পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. একেলগে অসম আন্দোলন কৰা নেতা সকলৰ ৰাজনৈতিক জীৱনৰ পৰিবৰ্তে নাহৰকটীয়াৰ কছাৰী পথাৰৰ প্ৰেমেশ্বৰ উৰংগীয়াই গ্ৰহণ কৰিলে জাতীয় অৰ্থনীতিৰ ভেটি নিৰ্মাণৰ বাবে প্ৰেৰণাময় উদ্যোগঃ পাটকাইৰ পাদদেশৰ সেউজ ভূমিক প্ৰাণৱন্ত কৰি বতৰৰ শাক-পাচলিৰ লগতে কলখেতি আৰু শেহতীয়াকৈ ছাগলী পালনেৰে, ষাঠিৰ উৰ্ধত ভৰি দিয়া চিৰ তৰুণজনে দেখুৱালে আত্ম-নিৰ্ভৰশীলতা তথা স্বাৱলম্বনৰ পথ৷
ৰাজ্য সভাৰ সাংসদৰূপে
সদনত অংশ গ্ৰহণ কৰিলে শচীন টেণ্ডুলকাৰে

২. বন্ধৰ দৰে অসামাজিক কাৰ্যই ওদালগুৰিৰ জনজীৱনক বিপৰ্যস্ত কৰাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত ইয়াৰ কু-প্ৰভাৱ নপৰিবলৈ বুলি বন্ধৰ পৰা শিক্ষানুষ্ঠানক ৰেহাই দিবলৈ আহ্বান জনালে জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ উদ্যোগত গঢ় লৈ উঠা সংগঠন "গুড উইল মিচনে"৷

৩. বানাক্ৰান্ত অঞ্চলৰ বাবে নতুন প্ৰজাতিৰ ধান প্ৰৱৰ্তন কৰিব কৃষি বিভাগেঃ "স্বৰ্ণ চাব-ৱান" নামৰ ধান বিধৰ কঁঠিয়া ১২-১৫দিনলৈকে সম্পূৰ্ণ পানীত বুৰ গৈ থাকিলেও নষ্ট নহয় আৰু ই অসমৰ থলুৱা স্বৰ্ণ মচুৰী ধানৰে সংশোধিত ৰূপ৷ সমগ্ৰ ৰাজ্যত ইয়াৰ ১০হাজাৰ কুইণ্টল বীজ বিতৰণৰ বাবে লব উদ্যোগ ৷

৪. ব্ৰহ্মপুত্ৰ বৰ্ডে দাবী কৰিলে সফলতাঃ খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰে মাজুলীত ২২বৰ্গকিল’মিটাৰ নতুনকৈ যোগ দিয়া বুলি ৰাজ্য সভাত তথ্য দিলে জসম্পদদ মন্ত্ৰী হৰিশ ৰাৱটে৷

৫. খাদ্য সুৰক্ষা আইনৰ ৰূপায়নৰ বাবে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে তৎপৰতা, বাসগৃহত অনুষ্ঠিত কৰিলে গুৰুত্বপূৰ্ণ বৈঠকঃ অহা ২০আগষ্টৰ পৰা ইয়াৰ আনুষ্ঠানিকতাৰে ৰূপায়ন৷ কংগ্ৰেছ দলে প্ৰতিখন জিলাতে চলাব এই বিষয়ে সজাগতা অভিযান৷

৬. দেশৰ বিভিন্ন ৰাজ্যত ৰে’ল সেৱাৰ উন্নীতকৰণৰ বাবে ৮০হাজাৰ কোটি টকীয়া অভিলাষী আঁচনিঃ মিছামাৰী-টাৱাং সংযোগী ৰে’লপথৰো দিলে প্ৰস্তাৱ ৷

৭. প্রথমবাৰৰ বাবে ৰাজ্য সভাৰ বৰ্ষাকালীন অধিবেশন অংশ ল’লে শচীন টেণ্ডুকাৰেঃ হৈ উঠিল সকলোৰে আকৰ্ষণৰ মধ্যমণি৷

৮. শান্ত হোৱাৰ দিশে কাৰ্বি-পাহাৰঃ প্ৰতিবাদী জনতাৰ দলে উত্তাল কৰিলেগৈ দিল্লীৰ ৰাজপথ ৷

