পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. শিৱসাগৰক পৰ্যটন নগৰীৰূপে গঢ়ি তুলিবৰ বাবে জিলা প্ৰশাসনৰ অভিলাসী আঁচনিঃ প্ৰশাসনৰ অতিৰিক্ত পুঁজি তথা এনৰেগা আঁচনিৰ ধনেৰে "গ্ৰীণ শিৱসাগৰ মিচন" প্ৰকল্প ৰূপায়িত কৰাৰ বাবে আঁচনি যুগুত কৰিলে উপায়ুক্ত মিনাক্ষী নটৰাজনে৷
আইন শৃংখলা , ভূমি হস্তান্তৰ, মূল্যবৃ্দ্ধিঃ
ৰাজ্যজুৰি অগপৰ ধৰ্মঘট
২. নৰৱে’ত ৰজা বিক্ৰমাদিত্যঃ সাধাৰণ জনতাৰ মনোভাৱ বুজিবলৈ এইবাৰ টেক্সিচালকৰ বেশ ধৰিলে নৰৱেৰ প্ৰধানমন্ত্ৰী জেনচ ষ্ট’লটেনবাৰ্গে৷ সাধাৰণ জনতাৰ সুখ-দুখৰ বতৰা লবলৈ গ্ৰহণ কৰা এই ব্যতিক্ৰমী পদক্ষেপে লাভ কৰিলে চ’চিয়েল মেডিয়াত বিশ্বজোৰা প্ৰচাৰ৷

৩. শিমলুগুৰি চাইক্লিং ক্লাৱৰ উদ্যোগত স্বাধীনতা দিৱসৰ দিনা ৰংঘৰৰ বাকৰিৰ পৰা কাজিৰঙালৈ চাইকেল যাত্ৰাঃ প্ৰদূষণমুক্ত পৰিবেশ, ঐতিহাসিক কৃৰ্তিচিহ্ন সংৰক্ষণ, সু-স্বাস্থ্য ৰক্ষাৰ বাবে চাইকেল চালনা আদি বিষয়ক সজাগতাৰ বাবে আয়োজন কৰিছে এই যাত্ৰাৰ৷

৪. বিশ্ব বেডমিণ্টনত ব্ৰঞ্জৰ পদক বিজয়ী পি ভি সিন্ধুলৈ বেডমিণ্টন এছ’চিয়েশ্বন অৱ ইণ্ডিয়াই আগবঢ়ালে ১৫লাখ টকাৰ পুৰস্কাৰ ৷

৫. শংকৰদেৱৰ জন্মভূমি আলিপুখুৰী গাঁও কপাহহেৰা ভকতগাঁৱত আনুষ্ঠানিকভাৱে স্থাপিত হ’ল শ্ৰীমন্ত শংকৰদেৱৰ কলা-তীৰ্থৰ নামফলকঃ বৰদোৱাৰ সলনি এই গাঁৱক শংকৰদেৱৰ প্ৰকৃত জন্মস্থান বুলি ঘোষণা কৰি এটি বহুদিনীয়া বিতৰ্কৰ অন্ত পৰা বুলি দাবী কৰিলে গৱেষক মাধুৰ্য মণ্ডিত বৰুৱাই৷

৬. নিউজ লাইভ নামৰ টিভি চেনেলে আগবঢ়ালে শিৱ থাপালৈ দুই লাখ টকাৰ আৰ্থিক সাহাৰ্যঃ কাজাগাস্তানত অক্টোবৰত অনুষ্ঠিত হব লগা অনাগত বিশ্ব বক্সিং চেম্পিয়ন-শ্বিপৰ প্ৰস্তুতিৰ বাবেই এই সাহাৰ্য প্ৰদান বুলি শিৱৰ পিতৃয়ে কৰিলে প্ৰকাশ৷

