লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান) 
১. বিশ্ব শৰ্মাই কৰিলে কইনাধাৰাত আত্ম-সমৰ্পণ৷ গভীৰ নিশা তেখেতে অশ্বমেধ ঘোঁৰাটো লৈ পাহাৰলৈ উঠি যায় আৰু তাতে ৰজা-ৰাণীৰ সমুখত অস্ত্ৰ-শস্ত্ৰ সহ জমা দি নিজকে সঁপি দিয়ে৷ ৰজা-ৰাণীয়ে ৰাজকুমাৰৰ সৈতে বহাই তেখেতৰ এই শান্তি প্ৰক্ৰিয়াৰ বাবে আদৰণি জনাই মুখ মিঠা কৰে৷

ব’লা অলপ নাটক কৰি আহো!
 কিন্তু ডায়েবেটিছৰ সীমান্তত থিয় হৈ ৰোৱা বাবে শৰ্মাই গোটেইটো মিঠাই ভক্ষণ নকৰাৰ বাতৰি৷ কিন্তু ৰাণীয়ে গোটেইটো মিঠাই বিশ্বই গ্ৰহণ নকৰা কথাটোৱে এতিয়াও মনৰ কৰবাত গোপন আকাংক্ষা থকা বুলিহে সন্দেহ কৰি থকা বুলি আমালৈ খবৰ আহিছে৷

২. ডেংগি নে ডেংগু! তাকে লৈ চিকিৎসক সকলক বিমোৰত পৰাৰ বাবেহে সঠিক চিকিৎসা দিব পৰা নাই বুলি জিএমচিৰ সূত্ৰই জনাইছে৷ বাতৰি-কাকত সমূহেই এই খেলিমেলি সৃষ্টি কৰা বুলি কৈও চিকিৎসকে গা-এৰা দি দায় সাৰিব বিচৰা বুলি অভিযোগ আহিছে৷

৩. বেমাৰ আজাৰ মন্ত্ৰীক টুইটাৰত আবেদন কৰিয়ে সহাঁৰি পোৱা, স্বয়ং মেডিকেল কলেজৰ অধ্যক্ষই আহি খবৰ লোৱা, খৰচ ৰেহাই দিয়া আদি ঘটনা জানিব পাৰি ভঙাগড়ত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ চেলাইন কিনিবলৈ যোৱা ৰোগীয়েও স্মাৰ্ট ফোন কিনিবলৈ দৌৰি তথা নেটপেকৰ বাবে লাইন ধৰিব লগা অভূতপূৰ্ব ঘটনা ঘটাৰ খবৰ আমালৈ আহি আছে৷

৪. এইবাৰ আৰু সহজ হৈছে গুৱাহাটী বিশ্ব-বিদ্যালয়ৰ ডিগ্ৰী আহৰণ কৰাৰ৷ নামভৰ্তিৰ দৰকাৰ নাই, পোনে-পোনে পৰীক্ষা নিয়ন্ত্ৰয়কৰ কাৰ্যালয়ৰ পৰা ভুৱা মাৰ্কছিট আৰু চাৰ্টিফিকেট সংগ্ৰহ কৰিয়েই লেঠা মাৰিব পাৰে৷ জনসাধাৰণৰ শিক্ষা লাভৰ বাবে হোৱা অসুবিধা দূৰ কৰিবলৈ নিয়ন্ত্ৰকে ল’লে বিশেষ ব্যৱস্থা৷ পিছে ছাত্ৰ সন্থাই এই বিশেষ পদক্ষেপৰ বিৰোধিতা কৰাৰ দুখজনক খবৰ৷

৫. জন্মাষ্টমী উপলক্ষে জামুগুৰি পাতলৰচুতক অনুষ্ঠিত হয় পৰম্পৰাগত বোকা খেচা উৎসৱ৷ ইয়ালৈ পৰ্যটকক আকৰ্ষণ কৰিবলৈ ইয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীত সংসদৰ বাকৰিত অহা বছৰ অনুষ্ঠিত কৰিলে ভাল হব বুলি উদ্যোক্তাই কৰিলে মন্তব্য৷ তাত ইমান ৰাজনৈতিক বোকা ছটিয়াওৱাৰ স্কোপ আছে যে, বেলেগকৈ বোকাৰ আয়োজন কৰাৰ প্ৰয়োজনেই নাথাকিব বুলিও কৰিলে আয়োজকে মত প্ৰকাশ৷

৬. গাঁৱৰ উন্নয়ন কৰা মন্ত্ৰীৰ গাঁৱত মাত্ৰ ১৬কোটিৰ কেলেংকাৰী হোৱাক লৈ সমালোচনাৰ পাত্ৰ হৈছে মন্ত্ৰীজন৷ অন্তঃ নিজৰ গাঁৱত ১০০কোটিৰ কেলেংকাৰীৰ সুযোগ দিবই লাগে বুলি স্থানীয় তোষামোদকাৰী ঠিকাদাৰ সন্থাই কৰিলে দাবী৷

৭. পঞ্চায়ত সভাপতিৰ প্ৰতিকৃতি দাহ নলবাৰীত, সচেতন ৰাইজে সমালোচনা৷ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ পুতলা দাহ কৰাৰ দৰে একে শাৰীত পঞ্চায়ত সভাপতিক কিয় স্থান দিয়া হ’ল বুলি তুলিলে প্ৰশ্ন৷ এনে সন্মান লাভ কৰিলে আন আন পঞ্চায়তে কি শিকিব বুলিও চিন্তিত হ’ল সচেতন মহল৷ 

৮. খাদ্য সুৰক্ষাৰ ফৰ্মক লৈ কম-বেছি পাৰ্টিৰ কৰ্মকৰ্তাৰ মাজত লাগিল হতাহতি৷ প্ৰথমে কাৰ খাদ্য সুৰক্ষিত কৰিব লাগিব নিজৰ নে আনৰ তাকে লৈ ব্যাপক কনফিউজনৰ সৃষ্টি হোৱা বুলি সূত্ৰত প্ৰকাশ৷ সেয়ে তাতো প্ৰদেশ কম-বেচে সজাগতা কৰ্মশালা পাতি হিচাব নিকাচটো সোনকালেই পৰিস্কাৰ কৰি দিব লাগে বুলি ৰাইজে তুলিলে দাবী৷

৯. আন্দোলন আৰু বন্ধ আহ্বানক মৌলিক অধিকাৰৰ ৰূপত ঘোষণা কৰিবলৈ দাবী তুলিলে সদৌ অসম সজাগ জনতা সংগঠনে৷ সুলভ মূ্ল্যৰ দোকানত বেনাৰ, পোষ্টাৰ, জ্বলাবলৈ গাড়ীৰ টায়াৰ আদি উপলব্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পঠালে স্মাৰক পত্ৰ৷

১০. কিয় পিছ থাকিব অসম? বলাৎকাৰৰ ঘটনাৰে নিজকে দেশৰ আগশাৰীৰ বুলি প্ৰমাণ কৰাত অসমৰ চুকে কোণে এচাম ৰাজ্য ভক্তই শিৰোনামা সৃষ্টি কৰাত লগাৰ সুখৰ খবৰ৷যথাস্থানত ভাল কেমেৰা পালে ইউটিউব যোগে এনে ঘটনাৰ বিশ্ব যোৰা প্ৰচাৰ কৰিও অসমৰ নাম উজ্বলাব পাৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিলে মায়ঙৰ চাৰি অভিযুক্তই৷

No comments:

Post a Comment