Monday, August 12, 2013

প্ৰৱন্ধ

স্বাধীনতাৰ কক্ষপথত! 
#প্রিয়ংকু নাৰায়ন বৰুৱা

স্বাধীন ভাৰতৰ নাগৰিক ৰূপে পুনৰবাৰ আমি অপেক্ষাৰত গৌৰৱময় স্বাধীনতা দিৱসৰ উদযাপনৰ অর্থে।আমি প্রতি অসমীয়াই নিজকে এই গৌৰৱৰ অংশীদাৰ বুলি অনুভৱ কৰি আনন্দ লাভ কৰাৰ মুহূর্তবোৰত হৃদয়ত এক অবুজ অর্ন্তদ্বন্দই দোলা দি যায়।স্বীকাৰ কৰিব লাগিব ভাৰতৰ অন্যান্য ঠাই সমূহৰ বহু সংখ্যকৰ দৰেই স্বাধীনোত্তৰ অসমৰ শাসক ৰূপেও অধিকবাৰ কংগ্রেছ দলেই ক্ষমতালৈ আহিছে। যদিওবা দুবাৰকৈ আঞ্চলিক দল অগপ শাসনলৈ আহিল সেয়া হয়তো অসমৰ ৰাজনীতিৰ সবাতোকৈ কৰুণ আৰু ব্যর্থতম অধ্যায়।

অন্যার্থত শক্তিশালী বিৰোধী বিহীন অসমত কংগ্রেছেই আপাতত: উঠি ৰজা বহি ৰজাসদৃশ বুলিলেও অত্যুক্তি নহ’ব নিশ্চয়।অৱশ্যেই স্বীকার্য তৰুণ গগৈ ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে ৰাস্তা-ঘাট তৈয়াৰ,দলং নির্মাণ,বিশ্ববিদ্যালয় নির্মাণ,শিক্ষক নিযুক্তি আৰু অন্য কিছু হ্রস্বম্যাদী পৰিকল্পনাৰে কিছু সফলতা লাভ কৰিছে।অন্যথা হয়তো অসমৰ অৱস্থা আৰু শোচনীয় হৈ পৰিলহেতেন।

তৎস্বত্বেও অসমৰ উন্নয়ণৰ প্রকৃত গ্রাফডাল তেনেই পুতৌজনক।বহু অভিলাষী আচঁনিৰ কথা ৰজাঘৰে কয় কিন্তু কার্যত: তাৰ সুস্থ ৰূপায়ণ সুদূৰপৰাহত।অনুন্নত আন্ত:গাঁথনি আৰু আওঁপুৰণি কৌশলৰ ফলশ্রুতিত বন্ধ হৈ পৰিছে বহু উদ্যোগ।বহু উদ্যোগ হেনো পুঁজিপতি শ্রেণীটোৱে দখল কৰিবলৈ উঠি পৰি লাগিছে।আমোলা-বিষয়াৰ মিলিজুলি ভাগ-বটোৱাৰাৰ সমীকৰণে আকাশলঙ্ঘী দুর্নীতিৰ সত্যতাক বাৰে বাৰে প্রমান কৰিছে।বন্ধ,পথ অৱৰোধৰ কার্যসূচীয়ে বির্পযস্ত কৰিছে জনজীৱন।

ভাষা,জনগোষ্ঠীয় পৰিচয়,ধর্মৰ নামত স্ব-জনৰ মাজতে বিৰোধাত্মক স্থিতি গ্রহণ কৰা অসমৰ জনসাধাৰণ আজি বহুধা বিভক্ত।কার্বি পাহাৰ জ্বলিছে,অশান্ত-অস্থিৰ বড়োভূমি।অৱশ্যেই অসমৰ জনগোষ্ঠীয় লোকসকলৰ ক্ষোভৰ অন্তৰালত বছৰজোৰা বঞ্চনা আৰু লাঞ্চনাৰ ইতিহাসক অস্বীকাৰ কৰিব নোৱাৰি। 

জটিল পৰিক্রমাই অনাহুত প্রৱেশ কৰিয়েই কুৰুকি খায় জাতীয় চৰিত্র,তাক নিমন্ত্রন নালাগে, এনে বিপদক প্রত্যাহ্বান জনাবতো লাগিবই।অসমৰ জাতীয় জীৱন আৰু সমাজ জীৱনৰ সংকটকালীন সময়।অপ্রিয় সত্য এয়ে যে অসমৰ সমাজ জীৱনৰ শেহতীয়া খহনীয়া আমি অসমীয়াৰ স্ব সৃষ্ট পীড়ন। ইগ্ আছে আমাৰ। অসমীয়া মানুহৰ অসংগঠিত নেতিবাচক ইগ্ জনিত সংবেদনাৰ মাত্ৰাধিক্যই ইজনে সিজনক উৎসাহিত কৰিব সলনি সহ্য কৰিবই নোৱাৰা হৈছে।চিন্তনীয় বিষয় নহয়নে?আলোচনা জৰুৰী,সমালোচনাও প্রয়োজন।

