পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
১. অনলাইনতে কৰক তথ্য জনাৰ বাবে আবেদনঃ কালি উন্মোচন হোৱা www.rtionline.govt.in ৱেব-চাইটৰ জৰিয়তে ঘৰৰ পৰাই লাভ কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ ৩৭টা বিভাগৰ তথ্য৷ ১০টকা মাচুল ইণ্টাৰনেট বেংকিঙেৰে জমা কৰি লাভ কৰিব ৩৫০০শব্দ পৰ্যন্ত তথ্য, হেল্পলাইন নম্বৰ ০১১-২৪৬২২৪৬১ অফিচ খোলা সময়ত হব সেৱাৰত৷

২. কেন্দ্ৰীয় মন্ত্ৰীগোটৰ সতে মুখ্যমন্ত্ৰীৰ বৈঠকত সিদ্ধান্তঃ অসমত গৰাখহনীয়াত ক্ষতিগ্ৰস্থ সকলেও এতিয়াৰ পৰা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ-সাহাৰ্য৷ প্ৰাকৃতিক দুৰ্যোগ শিতানতে ইয়াক গণ্য কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে৷
গুৱাহাটীৰ ৰাজপথত সচেতন ৰাইজৰ সমদল

৩. সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতাৰ প্ৰাইজমানী ৫০হাজাৰ টকা হ’ল ঘোষিতঃ এই আয়োজন শিৱসাগৰত অহা ৮ছেপ্তেম্বৰত সুধাকণ্ঠৰ জন্মদিন পালন কৰিবলৈ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ৷

৪. অহা ২৩আগষ্টত মুক্তি পাব পুলক গগৈৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া কথাছবি "মমতাজ", কালি হৈ গ’ল প্ৰিমিয়াৰ শ্বঃ প্ৰখ্যাত কথা-সাহিত্যিক চৈয়দ আব্দুল মালিকৰ চুটিগল্প "কাঠফুলা"ই পালে চলচ্চিত্ৰৰ ৰূপ ৷

৫. চোৰাং চিকাৰী বিৰূদ্ধে বনকৰ্মীয়ে এতিয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰিব অত্যাধুনিক মৰণাস্ত্ৰ, প্ৰতিৰক্ষা মন্ত্ৰণালয়ে দিলে অনুমতিঃ মানৱবিহীন বিমান উৰণতহে জাৰি কৰিলে বাধা৷ শেহতীয়াকৈ পুনৰ দুটা গঁড় হত্যাই জোকাৰিছে বন্য প্ৰেমীকঃ বনমন্ত্ৰীয়ে দোহাৰিলে বিশেষ ব্যৱস্থা গ্ৰহণৰ আশ্বাস৷

৬. স্ত্ৰী শিক্ষাক উৎসাহ দিবলৈ এতিয়া ৰাজ্যৰ সকলো নৱম-দশম শ্ৰেণীৰ ভিতৰৰ সকলো ছাত্ৰীলৈ বিনামূলীয়া চাইকেল দিবলৈ মুখ্যমন্ত্ৰীয়ে জাৰি কৰিলে নিৰ্দেশ৷

৭. বিশ্বত দুই তৃতীয়াংশ মানুহক ইণ্টাৰনেটৰ ব্যৱহাৰৰ বিষয়ে জ্ঞান দিবলৈ ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে আৰম্ভ কৰিলে ইণ্টাৰনেট.অৰ্গঃ জুকাৰবাৰ্গৰ এই পৰিকল্পনা সফল হ’লে অচিৰেই বিশ্বত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হবগৈ পাৰে ৪বিলিয়ন পৰ্যন্ত৷

৮. জম্মু-কাশ্মীৰৰ দৰে ৩৭০,৩৭১(ক) ধাৰাৰ আধাৰত অসমক বিশেষ ৰাজ্যৰ মৰ্যদা দিবলৈ দাবী তুলিলে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্য পৰিষদেঃ খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা, ছয়-জনগোষ্ঠীৰ জনজাতিকৰণ, সম্পদৰ অধিকাৰৰ বাবে অসমক জনজাতীয় ৰাজ্য ৰূপে ঘোষণাৰ বাবেও তুলিলে দাবী৷

৯. বিদ্যুত কৰ্মীৰ কাঞ্চীপুৰমত হোৱা ৰাষ্ট্ৰীয় সন্মিলনত অসমৰ দাবী হ’ল উত্থাপিতঃ আলোচনাৰ অন্ততঃ জনস্বাৰ্থ বিৰোধী নীতিৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰী তথা শক্তিমন্ত্ৰীলৈ পঠালে ফেক্স-বাৰ্তা৷

