পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. উচ্চতম ন্যায়ালয়ত বিচিচিআইৰ মুখথেকেচাঃ তদন্ত কমিটি অবৈধ ঘোষণা কৰা বম্বে’ উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰিবলৈ কৰিলে অস্বীকাৰ ৷
আৰ জি বৰুৱা চুপাৰ
ডিভিজন ফুটবলঃ
নৱজ্যোতি ক্লাৱে
পৰাজিত কৰিলে অসম পুলিচ দলক

২. কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত গঠিত হ’ল জিলা ভিত্তিৰ ৰেগিং বিৰোধী কমিটিঃ ট’ল ফ্ৰী নম্বৰ ১৮০০-১৮০০-৫৫২২ কৰা হ’ল মুকলি৷

৩. ত্ৰিশ বছৰীয়া হ’লহি অভিৰুচি ক্ৰীড়া দিৱসঃ অহা তিনি ছেপ্তেম্বৰত অৰ্জুন বঁটা বিজয়ী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত এই দিৱস অসমৰ শতাধিক ঠাইত উদযাপনৰ কৰা হৈছে আয়োজন ৷

৪. বিশ্ব দেহাংগ দান দিৱসত দিল্লীত ১১০০ চিৰিপিএফ জোৱানে অংগ পুনঃব্যৱহাৰ বেংকিং সংস্থা অ’আৰবিঅ’ক দিলে মৃত্যুৰ পাছত দেহাংগ দান কৰাৰ প্ৰতিশ্ৰুতি ৷

৫.  ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰম্ভ হ’ল কণ্ঠ সংগীতৰ স্নাতকোত্তৰ পাঠ্যক্ৰমঃ ডঃ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰত আনুষ্ঠানিকতাৰে এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়৷ 

৬. নিজৰ দখলত অবৈধ ভাৱে ৰখা ১৫১ বিঘা মাটি ঘূৰাই দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিলে এ আই ইউ ডি এফ দলৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমলক ৷

৭. জন্মভূমি চফ্ৰাইত মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিলে মৃত্যুঞ্জয়ৰ স্ৰষ্টাকঃ অপ্ৰমাদী কবি মাধৱকন্দলীৰ সমপৰ্যায়ৰ সাহিত্যিক ৰূপে ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাতাৰ্যক আখ্যা দিব পাৰি বুলি মত প্ৰকাশ কৰিলে সভাই৷

৮. অসম চৰকাৰৰ বিষয়া বদলিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰিঃ দুই বছৰ অতিক্ৰম কৰিলে সেই ঠাইৰ পৰা বদলিৰ বাবে প্ৰয়োজন নহ’ব মুখ্যমন্ত্ৰীৰ অনুমোদন৷

৯. উদযাপিত হ’ল নগাঁও কলেজৰ ৬৯তম প্ৰতিষ্ঠা দিৱসঃ মন্ত্ৰী ৰকিবুল হুছেইনে ছাত্ৰ-ছাত্ৰী সকলক ইতিবাচক চিন্তাৰে আগবাঢ়ি আহিবলৈ জনালে আহ্বান৷

১০. বঙাইগাঁৱত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট উদ্ধাৰ কৰি সফলতা লভিলে বঙাইগাঁও আৰক্ষীয়েঃ আক্ৰাছুৰ এজন কেন্দ্ৰীয় আৰু এজন জিলা পৰ্যায়ৰ নেতা সেই সন্দৰ্ভত হ’ল গ্ৰেপ্তাৰ ৷

১১.  অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীৰ পুনৰ নিযুক্তি সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব জিতেশ খোচলাৰ নেতৃত্বত চৰকাৰে গঠন কৰি দিলে বিশেষজ্ঞ কমিটি৷

১২. বড়ো, কাৰ্বি, কোঁচ ৰাজবংশীলৈ একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ আহ্বান জনালে আটাছুৱেঃ ক’লে চ্যুকাফাই গঢ়ি থৈ যোৱা বৰ অসমৰ ভেটি খণ্ডিত কৰিবলৈ দিয়া নহব  কেতিয়াও

১৩. কাশ্মীৰৰ সীমান্তত পাঁচ ভাৰতীয় সেনা হত্যাৰ প্ৰতিবাদ জনালে অসমৰ ৰাইজেওঃ জ্বলাই দিলে পাকিস্তানৰ জাতীয় পতাকাৰ প্ৰতীকি৷

১৪. মাত্ৰ আঠ খন বচা বচা সত্ৰলৈ মুখ্যমন্ত্ৰীৰ পাঁচ কোটি টকা সাহাৰ্য কিয়ঃ মাজুলীৰ বঞ্চিত ২৮খন সত্ৰই প্ৰতিবাদকল্পে আদালতৰ কাষ চপাৰ বাবে গ্ৰহণ কৰিলে সিদ্ধান্ত৷

১৫. কইনাধাৰত মুখ্যমন্ত্ৰীয়ে কৰিলে আইন-শংখলাৰ পৰ্যালোচনাঃ স্বাধীনতা দিৱসত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ বাবে দিলে নিৰ্দেশ, স্থাপন হব চিচিটিভিও ৷

১৬. বড়োলেণ্ডৰ দাবীৰে দিল্লীৰ যন্তৰ-ম্নতৰ কঁপালে হাগ্ৰামা বাহিনীয়েঃ ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে কাৰ্বি-ডিমাছা প্ৰতিনিধিয়ে ৷

১৭. অচিৰেই ছোনিয়া গান্ধী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰে অনুষ্ঠিত হব আক্ৰাছুৰ বৈঠকঃ আন্দোলন প্ৰত্যাহাৰৰ দাবীৰে এই আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

No comments:

Post a Comment