সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
সাহিত্যিক পেঞ্চন
পেঞ্চনটো নাপালে
 ঘঁৰিয়াল সাহিত্যিক
বুলি থকা নামটোৰেই
 মহত্ব নাথাকিবগৈ...

#সুশান্ত কাশ্যপ
সম্পাদক মহোদয়,
এইবাৰো ১৫ আগষ্টত প্ৰায় ২০ গৰাকীমান ব্যক্তিক অসম চৰকাৰে সাহিত্যিক পেঞ্চনৰ বাবে নিৰ্বাচিত কৰিলে। এয়া ভাল খবৰ। কিন্তু বেছি সংখ্যক সাহিত্যিকৰে কোনো ধৰণৰ লিখনি কতো পঢ়া নাই বা বহুতৰে নামো শুনা নাই, অৱশ্যে এয়া আমাৰ অজ্ঞতা বা দুৰ্বলতা হব পাৰে। 

পাঁচখন কিতাপেই যথেষ্ট....
ই সঁচাই মাপকাঠিনে?
জানিবলৈ পোৱা মতে সাহিত্যিক পেঞ্চনৰ বাবে ৫খন গ্ৰন্থ প্ৰকাশ কৰি আবেদন কৰিলেই হ'ল। জাতি,ধৰ্ম, অঞ্চল, ৰাজনীতি আদি বিভিন্ন কাৰকৰ ভিত্তিত সাহিত্যিক পেঞ্চনৰ বাবে নিৰ্বাচন কৰা হয়। বহুতো বিশিষ্ট সাহিত্যিকে চৰকাৰৰ পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে কোনো ধৰণৰ 'ফিটিং' নথকা বাবে। সৌৰভ কুমাৰ চলিহাৰ দৰে বিশিষ্ট সাহিত্যিকে মৃত্যুৰ পিছতহে সাহিত্যিক পেঞ্চন লাভ কৰিছিল,খুউব সম্ভব দুবছৰ মান আগতে। 

আমি এনে এজন ব্যক্তিৰ কথা জানো যিজনে সাহিত্যিক পেঞ্চনৰ বাবে কবিতা কিতাপ এখন চপাইছিল আৰু পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছিল, তেতিয়াৰ দিনত ৫খন প্ৰকাশিত গ্ৰন্থ নালাগিছিল। সদায় এই বিষয় লৈ বিতৰ্ক হৈ আহিছে, কিন্তু চৰকাৰৰ কোনো গুৰুত্ব নাই।

পেঞ্চন দিয়াৰ ক্ষেত্ৰত আপত্তি কৰিবলগীয়া নাই । কিন্তু সাহিত্য-কৃৰ্তি নথকা ব্যক্তি সকলক যদি 'পেঞ্চন' দিবই লাগে, তেনেহলে 'সাহিত্যিক পেঞ্চন' নিদি বেলেগ নামেৰে কিবা এটা পেঞ্চন, ঠিক বৃদ্ধ পেঞ্চনৰ লেখীয়া, দিয়াৰ ব্যৱস্থা কৰিলে ভাল হয় ।অন্যথা 'সাহিত্যিক পেঞ্চন'ৰ মৰ্যাদা বহু তললৈ অৱনমিত হব আৰু প্ৰকৃত বিশিষ্ট সাহিত্যিক সকলক অপমান কৰা হব।

No comments:

Post a Comment