প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
গ্ৰাম্য পৰ্যটন আৰু অসমৰ উজ্বল সম্ভাৱনীয়তা
#হেমাঞ্জলী চুতীয়া
সময়ৰ পৰিবৰ্তনৰ লগে লগে আৰু বিশেষকৈ চপা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদি বিভিন্ন তথ্যসমূহৰ বহুল প্ৰচাৰ সম্ভৱপৰ হৈ উঠাৰ ফলত পৰ্যটনৰ ক্ষেত্ৰখনতো অনেক পৰিবৰ্তন ঘটিছে আৰু প্ৰতিদিনেই ইয়াত পৰ্যটনৰ নব্য নব্য ধাৰা সংযোজিত হৈছে৷ গ্ৰাম্য পৰ্যটনো ইয়াৰ ভিতৰত অন্যতম৷


চৈ দিয়া গাড়ীত উঠাৰ বাসনা!
গ্ৰাম্য পৰ্যটন মানে আমি চমুকৈ গাঁৱলীয়া জীৱন ধাৰাক প্ৰধান আকৰ্ষনৰ কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটনৰ ধাৰাটোকে বুজোঁ৷ মানুহবোৰে তেওঁলোকৰ ব্যস্ততাপূৰ্ণ আৰু একঘেয়ামী জীৱনত অকনমান বিভিন্নতা বিচাৰি বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিবলৈ যায়৷ এই ঠাইসমূহ তেওঁলোকে বহু পৰিমানে নিজস্ব পচন্দ-অপচন্দৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিৰ্বাচন কৰে৷ 


আজিকালি বহুতো লোকেই গাঁৱলীয়া অঞ্চলসমূহক ভ্ৰমণ কৰিবলৈ প্ৰিয় ঠাই হিছাপে বাচি লোৱা দেখা গৈছে আৰু এই প্ৰৱণতা সমগ্ৰ পৃথিৱীজুৰি ক্ৰমাত বৃদ্ধি পাই আহিছে৷ নগৰ চহৰত বসবাস কৰা লোকসকলেই এই ক্ষেত্ৰত আগৰণুৱা৷ তাৰ মাজৰে বহু লোকে অভিজ্ঞতা অৰ্জনৰ বাবে কেইবাদিনীয়াকৈ গাঁৱত থাকিবলৈ যায়৷ তাত গৈ তেওঁলোকে কৃষি কৰ্মত ভাগ লয়, হস্তশিল্পৰ কাম শিকে, গাঁৱত পালন কৰা সামাজিক নীতি–নিয়ম, বিভিন্ন সামাজিক অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে বা চমুকৈ নিজৰ পচন্দ অনুসৰি বিভিন্ন কামত লিপ্ত হৈ ভাল পায়৷ কোৱা হয় যে আমাৰ পৰম্পৰাগত সংস্কৃতিসমূহ, অনুষ্ঠানসমূহ,সামাজিক নীতি-নিয়মসমূহ বৰ্তমান গাওঁতহে অক্ষত অৱস্থাত আছেগৈ৷ এই ভাৱধাৰাই হয়তো বহুতো মানুহক গাঁৱলীয়া অঞ্চলসমূহলৈ আকৰ্ষণ কৰাত সহায় কৰিছে! বহু চহৰীয়া লোকে এখন মুকলি আকাশ, অলপ মুকলি বতাহৰ সন্ধানতো গাওঁলৈ ঢাপলি মেলা দেখা যায়৷

