হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. প্ৰথমজন বিদেশী ৰাষ্ট্ৰনেতা হিচাবে আমেৰিকাত ইতিহাস লিখিব বোলে নৰেন ককাইদেৱে। আমেৰিকাৰ ইতিহাসো কাইলৈৰ পৰা নতুনকৈ আৰম্ভ হব বুলি ভক্তগণৰ মাজত উলাহৰ ঢৌ উঠাৰ কথা জানিব পৰা গৈছে। সকলোতে কেৱল নতুন নতুন বুৰঞ্জী লিখা ককাইদেউ এতিয়া বুৰঞ্জীবিদ নে ৰাজনীতিবিদ তাকেই লৈ এতিয়া এনে বাতৰি পঢ়া সাধাৰণ ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটাৰ খবৰো পোৱা গৈছে।

২. নাগালেণ্ড সীমান্তত "আমোলা আক্ৰমণ" নাটক এখন কালি সদৌ নগা বীৰপুৰুষ দুৰ্বৃত্ত সন্থাই সফলতাৰে মঞ্চস্থ কৰাৰ খবৰ পোৱা গৈছে। এইখন নাটক উপভোগ কৰি অহা শীৰ্ষকান্ত আমোলা চাহাবে এতিয়া কি প্ৰতিক্ৰিয়া বা পদক্ষেপ লব সেয়াও এতিয়া লক্ষণীয় হৈ পৰিছে। দিল্লীৰ পৰা ৰিজেজু চাৰে লিখি পঠিওৱা নৃত্য-নাটিকা "শান্তিৰ বাণী"ক কালিৰ নাটকে হাস্য ব্যংগলৈহে ৰূপান্তৰিত কৰিলে বুলিও সীমান্তবাসী ঘৰ জ্বলা নাগৰিক সমাজে মত প্ৰকাশ কৰিছে।

৩. দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনতো পদুম ফুল ফুলা বুলি জানিব পৰা গৈছে। হাতোৰা পাৰ্টিৰ যুৱক সকলে "মেৰী কম"ৰ ছবিৰ বিনামূলীয়া টিকেট বিতৰণ কৰি, তাৰ বিনিময়ত ভোট পোৱাৰ আশাত চেঁচা পানী পৰা বুলি জানিব পৰা গৈছে। দুয়ো দলে গোটেইখন পানী ছটিয়াই বোকা কৰি পেলোৱাতেই স্বাভাৱিকতে বোকাত ফুলা পদুম ফুলেই লহপহকৈ বাঢ়ি অহা বুলিও কৰ্তবৰত পৰ্যবেক্ষক তথা নাইট চকীদাৰ শম্ভু ককাইদেৱে আমালৈ খবৰ পঠাইছে।

৪. মেট্ৰিক পৰীক্ষাৰ এডমিট কাৰ্ড অহা বছৰৰ পৰা অনলাইন পাবলৈ সক্ষক্ম হব বুলি জানি সদৌ অসম চেঙেলীয়া নেটিজন সন্থা সন্তোষিত হৈ পৰিছে। পেপাৰো অনলাইন ৰাখি তেখেতসকলৰ হেকিং প্ৰতিভাৰ পৰীক্ষা লবলৈকো এতিয়া সন্থাই দাবী জনাইছে। ইংৰাজীৰ পৰীক্ষা দিবলৈ যোৱাৰ আগতে অলপ আত্ম-বিশ্বাস গোটাবৰ বাবে "ইংলিচ" অলপ পান কৰি যাব পৰাকৈ "মাইনা বটল" ডাউনলোডৰো ব্যৱস্থা কৰিবলৈ সুৰাপানেৰে সংবাদ শিৰোনামা লাভ কৰা সুৰাপ্ৰেমী সচিব ককাইদেউলৈ আহ্বান জনাইছে।

