জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
চজিনাৰ চৰচৰি

উপকৰণ-
চজিনা –তিনি/চাৰি ডাল
আলু-এটা
পিঁয়াজ-এটা মিহি কৈ কটা
বগা সৰিয়হ বটা- দুচামুচ
নাৰিকল বটা –এচামুচ
আদা+নহৰু বটা-এচামুচ
জলকীয়া গুৰি-আধা চামুচ
জিৰা গুৰি-এচামুচ
গৰম মচলা গুৰি-আধা চামুচ
তেল, নিমখ আৰু হালধি জোখমতে

ৰন্ধন প্ৰণালী-
প্ৰথমে চজিনা কেইদালৰ বাকলি গুচাই দেৰ ইঞ্চিমান জোখত কাটি লওক। তেনেদৰে আলুটোও কাটি দুইখিনি ধুই লওক। এতিয়া কেৰাহী জুইৰ ওপৰত উঠাই তেল আন্দাজ মতে দিব। 

তেল গৰম হৈ উঠিলে কাটি ৰখা পিঁয়াজ খিনি দি দিব। সোৱাদ আনুসৰি নিমখ-হালধি দি তাৰ পিছত বটা আদা-নহৰু খিনি দি দিব। এতিয়া কাটি থোৱা চজিনা আৰু আলু দি অলপ ভাজি ঢাকোন দি পাঁচ মিনিট মান সময় ৰাখক। 

এতিয়া ঢাকোন গুচাই ভাজি খিনিৰ লগত জলকীয়া গুৰি, জিৰা গুৰি আৰু গৰম মচলা গুৰি খিনি দি দিয়ক। তাৰপিছত সৰিয়হ আৰু নাৰিকল বটা দিয়াৰ লগতে একাপ পানী দি আকৌ অলপ সময় ঢাকোন দি ৰাখক। এতিয়া তৈয়াৰ হোৱা চজিনাৰ চৰচৰি কেৰাহীৰ পৰা নমাওক আৰু গৰম ভাতৰ লগত পৰিবেশন কৰক আৰু অপূৰ্ব সোৱাদৰ জুতি লওক৷
*আখলৰ দিহা দিলে মুম্বাইৰ পৰা দীপা  দেৱীয়ে

No comments:

Post a Comment