লঘু ৰচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লঘু ৰচনা

লঘু ৰচনা

Share This
কিডনী দিৱসৰ উপবাস
অজয় লাল দত্ত
(১)
কিডনী নামৰ তেজশোধন যন্ত্ৰটো মানুহৰ পেটত থাকে। মানুহ নামৰ জন্তুটোৰ জিভাৰ জুতি, নিচা প্ৰৱণতাক লক্ষ্য কৰি ভগৱানে আগতীয়াকৈ দুটাকৈ কিডনী ইনষ্টল কৰি পঠিওৱা বুলি জনা যায়। পানীয়েই যেনেকৈ প্ৰাণীৰ প্ৰাণ, তেনেকৈ ৮০শতাংশ পানীৰে গঠিত তেজেহে দিয়ে প্ৰাণীক জান বুলি বৰ বৰ মানুহে কোৱা শুনা যায়। সেয়ে কিডনী আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ। সেই কথা মনত পেলাই দিবলৈকে ১৫ মাৰ্চ দিনটোক বিশ্ব কিডনী দিৱস ৰূপে পালন কৰা হয়। 
সুৰাপায়ী সকলৰ কিডনীয়েই আটাইতকৈ বেছি কাম কৰিব লগা হয় বুলি বিজ্ঞানীয়ে প্ৰকাশ কৰে। সেয়ে কিডনী দিৱসৰ দিনটো অন্ততঃ সুৰাপানৰ পৰা দূৰৈত থাকি কিডনীক ৰেষ্ট দিয়াৰ প্ৰয়োজন বুলিও জনা যায়। দেশত কিডনী বেমাৰীৰ সংখ্যা দিনক দিনে বাঢ়িছে। তাকে লৈ চৰকাৰৰ থৰকাছুটি হেৰাইছে। সেয়ে আন কেইটামান দিনটো কিডনীক ৰেষ্ট দিৱৰ বাবে চৰকাৰে ড্ৰাই দে নামৰ দিৱস ঘোষণা কৰে বুলি জনা যায়। মধুমেহ, হৃদৰোগ, উচ্চ ৰক্তচাপ আদি বেমাৰো কিডনীৰ সৈতে হাতে হাত ধৰি থাকে আৰু সমবায়ৰ ৰূপত মানুহক আক্ৰমণ কৰে বুলি জনা যায়। সেয়ে কিডনীক লৈ আমি উদ্বিগ্ন হোৱা উচিত আৰু প্ৰতি বছৰেই তাৰ পৰীক্ষা কৰিহে জীৱনটো উপভোগ কৰাৰ দৰকাৰ। 
(২)
কিডনীটো দেখিবলৈ কেনে বুলি কনমানিয়ে সুধিলে আপুনি উৰহী গছলৈ মনত পেলাবই লাগিব। যদিও উৰহী গছৰ ওৰ বিচাৰি ফুৰাটো আপোনাৰ স্বভাৱ নহয়, তথাপি কি কৰিব, কিডনীবোৰ দেখিবলৈ হেনো উৰহী গুটিটোৰ নিচিনাই, খালী আকাৰত যথেষ্ট ডাঙৰ। আজিকালি কিডনী ফেইল মৰা ঘটনা সমাজত সাধাৰণ হৈ পৰিছে। সেয়ে কিডনী বেমাৰৰ মেৰামতি কৰা দোকান মানে হস্পিতেলো ধেৰ খুলিবলৈ ধৰিছে।

কিডনী বেয়া হ'লে প্ৰথমে তাৰ কাম চলাবৰ বাবে তেজ পৰিশোধন কৰিবলৈ বাহিৰত থকা মেচিনৰ সহায় লব পাৰি। এনে তেজ চাফা কৰা চেণ্টাৰত এইবোৰ নিয়মীয়াকৈ গৈ ধন দি কৰি লব পাৰি। পিছে এই কামটো বৰ খৰছী আৰু অশান্তিকৰ। এটা কিডনী বেয়া হ'লেও মাত্ৰ এটা কিডনীৰেও কাম চলাব পাৰি। কিন্তু ভগৱানে, এটা কিডনী বিকল নোহোৱালৈ সিটো কিডনীক সুৰক্ষিত কৰি ৰখাৰ কোনো উপায় আমাক নিদিলে। বা ডাক্তৰেও সিটো কিডনীক ব্যৱহাৰ নকৰাকৈ চীল পেক কৰি ৰাখিবৰ বাবে অপাৰেচন কৰি হ'লেও কিবা এটা কৰাৰ চেষ্টা নকৰিলে। সেইটো কৰা হ'লেও মানৱ জাতিৰ বহুত কল্যাণ হ'লহেতেন।
(৩)
কিডনী দুয়োটা বেয়া হ'লে জীয়াই থাকিবলৈ আন কাৰোবাৰ কিডনী কিনি হ'লেও লগাব লগা হয়। সেয়ে সদায় লগ বন্ধুৱে যদি আপোনাৰ ঘৰলৈ নিয়মিত বা দৈনিক মদ খাবলৈ আহে, তেন্তে দুৱাৰৰ সমুখতে এটা দান-পাত্ৰ ৰাখি কিডনী পুঁজি গোটোৱা আৰম্ভ কৰক। অসমীয়া শিল্পী সকলে সৃষ্টিত কৰা অভিলেখতকৈ কিডনী ফেইল কৰাৰ অভিলেখ বেছি হোৱা দেখা যায়। সেয়ে শিল্পী কিডনী ন্যাস এটি খোলাৰো কথা চৰকাৰে চিন্তা কৰিব লাগে।

