জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
চৰকাৰী চাকৰিৰ যন্ত্ৰণা আৰু সূৰ্য-সম দুৰ্গা শক্তি নাগপাল , আই.এ.এচ :
#নিপুল মেধি

দুবছৰ মান আগতে চিনাকি ডাক্তৰ এজনৰ লগত আলোচনা কৰি এবিধ বিশেষ টেবলেট আনি ঘৰত থকা ঔষধৰ বৈয়ামটোত ৰাখিছো । মাজে মাজে বৰ দৰকাৰ হয় । পত্নীয়ে জানে – পিলটো গিলি মই যিদিনা সোনকালে বিচনাত পৰো – সেই দিনা যে মই কৰ্মস্থলত মোৰ বিবেকৰ ওচৰত আঠুকাঢ়িব লগা হৈছে ।
দুৰ্গাশক্তি নাগপাল

আপুনি খৱৰ কাগজত পঢ়ি থকা বিভিন্ন কেলেংকাৰীৰ তথ্যবোৰ (তাৰে কিছুমান পেইড নিউজক বাদ দি) অকল সাংবাদিকেই উদ্ধাৰ কৰি আছে বুলি ভাৱে নেকি ? নহয় , ইয়াৰ এক বৃহৎ অংশ আহে দুৰ্গা শক্তি নাগপালৰ দৰে বিযয়া আৰু কৰ্মচাৰীৰ পৰা – পৰিচয় নিদিয়াকৈ , স্বাৰ্থাহীন ভাৱে – অকল সমাজৰ প্ৰতি – মানুহৰ প্ৰতি থকা দৰদৰ বাবে । সমাজৰ এনে বহুতো আন-চাঙ হিৰোই প্ৰচাৰ বিমুখ ভাৱেই জীৱন সামৰিছে । 

চাকৰি কৰাৰ আগতে বেচ কিছু বছৰ ব্যৱসায় কৰিছিলো । অৱশ্য , এবছৰ আৰ্কিটেক ফাৰ্ম এখনটো চাকৰি কৰিছিলো ।প্ৰথম যিদিনা চৰকাৰী চাকৰিত যোগদান কৰিবলৈ বুলি যাও , ৰাতিপুৱা মই ৩৮ বছৰ চৰকাৰী চাকৰি কৰি অৱসৰ পোৱা মোৰ দেউতাক সুধিছিলো “চাকৰিত কি কৰিব লাগে ? অলপ তালিম দিয়া"৷ 

“দেউতাই ক’লে “ তই – যিটো চাকৰিত সোমাইছ , তাত একো চিন্তা কৰিব নালাগে৷ কিন্তু যদিহে চৰকাৰৰ ধন-ভঁৰালৰ পৰা টকা আত্মসাত কৰি ধৰা পৰ, তেন্তে তোৰ চাকৰি শেষ বুলি ধৰি লবি – বাকীকথা নিজেই লাহে লাহে গম পাবি"৷
দুৰ্গাশক্তিৰ সমৰ্থনত ওলাই অহা হাজাৰ প্ৰতিবাদী মহিলা
চৰকাৰী কৰ্মচাৰীক চাকৰিৰ বিভিন্ন সেৱাবিধিৰ জৰিয়তে নিয়ন্ত্ৰন কৰা হয় যদিওঁ – মোৰ দেউটাই কোৱা সেৱাবিধিৰ বাহিৰে বাকী বেচিভাগেই ক্ষন্তেকীয়া ৷ অপৰাধ জনক কাম কৰি পেনেল কোডৰ আধাৰত পৰিলে অৱশ্যে কথাটো অলপ সুকীয়া ।

মোৰ শালপতি এজন ডি.এফ.ও , তেওঁ মানসিক শান্তি লাভৰ অৰ্থে যোৱা ৩০ বছৰীয়া চাকৰি কালত চৰকাৰৰ লো-ভল্টেজৰ পোষ্ট বোৰতেই চাকৰি কৰি আছে ।

দুৰ্গা শক্তি নাগপাল, ২০১০ চনৰ উত্তৰ প্ৰদেশ কেডাৰৰ এই গৰাকী আই.এ.এচ বিযায়াই (অইন দুজন মানো আগতে আছিল অৱশ্যে) যি মহিলা হৈও , দুৰ্নীতিৰ বিৰুদ্ধে, অনীতিৰ বিৰুদ্ধে যিটো আদৰ্শ দাঙি ধৰিছে তাক কেৱল এটা পুৰস্কাৰেই সকলোৱে দিব লাগে -“ভাৰত ৰত্ন –তাকো দেশবাসীৰ পৰা"৷

No comments:

Post a Comment