্টি কৰি থকিব পাৰোঁআৰু "আপোনাৰ গানবোৰ শুনি আমনি নালাগে" - এনে ধৰণৰ মন্তব্যবোৰ যাতে পাই থাকোঁসেইয়াই বিচাৰোঁ মই। অম্বৰৰ ভাষাত ক'বলৈ গ'লে "কম গাকিন্তু ভাল গান গা"

১৫. সংগীত জীৱনৰ প্ৰেৰণা আৰু লক্ষ্য ৷

শৰ্মিষ্ঠাৰ উত্তৰঃ প্ৰেৰণা বুলি ক'লে মা-ৰ কথাই ক'ব লাগিব। কাৰণ মাজত যেতিয়া বহুত বছৰ মোৰ একো কাম হোৱা নাছিলতেতিয়া মাৰ মনোকষ্ট খিনি মই অনুভৱ কৰিছিলোঁ। অলপ আনন্দ দিব পাৰিলে ভাল লাগিব। তাৰ বাহিৰে নিজৰ মনে বিচৰা ধৰণৰ গানবোৰ গাই নিজৰ সন্তুষ্টিৰ লগতে আনকো সন্তুষ্ট কৰিব পৰাটোৱেই মোৰ লক্ষ্য

১৬. গোলকীকৰণৰ ফলত বিলুপ্ত হবলৈ গৈ আছে পৃথিৱীৰ পৰা কেইবা লক্ষ সৰু সৰু মাতৃভাষা ৷ সেই দৃষ্টিৰে অসমীয়া ভাষা আৰু ইয়াৰ গীতৰ ভৱিষ্যত সম্পৰ্কে কিমান আপুনি কি ভাবে?

শৰ্মিষ্ঠাৰ উত্তৰঃ সেই বিলুপ্ত হোৱা ভাষাৰ তালিকা খনত অসমীয়া ভাষাক ভুলতো আমি অন্তৰ্ভুক্ত হবললৈ দিব নোৱাৰোঁ । শিল্পী সাহিত্যিক সকলৰ বহুত কৰিব লগা আছে এই ক্ষেত্ৰত । এটা কথা ভাল হৈছে যে আজিকালি অসমৰ বাহিৰৰ মানুহেও অসমীয়া নামৰ যে এটা ভাষা আছে দেশত, লাহে লাহে গম পোৱা হৈছে ( যদিও সকলোয়ে 'Assamese' টোক 'Assamee' বুলি কয় ) । উকি মাৰি” গানটোক ইয়াত এটা “প্ৰডাকচন হাউচে” এ অসমীয়া ভাষাতে লব বিচাৰিছে । এটা ফালৰ পৰা চাবলে গলে এইটো এটা শুভ ইংগিত । থলুৱা গীত বোৰকলৈ অম্বৰেও কাম কৰি আছে । চাওচোন কিমান সফল হওঁ। কিন্তু অসমীয়া ভাষা-সংস্কৃতিক আমি অসমীয়া বোৰে বিলুপ্ত হলৈ যে কেতিয়াও দিব নোৱাৰোঁ, সেইটো নিশ্চিত 
----------------------------
(এই “মনৰ কথা”ৰ সকলো প্ৰশ্নোত্তৰৰ অসমীয়া ইউনিকোডকৰণ কৰি সহায় কৰি দিলে চৌদি আৰৱীয়াত কৰ্মৰত অসমীয়া আফতাৰ হুছেইন চৌধুৰী, বেংগেলুৰুৰ পৰা ৰাজীৱ ৰঞ্জন আৰু মংগলদৈৰ পৰা নেজিব আহমেদে ৷ তিনিওলৈকে অসমীয়া সুখ দুখৰ পৰিয়ালৰ পৰা হিয়াভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷)



No comments:

Post a Comment