পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. চৰকাৰী মাছ বিক্ৰী কেন্দ্ৰৰ পাছত এইবাৰ শাক-পাচলিৰ বিক্ৰী কেন্দ্ৰঃ মহানগৰীত বিশেষ বিক্ৰী তথা ভ্ৰাম্যমান কেন্দ্ৰৰে মধ্যভোগী আঁতৰাই কৃষক গোটৰ পৰা শাক-পাচলি যোগান ধৰিবলৈ উদ্যোগ লৈছে চৰকাৰে, নগৰীয় অঞ্চলৰ বাবে ৰাষ্ট্ৰীয় শাক-পাচলি উদ্যমৰ আঁচনিৰ আধাৰত ৷
স্বাধীনতা দিৱসৰ প্ৰাক-ক্ষণত
এজাক মুকলি বতাহৰ সন্ধানত
বঙাইগাঁৱৰ এটি শিশু

২. তেজপুৰত অৱসৰ-প্ৰাপ্ত মহিলাৰ প্ৰশংসনীয় উদ্যোগঃ সৎ কৰ্মচাৰী ৰূপে আজীৱন সেৱা কৰা তুলুমণি কলিতাই অৱসৰৰ ধনেৰে কেতেকীবাৰী নামঘৰৰ চৌহদত নিৰ্মাণ কৰি মূল্যাবান গ্ৰন্থৰে সজাই উৰ্চগা কৰিলে ৰাইজলৈ৷ "কেতেকী পুথিভঁৰাল" ৰূপে নামাকৰণ কৰা এই পুথিভঁৰালটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ অমৰজ্যোতি চৌধুৰীয়ে৷

৩. অসমত উচ্চ সদন গঠনৰ প্ৰস্তাৱৰ আদৰণি জনালে আছুৱেঃ সকলো জনগোষ্ঠীৰ সঠিক প্ৰতিনিধিত্ব নিশ্চিত কৰি খিলঞ্জীয়া ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে জনালে আহ্বান৷

৪. মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বিসংগতি বিষয়ত ছেৱাৰ বিষয়া আৰু আছুৰ প্ৰতিনিধিৰে মত বিনিময় কৰিলে তদন্ত কমিটিৰ দ্বায়িত্ব লোৱা দুই গৰাকী উপাচাৰ্যইঃ অহা ১৯-২০ আগষ্টত অনুষ্ঠিত হব দ্বিতীয় লানি আলোচনা৷

৫. আজি উন্মোচিত হব ডাঃ ৰুবী কটকীৰ দ্বাৰা সম্পাদিত গল্প সংকলন "একুৰি চিকিৎসকৰ একুঁকি গল্প": উন্মোচন কৰিব হোমেন বৰগোহাঞিদেৱে, লতাশিলৰ বিষ্ণু নিৰ্মলা (পুথিভঁৰাল) ভৱনত ৷ লগতে আয়োজিত হৈছে এক অন্তৰংগ আলাপৰো ৷

৬. বৰমাত জিলা সাহিত্য সভাৰ উদ্যোগত ডাঃ ধৰণীধৰ দাস স্মাৰক বক্তৃতানুষ্ঠানঃ বিষয় "অসমত মানৱতাৰ সংকট, নাগৰিক সমাজে কি কৰিব পাৰে"৷

৭. তেজপুৰৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহঃ ৩১ আগষ্টত "নিৰৱচ্ছিন্ন গোষ্ঠীগত সংঘৰ্ষই পূৰ্বাঞ্চলৰ পশ্চাদগামিতাৰ মূল কাৰণ" বিষয়ক সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাৰো কৰিছে আয়োজন৷

৮. আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান ইউ এছ প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰীডম প্ৰাপক সকলৰ তালিকাত স্থান পালে প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু মিডিয়া সম্ৰাজ্ঞী অ’প্ৰা উইনফ্ৰেই৷

৯. কমলা শইকীয়া স্মাৰক বক্তৃতাত সাংবাদিক মধু পূৰ্ণিমাঃ "চাঞ্চল্যধৰ্মী বাতৰিয়ে সমাজৰ অনেক ক্ষতি কৰিবলৈ লৈছে" বুলি মন্তব্য কৰি সংবাদ মাধ্যমৰ ক্ৰম-হ্ৰাসমান বিশ্বাসযোগ্যতাক লৈ প্ৰকাশ কৰিলে শংকা৷

১০. তেজপুৰতো শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণঃ দুই বিশিষ্ট ব্যক্তিক সম্বৰ্ধণা, মনোজ্ঞ বক্তৃতানুষ্ঠান৷

১১. খাদী গ্ৰাম্য উদ্যোগত তৈয়াৰ হৈছে হাজাৰ হাজাৰ জাতীয় পতাকাঃ স্বাধীনতা দিৱসৰ প্ৰাক-ক্ষণত এইবাৰ মূল্যবৃ্ধি হৈছে জাতীয় পতাকাৰো ৷

১২. অহা ১২ আগষ্ট অসম সত্ৰ মহাসভাই অনুষ্ঠিত কৰিব স্মৃতিচাৰণ সভাঃ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ত৷

১৩. ৰহাত কৃৰ্তি শিক্ষক গোলোক নাথক প্ৰদান কৰিলে নগাঁও জিলা অধিবিদ্যা পৰিষদৰ ৰামেশ্বৰ বৰা সোঁৱৰণী বঁটা৷

১৪. গোৱালপাৰা জিলাৰ ঐতিহাসিক তথা উত্তৰ-পূৱৰ ইলোৰাখ্যাত শ্ৰীশ্ৰী সূৰ্য পাহাৰত খোদিত মুৰ্তি চুৰি কৰি থকা অৱস্থাত ধৰা পৰিল পাঁচ জনকৈ চোৰ ৷

১৫. ৰাজ্যত উলহ-মালহেৰে পালিত হ’ল ঈদঃ সমূহীয়া নামাজত যোৰহাটত ভাগ ল’লে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

১৬. যুৱকৰ পৰা যুৱতী হবলৈ চেষ্টা চলাই সংবাদ শিৰোনাম দখল কৰা বিধান বৰুৱা অৱশেষত গ্ৰেপ্তাৰঃ ইণ্ডিয়ান এয়াৰফৰ্চৰ কেইবাজনো দুষ্ট চৰিত্ৰৰ প্ৰেমিকৰ পৰা ব্লেকমেইলেৰে সৰকাইছিল ধন৷

১৭. দুটা বছৰ অপেক্ষাৰ পাছত অৱেশষত ১৩আগষ্টৰ পৰা আৰম্ভ হব বিচাৰ প্ৰক্ৰিয়াঃ ফুলবাৰী সীমান্তত বিএছএফৰ দ্বাৰা সংঘটিত ফেলানী হত্যাকাণ্ডৰ  ন্যায় বিচাৰি ভাৰতলৈ আহিব পিতৃ, অধিবক্তা ৷ 

No comments:

Post a Comment