১০. বিগত ১৯৬২ৰ চীনা আক্ৰমণৰ পটভূমিত ৰচিত দুটি কালজয়ী গীত "কত জোৱানৰ মৃত্যু হ’ল" আৰু "ৱে মেৰে  ৱতন কে লোগো" গীত দুটাৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱা উপলক্ষে শিৱগাৰৰ "সংস্কাৰ ভাৰতী"য়ে আয়োজন কৰিছে "সীমান্তলৈ স্বৰাঞ্জলি" শীৰ্ষক সংগীত প্ৰতিযোগিতাৰ, ৩১আগষ্টত, শিৱসাগৰ জিলা নাট্য মন্দিৰত৷

১১. পুনৰ আৰম্ভ হ’ব ময়নাগুৰি যোগীঘোপা ৰে’লপথ নিৰ্মাণৰ কামঃ ৰে’ল মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিলে অসম তথা বংগৰ যৌথ দাবী সমিতিক৷

১২. বড়োলেণ্ডলৈ সমৰ্থন জনাই ৰাইজৰ ক্ষোভত ঘৰ জাহ যোৱা অবড়ো নেতালৈ বিটিচি পৰিষদৰ সহায়ৰ হাতঃ তিনি লাখকৈ আগবঢ়ালে ক্ষতিপূৰণৰ ধন৷

১৩. অসমৰ প্ৰস্তাৱিত উচ্চ সদনক নৃ-গোষ্ঠীয় সংসদৰ ৰূপ দিবলৈ দাবী তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েঃসকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰে এই সংসদ গঢ়াৰ বাবে ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰাৰ বাবেও তুলিলে দাবী৷

১৪. অসমৰ অন্যতম সংখ্যালঘু অসমীয়া শিখ সকলে এইবাৰ দাবী তুলিলে সুকীয়া উন্নয়ন পৰিষদ গঠনৰঃ অহা ২৫আগষ্টত গুৰু টেগবাহাদুৰ জাতীয় ন্যাসৰ উদ্যোগত নগাঁৱত আয়োজন কৰিছে বক্তৃতামালাৰ, উপস্থিত থাকিব ডঃ লক্ষ্মীনন্দন বৰা, ডঃ নগেন শইকীয়া তথা হোমেন বৰগোহাঞি৷

১৫. আঠজন কিশোৰকে ধৰি মুঠ ৩৩৮জন ভাৰতীয় কাৰাবন্দীক মুকলি কৰি দিবলৈ সাজু হৈছে পাকিস্তানঃ অহা শুকুৰবাৰে তেখেতলোকক মুকলি কৰি দিয়াৰ আছে সম্ভাৱনা৷

১৬. অংগদানত দেশৰ ভিতৰতে শীৰ্ষত তামিলনাডুঃ "জীৱনৰ উপহাৰ" নামৰ অংগ দান জনপ্ৰিয়কৰণ আঁচনিত এপল’  হস্পিতেলৰ কৰ্মৰত ১০হাজাৰ কৰ্মীয়ে মস্তিষ্কৰ মৃত্যুৰ পাছত দেহদানৰ ঘোষণা পত্ৰত স্বাক্ষৰ কৰি দেখুৱালে আদৰ্শ৷

১৭. পুনেত অন্ধবিশ্বাস বিৰোধী সমাজকৰ্মী নৰেন্দ্ৰ ডাভলকাৰক গুলীয়াই হত্যা কৰাৰ পাছতে গণৰোষৰ পৰা বাচিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে ল’লে পদক্ষেপঃ ডাভলকাৰে যুগুতাই উলিওৱা অন্ধবিশ্বাস বিৰোধী বিধেয়ক ৰাজ্যপাল যোগে অধ্যাদেশ জাৰি কৰিবলৈ গ্ৰহণ কৰিলে সিদ্ধান্ত৷

চিন্তনীয় খবৰঃ
১. নিজৰ চাকৰি ঠিকাত দিলে টেট’ শিক্ষকে তাকো খোদ শিক্ষামন্ত্ৰীৰ সমষ্টিত ৷

২. মাজনিশা ৰাজপথত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উৰ্দ্ধতালি, আৰক্ষীক প্ৰহাৰঃ চাৰিটাকৈ গোচৰ ৰুজু৷

৩. শ্বেয়াৰ বজাৰৰ চেনচেক্স নামিল ১৮০০০ৰ তললৈঃ দেশৰ শ্বেয়াৰ বজাৰত চাৰিদিনত লোকচান ৪.৩৫লাখ কোটি টকা৷ ১ পাউণ্ডৰ দাম হলগৈ ১০০টকা৷

৪. জয়সাগৰ পুখুৰীত নামিছে কাছৰ চোৰাং ব্যৱ্সায়ীঃ কেঁকো সাপ বিচাৰি চলাথ কৰিছে নগালোকে৷


৫. দৰঙ কলেজত শ্ৰেণীকোঠাত প্ৰেমিকে প্ৰহাৰ কৰিলে প্ৰেমিকাকঃ ৰণাংগণত পৰিণত তেজপুৰ থানা, উত্তেজিত ছাত্ৰৰ দলক আৰক্ষীৰ লাঠী চালনা ৷

No comments:

Post a Comment