Friday, August 16, 2013

অনুভৱ

ধেমাজিৰ কেঁচা ঘাঁ
#অজয় লাল দত্ত

আজি ৰাজ্যবাসীয়ে উপভোগ কৰিছে অন্য এক বন্ধৰ দিন৷ ২০০৪ চনৰ স্বাধীনতা দিৱসত পতাকা উন্মোচনস্থলী তথা আমি শিক্ষা লাভ কৰা মহাবিদ্যালয় ধেমাজি কলেজৰ খেলপথাৰত হোৱা বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত পালিত হৈছে এই ৰাজ্যজোৰা শোক দিৱস৷ কাৰোবাৰ বাবে এয়া স্বাধীনতা দিৱসৰ দিনৰ পাছ দিনা, শনি-ৰবিৰ বন্ধ মিলাই পৰা এটা দীঘলীয়া অৱসৰ বিনোদনৰ সুযোগ মাত্ৰ৷ পিছে আমাৰ কথা সুকীয়া৷
এইবোৰ কেঁচা ঘাঁ পাহৰো কেনেকৈ

সুকীয়া হবৰ কথাও৷ আমাৰ বাসগৃহৰ পৰা মাত্ৰ দুটা ঘৰৰ সিপাৰে সেইদিনা নিহত হোৱা শিশু মণ্টু গগৈৰ ঘৰ৷ প্ৰতি বছৰেই স্বাধীনতা দিৱসৰ কাষ চাপিলেই সেইখন ঘৰত সৃষ্টি হোৱা হিম-শীতল পৰিবেশ, মাতৃৰ কান্দোনৰ ৰোলে আমাক কেতিয়াও শান্তি অনুভৱ কৰিবলৈ নিদিয়ে৷ আঠ-দহঘৰৰ ব্যৱধানত বাকী কেইবাজনো নিহত শিশুৰ ঘৰ, শিক্ষয়িত্ৰী দেউৰী বাইদেউৰ ঘৰ৷এজন নিহত শিশু আছিল আমাৰ মাতৃৰ ছাত্ৰ, ঘৰলৈ পঢ়িবলৈকো আহে৷ সেই মনজিতৰ মাকৰ কান্দোনে কেতিয়াও আমাৰ স্মৃতিৰ পৰিসীমা বাহিৰ হৈ যাবই নোৱাৰে৷ আমি পালন কৰো এটুকুৰা কেঁচা ঘাঁ, কৰুণ স্মৃতিৰ.....

সেইদিনটো ভালকৈয়ে মনত আছে, মুন বাইৰ ভিনদেউৰ ভায়েকৰ ঘৰলৈ যোৱা৷ নতুনকৈ বিয়া পাতি নকৈ এটা ভেটিত কেঁচাঘৰ সাজিছে তেওঁ৷ সেনাবাহিনীত কাম কৰে, সেই সৰু ভিনদেউজন৷ তেখেতৰ ঘৰত ঘৰলোৱা খাবলৈ গৈছো৷ পেগু উপাধিৰ ভিনিজনৰ পত্নীয়ে আমাক আথে-বেথে আপ্যায়ন কৰিছে৷ ছাই-মদ বাকি দিছে, গাহৰি আনি দিছে৷ আমিও পূৰ্ণ তৃপ্তিৰে আশীষ কৰিছে, এই কেঁচা মাটিত পকা হৈ উঠক আপোনাসৱৰ যুগ্ম জীৱনৰ বান্ধোন৷ পেগুভিনি নিশ্চিন্তে অকলে পত্নীক এৰি এসপ্তাহ পাছতে গুচি গৈছে দেশ ৰক্ষাৰ বাবে সীমান্তলৈ৷ আৰু ইয়াত স্বাধীনতা দিৱসৰ স্থলীত ছিন্ন-চূড় হৈ উৰি গৈছে বৌ......উৰি গৈছে সকলোবোৰ আশা, কল্পনা, আশীষ....ধোঁৱা হৈ!