কিন্তু কেৱল সমালোচনাৰ নামত সমালোচনা কৰা অনুচিত।ভাল পালে সৰৱ তোষামোদ, বেয়া পালে নেতিবাচক সমালোচনা হ’ব নালাগে।আনৰ ভাল টোক ভাল ক’ব পাৰিব লাগিব,ভাল অংশত ভাগ ল’ব লাগিব। বেয়াটোক ইতিবাচক সমালোচনাও কৰা দৰকাৰ নিশ্চয়কৈ। অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰা বিদেশী সমস্যাই ক্ষুদ্র জনগোষ্ঠী সমূহৰ স্ব অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ সমান্তৰাল ভাৱে স্ব অধিকাৰ সুৰক্ষা আৰু নিয়ন্ত্রনৰ দাবীত চলিত পৃথকত্ববাদী আন্দোলনে ৰূপ ল’লে ভাতৃঘাতী সংঘর্ষ,হত্যা-ধ্বংস যজ্ঞৰ। 

সন্ত্রাস জর্জৰ কক্ষপথেৰে গতি ল’লে অসমৰ জনজীৱন, বড়ো-ইছলাম ধর্মী লোকৰ মাজত সৃষ্ট গোষ্ঠী সংঘর্ষত জ্বলিল অসমৰ বহু এলেকা।কার্যত সন্ত্রাসবাদে অসমত নিগাজিকৈ খোপনি পোতাৰ সুযোগ সৃষ্টি হ’ল।অসমত দেখা যায় সততে আলফা-চৰকাৰৰ আলোচনা, সীমা সর্ম্পক উন্নত কৰাৰ চুক্তি,নাগৰিক পঞ্জী উন্নত কৰণৰ আলোচনা শুনা যায় কাৰণ নির্বাচনী বজাৰত এই শব্দবোৰৰ তামাম ভেল্যু।কিন্তু কার্যত: অসমৰ জনতাই আজিও চকুপানী টোকে ৰাজপথত,আন্দোলন-শ্লোগান বাজীত ধৰফৰাই উঠে ৰাজপথৰ বুকু।পৰিৱর্তনৰ নামত বিৰাট শূণ্য।বাঢ়ি আহে ক্রমবর্দ্ধমান বিতর্ক আৰু বিতর্কিত বিষয়।।দীঘলীয়া হয় নির্যাতিতাৰ তালিকা,মৃতকৰ সংখ্যা,ধর্ষিতাৰ নামৰ তালিকা।বৃদ্ধি পায় সৰু বৰ অনেক ধুৰন্ধৰৰ সংখ্যা।কিন্তু আইনী মেৰপাশে চুই যায় মাত্র এমুঠি মান পুঠি-খলিহনা।ৰৌ-বৰালিবোৰ শ্লেষাত্মক হাঁহিৰ জোৱাৰত উটি যায়।সামন্ত বাদীয়ে আজিও জোক হৈ চুঁহিছে সর্বসাধাৰণক।

শোষক সলনি হৈছে, কিন্তু একেই আছে শোষণৰ চৰিত্র।অসমৰ বঞ্চিত জনতাক চতুৰ ভাৱে কামত খটুৱাইছে ন ন কুট কৌশল কাৰী সকলে।জালত ভৰি দিছে নতুন শিক্ষিতৰ একাংশইও। দাবী কৰা হৈছে পৃথক বড়োলেণ্ড, কমতাপুৰ,কার্বিলেণ্ড,ডিমা-হাচাও ইত্যাদি।বিচৰা হৈছে “Divide Assam 50-50”। দিশহাৰা হৈছে অসম-অসমীয়াৰ সংজ্ঞা! 

