ইতিবাচক ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক ব্যতিক্ৰম

ইতিবাচক ব্যতিক্ৰম

Share This
ড্ৰীম ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা হুমেইৰাঃ
তাইৰো এটা সপোন আছিল
এই সপোনটো জন্মৰ মূলতো আছিল কিছু জন্ম-যন্ত্ৰণা। জীৱনৰ যন্ত্ৰণাই দিয়া শিক্ষাৰ পৰা পাঠ লৈ এই সপোনটোৰ জন্ম দিছিল কিশোৰী গৰাকীয়ে। পাকিস্তানী কিশোৰী "হুমেইৰা বচ্চলে" এক ইতিবাচক সপোনৰ পম খেদিয়েই লাভ কৰিছে সংবাদ শিৰোনামা। 

হুমেইৰাই শৈশৱতে দিনে দিনে অনুভৱ কৰিছিল, তেওঁলোকৰ সম্প্ৰদায়ৰ লোক সকলৰ মাজত থকা শিক্ষাৰ অভাৱ আৰু অনগ্ৰসৰতাৰ কথা। মৰ্মে মৰ্মে উপলব্ধি কৰিছিল, শিক্ষাৰ পোহৰ অবিহনে জীৱন আচলতে কিমান কঠিন। এগৰাকী মাতৃয়ে দৰৱত লিখা থকা দিন উকলি যোৱা তাৰিখটো পঢ়িবলৈকো নিৰক্ষৰা হোৱাৰ বাবেই অক্ষম হোৱাৰ ফলত যেতিয়া এদিন এজন সম্বন্ধীয় ভাতৃৰ মৃত্যু ঘটিছিল, সেই দুখে কথাবোৰক নকৈ ভাবিবলৈ তাইক বাধ্য কৰিছিল। ঘৰৰ কাষতে প্ৰসৱ যন্ত্ৰণাত এগৰাকী মহিলাই আৰ্তনাদ কৰি জীৱন সামৰিছিল, কাৰণ উপযুক্ত চিকিসাৰ বাবে নিবলৈকো সেই সমাজখনত শিক্ষাৰ অভাৱ আছিল। এনেবোৰ অনুভৱেই দিনে দিনে সেই সমাজখনত শিক্ষাৰ বিস্তাৰ কৰাটো তাইৰ বাবে এক প্ৰত্যাহ্বান হৈ উঠিছিল।

"এনেবোৰ ঘটনাই মোৰ হৃদয়খন ভাঙি টুকুৰা টুকুৰ কৰিছিল। তেতিয়াই মই বাৰে বাৰে সেই প্ৰশ্নটো কৰিছিলো, মানুহবোৰে বাৰু কিয় এনে কৰিছে। যদি মানুহবোৰৰ শিক্ষা থাকিলেহেতেন তেন্তে চাগৈ সমস্যবোৰ নিশ্চয় কমিলহেতেন" এইদৰেই নিজৰ অনুভৱবোৰ ব্যক্ত কৰি এতিয়া ২৬বছৰীয়া হোৱা হুমেৰাই সংবাদসেৱীক কৈ গৈছিল কৰাছীৰ পৰা কিছু দূৰৈৰ তাইৰ জন্মস্থানত।

আৰু সেইবাবেই তাই ১৩বছৰ বয়সতে আৰম্ভ কৰিছিল আনক পঢ়ুৱাবলৈ। যিকন তাই নিজে শিকিছিল স্কুলত, তাকেই ওচৰৰ আন আন স্কুললৈ যোৱা, নোযোৱা, যাবলৈ নোপোৱা চুবুৰীয়া শিশুবোৰৰ মাজত বিলাই দিবলৈ আৰম্ভ কিছিল। আৰু সেই ঘৰতে কৰা আৰম্ভণিয়েই এতিয়া তাইৰ জীৱনৰ এক বিশাল কৰ্মৰ ৰূপ লোৱাৰ উপক্ৰম হৈছেগৈ। এতিয়া তাইৰ প্ৰকল্পই এটা ন্যাসৰ ৰূপ লৈছেগৈ, যাৰ সহায়ত "মোৱাচ গোথ" নামৰ কৰাচীৰ পৰা কিছু দূৰৰ এখন সৰু ঠাইত শ্ৰমিক সকলৰ শিশু সকলৰ মাজত নিতৌ জ্বলাই গৈছে এগচি এগচিকৈ  শিক্ষাৰ বন্তি।

কষ্ট, অধ্যৱসায় আৰু সমাজৰ বাবে কিছু ইতিবাচক কাম কৰাৰ কঠোৰ পণ লৈ আগবঢ়া হুমেইৰাই একালত নিজৰ পিতৃৰ পৰাই স্কুলৰ কিতাপ বহী লুকুৱাই ৰাখিব লগীয়া অৱস্থা হৈছিল, কাৰণ তেওঁ তাইৰ শিক্ষাৰ প্ৰৱল বিৰোধী আছিল।  কিন্তু কালক্ৰমত তায়েই এতিয়া ১২০০টি শিশুক শিক্ষা দান কৰা "ড্ৰীম মডেল ষ্ট্ৰীট স্কুল" নামৰ শিক্ষা প্ৰতিষ্ঠানটি গঢ়ি তুলিছে। 