ভাবিলেই ভয় লগা পৰিবেশ, আমাৰ আপোন ঘৰৰ পৰা এক কিল’মিটাৰ মানহে দূৰ সেই স্থানলৈ৷ ঘৰৰ পৰাই মায়ে শুনিছিল সেই ভয় লগা শব্দ৷ আমাক স্কাউট-গাইডৰ দিনত সেৱাৰ প্ৰশিক্ষণ দিয়া শিক্ষক দীপেন দত্ত ছাৰৰ মুখেদি শুনিছিলো সেই তেজ-ধোৱা সময়ৰ গাঁথা৷ কিদৰে তেখেতে নেতৃত্ব দিছিল, আহত সকলক চিকিৎসাললৈ নিয়াত৷ কি অৱস্থা সিদিনা, ধোঁৱা আৰু বাৰুদৰ মাজত আপোন শিশু, পত্নী, মানুহৰ সন্ধানত ব্যাকুল হোৱা মোৰ ধেমাজিবাসীৰ৷ বৰ্ণনাই চুব নোৱাৰে সেই দিনৰ ইতিহাস...
এনেকৈয়ে স-হৃদয় মানুহে
 কৰে সেৱা দুৰ্গতৰ
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যেন
 ই এক নীৰৱ প্ৰতিবাদ

তাৰ পাছৰ এমাহমান প্ৰতিবাদী, শান্তি সমদল, বন্ধ, ৰাজহুৱা বিষোদগাৰ, অভিযোগৰ আঙুলি, তদন্ত, ভেকোঁভাওনা.... অসমৰ নিয়মমাফিক পৰিঘটনাৰ সমদল৷ মমবাতি জ্বলাই শুভবুদ্ধি উদয়ৰ বাবে প্ৰাৰ্থনা, চিৰকালৰ বাবে পৃথিৱী এৰিবলৈ বাধ্য হোৱা সকলৰ বাবে প্ৰাৰ্থনা........ ঘটনাবোৰ পাহৰণিৰ বুকুলৈ নিবলৈ, অনৰ্থক অনৰ্থক অনুভৱ হেন লগা কিছু ৰাজহুৱা নীতি-নিয়ম৷ দেৱেন তাৱৈদ’ৰ বোৱাৰীয়েকো তাতেই হেৰাল, পুতেকে মাজতে ক্ষতিপূৰণৰ ধনেৰে চিডিৰ দোকান খুলিছিল...এদিন সেইখনো বন্ধ হ’ল, তদন্তৰ ফাইলবোৰ বন্ধ হৈ যোৱাদি!

স্থানীয় এজন মন্ত্ৰীলৈ জড়িত থকাৰ অভিযোগৰ আঙুলি উঠিছিল, প্ৰতিবাদ হৈছিল...সময়ত আজি মাৰ গ’ল৷ বোমা বিস্ফোৰণৰ "নৈতিক দ্বায়িত্ব" স্বীকাৰ কৰা বীৰ-পুৰুষ হেন হত্যাকাৰীৰ দলৰ নেতাক ধেমাজিতে "জাতীয় মঞ্চ"ত গামোচা পিন্ধাই আদৰা হ’ল৷ তেওঁ গৈ ঘৰে ঘৰে কৰিলে ক্ষমা প্ৰাৰ্থনাও৷

চৰকাৰে দিলে আৰ্থিক ক্ষতিপূৰণ, স্মূতি ৰক্ষাৰ্থে নিহত সকলৰ মূৰ্তি নিৰ্মাণ, সেই স্থানত এটা লাইব্ৰেৰী আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে কোটি টকীয়া আবণ্টন৷ সদৌ অসম ছাত্ৰ সন্থাই এটা শ্বহীদ বেদী নিৰ্মাণৰ বাবে প্ৰায় ৮বছৰ ধৰি নিৰ্মাণ চলাই থাকিল আৰু তাৰ নামত চলি থাকিল কালেকচন৷ অৱশেষত এতিয়া সেইটো সম্পূৰ্ণ হ’ল নে নাই আজি খবৰ লবহে লাগিব৷

