অৰূপজ্যোতি সন্দিকৈৰ খুহুতীয়া পদ্যঃ
লেণ্ড বনাম বেণ্ড
আমাক লাগে লেণ্ড লেণ্ড লেণ্ড লেণ্ড
নাপালে গগৈছাৰৰ বজাই দিম বেণ্ড৷
ৰাইজে কৈছে লেণ্ড হলেহে আমাৰ হ’ব উন্নতি
অসমীয়া হৈ থাকিলে হেনো হ’ব অধোন্নতি৷
অসমী আইয়ে নিৰৱে চকুলো টুকিছে
ভাই-ককাইৰ ঘৰে ঘৰে হিংসাৰ জুই জ্বলিছে ৷
অতদিনে মোৰেই বুকুতে খালি বলি
ডাঙৰ হৈ এতিয়া মোকেই দিয় পূজাৰ বলি!
এনেই নকয় উপকাৰীৰক অজগৰে খায়
আশ্ৰয় দিওতাহে ঔকিল পাই,
লেণ্ডৰ নামত অসমৰ মেপ চিৰাচিৰকৈ ফালিলি
অৱশেষত “অসম গুড বাই”হে বুলিলি,
সাত ঘাটৰ চেঙেলী কেইটা বিচাৰিছো হাতত পৰেহে লাগে, পাতত দিম, খৰিকাতো দিম, খাম জুতি লগাই ভাগে ভাগে.... |
অ’ বুলো মই হ’ম ৰজা
তই হবি প্ৰজা যেতিয়া
তহঁতক লুতি-পুটি খাব
তেতিয়াহে পাবি মজা,
আকৌ একেই ৰজা-মন্ত্ৰীৰ খেল হ’ব
আকৌ একেই ৰজা-মন্ত্ৰীৰ খেল হ’ব
সৰ্বসাধাৰণ ৰাইজৰ তেজ শুহি শুহি খাব,
লেণ্ডৰ ‘ল’ বুজি নোপোৱা জনকো লেণ্ড লাগে
তাকে দেখি আমাৰ বাংলাদেশী ভাইহঁতৰ হিয়াও ভাগে!
অ’ৰে মনৰ-মোহন ছাৰ-জী
আমাকেও দেন একটা লেণ্ড
আমাকেও দেন একটা লেণ্ড
আমৰাও ভাই-ভাইয়ে মিলে
আসামে বাজাব বেণ্ড!
মিচা কলে কিডাল হ’ব
লেণ্ডৰ নামতেই
‘অসমীয়া জাতি’টো নিঃশেষ হ’ব!
বাজক দবা বাজক শংখ,
বাজক ঘটি-টিং
তথাপিও নাক বজাই শোৱক
তৰুম গগৈ, মনৰ-মোহন সিং!
অসম এতিয়া
খণ্ড-খণ্ড হোৱাৰ পথত
অসমী আইও মনৰ দুখত,
উঠেই হেনো ‘স্বৰ্গ ৰথত’ ।
No comments:
Post a Comment