সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
১০০ শতাংশ থলুৱাৰ বাবে সংস্থাপন
# ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়,

বিভিন্ন দল তথা সংগঠনে মাজে মাজে এটা দাবী উপস্থাপন কৰা দেখা যায় যে অসমত থকা সমূহ কেন্দ্রীয়-অৰ্দ্ধকেন্দ্রীয়, চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্রতিষ্ঠানত ১০০ শতাংশ থলুৱাৰ বাবে সংস্থাপন বাধ্যতামূলক কৰিব লাগে । 

আমি ভাবোঁ এনে ধৰণৰ দাবী উপস্থাপন কৰা সলনি অসমত থকা সমূহ কেন্দ্রীয়-অৰ্দ্ধকেন্দ্রীয়, চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ নিযুক্তিৰ ক্ষেত্রত সময়ে সময়ে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাসমূহত অসমৰ থলুৱা প্রাৰ্থীসকলৰ যাতে ১০০ শতাংশ উত্তীৰ্ণ হয় তাৰ বাবে বিভিন্ন দল আৰু সংগঠনবোৰে প্রশিক্ষণৰ ব্যৱস্থা কৰিলেহে ভাল হয় । 

যিহেতু এনেধৰণ ১০০ শতাংশ থলুৱা নিযুক্তি দাবী যদি বেলেগ ৰাজ্যতো কাৰ্যকৰী হয় তেন্তে অসমৰ প্রাৰ্থীসকলও বেলেগ ৰাজ্যত নিযুক্তি নাপাব । তাৰ ফলত এক ডাঙৰ সমস্যা সৃষ্টি হ’ব, যিহেতু অসমত বেলেগ ৰাজ্যৰ তুলনাত নিয়োগৰ সুবিধা কম আছে । 

No comments:

Post a Comment