৯. ৰাজ্যসভা-লোকসভাত বড়ো সাংসাদৰ প্ৰতিবাদঃ চমু বিবৃতিৰে পৰিস্থিতি অৱগত বুলি জনাই প্ৰধানমন্ত্ৰীয়ে দিলে বড়োলেণ্ড বিষয়ত আলোচনাৰ আশ্বাস৷

১০. ৰৌতা চাৰিআলিত এবছুৰ বিশাল জনসভা, অহিংস গণ আন্দোলনত কৰিলে গুৰুত্ব আৰোপঃ  পৃথক বড়োলেণ্ডলৈ সমৰ্থন দিলে অখিল গগৈয়ে ৷

১১. জধে মধে গাড়ীত ব্যৱহাৰ নকৰিব "ৰঙা লাইট": ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি সঁকিয়াই দিলে উচ্চতম ন্যায়ালয়ে৷

১২. পানীৰ অভাৱত খেতি কৰিব নোৱাৰা কৃষক সকলক সকাহ দিবলৈ কৃষি বিভাগৰ উদ্যোগঃ পঞ্চাশ শতাংশ ৰাজ-সাহাৰ্যৰে বিতৰণ কৰিব কম-গভীৰ নলীনাদ, সুবিধা গ্ৰহণ কৰিবলৈ কৃষক সকললৈ জনালে আহ্বান৷

১৩. নগাঁও দ্বিতীয় ডিভিজন আন্তঃক্লান ফুটবলঃ ফাছা ক্লাৱক ২৮-০ গ’লত শোচনীয়ভাৱে পৰাজিত কৰিলে ৰহা স্প’টছ ক্লাৱে ৷

১৪. যোৰহাট জিলা টেবুল টেনিছ সন্থাৰ উদ্যোগত কুশল কোঁৱৰ ইনড’ৰ ষ্টেডিয়ামত অহা ১-১২ আগষ্টত অনুষ্ঠি হব হীৰেণ বৰুাৱ সোঁৱৰণী সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতা ৷

১৫. উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ উদ্যোগত ৩৪খন বিদ্যালয়ৰ অংশগ্ৰহণেৰে আজিৰ পৰা দিছপুৰৰ শ্ৰীমন্ত শংকৰ একাডেমীত অনুষ্ঠিত হব দুদিনীয়াকৈ "আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনী"৷

১৬. অহা ৯ অক্টোবৰ মাহত প্ৰকাশ হৈ ওলাব শান্তিৰ নোবেল বঁটাৰ বাবে মনোনয়ন তালিকাত স্থান লাভ কৰা পাকিস্তানী কিশোৰী মালালা ইউচুফজাইৰ আত্ম-জীৱনী "আই এম মালালা": সাংবাদিক ক্ৰিষ্টিনা লেম্বৰ কলমেৰে নিগৰা এই জীৱনী প্ৰকাশ কৰিছে "হাচেট" নামৰ প্ৰতিষ্ঠানে ৷ 

১৭. ডিব্ৰুগড়ত অহা ১২ আগষ্টত "সম্প্ৰীতি"ৰ উদ্যোগত চৰকাৰী বালক বিদ্যালয়ত অনুষ্ঠিত হব সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তী৷ সাধু-কোৱকে ধৰি ভাষা-জ্ঞান সাহিত্যৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে উন্মোচিত হব স্মৰণিকা তথা অন্যান্য গ্ৰন্থাৱলীও ৷

১৮. আমগুৰিৰ আউনীআটীৰ হেমচন্দ্ৰদেৱ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক, কমিউনিষ্ট নেতা, মুক্তিযোদ্ধা চন্দ্ৰকান্ত ভূঞাৰ ৯৬তম জন্মদিন পালন কৰিলে ৰাইজেঃ শতাধিক দল-সংগঠনে জ্ঞাপন কৰিলে ৰাজহুৱা সম্বৰ্ধনা ৷

১৯. স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰত জিলা ভিত্তিক আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাঃ প্ৰশাসন আৰু শিৱসাগৰ ছুইমিং ছ’চাইটিৰ সহযোগত অনুষ্ঠত অহা ১১আগষ্টত, বুঢ়াগোহাঁই পুখুৰী চুইমিং পুলত ৷

২০. স্মাইল ফাউণ্ডেচনে লৈছে বিশেষ প্ৰচেষ্টাঃ পাঁচ হাজাৰ শিশুক কৰি দিব শিক্ষাৰ ব্যৱস্থা ৷

No comments:

Post a Comment