ভালখবৰঃ অসমীয়া উদ্যমীয়ে আৰম্ভ কৰিলে ট্ৰাক লজিষ্টিক ষ্টাৰ্ট-আপ 'মুভৰ' - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভালখবৰঃ অসমীয়া উদ্যমীয়ে আৰম্ভ কৰিলে ট্ৰাক লজিষ্টিক ষ্টাৰ্ট-আপ 'মুভৰ'

ভালখবৰঃ অসমীয়া উদ্যমীয়ে আৰম্ভ কৰিলে ট্ৰাক লজিষ্টিক ষ্টাৰ্ট-আপ 'মুভৰ'

Share This
অসমীয়া যুৱ উদ্যমীয়ে নতুন নতুন ক্ষেত্ৰত ব্যৱসায়ৰ সাৰুৱা থলী কৰি ঠাই মুকলি কৰাৰ খবৰ সদায়েই অসমৰ বাবে প্ৰেৰণাদায়ক ৰূপে গণ্য হৈ আহিছে। এইবাৰ এখন চহৰৰ পৰা আন এখন চহৰলৈ সামগ্রী অনা-নিয়াৰ ক্ষেত্ৰত সহায়ক হােৱাকৈ অসমত আৰম্ভ হৈছে এটা নতুন ট্রাক লজিষ্টিক প্রতিষ্ঠান। ‘মুভৰ নামৰ এই থলুৱা প্রতিষ্ঠানটো যােৱা ১০ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। 
অসম স্টার্টআপ হাবত প্ৰথমটো স্টার্টআপ হিচাপে এই প্রতিষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। পংকজ গগৈ নামৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক ইলেক্ট্ৰনিকচ ইঞ্জিনীয়াৰ তথা এজন অসমীয়া উদ্যোগীৰ নেতৃত্বত প্রতিষ্ঠা কৰা এই  স্টার্টআপ প্রতিষ্ঠানটোৱে অটভান, টেম্প’ আৰু ট্রাকেৰে লজিষ্টিক সেৱা আগবঢ়াব। 

টীম MUUVR
গ্রাহকে নিজৰ ম'বাইলেৰে গাড়ী বুকিং কৰিব পাৰিব। ই আৰ পি ছলিউচন ছফটৱেৰৰ যােগেদি তৈয়াৰ কৰা মুভৰৰ ৱেবছাইটত এই সেৱা লাভ কৰিব গ্রাহকে। সেৱা শুভাৰম্ভ উপলক্ষে অনুষ্ঠিত মুকলি অনুষ্ঠানত উপস্থিত থাকে এ আই আই ডি চিৰ পৰিচালন সঞ্চালক মঞ্জুলা শইকীয়া ভূঞা, নেডফি এ জি এম প্রশান্ত তালুকদাৰ, ডনবস্ক’ ইনষ্টিটিউটৰ সঞ্চালক ভি এম থমাছ, অসম ষ্টার্টআপৰ চি অ অ প্রাঞ্জল কোঁৱৰ, উত্তৰপূবৰ লজিষ্টিক উদ্যোগী কৌশিক বৰুৱাকে ধৰি কেইবাগৰাকীও চৰকাৰী বিষয়ববীয়া। এই অনুষ্ঠানতে ৱেবছাইট www.muuvr.in মুকলি কৰে মঞ্জুলা শইকীয়া ভূঞাই।

1 comment: