প্ৰেৰণাময় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰেৰণাময়

প্ৰেৰণাময়

Share This
প্ৰবাসী অসমীয়াৰ সাফল্যৰ বতৰা
 #ডা০ ভূপেন শইকীয়া

আজিৰ লিখনিৰ যোগেদি নিজৰ অধ্যৱসায় আৰু একাগ্ৰতাৰ ফলত উন্নতিৰ ঢাপত বগাবলৈ সক্ষম হোৱা দুজন অসমীয়া যুৱকক 'অসমীয়াৰ সুখ দুখৰ' পাঠকৰ সৈতে পৰিচয় কৰাই দিব খুজিছোঁ৷নিজৰ পৰিশ্ৰম আৰু সফলতাৰ চাবিকাঠি কি দৰে দুয়ো আয়ত্ত কৰিবলৈ সক্ষম হ'ল সেই বিষয়ে বিতংকৈ নিজ মুখে বহলাই কব আৰু সময়ত সেয়া কাটাৰ অসম সমাজৰ মুখপত্ৰ বা স্মৰণিকাত প্ৰকাশিত হব

প্ৰথমেই কম ধুবুৰীৰ চাহানুৰ আলিৰ কথা ৷ পিতৃ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল হোৱা হেতুকে চাহানুৰে সৰুতে অসম আৰু মেঘালয়ৰ বিভিন্ন ঠাইত পিতৃৰ সৈতে ভ্ৰমিলে৷চাকৰিৰ পৰা অৱসৰলৈ ধুবুৰীত ঘৰবাৰী কৰাত চাহানুৰে তাৰ বি এন কলেজৰ পৰা স্নাতক ডিগ্ৰী লয়৷

কলিকতালৈ আহি এটা ইন্টাৰনেশ্বনেল বেংকৰ চাকৰিত যোগদান কৰি তেওঁ লক্ষ্য কৰে যে বেংকৰ বহুবোৰ নথি পত্ৰ,যোগাযোগ ফৰাচী ভাষাত চলে৷তেওঁ বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক নিজৰ ফৰাচী ভাষা শিকিবলৈ আগ্ৰহ হোৱাৰ কথা ব্যক্ত কৰে৷বেংকে জনায় যে তেওঁ কলিকতাৰ ফৰাচী দূতাবাসৰ যোগেদি ফৰাচী ভাষা শিকিব পাৰিব আৰু লগতে ফ্ৰান্সৰ কলা-সংস্কৃতিৰ বিষয়েও জ্ঞান আহৰণ কৰিব পাৰিব৷নিশাৰ ভাগৰ আজৰি সময়ত চাহানুৰে ফৰাচী অধ্যয়ণ কৰিবলৈ আৰম্ভ কৰিলে আৰু এটা সময়ত পৰীক্ষা দি অন্তৰ্ৰাষ্ট্ৰীয় ডিপ্লমা আয়ত্ত কৰিবলৈ সক্ষম হ'ল৷

ইয়াৰ পিছত চাহানুৰৰ কৰ্মস্থল বাংগালোৰলৈ সলনি হ'ল ৷বাংগালোৰৰ পৰা এইবাৰ ডুবাইলৈ চাহানুৰ আহিল৷ ডুবাইত এমিটি ইউনিভাৰ্চিটি আৰু আন টুৰিজমৰ লগত জড়িত শিক্ষা প্ৰতিষ্ঠানে তেওঁক ফৰাচী ভাষা আৰু ফৰাচী সংস্কৃতিৰ ওপৰত শিক্ষা দিবলৈ আমন্ত্ৰণ জনাব ধৰিলে৷সদ্যহতে চাহানুৰ আলি ড'হাৰ মডাৰ্ণ ইণ্ডিয়ান স্কুলৰ ফৰাচী ভাষাৰ বিষয় শিক্ষক৷তেওঁৰ মতে ফৰাচী ভাষা শিকাৰ পৰা এদিনো থমকি ৰবলগীয়া হোৱা নাই৷ 

আনজন যুৱকৰ নাম কামাৰুল আলম৷ গৃহস্থান হোজাইৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত কামাৰুলে মনস্থ কৰিলে অসমৰ বা ভাৰতৰ কলেজৰ পৰা নহয় ডুবাইৰ পৰা এম বি এ কৰিব৷ ডুবাইৰ মনিপাল ইউনিভাৰ্চিটিৰ পৰা সফলতাৰে এম বি এ ডিগ্ৰী লাভ কৰাৰ পৰা কামাৰুলে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷

লগে লগে ডুবাইৰ এক সম্ভ্ৰান্ত ব্যৱসায়ী প্ৰতিষ্ঠানত চাকৰিত নিযুক্তি লাভ কৰিলে৷ মধ্যপ্ৰাচ্যৰ দেশকেইখন ওপৰিও,চীন,ফ্ৰান্স আৰু আফ্ৰিকাৰো কেইবাখনো দেশৰ ব্যৱসায়ৰ দায়িত্ব নিয়াৰিকৈ সম্পন্ন কৰাৰ ফলত আজি তেওঁ নিজে এটা আতৰৰ কোম্পানীৰ মেজৰ শ্বেয়াৰহোল্ডাৰ হব পাৰিছে৷ 

অলপতে তেওঁ পেৰিচলৈ ৬মহীয়া প্ৰশিক্ষণত যাব৷দুয়োজন ডেকা যুৱকৰ উত্তৰণৰ কাহিনী ৬৷৭বছৰৰ অধিক কালৰ নহয়৷ ইয়েই প্ৰমাণ নকৰে জানো একাগ্ৰতা আৰু পৰিশ্ৰমে সফলতাৰ আচল চাবি-কাঠী৷ সঁচা কথা-নিজে নিজক সহায় কৰিবলৈ ওলাই অহাজনকহে ভগবানেও সহায় কৰে৷ 

এওঁলোকৰ পৰা আমাৰ অসমৰ যুৱক যুৱতীয়ে অনুপ্ৰেৰণা লাভ কৰক৷ঘৰতে সোমাই নাথাকি বাহিৰৰ বিশ্বত কৰ্ম অনুসন্ধান কৰক আৰু তাৰ বাবে ন্যুনতম অৰ্হতাখিনি আহৰণ কৰক৷ 

ইয়াত মই গম পোৱা মতে কিছুমান ট্ৰেডত সদায় চাকৰিয়ালৰ প্ৰয়োজন হৈয়ে থাকে৷ সেইবিলাকৰ কিছুমান হ'ল এচি টেকনিচিয়ান, ইলেকট্ৰিচিয়ান, ৰেফ্ৰিজিৰেটৰ মেকানিক, কম্পিউটাৰ মেকানিক, অট'মবাইল মেকানিক, কাৰপেন্টাৰ, প্লাম্বাৰ,চেফ আদি৷কিন্তু আটাইতকৈ লাগতিয়াল কথাটো হ'ল- এইবিলাক চাকৰিৰ বাবে কোনো প্ৰতিষ্ঠানৰ ডিপ্লমা আহৰণ কৰিব লাগিব৷তেতিয়া পোনচাতেই চুপাৰভাইজাৰৰ নিযুক্তি পাব আৰু ক্ৰমে পদোন্নতি হব৷ আমাৰ অসমীয়া মানুহৰ বাহিৰে এইবিলাক সুবিধা ভাৰতৰ অইন প্ৰদেশৰ মানুহ লব জানে৷

*৫আগষ্ট,২০১৩ ড'হা, কাটাৰ ফোন ০৯৭৪ – ৩৩৭৩৮৭২২ Email ~ drbksaikia@gmail.com

No comments:

Post a Comment