কিন্তু পৰিয়ালে নাপালে ন্যায় বিচাৰ আজিও, দোষীয়ে নাপালে শাস্তি৷ এতিয়া প্ৰশ্ন হয় সঁচাই সময়ৰ সতে পাহৰণিয়েই হব পাৰেনে একমাত্ৰ মলম, এই কেঁচা ঘাঁ শুকুৱাৰ বাবে৷ 

এই খিনিয়ে আজিৰ দিনৰ সত্য, যি মোৰ বুকুত থকা কেঁচা ঘাঁ-টুকুৰৰ বিষ সজীৱ কৰিছে পুনৰ বাৰ৷ সজল চকুত বাৰে ভাঁহি আহিছে মণ্টুহঁত, সিদাৰ্থহঁতৰ সতে কৰা ধেমালিৰ ক্ষণবোৰৰ কথা, সিহঁতৰ ঘৰৰ আগত দেউতাহঁতে পতা স্মৃতি সৌধবোৰৰ কথা... এতিয়া চাগৈ আমাৰ চুবুৰীত শুনা গৈছে প্ৰাৰ্থনা সভাৰ ধ্বনিৰ সতে মাতৃৰ কান্দোলৰ ৰোল....

অসমৰ তথা-কথিত স্বাধীনতাৰ যুঁজখনলৈ এই নিৰপৰাধ সকলৰ হত্যাই কি অৰিহণা যোগালে আজিও তাৰ উত্তৰ বিচাৰি ফুৰিছো৷ আৰু স্বাধীনতা দিৱস আহিলেই বিষ অহা এই নিদাৰুণ ঘাঁৰ পৰা কেতিয়ালৈ আমি মুক্তি পাম?  দুয়োটাৰ উত্তৰো হয়তো আমি কেতিয়াও নাপাম!!!!!!!!!!!
--------------------------------------------------------------
প্ৰাসংগিক লেখাৰ পুনৰ প্ৰকাশঃ

মুম্বাই মিৰৰ – মুম্বাই হৰৰ


১৩-০৭-২০১১ৰ সন্ধিয়া মুম্বাইত যি বোমা বিস্ফোৰণৰ ঘটনা ঘটিলসি অন্য এক ভয়ানকঘটনা৷ যি সাধাৰণ মানুহৰ সহজাত জীৱন-জীৱিকাৰে জীয়াই থকাৰ মানৱীয় অধিকাৰলংঘন কৰিছে৷ ভাৰতীয় মানুহক সুখে-শান্তিৰে জীয়াই থাকিবৰ বাবে নিশ্চিতি প্ৰদানকৰাটো ভাৰত চৰকাৰৰ এক মূল দ্বায়িত্ব৷ হত্যাকাৰী যিয়েই নহওক এনে ঘটনা ঘটিবৰবাবে সৰুঙা দিয়াৰ বাবেশাসকচোৰাংচোৱা আৰু আমোলাপ্ৰশাসন যে দ্বায়ীতাত কোনো দ্বি-মত নাই৷
(চিদা চাৰে মানক বা নামানক !)

হত্যাকাৰীৰ উদ্দেশ্য কিতাক কোনেও সৰলীকৃত উত্তৰ দিব নোৱাৰে৷ কাৰণ সাধাৰণমানুহৰ সহজ হত্যাই কাৰ কি গোপন লক্ষ্য বা হাবিয়াস পূৰণ কৰে৷ সেয়া কোনো সৰলবীজগণিতীয় ফর্মূলাই তাক নিৰূপণ কৰি দিব নোৱাৰে৷ সেয়া এজাক বিষাক্ত মানুহনামধাৰীৰ জান্তৱ কাৰনামাৰ বাহিৰে একো নহয় বুলিয়েই গণ্য কৰো৷

