লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য-ব্যংগৰে সত্যৰ সন্ধান)
১. ধুবুৰীত অনুজ্ঞাপত্ৰ অবিহনেই প্ৰদান কৰে এক্স-ৰে ৰিপৰ্ট৷ অনুজ্ঞাপত্ৰই এক্স-ৰে ৰিপৰ্টৰ ফলাফলত কোনো প্ৰভাৱ নেপেলায় বুলি ক্লিনিকৰ মালিকে কৰিলে দৃঢ়তা প্ৰকাশ৷  অনুজ্ঞা পত্ৰ দিয়াৰ ক্ষেত্ৰত ঘোচ দিব লগা হোৱা বাবেই তাৰ নীৰৱ প্ৰতিবাদ কৰি তাৰ অবিহনেই জনসেৱা কৰি থকা বুলি দোহাৰিলে তেখেতে৷
গ’ ফৰ গাৰ্ল
গাৰ্ল ফৰ গোৱা
২. ডলাৰৰ দাম বঢ়াৰ পৰা  সুৰা আৰু নাৰী পৰ্যটনৰ বাবে এইবাৰ বিদেশলৈ নাযায় বহু ডেকা তথা ৰঙীন বয়সীয়াল৷ এইবাৰ গোৱাত কেচিনো, সুৰা আৰু নাৰীৰ চাহিদা বাঢ়িবই আৰু তাক জোৰা মৰাৰ বাবে সৰবৰাহকাৰী সকলে কঁকালত টঙালি বান্ধি লোৱা বুলি বিজ্ঞপ্তিত প্ৰকাশ৷ ৰেভ পাৰ্টি আয়োজনত গৃহ মন্ত্ৰীৰ সহযোগিতা বিচাৰিলে সৰবৰাহী সংস্থাই৷ ক’লে-এইবাৰ ডলাৰ তথা মুদ্ৰা আহৰণেৰে দেশলৈ অৰিহণা যোগোৱাৰ সুযোগ তেখেতসকলক দিবই লাগে, তেখেত সকলো এই মাটিৰে সন্তান!

৩. সূতা কম্বল বিলাই ৭৯জন বিধায়ক পালে কংগ্ৰেছে বুলি মন্ত্বব্য কৰিলে চন্দনকাঠ চৰকাৰে৷ এইবাৰ ৩তিনিটকীয়া চাউলৰ সতে সাঁজৰ গুটি বিলোৱা আঁচনিৰে চেঞ্চুৰী মাৰিবই বুলি প্ৰকাশ কৰিলে দৃঢ়তা৷ মিচা ক’লে কি ডাল হব বুলি ৰসাল চাৰৰ সুৰতে মন্তব্য কৰিলে চন্দনকাঠেও৷

৪. তাহেৰ বেপাৰীৰ ঘনিষ্ঠৰ বলেৰ’ গাড়ী ধৰা পৰাক লৈ শাসক দলৰ মাজত প্ৰতিক্ৰিয়া৷ ভাল বিলাসী গাড়ীৰে বাতৰিৰ শিৰোনাম দখল নকৰাৰ বাবে দিলে গৰিহণা৷ প্ৰতিবাদত প্ৰদেশ কম-বেচয়ে বেপাৰীলৈ পঠালে হোণ্ডা, অ’ডি, ৰলছ ৰয়েছৰ গাড়ীৰ পুস্তিকা৷

৫. নৱেম্বৰত "দৌৰ মোদি দৌৰ" মাৰাথানত ভাগ লবলৈ আহিব নৰেন্দ্ৰ৷ লাখে লাখে দৰ্শকৰ সমাবেশ ঘটাবলৈ ফ্ৰেঞ্চাইজি লোৱা সৰ্ব-আনন্দলৈ নিৰ্দেশ৷ সকলো লেণ্ডৰ নামত চিৰিয়াছ আন্দোলনত ব্যস্ত হৈ থকাৰ বাবে এইচব ল’ৰা-ধেমালি চাবলৈ মানুহ নোপোৱাৰ চিন্তাত সৰ্ব-আনন্দলৈ আহিছে দুখৰ দিন৷ ভাৰালৈ নিবলৈকো পেশাদাৰী প্ৰতিবাদকাৰীৰ আহৰি নোহোৱাৰ খবৰ!

৬. শিৱসাগৰক ধুনীয়া কৰিবলৈ নলা-নৰ্দমা চাফা আঁচনি৷ নৰ্দমা চাফা হওক বা নওহক চাফা কৰা আঁচনিৰ ধন সম্পূৰ্ণ চাফা কৰিবই বুলি শপত খালে ঠিকাদাৰ সন্থাই৷

৭. গুৱাহাটী কৰ্মাচ কলেজত এনএছইউআই পাৰ্টিৰ ছাত্ৰৰ দলে প্ৰদৰ্শন কৰিলে কম-বেছি প্ৰতিভাৰ৷লাঠি ৰড লৈ কৰিলে আক্ৰমণ, লণ্ড ভণ্ড৷ ডিজিপিয়ে কৰিলে ক্লীনচিট তৈয়াৰ৷

৮. ইণ্ডোনেচিয়াত সতীত্ব পৰীক্ষা কৰিহে স্কুল কলেজত ভৰ্তিৰ ব্যৱস্থা কৰিছে ষোড়শী সকলৰ, আৰু এই পৰীক্ষা কৰে শিক্ষা বিষয়াই৷ এই পৰীক্ষাৰ পৰীক্ষক পদৰ বাবে ঘোঁচৰ পৰিমাণে ভাঙিলে বিশ্ব অভিলেখ৷ সৰু গাঁঠি পৰ্যন্ত সাজ পিন্ধি স্কুললৈ যোৱাৰ নিয়মক বোৰ্খা সংঘই জনালে আদৰণি৷

৯. বিজ্ঞাপনত পইচা লৈ কোৱা কথা নিজৰ মতামত নহয় বুলি দাবী কৰিলে অমিতা বচ্চনে৷ তেখেতে ক’লে-সেই সৱ সংলাপহে৷ মোৰ অনুভৱৰ বাবে মাথো লগ ইন কৰি ফল’ কৰক টুইটাৰত! অসমৰ লিখা-পঢ়া মন্ত্ৰীয়ে গ্ৰহণ কৰিলে অনুপ্ৰেৰণা ৷

১০. গগৈ চাৰৰ বৰ কটকীহৈ যোৱা বৰকটকীৰ নেতৃত্বত মন্ত্ৰীত্ব সালসলনিৰ দাবীৰে, দিল্লীলৈ চমক দিবলৈ যোৱা বিধায়ক সকলে ধমক খোৱাৰ বাতৰি৷ সঠিক কমিচন দি থকা সকলক উচ্ছেদ কৰাৰ দাবী মানি লবলৈ অস্বীকাৰ কৰিলে হাইকামাণ্ডৰ সোঁহাত সেৱক যোশী চাৰে৷

No comments:

Post a Comment