আমাৰ দৃষ্টিত জনগোষ্ঠীয় লোক সকলৰ উন্নয়ন হ’ব লাগে।ন্যার্য অধিকাৰ এই সকলৰ কাম্য।কিন্তু পৃথকত্ববাদী শেহতীয়া চেতনাই জাতিটোৰ সামূহিক সত্বাক বিপন্ন কৰিব, লগতে ই নিশ্চয়কৈ এক সুস্থ পৰিৱর্তনমুখী স্থায়ী সমাধান হ’ব নোৱাৰে।

বহু লেণ্ডত বিভাজিত হোৱাৰ দাবী এটা এটাকৈ মানি লবলৈ হ’লে অসম এদিন শীঘ্রেই “ন’মেনছ লেণ্ডত” পৰিণত হ’ব। ই খাটাং। এয়া নিশ্চয়কৈ বৃহৎ অসমীয়া জাতি গঠন প্রক্রিয়াৰ পৰিপন্থী।এনে পৃথকতাবাদী চেতনাই বৰঞ্চ ওচৰ চুবুৰীয়াক অসমৰ ভূ-সম্পতি বেদখলৰ বাবে অনুপ্রাণিত কৰি আহিছে।তদুপৰি সীমামূৰীয়া ৰাষ্ট্রৰো আগ্রাসনৰ পথত অনুঘটকৰ কাম কৰিছে। এটা অঞ্চলৰ আভ্যন্তৰীণ বিশৃংখলতাই অঞ্চলটোৰ বৃহত্তৰ স্বার্থৰ সুৰক্ষাৰ প্রতি ভাবুকি কঢ়িয়াই আনে। 

আভ্যন্তৰীণ আৰু বাহ্যিক বিশৃংখলতাত ককবকাই থকা সমগ্র ভাৰতবর্ষততেই প্রকৃতার্থত বিৰাট প্রক্রিয়াগত এক সংকট বর্তমান।এই উমান নিশ্চয়কৈ পায় বহু ভাৰত বিদ্বেষী চক্রই।পৃথকত্ববাদী চেতনা,আন্ত:ৰাজ্যিক সংঘাট,নিকৃষ্ট ৰাজনৈতিক অৰিয়াঅৰিৰ কেন্দ্রিক ভাৰতীয় গণতন্ত্রত সম্প্রতি ৰাজনীতি এক মূল্যবোধ বিহীন নৈৰাজ্যৰ কেন্দ্রস্তৰত উপনীত হোৱাটো চৰম দূর্ভাগ্যজনক। এই অৱস্থাৰ প্রত্যক্ষ প্রভাৱ পৰিছে নিশ্চিত ভাৱেই ভাৰতৰ বৈদেশিক নীতিত।ক্রমাৎ মার্কিন আজ্ঞাবাহীত পৰিণত পৰমূখাপেক্ষী চৰিত্রধাৰী ভাৰতবর্ষৰ শাসন যন্ত্রই এক বৃহৎ ক্ষতিৰ সম্মুখীন হোৱাৰ সম্ভাৱনা অমূলক নহয় নিশ্চয়। সমান্তৰাল প্রভাৱ নিশ্চয়কৈ পৰিব অসম আৰু উত্তৰ পূর্বাঞ্চলত। 

বৰ লুইতৰ বুকুত সঁচা অর্থত অসমীয়া চেতনাই সাৰ পাই উঠিব লাগিব,বৃহৎ অসমীয়া জাতিটোৰ স্বার্থত।পৰিৱর্তন হ’বই লাগিব অসমৰ সামাজিক-ৰাজনৈতিক-অর্থনৈতিক অচলাৱস্থাৰ।তেহে ৰ’ব অসম আৰু অসমীয়া জাতি।

বহল মনেৰে ইজনে সিজনক উৎসাহিত কৰিবলৈ শিকিবনে কাহানিবা অসমীয়া মানুহে? মোৰ আইক ভাল পাও বুলিলে জানো আনৰ আইক ঘিণ কৰাতো বুজাব? যি গান শেষ হ’ল সেই গান গাবলৈ ভূপেন দা নাই কিন্তু সেই গানৰ আঁত ধৰি আজিৰ অসমীয়াইও গাব লাগিব সম্প্রীতিৰ গীত।জাতিটোৰ ঐতিহাসিক ঐক্যক ফোপোলা হ’বলৈ এৰি দিয়া জানো উচিত হ’ব? অতি আবেগ নহয় কিন্তু জাতিৰ স্বকীয়তা অটুত থাকিব হ'লে সংযত আৰু সু সংহত আবেগ লাগিব । 

এনে প্রেক্ষাপটত আমি ক’ম সকলো জনগোষ্ঠীৰ সমানুপাতিক প্রতিনিধিত্বৰে অসমত এক উচ্চস্তৰীয় ৰাজনৈতিক পৰিকল্পনাৰ আধাৰত এক মঞ্চত উপৱিষ্ট হৈ পূর্বৰ অসূয়া আতৰাই বৃহৎ অসমৰ স্বার্থত একত্রিত হওক।এই ক্ষেত্রত শাসক পক্ষই আগ্রহ দেখুৱাব লাগিব।অনাহক হিংসাই হিংসাৰহে বিকাশ সাধন কৰে।হিংসা পৰিহাৰ কৰি সর্বস্তৰত সুস্থ আলোচনামুখী পৰিৱেশ সৃষ্টিৰ প্রতি আগ্রহী হওক সকলো পক্ষই ।

