পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আমেৰিকাৰ দক্ষিণ কেৰলিনা বিশ্ববিদ্যালয়ৰ গৱেষক সকলৰ ২৫বছৰীয়া গৱেষণাৰ ফচল ১১টা খণ্ডৰে সামৰা "হিন্দু ধৰ্মৰ বিশ্বকোষ"ৰ আজি হব উন্মোচনঃ তথ্য সংগ্ৰহ কৰি সমল যোগাইছে ইণ্ডিয়া হেৰিটেজ ৰিচাৰ্ছ ফাউণ্ডেচনে, সন্নিবিষ্ট হৈছে সাত হাজাৰৰো অধিক প্ৰৱন্ধ৷
দিল্লীত মামণি ৰয়ছম গোস্বামী
প্ৰথম স্মাৰক বক্তানুষ্ঠানত
 অৰ্ণৱ গোস্বামীয়ে
 
প্ৰদান কৰিলে বক্তৃতা ৷

২. আজি প্ৰকাশ পাইছে নীতিশিক্ষাৰ অসমীয়া ই-বুকঃ অসমীয়াৰ সুখ দুখৰ ই-পুথিভঁৰাল প্ৰকল্পৰ জৰিয়তে অনলাইন উন্মোচন কৰা  হৈছে ডঃ অঞ্জল বৰাৰ "জীৱন পথৰ বাধা আৰু অন্যান্য গল্প" নামৰ নীতি-শিক্ষামূলক ই-বুক৷ বিনামূলীয়া বিতৰণৰ বাবে মুকলি কৰা প্ৰথমখন নীতিশিক্ষামূলক অসমীয়া ই-কিতাপ ৰূপে হৈছে পৰিগণিত৷

৩. নগাঁৱৰ মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ে উৰুৱালে সফলতা ধ্বজঃ ৩১গৰাকী ছাত্ৰ ছাত্ৰীয়ে পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত সফল হৈ অসম ভিতৰতে বিদ্যালখনক দিলে দ্বিতীয় স্থান৷

৪. "সেউজ শিৱসাগৰ অভিযান" সৈতে সংগতি ৰাখি উজনি অসম মুছলিম কল্যাণ পৰিষদে শিৱসাগৰ নগৰৰ প্ৰৱেশ দ্বাৰত থকা স্বৰ্গদেউ শিৱ সিংহ উদ্যানৰ চাফাই অভিযানৰ কাৰ্যসূচীৰ কৰিলে  সমল ৰূপায়ণ৷

৫. অসম কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক ছাত্ৰ-ছাত্ৰীসকলে নাজিৰাত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত মুকলি কৰিলে কৃষি তথ্য কেন্দ্ৰ৷

৬. ভাৰতীয় সেনাৰ মিছামাৰী সেনা ঘাটিৰ ইক’ টাস্ক ফ’ৰ্চে যোৱা পাঁচবছৰত ৪১লাখ গছপুলি ৰোপনেৰে সৃষ্টি কৰিলে অভিলেখ৷

৭. ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে উপযাপিত হ’ল মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিঃ ঢেঁকীয়াখোৱা নামঘৰত ২৫হাজাৰৰো অধিক ভক্তৰ হ’ল সমাগম৷

৮. আয়াৰলেণ্ডৰ বেলফাষ্টত বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত তিনিটাকৈ স্বৰ্ণ পদক জয় কৰি অহা দিপুল বড়োক অসম আৰ্চাৰী সন্থাৰ লগতে বিভিন্ন ক্ৰীড়া সংগঠনে জনালে বিপুল আদৰণি৷

৯. ভূমি নীতিৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনত বাস কৰা ২৯টা অনা-কাৰ্বি সংগঠনে বকলীয়াঘাটত কৰিলে সাত হাজাৰৰৰো অধিক লোকৰ বৃহৎ সমাবেশঃ নিজৰ জাতীয় অস্তিত্ব আৰু মৌলিক অধিকাৰ ৰক্ষাৰ বাবে গণতান্ত্ৰিক প্ৰতিবাদ জনাইছে এই সকল নাগৰিকে৷

১০. অনুৰ্ধ ২৩ এছিয়ান ইমাৰ্জিং কাপ ক্ৰিকেটত ছিংগাপুৰত ভাৰতীয় দলে পাকিস্তানক পৰাভূত কৰি হ’ল চেম্পিয়ন৷

১১. নগাঁও দ্বিতীয় ডিভিজন আন্তঃক্লাৱ ফুটবলৰ সফল সামৰণিঃ জয় হিন্দ ক্লাৱ লাভ কৰিলে চেম্পিয়নৰ খিতাপ৷

