Friday, August 2, 2013

অনুভৱৰ পৃথিৱী

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ......
#অৰূপজ্যোতি সন্দিকৈ
মোক এনে এখন অসম লাগে যত দুখন ঘৰৰ সীমৰ মাজত কোনো জেওৰা-হেঙেৰা থাকিব নালাগিব । মোক এনে এখন অসম লাগে যত সকলো অসমীয়াই (অসমত বাস কৰা সকল) শান্তিত থাকিব পাৰিব । মোক এনে এখন অসম লাগে যত নিজকে "মই অসমীয়া" বুলি কব পৰা লাখ লাখ মানুহ থাকিব লাগিব । মোক এনে এখন অসম লাগে যত মাতৃভাষা এক, সংস্কৃতি এক, পৰম্পৰা এক হ’ব লাগিব ।
মোক সেইখন অসম লাগে যত লাচিত বৰখুকনৰ তেজৰ গোন্ধ লাগি আছে মোক সেইখন অসম লাগে যত আমৰ পূৰ্বপুৰুষে একতাৰ জৰীয়ে বান্ধ খাই আছিল মোক সেইখন অসম লাগে যত মনিৰাম দেৱান, পিয়লি ফুকনে ফাঁচী কাঠত ওলমিছিল মোক সেইখন অসম লাগে যত লক্ষ্মীনাথ বেজবৰুৱাই "অ মোৰ আপোনাৰ দেশ" ৰচিছিল মোক সেইখন অসম লাগে যত জ্যোতি -বিষ্ণুৱে আমাৰ বাবে অসমখনক এটি নতুন ৰূপ দিছিল মোক সেইখন অসম লাগে যত ভূপেন হাজৰিকাই অসমী আইৰ বাবে গীত গাই গাই জীৱনটো পাৰ কৰিছিল

নালাগে মোক পৃথক পৃথক ৰাজ্য নালাগে মোক খণ্ড খণ্ড অসম নালাগে মোক নিজ নিজ সম্ৰদায়ৰ স্বাৰ্থত খণ্ড-খণ্ডিত হোৱা অসম নালাগে মোক ভাই-ভাইৰ মাজত ব্যৱধান থকা অসম নালাগে মোক তেজৰে ফাকু খেলা অসম নালাগে মোক উন্নতিৰ নামত হিংসাৰ জুইত জ্বলা অসম

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ......

( অশান্ত অসমৰ অসমীয়া হোৱাৰ বাবে দিনটো এইবোৰ কথাই আৰম্ভ কৰো, এটাৰ পিছত এটা সমস্যাই অসমী আইক জুৰুলা কৰি পেলাইছে । এদিন আমি অসমৰ বাহিৰৰ মানুহৰ আগত গৰ্ব কৰি কৈছিলো- "চাওক আমাৰ অসমখনলৈ, ইমান জাতি-জনগোষ্ঠীৰ লোক থকাৰ পিছতো আমি কিদৰে একত্ৰিত হৈ সম্প্ৰীতিৰ মাজেৰে শান্তিৰে বসবাস কৰি আছো ।" কিন্তু এতিয়া ? অসম খন অসম হৈ থাকিবনে বাৰু ? )

1 comment:

  1. দুটা বানান ভুল দেখিলোঁ---
    "..দুখন ঘৰৰ সীমৰ.." > "..দুখন ঘৰৰ সীমাৰ.."
    "..লাচিত বৰখুকনৰ তেজৰ.." > "..লাচিত বৰফুকনৰ তেজৰ.."

    ReplyDelete