৭. বদলিকৰণ তথা ৰাজনৈতিক হস্তক্ষেপেও সলাব পৰা নাই সৎ বিষয়া ৰূপে খ্যাতি লাভ কৰা অশোক খেমকাৰ স্থিতিঃ পুনৰ তুলিলে বিস্ফোৰক অভিযোগ- "হাৰিয়ানা চৰকাৰে নীতি-বৰ্হিভূতভাৱে কমাৰ্চিয়েল কলনীৰ অনুজ্ঞাপত্ৰ দিছে ৰৰ্বাট ভদ্ৰাক"৷

৮. বড়ো সকলৰ বাবে পৃথক ৰাজ্যৰ সৃষ্টি নকৰা, ছয় জনগোষ্ঠীলৈ জনজাতিকৰণ, ধন-দাবী-অপহৰণ আদি ৰোধৰ বাবে ১০টা যুক্তি সম্বলিত দাবীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিলে অবড়ো সুৰক্ষা সমিতিয়ে ৷

৯. পলাশবাৰী সমষ্টিৰ সাতপখলীত "ঐক্যতান নাট্য পৰিষদৰ"ৰ অনুষ্ঠানঃ দিলীপ দাসৰ "হিয়া কঁপে দুৰু দুৰু" আৰু জগদীশ প্ৰসাদ দাসৰ "হত্যাৰ বিভীষিকা" নামৰ নাটক হয় মঞ্চস্থ৷

১০. নাহৰকটীয়াক ডিব্ৰুগড় জিলাৰ দ্বিতীয়টো মহকুমা ঘোষণাৰ বাবে আছুৱে তুলিলে দাবীঃ পালন কৰিলে ১০২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট৷

১১. স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ১৭০৩ চনতে নিৰ্মিত ঐতিহাসিক নামদাঙৰ শিলৰ সাঁকোৱে কেইবাযুগ ধৰি বহন কৰি আহিছে  হাজাৰ টনৰ ভাৰঃ টাই আহোম যুৱ পৰিষদে সংৰক্ষণ আৰু শোভাবৰ্ধনৰ বাবে দাবী তুলি প্ৰদান কৰিলে স্মাৰক পত্ৰ৷

১২. অৱকাশ মাজুলীৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰ বৰগীতৰ সপ্তাহজোৰা কৰ্মশালা সম্পন্নঃ অংশ গ্ৰহণ কৰিলে উজনি মাজুলীৰ ১৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷

১৩. যোৰহাট টেবুল টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা সদৌ অসম ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাত গুৱাহাটীৰ কৃৰ্তিকা উপাধ্যায়ে অৰ্জন কৰিলে দ্বি-মুকুটঃ ছোৱালীৰ জুনিয়ৰ শাখাত পৰিগণিত হ’ল শ্ৰেষ্ঠ ৰূপে৷

১৪. জীৱনতাৰা ঘাটোৱাৰাৰ তথ্য জালিয়াতিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে সকাহ দিয়াৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে কৰিলে নতুনকৈ এক গোচৰ ৰুজু৷

১৫. মহাপুৰুষৰ অপূৰ্ব সৃষ্টিৰাজিক নৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ চেষ্টাঃ শিৱসাগৰৰ বাকচু গড়ণীয়া চবুবৰীত আয়োজিত হ’ল সাত দিনীয়াকৈ বৰগীতৰ বিশেষ কৰ্মশালা

১৬. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত অভয়াপুৰীৰ সৃজনগ্ৰামত অনুষ্ঠিত হ’ল বক্তা, সাংবাদিক আৰু বিবাহ পৰিচালনাৰ বিশেষ প্ৰশিক্ষণঃ সঞ্চালনা কৰিলে পদাধিকাৰ ৰজনীকান্ত দত্তই৷

১৭. ঈদৰ দিনা মুক্তি পোৱা শ্বাহৰুখ খান অভিনীত চেন্নাই এক্সপ্ৰেছ কথাছবিয়ে ৰচিলে নতুন অভিলেখঃ তিনিদিনতে আয় কৰিলে ১০০কোটি টকা৷

No comments:

Post a Comment