জুতি লগা আখলঃ ঘৰতে বনাও আহক 'ৰসগোল্লা' ::মনীষা বৰা হালৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখলঃ ঘৰতে বনাও আহক 'ৰসগোল্লা' ::মনীষা বৰা হালৈ

জুতি লগা আখলঃ ঘৰতে বনাও আহক 'ৰসগোল্লা' ::মনীষা বৰা হালৈ

Share This

 মিঠাইৰ ৰজা হৈছে ৰসগোল্লা! ঘৰত কিবা এটা পাতিলেই লাগেই গোল্লা বহু পৰিমানে। আলহী আহিলেও দৌৰিব লাগে হোটেললৈ। সেয়ে আজি সখী-সখা সকললৈ আগবঢ়োৱা হৈছে, ঘৰত সোৱাদময় ৰসগোল্লা বনোৱাৰ আখলৰ দিহা। ৰাইজে কেনে পাইছে জনাবলৈ নাপাহৰিব দেই!


উপকৰণঃ
১।আমূল তাজা-১লিটাৰ
২। চেনি- ২কাপ
৩। নেমু ৰস-আধা ফাল নেমুৰ
৪। ইলাচি-৩টা
৫। পানী ৪কাপ
৬। ময়দা-২চামুচ
ৰন্ধন প্ৰণালীঃ
        চচপেন এটাত গাখীৰ ভালকৈ উতলিব দি গেছ অফ কৰি ২ মিনিট পাছত নেমুৰসখিনি দি লৰাই দিব। অলপ পাছত গাখীৰখিনি ফাটি যাব। এটা বাতিত কোমল কাপোৰ এখন পাৰি গাখীৰখিনি ঢালি দি টেপৰ পানী খুলি ভালকৈ ধুই দিব। আৰু পাঁ‌চ ঘণ্টা ওলমাই ৰাখিব। তাৰপাছত এখন থালত চানাখিনি লৈ ময়দা দুচামুচ দি ১০ মিনিট ভালকৈ মঠিব। আপুনি বিচৰাৰ দৰে বল বনাই ল'ব। এতিয়া চচপেন এটাত পানী চেনি আৰু ইলাচি দি উতলিব দিয়ক। উতল আহিলে বলকেইটা দি ৫ মিনিট হাই ফ্লেমত ঢাকি উতলিব দি ২০ মিনিট কম ফ্লেমত ৰাখি দিব। মাজতে এবাৰ লুটিয়াই দিব। হৈ হ'ল ৰসগোল্লা।
সুখ-দুখৰ আন আন 'জুতিলগাআখল'ৰ লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ
https://www.xukhdukh.com/search/label/JUTI-LAGA-AKHAL?&max-results=10

No comments:

Post a Comment