৫. বিশিষ্ট অসমীয়া সংগীত শিল্পী ডেইলী এনজয় গগৈলৈ বৰ্ষটোৰ "ফেচ দ্যা ৰিয়েল মিউজিক বঁটা" আগবঢ়োৱাৰ সুখবৰ কলকতাৰ পৰা প্ৰকাশিত হৈছে। তেখেতৰ গলগলীয়া কণ্ঠৰ সুমধুৰ লক্ষ্মীদেৱীৰ ভক্তি সংগীত শুনি শুনিয়েই সদৌ চিবিআই সাংস্কৃতিক মঞ্চই এই বঁটা তেখেতক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও বাংলা নিউজে প্ৰকাশ কৰিছে। বিপদৰ দিনতো মুখৰ হাঁহি ম্লান নপৰা শিল্পীজনৰ ফটোৱেই মঞ্চৰ সদস্য সকলক চিন্তাত পেলোৱাৰো গোপন খবৰ!

৬. অসমীয়া ভাষাৰ প্ৰয়োগ নিশ্চিত কৰা দাবীৰে তিনিচুকীয়াত ইংৰাজী-হিন্দী বেনাৰ হৰ্ডিং ক'লা ৰঙ সানি প্ৰতিবাদ জনাই কেইবাটাও সংগঠনে। কিন্তু ইংৰাজী মাধ্যমৰ পৰা নিজ নিজ সন্তানক সোনকালে আনিবলৈ যাব লগা হোৱাৰ বাবে এই কাৰ্যসূচী বিয়লি বেলাকৈকে পালন কৰিব পৰা নগ'ল বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৭. নিজৰ নিজৰ কনপোনাক মন্ত্ৰী বিধায়ক বনোৱাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা নিশ্চিত কৰিবলৈ সকলো দল-সংগঠনক সামৰি নৱ-প্ৰজন্ম কল্যাণ সংঘ গঠন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলা গোপন খবৰ পোৱা গৈছে। এই মঞ্চত সভাপতি ৰূপে ৰসাল গগৈদেৱে অৰিহণা যোগোৱাৰ লগতে অভিভাৱকৰ দ্বায়িত্বৰ প্ৰতি সচেতন অগৰুদ্দিন হোজাইমাল চাহাবে সম্পাদকৰ দ্বায়িত্ব লবলৈ সন্মতি প্ৰকাশ কৰিছে বুলিও খবৰ ওলাইছে।

৮. যমুনা জলসিঞ্চন প্ৰকল্পত অবাধ দুৰ্নীতি হোৱাৰ কথা প্ৰকাশ পোৱাত সদৌ অসম নিবনুৱা সন্থাই সন্তোষ প্ৰকাশ কৰিছে। এনে প্ৰকল্পত কাম কৰি লাভৱান হবৰ বাবে নিবনুৱা সকলকো সুবিধা দিবলৈকো মন্ত্ৰী মহোদয়লৈ ৰাজহুৱাকৈ খাটনি ধৰিছে। কেৱল ঘনিষ্ঠ ঠিকাদাৰকে এই লুণ্ঠনৰ ভাগ নিদি সকলোকে কিঞ্চিত কিঞ্চিত ভগাই দি পূণ্য অৰ্জন কৰিবলৈকো আহ্বান জনাইছে।

৯. দিল্লীলৈ কুমলীয়া গাভৰু চাপ্লাই দিয়া কেইবাজনো ব্যৱসায়ীক ধাৰাবাহিকভাৱে আটক কৰাক লৈ দিল্লী এনজয়মেণ্ট ফ'ৰামে উদ্বেগ প্ৰকাশ কৰিছে। মনোৰঞ্জন উদ্যোগটোৰ এই অক্লান্ত কৰ্মীসকলক অচিৰেই স-সন্মানে মুক্তি দিবলৈকো ফ'ৰামে আহ্বান জনাইছে।

১০. ডাঙৰ ডাঙৰ নেতা-ঠিকাদাৰ সকলে লুতি পুতি খোৱাকৈ খাদ্য নিশ্চিত আঁচনি চলি থকা স্বত্বেও অসমত কেতিয়ালৈ প্ৰকৃততে সৰু মানুহৰ খাদ্য সুৰক্ষা আঁচনি বলবত হব সেয়া নিশ্চিত নোহোৱাত উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম খাবলৈ নোপোৱা ভোকাতুৰ সন্থাই।

No comments:

Post a Comment