মিচা ক’লে কি ডাল হব - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব

মিচা ক’লে কি ডাল হব

Share This
আমাৰ স্বাধীনতা
#অৰূপজ্যোতি সন্দিকৈ
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কাৰ্টুনিষ্ট মঞ্জুলৰ সৃষ্টি
দুৱাৰ খিৰকি বন্ধ কৰি
বন্ধ কোঠালিত আমি স্বাধীনতা দিৱস পাতো
ৰঙীন টিভিত লালকিল্লাৰ স্বাধীনতা দিৱস উপভোগ ক’ৰো----এয়াই আমাৰ স্বাধীনতা |

ৰাষ্ট্ৰীয় পতাকাৰ তলত বুকু ফুলাই
নিৰ্ভিক ভাবে গাব নোৱাৰো "জন গন মন...."-----এয়াই আমাৰ স্বাধীনতা |

দোকান-বজাৰ বন্ধ, জনশূন্য সকলো ঠাই
বাটৰ চেৰেলা কুকুৰটোৱেও প্ৰাণৰ ভয়ত কৰবাত লুকাই----এয়াই আমাৰ স্বাধীনতা |

কুলিচৰাই মাতে বহাগ বিহুক আদৰাৰ দৰে
বোমা বিস্ফোৰণ , গুলীৰ শব্দই
স্বাধীনতা দিৱসৰ আগমনৰ বতৰা দিয়ে------এয়াই আমাৰ স্বাধীনতা |

বিহুটি আহিলে পেঁপাটি বজাৰ দৰেই
স্বাধীনতা দিৱসত "সৰ্বাত্মক অসম বন্ধ"
এইয়া আমাৰ চিনাকি দৃশ্য ------------এয়াই আমাৰ স্বাধীনতা |

ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰো
চিকাৰী কুকুৰ এজাকে বেৰি বেৰি ধৰে,
খুলি খুলি চাব বিচাৰে হৃদয়খনত কি লুকুৱাই থৈছো ---------এয়াই আমাৰ স্বাধীনতা |

সাধাৰণ জনতাৰ কেঁচা তেজেৰে
এজাকে স্বাধীনতা দিৱস পাতে,
ৰাষ্ট্ৰীয় পাতাকাৰ তলত
মন্ত্ৰী, এম এল এ, এমপি নামৰ জীৱবোৰে
স্বাধীনতাৰ জয় গান গায়-----------এয়াই আমাৰ স্বাধীনতা |

মহানগৰ ৰাজপথত দিন দুপৰতে
নাৰীক উলঙ্গ কৰিব পাৰে এজাক নৰ পিশাচে,
ৰক্ষকে ভক্ষকৰ ৰূপ ধৰি
ফুলকুমলীয়া গাভৰুৰ সত্বীত্ব কাঢ়ি নিব পাৰে------------এয়াই আমাৰ স্বাধীনতা |

কৃষকে খেতি-পথাৰ এৰি
মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ
ৰাজপথত তেজৰ নৈ বুৱাব ল’গা হয়------------এয়াই আমাৰ স্বাধীনতা |
উচিত মূল্যৰ অভাৱত
ৰাজপথত সিঁচি দিয়ে কষ্টৰ ফচল ------------এয়াই আমাৰ স্বাধীনতা |

ভোকাতোৰ জনগনে যেতিয়া
হাতত জাতীয় পাতাকা লৈ চিঞৰি উঠে
জয়হিন্দ, বন্দে মাতৰম্‌
তেতিয়া ভাৰত মাতাই দুচকুৰে চকুলো বুৱাই-----------এয়াই আমাৰ স্বাধীনতা |

স্বাধীনতা দিৱসৰ দিনা
যেতিয়া বন্ধ কোঠালিত নীৰৱ হৈ বহি থাকো
কনমানিজনীয়ে সোধে "স্বাধীনতা মানে কি ?"
উত্তৰ মৌনতা---------------এয়াই আমাৰ স্বাধীনতা |

*অন্য এক দৃষ্টিভঙ্গী............
স্বাধীনতা দিৱস উদযাপন--
তুমি মই আৰু আমি...
বন্ধ কোঠালিৰ মিউজিক প্লেয়াৰ’ত বাজি উঠে
এ.আৰ.ৰহমানৰ কণ্ঠত বন্দে মাতৰম্‌......
যদিও আজি দিনটো ড্ৰাই
তথাপি 
আগত দুটামান সুৰাৰ বটল আৰু লগত চিকেন ফ্ৰাই.......
লেটছ চিলেব্ৰেট দ্যা ইণ্ডিপেনডেন্স ডে...চীয়েৰ্চ
----------------এয়াই আমাৰ স্বাধীনতা


এশ এবুৰি সমস্যাৰ মাজত থাকিও আমি স্বাধীনতা দিৱস পালন কৰিবই লাগিব । গতিকে মোৰ ফালৰ পৰা সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো । বন্দে মাতৰম্‌ জয় ভাৰত মাতা, জয় আই অসম।।

No comments:

Post a Comment