কোন নেতাইকোন গুৰুৱেকোনো ধর্মই মানৱ হত্যাৰে মানৱৰ কল্যাণ হব বুলি জ্ঞানদিয়েবা বিশেষ শ্ৰেণীৰ মানুহৰ গোপন ৰক্ত-পিপাসু হাবিয়াস পূৰণ কৰেসেই সকলকচিনাক্ত কৰিগোজে-শিপাই উঘালি পেলোৱাৰ প্ৰয়োজনৰ কথা সকলো সাধাৰণ মানুহেইঅনুভৱ কৰে৷ ওম পুৰী আৰু অনুপম খেৰ অভিনীত বিতর্কিত ছবি ৱেডনেছ-ডে  অংকনকৰা প্ৰতিচ্ছবি বোৰৰ সত্যতা আৰু সাধাৰণ মানুহে স্ব-ষড়যন্ত্ৰীয় উপায়েৰে -বোৰকনিমূর্লৰ বাট বিচৰাৰ বাদে একো
উপায় নোহোৱা অৱস্থাৰ উদ্ভৱ হোৱা যেন নালাগেনে

কেইজন মানুহৰ হত্যাৰ বাবে এজন হত্যাকাৰীক নির্দিষ্ট দিনৰ ভিতৰত মুকলিকৈ হত্যা কৰিশাস্তি প্ৰদান কৰা হবসেই বোৰৰ মুকলি হিচাব থাকিব লাগে৷ নহলে জন্নত দেখুৱাৰ সপোনদেখুওৱাই হত্যাকাৰী সজোৱা কাছাবক আমাৰ ন্যায়
ব্যৱস্থাই যোৱা তিনিটা বছৰে জন্নতত ৰখাৰ (সপোন ফলৱতী কৰাৰবাহিৰেকি কৰিছে?  (আজিৰ দৈনিক বাতৰিত বৰ-বৰ হৰফেৰে লিখিছে ৪৬ কোটি কাছাবৰনামতআৰু সাধাৰণ ভাৰতীয়ৰ নিৰাপত্তাৰ বাবে খৰছ ১৮১টকাকৈআপুনিও জানো সেইপ্ৰশ্নকে কৰিব খোজা নাই?

মুম্বাই স্পিৰিটৰ নামত ২৪ ঘণ্টাৰ পাছত ব্যস্ত হৈ পৰা অঞ্চল একোটাক দেখুৱাই মেডিয়াইবাৰে বাৰে কি প্ৰমাণ কৰিব বিচাৰেসেই পুত্ৰহীনা মাতৃস্বামীহীনা পত্নী সকলৰ মাজত গৈমুম্বাই স্পিৰিটৰ সন্ধান কৰিলেই প্ৰকৃত ঘাঁ আৰু তাৰ প্ৰভাৱৰ কথা জল-জল পটপটকৈ ওলাইপৰিব৷ জুই যাৰ গাত লাগেসিয়েহে যন্ত্ৰণাটো অনুভৱ কৰেসাংবাদিক বন্ধু সকলে কথাটোঅনুভৱ নকৰি অনুভূতিৰ এনে গল্প কৰিলে অন্তৰত দুখ লাগে৷

ঘটনাৰ আধা ঘণ্টা পাছতে মই কণ্ট্ৰল ৰুমৰ নৈশ ডিউটিৰ বাবে ওলাই যাবলৈ যো-জা কৰিবলগা হৈছিল৷ ওলাই যাব লাগেতেনেতে নিউজ চেনেলত বাৰে বাৰে ফ্লাছ নিউজ৷ মোৰ যাত্ৰাপথত এইমাত্ৰ জীৱন্ত বোমাৰ সন্ধান পাইছে৷ পুলিশ প্ৰশাসনে আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে জনতাকঘৰৰ পৰা নোলাবৰ বাবে আপীল কৰিছে৷ এক কিংকর্তব্য বিমোৰ অৱস্থা৷ ধেমাজিৰ পৰামাৰ ফোননুলাবিএওতো নেৰেই৷ অলপ দেৰিকৈ ৰাতি ১২ মান বজাত ওলোৱাৰ সিদ্ধান্ত লৈফোন কৰি
বছক জনালো৷ টি ভিত ভাঁহি অহা কর্মৰত পুলিচকর্মচাৰী আৰু আহত জনৰ সহায়ৰ হাতআগবঢ়োৱা সকললৈ কপাললৈ হাতখন নি চালাম জনোৱাৰ বাহিৰে একোকৰিব নোৱাৰিলো৷

(কবি মৃদুল সন্দিকৈৰ ভাষাৰেতেজৰ ফাকু খেলি ভালপোৱা সকলৰ বাবে গনেশগুৰিয়েহিৰোচিমা৷ যত আর্তজনক সহায় কৰা জনক মৰাৰ বাবেও এক্সট্ৰা বোমা ৰোপন কৰাহৈছিল৷ মুম্বাইৰ ঘাতক অন্তত অসমীয়া ঘাতকৰ সমান চিয়ানা নহয়!)