১২. নলবাৰীত অহা ৮ ছেপ্তেম্বৰৰ পৰা আয়োজিত হৈছে ত্ৰয়োদশ বাৰ্ষিক ডঃ ৰামদত্ত বুজৰবৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ৷

১৩. শিৱসাগৰত আলফা (স্বাধীন) ত্যাগ কৰি পাঁচজনকৈ যুৱকে কৰিলে আত্ম-সমৰ্পনঃ জমা দিলে বিশাল অস্ত্ৰ-ভাণ্ডাৰো৷

১৪. আগতীয়াকৈ নিষিদ্ধ ঘোষণা কৰা, বিশ্ব হিন্দু পৰিষদৰ "চৌৰাশী কোষ যাত্ৰা" বন্ধ কৰিলে উত্তৰ প্ৰদেশ চৰকাৰেঃ হিন্দুত্বৰ ইচ্যুক নিৰ্বাচনী লক্ষ্যৰে জন জাগৰণ কৰাৰ বাবে কৰা যাত্ৰাত প্ৰবাণ টোগাৰিয়াসহ ১৬৯৬জন কৰসেৱকক কৰিলে গ্ৰেপ্তাৰ৷

১৫. নদীবান্ধ সন্দৰ্ভত গৱেষণাৰ পোষকতা কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁইৰঃ শংকৰজ্যোতি কাকতৰ ডিব্ৰুগড় সংস্কৰণ উন্মোচন কৰি প্ৰকাশ কৰিলে মতামত৷

১৬. মুম্বাইৰ গণধৰ্ষণৰ পাঁচোজন অভিযুক্ত কৰায়ত্তঃ পুনৰ কামত যোগ দি এই নিৰ্যাতনৰ বিৰুদ্ধে জাহাদ ঘোষণা কৰিব বুলি মহিলা আয়োগক ক’লে নিৰ্যাতিতাই৷

১৭. তিনিচুকীয়াত কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হ’ল "যুদ্ধ, সন্ত্ৰাস আৰু সাম্প্ৰদায়িকতাবাদ" বিষয়কএক আলোচনা চক্ৰ৷

চিন্তনীয় খবৰঃ
১. নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বগজনক তথ্য৷ দেশত প্ৰতি ২০মিনিটত ঘটে একোটাকৈ বলাৎকাৰৰ ঘটনাঃ মুম্বাইৰ পাছত এই দলবদ্ধ ধৰ্ষণৰ ঘটনাৰে ছত্তিশগড় শিৰোনামলৈ৷

২. ৰাজনৈতিক বাদ-বিসম্বাদৰ পাছত এইবাৰ আমোলা-বিষয়াৰো মেৰু বিভাজনঃ খাম-খেয়ালিত উন্নয়নমূলক কাম-কাজ স্তব্ধ হোৱাৰ উঠিল অভিযোগ৷

৩. বিশ্বনাথত চৰকাৰী হস্পাতালত অধীক্ষকক কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ কৰি মহিলাসহ চাৰিজন ৰঙাঘৰলৈঃ বিশ্বনাথত ব্লাড বেংক নথকাৰ বাবেই ৰোগী মৃত্যুমুখত পৰাৰ অভিযোগ লৈ হৈছিল এই ঘটনা সংঘটিত৷

৪. ডিব্ৰুগড়ত কাৰাগাৰৰ পৰাই ড্ৰাগচৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰে কুখ্যাত ইলাহীয়েঃ ড্ৰাগছ মাফিয়াৰ পুত্ৰ সহ এজনৰ গ্ৰেপ্তাৰে পোহৰলৈ আনিলে এই তথ্য৷

৫. ঐতিহাসিক আঠখেলিয়া নামঘৰত বিত্তীয় অনিয়মৰ বাতৰিত আছুৱে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়াঃ পবিত্ৰতা মৰ্যদা অক্ষুন্ন ৰখাৰ বাবে জনালে আহ্বান৷

৬. খুমটাইত এতিয়া দোকানৰ পৰাই চলে ডাকঘৰৰ কাৰ্যালয়ঃ দহবছৰেও স্থায়ী ৰূপ নাপালে খুমটাইৰ ডাকঘৰে৷

৭. কোঁচ ৰাজবংশীসকলৰ ঐতিহাসিক কমতাপুৰৰ দাবীত বঙাইগাঁৱত বিশাল সমাবেশত ভাগ ল’লে পঁশিচ হাজাৰতকৈ অদি লোকেঃ পৃথক কমতাপুৰৰ নোহোৱা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ বাবে হ’ল অংগীকাৰবদ্ধ৷

No comments:

Post a Comment