সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অসমত বিজ্ঞান জনপ্ৰিয়কৰণৰ আগৰণুৱা 
ক্ষীৰধৰ বৰুৱা 
ড° বুলজিৎ বুঢ়াগোহাঁই 

মাননীয় সম্পাদক মহোদয়, 
অসমত বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কাম কৰা সকলৰ ভিতৰত এজন হ’ল বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্রতিষ্ঠাপক মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্রহণ কৰা ক্ষীৰধৰ বৰুৱা । তেখেতে প্রাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ মাজত বিজ্ঞান শিক্ষাৰ প্রচাৰ আৰু জনপ্রিয়কৰণৰ বাবে ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’ নামৰ অনুষ্ঠান প্রতিষ্ঠা কৰিছে আৰু এই অনুষ্ঠানৰ আৰম্ভণিৰে পৰা সভাপতি দায়িত্ব বহন কৰি আহিছে। এই অনুষ্ঠানৰ উদ্যোগতে ‘আকাশ পৰিৱেশ আৰু বিজ্ঞান শিক্ষা কেন্দ্র’ ( http://akashorg.in )নামৰ এটা বিজ্ঞান শিক্ষা কেন্দ্র আৰু প্রয়োগশালা প্রতিষ্ঠা কৰি শিশুসকলক হাতে-কামে শিকা পদ্ধতিৰে বিজ্ঞানৰ শিক্ষাদান কৰিছে ।

তেখেতৰ প্রকাশিত গ্রন্থবোৰৰ কেইখনমান হ’ল – বিশ্ববিখ্যাত মহিলা বিজ্ঞানী (বিজ্ঞান সাহিত্য প্রকাশন, বিশ্বনাথ চাৰিআলি ,১৯৮৯), বিজ্ঞানৰ ৰেঙণি (চন্দ্ৰ প্ৰকাশ,গুৱাহাটী ১৯৯০), অকণিৰ মহিলা বিজ্ঞানী (পুথিতীৰ্থ প্রকাশন , গোলাঘাট, ১৯৯৫), বিজ্ঞানৰ ৰ’দালি (অভিযাত্রী প্রকাশন , গুৱাহাটী , ১৯৯৬) , বিজ্ঞানৰ সৰু-বৰ কথা (লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী ,১৯৯৭) , ৰসায়নৰ ৰসাল কথা (অসম বিজ্ঞান সমিতি , গুৱাহাটী ,১৯৯৭) , পানীয়েই জীৱন (জ্ঞান-বিজ্ঞান সমিতি , অসম,গুৱাহাটী ,১৯৯৭) , ৰসায়নৰ পঞ্চৰত্ন (ৰসায়ন শিক্ষা সমাজ, ১৯৯৮),অসমীয়া বিজ্ঞানী (বুক হাইভ্, ১৯৯৯ ) আদি। তদুপৰি বিভিন্ন পৰ্যায়ৰ পাঠ্যপুথিও লিখিছে।


পৰিয়ালৰ সৈতে ক্ষীৰধৰ বৰুৱা ছাৰৰ
এখন পুৰণি ফটো
তেখেতে বিজ্ঞান জেউতি, প্রান্তিক, গৰীয়সীকে আদি কৰি অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়াকৈ বিজ্ঞান বিষয়ক প্ৰবন্ধ লিখে। তেখেতক অসমৰ বিজ্ঞান-কাৰ্টুনৰ বাটকটীয়া বুলিব পাৰি। তেখেত ‘অসম বিজ্ঞান সমিতি’ আৰু মুম্বাই ‘নেশ্যনেল চেণ্টাৰ ফৰ ছায়েঞ্চ কমিনিউকেচন’ৰ আজীৱন সদস্য । অসমৰ বিজ্ঞান জগত তথা অসমীয়া বিজ্ঞান-সাহিত্যলৈ আগবঢ়াই অহা অৰিহণা বাবে ‘ঘনশ্যাম গোস্বামী স্মাৰক বঁটা’ আৰু অসম সাহিত্য সভাই ‘অনিল শৰ্মা স্মাৰক বঁটা’ তেখেতলৈ আগবঢ়াইছে ।

সামাজিক দিশত প্ৰশংসনীয় অৰিহণাৰ লগতে উল্লেখ কৰিব লাগিব যে, ব্যক্তিগত জীৱনত তেখেত এগৰাকী আদৰ্শ পিতৃও। তেখেতে পৰিবাৰৰ সৈতে গঢ় দিছিল দুই সু-সন্তানক। তেওঁলোক হ'ল 
কাৰ্টুনেৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ অবিৰত চেষ্টা চলোৱা তথা পেশাত অভিযন্তা সুমন্ত বৰুৱা আৰু দৈনিক জনমভূমিক উপ-সম্পাদক ৰূপে কৰ্মৰত বন্যা বৰুৱা।


আশা কৰিছোঁ ক্ষীৰধৰ বৰুৱাৰ বিভিন্ন দিশ আলোকপাত কৰি এখন অভিনন্দন গ্রন্থ প্রকাশ কৰিবলৈ কোনো অনুষ্ঠান-প্রতিষ্ঠান বা দল-সংগঠন আগবাঢ়ি আহিব।

No comments:

Post a Comment