হুমেইৰাৰ কাহিনীৰ মাজত আচলতে এগৰাকী নাৰীৰ মাজত মাত্ৰ নিজৰে নহয়, এখন সমাজৰ ভৱিষ্যতকে সলাই পেলোৱাৰ শক্তি লুকাই থকাৰ কাহিনীয়েই প্ৰকাশ পাইছে। আৰু তাকো পাকিস্তানৰ দৰে এখন দেশত, যত এতিয়াও নাৰী সকল শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, আৰু নানান নিষেধাজ্ঞাৰ আৱেষ্টনীত ৰূদ্ধ হৈ আছে তেওঁলোকৰ জীৱন ।

মেডোনাৰ সৈতে হুমেইৰা
সময়ৰ সতে হুমেইৰাৰ প্ৰচেষ্টাইয়ো প্ৰচাৰ পালে। এতিয়া দেশীয় আৰু আন্তৰ্জাতিক দান-বৰঙণিৰ গঠিত হোৱা পুঁজিৰে এই সপোনে পূৰ্ণতা পোৱাৰ পথত। আন্তঃৰাষ্ট্ৰীয় শিল্পী মেডোনাৰ অৰ্থ সাহাৰ্যৰে এতিয়া সেই বিদ্যালয়খনি ১৮টা কোঠা সমৃদ্ধ হোৱাৰ লগতে ৩৩জন শিক্ষকেৰে শিক্ষাদান কৰিব পৰাৰ দিশে ঠন ধৰি উঠিছে। যিটো বৰ্তমান তেওঁলোকে কৰি থকা ক্ষুদ্ৰ ব্যৱস্থাৰ তুলনাত অতিশয় বিশাল ৰূপৰেই । এতিয়া ভাড়ালৈ লোৱা এটা ঘৰতে শ্ৰেণীকোঠাবোৰ চলি আছে, আৰু কোঠাবোৰৰ মাজত মাত্ৰ পৰ্দা টানিয়েই শ্ৰেণীকোঠা বিভক্ত কৰা হৈছে।

হুমেইৰাৰ আত্ম-উতসৰ্গাৰ কাহিনীক ১৬বছৰীয়া বহু-চৰ্চিত পাকিস্তানী কিশোৰী মালালা ইউচুফজাইৰ সৈতেও তুলনা কৰিছে সংবদ মহলে। মালালাই পাকিস্তানী কিশোৰীৰ শিক্ষাৰ হকে কাম কৰিয়েই ২০১২চনত তালিবান বন্দুকধাৰীৰ গুলী বুকুপাতি লব লগা হৈছিল। তাৰ বিপৰীতে হুমেইৰাই স্থানীয় সম্প্ৰদায়ৰ নেতাৰ পৰা পোৱা মিশ্ৰিত বিৰোধিতাৰ বাহিৰে কোনো হিংসাৰ সন্মুখীন হব লগা হোৱা নাই।

হুমেইৰাৰ ভনীয়েক তাহিৰা, যি নিজেও  একাউণ্টিঙৰ ছাত্ৰী, তায়েই বৰ্তমান এই "ড্ৰীম মডেল ষ্ট্ৰীট স্কুলখন"ৰ অধ্যক্ষা ৰূপে সেৱা আগবঢ়াই আছে। হুমেৰাই "দ্যা ড্ৰীম ফাউণ্ডেচন" সংস্থাটোৰ মুৰব্বীৰূপে নেতৃত্ব দিছে। এই সংস্থাটোৱেই এই স্কুলখন পৰিচালনা কৰাৰ উপৰিও স্থানীয় শিশু-কিশোৰ সকলৰ বাবে মেণ্টৰিঙৰ কাৰ্যসূচী হাতত লোৱা, ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা আদি কাৰ্যসূচীও ৰূপায়ন কৰি আহিছে।।

হুমেইৰাই পাকিস্তানৰ এই নৱ-প্ৰজন্মক আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ বাবে পণ গ্ৰহণ কৰিছে আৰু প্ৰচলিত এলান্ধু কলীয়া শিক্ষাৰ ঠাইত সংস্কাৰমুখী কাৰ্যসূচী তুলি ধৰিছে। আনকি এই বিদ্যালয়ত উচ্চ শ্ৰেণী সমূহৰতো ল'ৰা ছোৱালীক একেলগে সহশিক্ষা প্ৰদান কৰি এক অনন্য উদাহৰণ দাঙি ধৰিছে। যিটো পাকিস্তানত এতিয়াও সচৰাচৰ হবলৈ দিয়া নহয়।

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাক্-ক্ষণত এই সাহসী নাৰীৰ ইতিবাচক অথচ ব্যতিক্ৰমী পদক্ষেপৰ পৰা আমাৰ নাৰী সকলেও সমাজৰ পৰিবৰ্তনৰ বাবে সহানুভূতিৰে হাত আগবঢ়াবলৈ নিশ্চয় প্ৰেৰণা লাভ কৰিব।

No comments:

Post a Comment