কিডনীৰ বাবে মাত্ৰ পইচা থাকিলেই নহব, দান কৰোতা বা মনে মনে বেচোতা পাবও লাগিব বা পতাব পাৰিব লাগিব। এনে বেচোতা যোগাৰ কৰোতাক আকৌ পুলিচে ধৰে, জেললৈ পঠায়। সেয়ে এনে কাম কৰা কিছুমান গোপন চক্ৰ থাকে, যিবোৰ মানুহৰ হাত বহুত দীঘল সিইবোৰ মানুহেহে এনেকৈ লোকৰ কিডনী উলিয়াই আনি আনক বেচিব পাৰে। সেয়ে কিডনী ফেইল হ'লে এনে হাত দীঘল মানুহৰ সঠিত চক্ৰটো  চিনি উলিয়াবলৈ অন্তত সফল হবই লাগিব। নহ'লে বাচি থকাৰ কোনো উপায় নাই।
(৪) 
দেশত কিডনী সলোৱাৰ চাহিদা দিনক দিনে মদৰ বেপাৰ আৰু খোৱা বস্তুৰ ভেজালৰ সৈতে সমানে ফেৰ মাৰি বাঢ়িবলৈ ধৰাত চৰকাৰেও নতুনকৈ চিন্তা কৰিব লাগিব। তাৰ বাবে কিডনী খেতি কৰিবলগীয়া দিনো এদিন আহিব বুলি জ্যোতিষীয়ে কৈছে। কিমানদিন আৰু অনাথ, অসহায় মানুহক আশ্ৰয় দিয়া এন.জি.অ' বা মানৱ দেহ সৰবৰাহৰ চোৰাং ব্যৱসায়ীৰ ওপৰত কিডনীৰ বাবে নিৰ্ভৰ কৰিব! কিমান দিন দুখীয়া মানুহক প্ৰলোভন দি কিডনী যোগাৰ কৰিব। তাতকৈ চাহিদা অনুসাৰে মানৱ অংগৰ খেতি কৰিবলৈকে পাৰ্মিট দিয়াৰ এটা দিন খাটাং কৰাৰেই দৰকাৰ বুলিও এচাম লোকে প্ৰচাৰ প্ৰপাগাণ্ডা আৰম্ভ কৰিছে।

বিজ্ঞানী সকলে কম্পিউটাৰৰ যুগত বাহিৰত থকা হাৰ্ডডিক্স ব্যৱহাৰ কৰাৰ বাবে যেনেকৈ ইউ.এছ.বি পৰ্ট আৱিস্কাৰ কৰিছে, তেনেকৈ কিডনীৰ ঠাইত এনে পৰিশোধন মেচিন সহজে দেহত লগাই কামফেৰা কৰিব পৰাকৈ এনে পৰ্ট আৱিস্কাৰ কৰাত মনোনিৱেশ কৰাৰো দিন কাষচাপি আহিছে।

এনে কিছুমান অভিনৱ আৱিস্কাৰ নোহোৱালৈকে আপুনিও কিডনীক সুকলমে ৰাখক। চেক-আপ কৰক, সু-স্বাস্থ্য বজাই ৰাখক।এইবোৰ কথালৈ কান নিদিয়া বাবেই ত্ৰিশৰ দেওনাতে আমাক এৰি যোৱা বন্ধু এজনৰ শৱদেহ কিডনী দিৱসৰ পুৱাই সকাৰ কৰাৰ খবৰ পাইছো। মিচা ক'লে কি ডাল হব, সঁচাই কিডনী দিৱসত এইবাৰ সঁচা-সঁচি উপবাসেই!

No comments:

Post a Comment