এইখিনিতে মন কৰিবলগীয়া যে গাওঁলৈ ভ্ৰমণ কৰিবলৈ যোৱা সময়ত তেওঁলোকে তাত কোনো অত্যাধুনিক হোটেল বা কোনো উচ্চশিক্ষিত পেচাদাৰী লোকৰ সেৱা আশা কৰি নাযায়৷ তাত গৈ তেওঁলোকে পৰম্পৰাগতভাৱে সজা ঘৰত থাকিবলৈ বিছাৰে, স্থানীয় খাদ্য খাবলৈ বিছাৰে, স্থানীয় লোকৰ লগত যিমান পাৰি সিমান মিলা-মিছা কৰিবলৈ বিছাৰে, তেওঁলোকৰ কলা-সংস্কৃতি উপভোগ কৰিবলৈ বিছাৰে৷ সেয়েহে অভিজ্ঞতাৰ সঞ্চয়ৰ ফালৰ পৰা গ্ৰাম্য পৰ্যটনক পৰ্যটনৰ অন্য ধাৰাসমূহৰ পৰা যথেষ্ট পৃথক বুলি ভাবিব পাৰি৷ এই সমস্ত প্ৰক্ৰিয়াটোত গাওঁৰ বহুসংখ্যক লোক বিভিন্ন প্ৰকাৰে যুক্ত হৈ থাকে৷ বহলাৰ্থত কবলৈ গ’লে এনেদৰেই গ্ৰাম্য পৰ্যটনে গাওঁখনৰ বহু লোকক অৰ্থনৈতিকভাৱে সবল কৰাত সহায় কৰে৷




এতিয়া অসমত গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনাৰ ওপৰত অলপ চোৱা যাওক৷ হয়,অসমক গ্ৰাম্য পৰ্যটনৰ এখন কেন্দ্ৰস্থান হিছাপে গঢ়ি তোলাৰ যথেষ্ট স্থল আছে৷ অসম কেৱল অজস্ৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰেই নহয়, অসম হ’ল বহুতো জাতি, জনজাতি একেলগে মিলি গঢ়ি উঠা বৃহত্তৰ অসমীয়া জাতিৰ বাসস্থান| আৰু লক্ষণীয় ভাৱে এই প্ৰতিটো জাতি, জনজাতিয়েই তেওঁলোকৰ নিজস্ব অতুলনীয় সামাজিক, সাংস্কৃতিক সম্পদেৰে পৰিপূৰ্ণ৷
এইবোৰৰদ্বাৰা বাহিৰৰ বহুলোকক অসমৰ গাঁওসমূহলৈ আহিবলৈ আকৰ্ষণ কৰিব পাৰি৷ বিভিন্ন চৰকাৰী, বেচৰকাৰী সংগঠনৰ উদ্যোগত ইতিমধ্যে অসমৰ কিছুসংখ্যক গাওঁক গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰস্থান হিছাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে, কিন্তু বৃহত্তৰ সম্ভাৱনীয়তালৈ চাই এই সংখ্যা তেনেই নগন্য বুলিব পাৰি| তেনে কেইখনমান স্থান হ’ল-শুৱালকুছি, গোলাঘাট জিলাৰ দূৰ্গাপুৰ, ধোবা-আতি গাওঁ, তিতাবৰৰ শ্যামগাওঁ, ধুবুৰী জিলাৰ অক্ষৰীকান্দি ইত্যাদি৷


গ্ৰাম্য পৰ্যটনে গাওঁসমূহৰ অৰ্থনীতি সবল কৰাত যথেষ্ট পৰিমানে সহায় কৰাৰ লগতে আমাৰ লুপ্তপ্ৰায় বহুতো ক’লা-সংস্কৃতি পুনৰুদ্ধাৰত, গাওঁ-চহৰৰ মাজত থকা অদৃশ্য বেৰখন নাইকিয়া কৰাত, ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰাত ই সক্ৰিয় ভূমিকা পালন কৰিব বুলি আশা কৰা যায়৷
অৱশ্যে ইয়াৰপৰা উদ্ভৱ হ’ব পৰা সম্ভাব্য অপকাৰসমূহো উলাই কৰিব পৰা নাযায়, যেনে ই গ্ৰামাঞ্চলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, সামাজিক পৰিবেশ বিনষ্ট কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি| গতিকে অঞ্চলসমূহ পৰ্যটনৰ কেন্দ্ৰ হিছাপে গঢ়ি তোলাৰ সময়তে এইক্ষেত্ৰতো উচিত কাৰ্যপন্থা হাতত লোৱা উচিত
-----------------------------------------------------------------
লেখিকা চেন্নাইত এক পৰ্যটন সংস্থাত কৰ্মৰত আৰু অসমীয়াৰ সুখ দুখৰ পাতত তেখেতে এলানি পৰ্যটন সম্পৰ্কীয় লেখা ধাৰাবাহিক ভাৱে লিখাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ লেখিকাৰ ই-ঠিকনাঃ https://www.facebook.com/hemanjali.chutia

No comments:

Post a Comment