১৯৮৫ ৰ ভুলৰ যেন পুনৰাবৃত্তি নহয়।বিভিন্ন স্তৰত বহু সমালোচকে শাসক দলৰ পৰিৱর্তনৰ দাবী উত্থাপন কৰা দেখা গৈছে।অৱশ্যেই শক্তিশালী বিৰোধী দলৰ উপস্থিতি আমাৰ কাম্য।কিন্তু আমাৰ মস্তিস্কই নির্দেশ কৰে যে বিশেষকৈ অসমৰ প্রেক্ষাপটত কেৱল শাসক দলৰ পৰিৱর্তন বিৰাট পৰিৱর্তনৰ কাৰক হ’ব নোৱাৰে।পৰিৱর্তন হ’ব লাগিব চৰকাৰৰ মানসিকতা,থাকিব লাগিব শাসকৰ আত্ম শুদ্ধিৰ চেতনা। পৰিৱর্তন হ’ব লাগিব সাধাৰণ মানুহৰ মানসিকতা।প্রতিবাদৰ আওপুৰণি চৰিত্র আৰু ভাষা সলনি কৰিব লাগিব।নতুন অসমৰ যুৱ সমাজে ৰাজনীতিৰ পথাৰত বল লৈ দৌৰিব আগ্রহী হ’ব লাগিব।

ভোটদানৰ প্রতি অনীহাৰে নহয়,সুস্থ ভোটদান প্রক্ৰিয়াৰেহে গণতান্ত্রিক মূল্যবোধৰ সংৰক্ষন সম্ভৱ। “দেশ বুলিলে আদেশ কিয়/শুই নাথাকি হ’চোন থিয়/সময়ে সময়ে মাতচোন মাত/দেখিবি জাতিৰ তেজ উঠিছে কিদৰে উথলি।।” একোৱেই অসম্ভৱ নহয়,আজিৰ অসমীয়াই বিচাৰিলে সুস্থ পৰির্ৱতন সম্ভৱ।সেই বুলিয়েই হকে বিহকে যি টি সমালোচনাও অনুচিত।জাতিৰ সমাধিত বহি ঘৰিয়ালৰ চকুপানী টুকাতকৈ সময় উকলি যোৱাৰ আগতে এক হ'বৰ হ'ল অসমীয়া জাতি, নহয়নে? 

পুনৰ ভূপেন দাৰ কথাৰে..............“পাহৰিলে নহ’ব কিমান গভীৰ সেই নির্যাতিতা/জয়াৰে মনৰ বেথা/আৰু ফাঁচিকাঠৰ পৰা কুশল পিয়লিয়ে চিঞৰি কৈছিল যি কথা/সময়ে যদি বিচাৰে ধৰিবি ৰণচালি।” অৱশ্যেই!কন্ঠ আছে কথা কব'ই লাগে,যুক্তিযুক্ত আৰু সময় অনুযায়ী। নির্লিপ্ত কিয় গুণীজন-সর্বসাধাৰণ?

চিন্তাধাৰাবোৰ সকলোৰেএকে হ'ব বুলিতো আৰু কোনো কথা নাই কিন্তু মুক্ত মনে সুস্থ আলোচনাত ভাগ ল'ব নোৱাৰি নেকি? আমাৰ অৱহেলা কিয়?চিন্তা কৰি চাওঁ আহক!বিশ্বাস কৰো প্রতিজন অসমীয়া চিন্তাশীল মাথো জটিলতাত সোমাব নিবিচাৰে অতি উদাৰ আমাৰ অসমীয়া মানুহে?কিন্তু সকলো সময়তে উদাসীন হ'লে নহ'ব আমি।“জাতীয় ঐক্য আৰু সংহতিৰ বৃহৎ চর্চাইহে প্রতিটো জনগোটৰ উন্নয়ন সাধিব পাৰিব,বিভাজনমুখী প্রেক্ষাপট পৰিতার্য।সর্বস্তৰৰ সংগ্রামী সতীর্থ আৰু অসমবাসীয়ে এই কথাসমূহ অনুভৱ কৰিব বুলি আমি আশাবাদী। ............................................................................................................ >>>লেখকৰ ঠিকনাঃ প্রবক্তা,আৰ.ডি মহাবিদ্যালয়,লাচিত নগৰ,ডিগবৈ,৮৮২২৭৯৮২৩৭

No comments:

Post a Comment