অনুভৱৰ পৃথিৱী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অনুভৱৰ পৃথিৱী

অনুভৱৰ পৃথিৱী

Share This
সতৰাম লিগিৰাসকল এতিয়াও আছে!
#টুৱাৰাম দত্ত

উচটাই জোল খোৱা এটা চাম সদায় সক্রিয় হয় থাকে বাবে আমাৰ অসমৰ সমস্যাবোৰ পাক লাগি লাগি সমাধান নহয়হে নহয়। গোষ্টী সংঘৰ্ষই বোলক, ধৰ্মীয় অসহিষ্ণুতাই বোলক, চুবুৰীয়া ৰাজ্যৰ লগত সীমা সমস্যাই বোলক সকলোতে এই উচতোৱা চামটো বা তৃতীয় পক্ষটো অবিৰতভাৱে বিৰাজমান। এই তৃতীয় পক্ষটোনো কোন বুলিলে একেষাৰে অমুকেই হয় বুলি আঙুলি টোৱাই দেখুৱাই দিব পাৰিলে ভাল আছিল। কিন্তু কথাটো ইমান সহজ বা পোনপটীয়াও নহয়। বিভিন্ন সময়ত , বিভিন্ন পৰিৱেশত এই তৃতীয় পক্ষটোৰ চেহেৰা পৃথক পৃথক হয়। গোষ্টী সংঘৰ্ষৰ সময়ত যদি এওঁলোক কোনোবা চতুৰ,ক্ষমতালোভী,স্বাৰ্থান্বেষী ৰাজনীতিবিদ হয়, চুবুৰীয়া ৰাজ্যৰ লগত সীমা সমস্যাৰ ক্ষেত্রত আমাৰ অঞ্চলটোক অস্থিৰ কৰি তুলি ফায়দা উঠাব বিচৰা কোনোবা বিশেষ ধৰ্মীয় গোষ্ঠীৰ প্ৰচাৰ বাহিনীও হব পাৰে। নিজ স্বাৰ্থপুৰণৰ বাবে কূট-কৌশল ৰচনাৰ ক্ষেত্রত বা উচটাই জোল খোৱাৰ অভিযানত এই তৃতীয় পক্ষটো অদ্বিতীয়।

আহোম ৰজাৰ দিনৰ কাহিনী। ৰজা চন্দ্রকান্ত সিংহ ৰজা যদিও কম বয়সৰ বাবে ৰাজ-সিংহাসনৰ কাম-কাজ মহামন্ত্রী পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু ৰাজমাতৃয়েহে চোৱা-চিতা কৰিছিল। আহোম ৰাজ্যৰ নামনিত শাসনভাৰ চোৱা-চিতা কৰিছিল গুৱাহাটীত থাকি বদন চন্দ্র বৰফুকনে। মহামন্ত্রী পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্র বৰফুকন দুয়ো আছিল সমন্ধত বিয়ৈ। দুয়োজনৰ মাজত যথেষ্ট মধুৰ সম্পৰ্কই বিৰাজ কৰিছিল। ৰজা চন্দ্রকান্ত সিংহৰ খেলাৰ লগৰীয়া লিগিৰা সতৰাম আছিল উচটাই জোল খোৱা চৰিত্রৰ।

সেই সময়ত ৰাজ্যৰ পৰিস্থিতি চাই পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ব্যয় সংকোচন নীতি অৱলম্বন কৰিছিল। গতিকে ৰজাক লাহ-বিলাহৰ বাবে অযথা ধন খৰচ কৰাৰ ক্ষেত্রত বুঢ়াগোহাঁই আছিল কঠোৰ। কিন্তু ৰজাই ধন-বিত হাত উজাৰি খৰচ নকৰিলে সতৰামহঁতে বিলাসিতা কৰে কেনেকৈ? গতিকে আৰম্ভ হ’ল ষড়যন্ত্র! বদন চন্দ্র বৰফুকনৰ জীয়াৰী, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰী পিজৌ গাভৰুক শিখণ্ডী কৰি সতৰামহঁতে বৰফুকন আৰু বুঢ়াগোহাঁইৰ মাজত সন্দেহৰ বিষবাস্প বিয়পোৱাত সফল হ’ল। সেই সন্দেহেই সময়ত ৰূপ ললে শত্রুতাৰ। আৰু তাৰ বিষময় ফলাফল অথবা প্রতিক্রিয়া হ’ল সুদুৰ-প্রসাৰী। অসমলৈ মান আহিল, জাতিটো ধ্বংস হৈ গ’ল। সেই যে ধ্বংস হ’ল তাৰ পৰা এক অৰ্থত আজিও মুক্ত হব পৰা নাই আমাৰ অসমীয়া জাতি।

আজি ভালেকেইদিন মানৰ পৰা আমাৰ অসমৰ সামগ্রিক ঘটনা প্রৱাহ লক্ষ্য কৰিলে ক’ৰবাত যেন উচটাই জোল খোৱা এটা চাম বা তৃতীয় পক্ষ এটাই অহৰহ ক্রিয়া কৰি আছে তাক ধাৰণা কৰিব পাৰি। আমাৰ এই তৃতীয় পক্ষটো সচৰাচৰ কোনোবা এটা অনাকাংখিত ঘটনা বা দূৰ্ঘটনাৰ পিছত শাসকীয় পক্ষই তৃতীয় পক্ষ বা বাহিৰা শক্তিৰ হাত আছে বুলি কৈ দায় সামৰাৰ দৰে সাধাৰণীকৰণ কৰা তৃতীয় পক্ষ নিশ্চয় নহয়। এই তৃতীয় পক্ষ বুকুৰ মাজতে সোমাই থাকি কামোৰ মাৰিব বিচৰা তাহানিৰ সতৰাম লিগিৰাৰ দৰে তৃতীয় পক্ষ।

যেতিয়া নদী-বান্ধ বিৰোধী আন্দোলনে তীব্রৰূপ ধাৰণ কৰিলে, বড়োলেণ্ড অঞ্চলত আৰম্ভ হ’ল গোষ্টী সংঘৰ্ষ। জনসাধাৰণক বিভ্রান্ত আৰু দিক-ভ্রষ্ট কৰিবৰ বাবেই যেন আৰম্ভ হ’ল এক গভীৰ ষড়যন্ত্র। নামনিত অস্থিৰ পৰিবেশৰ মাজতে উজনিত আৰম্ভ হয় চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদ। একো নাথাকিলে চৰকাৰী পক্ষত আৰম্ভ হয় বিসম্বাদৰ নাটক। জনপ্রিয় গায়কৰ অযথা বিতৰ্ক বা শেহতীয়া ডিফুৰ ঘটনাৱলীও যেন আমাৰ এই সন্দেহৰেই নামান্তৰ। আহোম ৰজাৰ দিনৰ সতৰাম লিগিৰাৰ কূট-কৌশল যুগে যুগে বিৰাজমান।

No comments:

Post a Comment