সহকর্মীজনলৈ ফোন কৰিলো৷ তেওঁ লেঅসমৰ মানুহ হৈ বম ফুটালৈ ভয় কৰনেযাবলাগে ওলাই৷ এইবোৰতো হৈয়েই থাকে৷ মই লোমই যাব বিচৰা নাইআপুনি যায় যদিবছক কও৷ গাড়ী আৰু ড্ৰাইভাৰ তলতে আছেযায় যদি মই ৰক্ষা পৰো৷ তেওঁ মুখেৰেনামাতিলে৷ সাহসিকতাৰ গল্প কৰা সহজকাড়ডাল নিজৰ ফালে টোৱালেহেগল্পৰ আচলমজা ওলায়মনে মনে ভাবিলো৷ 

ধেমাজিত মোৰ ঘৰৰ কাষৰ তেৰটা শিশু নাৰী স্বাধীনতা দিৱসৰ দিনা বোমাত উৰি ল৷তাৰ বিচাৰ নহল৷ দুদিন আগত ঘৰলোৱা খাই অহাছাই মদ বাকী দিয়া মিচিং বৌজনী,লগৰটোৰ পত্নীদেউৰী খুড়ীদেউমণ্টুসিদ্ধাৰ্থহঁতক হেৰোৱা দিনটো আনৰ পাহৰণিত জাহলেও মোৰ নাযায়৷ মেডিকেল কলেজত কুম্বাং খুড়াৰ ৰাটো এক্স-ৰে মেচিনত দাঙিধৰিতেজেৰে লুতুৰি-পুতুৰি হোৱা চোলাটো পিন্ধিয়েই ডিব্ৰুগড়লৈ হেলিকপ্টাৰত লৈ অহাআন আহত সকলৰ বাবেতেজ বিচাৰি মেডিকেলৰ হোষ্টললৈ কৰা লৰা-ঢপৰাবোৰ বোৰপাহৰিব নোৱাৰো৷ মণ্টু আৰু সিদ্ধার্থহঁতক হেৰুৱা খুড়ী কেইগৰাকীৰ কোলালৈ পাছত অন্ততএকোজনীকৈ ছোৱালী আহিল৷ কিন্তু বিহুৱে পূজাই তেওঁলোকক লগ পোৱাতেখেতসকলৰঘৰৰ সমুখতে থকা স্মৃতি সৌধ কেইটাই আমাৰ ঘাঁবোৰক অহৰহ জীয়াই ৰাখে নুশুকুৱাকৈ৷

সহকর্মীজনক জীয়া ঘাঁটো দেখুওৱা হ’ল৷

হত্যা মোৰ ভাল নালাগে৷ তথাপি চাগে ভাল লাগিবহত্যাকাৰীৰ মুকলি হত্যানাজানো৷

ৰাতিৰ ডিউটি কৰিলোহিঅশান্ত এটা মনলৈ৷কিন্তু পুৱা টাইমচ অৱ ইণ্ডিয়াৰ লগত অহামুম্বাই মিৰৰখন পঢ়িব নোৱাৰিলো৷ ৰাতিৰ টি ভি কভাৰেজেই সেই নৃশংস দৃশ্যৰে মগজুকইতিমধ্যেই সংপৃক্ত কৰিছে৷ যোৱা ৰাতিৰ মুম্বাইৰ মিৰৰ প্ৰকৃততে মোৰ বাবে মুম্বাই হৰৰ....

লেখাঃ ১৪জুলাই ২০১১, উৎসঃ 
http://lal-ink.blogspot.in/2011/07/blog-post.html

No comments:

Post a Comment