পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. নতুন মাষ্টাৰ প্লেন অনুসৰি সৰ্বমুঠ ৬৬বৰ্গ কিল’মিটাৰলৈ সম্প্ৰসাৰিত হ’ব গুৱাহাটী মহানগৰীঃ ৰাজ্যসভাত এক উত্তৰত সেই কথা প্ৰকাশ কৰিলে কেন্দ্ৰীয় চহৰ উন্নয়ন মন্ত্ৰীয়ে৷
২. অৱশেষত সংবিজিত গোটৰ অহৰহ ধন-দাবী, অপহৰণৰ বিৰুদ্ধে লবলৈ ওলাইছে প্ৰতিব্যৱস্থাঃ বিটিএডিত চলিব ইউনিফাইড কমাণ্ডৰ অভিযান৷

৩. মহানগৰীত সুৰক্ষাৰ লক্ষ্যৰে এইবাৰ শক্তি বৃদ্ধি কৰিব ক্ৰাইম ব্ৰাঞ্চৰঃ ঘোষণা কৰিলে আৰক্ষী সঞ্চালকপ্ৰধানে৷

৪. ঐতিহাসিক যমুনা পৰিষ্কৰণেৰে আৰম্ভ হ’ল "সেউজ শিৱসাগৰ অভিযান": পিংক চিটিৰ দৰে সুন্দৰকৈ গঢ়িবলৈ লোৱা এই প্ৰকল্প উদ্বোধন কৰিলে মন্ত্ৰী প্ৰণতি ফুকনে৷

৫. কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে "পোনপটীয়া কৰ অধিনিয়ম ২০১৩"তঃ বাৰ্ষিক দহ কোটি টকাৰ ওপৰত আৰ্জন কৰা সকলৰ বাবে স্থিৰ হ’ল ৩৫% অধিক আয়কৰৰ ব্যৱস্থা ৷

৬. আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আয়োজনেৰে আজিৰে পৰা আৰম্ভ হ’ল দিল্লী গ্ৰন্থমেলাঃ সকলো ৰাজ্যৰ প্ৰকাশন পৰিষদ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আদিৰ যোগদানৰ লগতে আলোচানা চক্ৰ, খ্যাতনামা লেখকৰ সৈতে অন্তৰংগ অনুষ্ঠান আদিৰ আয়োজনৰ সুখবৰ৷

৭. দিল্লী গণধৰ্ষণৰ গোচৰত অভিযুক্ত নাবালকৰ অপৰত বিচাৰ কৰিবলৈ নাবালক ন্যায়িক কৰ্টক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়েঃ বৰ্ডে বাৰে বাৰে এই বিচাৰ আছিল পিছুৱাই৷

৮. প্ৰবাসী ভাৰতীয় মিতেশ পেটেলৰ উদ্যোগঃ নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ চাহ দোকানৰ পৰা মুখ্যমন্ত্ৰীত্বলৈ যাত্ৰাক সামৰি জীৱন বিষয়ক এক চলচিত্ৰ৷

৯. ভাৰতীয় মহিলাৰ সফলতাৰ ধ্বজ উৰুৱাই নিশি বাসুদেৱাঃ নিৰ্বাচিত হ’ল ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগ হিন্দুস্তান পেট্ৰ’লিয়ামৰ মূৰব্বী ৰূপে, দ্বায়িত্ব লব অৱসৰ লবলগীয়া মুৰব্বী তথা এজন সফল অসমীয়া সুবীৰ ৰায় চৌধুৰীৰ পৰা৷

১০. বজালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগে অনুষ্ঠিত কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অহা ১২ আৰু ১৩ নৱেম্বৰতঃ বিষয়-"ভাৰতৰ লোক পৰিবেশ্য কলা আৰু অসমৰ পৰ্যটন উদ্যোগ"৷

চিন্তনীয় খবৰঃ
১. ৰাজ্যসভাত কুজুৰৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে ক’লে-"অসমৰ ছয় জনগোষ্ঠীৰ নাই জনজাতি ঘোষণা হোৱাৰ বাবে উপযুক্ত অৰ্হতা"৷

২. বৰপেটা গড়কাপ্তানি বিভাগৰ চৰাকীৰ সামগ্ৰী ক’লা বজাৰত বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বৰপেটাত সেই বিভাগৰ সহকাৰী অভিযন্তা৷

৩. মঙলদৈ থানা দৌহদত তিনিটাকৈ গ্ৰেনেড বিস্ফোৰণঃ আলফা (স্বাধীন) স্বীকাৰ কৰিলে কূটাঘাতৰ কথা৷

৪. স্থিৰ নহ’ল ত্ৰিপাক্ষিক বৈঠকৰ দিন, বিএনচি, জাকাছ আৰু আক্ৰাছুৱে দিয়া চৰম সীমা উকলিলঃ ক্ষুদ্ধ এবছুৱে আৰম্ভ কৰিলে আন্দোলন৷

৫. চীনক শ’লঠেকত পেলোৱাৰ বাবে আমেৰিকাৰ নতুন চক্ৰান্তঃ ভাৰতৰ তিৰুনম্তপুৰমতো বিচাৰিলে আমেৰিকাৰ মিলিটেৰী এয়াৰক্ৰাফট ষ্টেচন স্থাপনৰ পৰিকল্পনা৷

৬. নিতৌ ঘটি থকা গঁড় হত্যা ৰোধ নোহোৱা বিষয়ত আছুৱে দিলে ধিক্কাৰঃ আজি লৈছে প্ৰতিবাদী কাৰ্যসূচীও৷

৭. শাসকীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ তদন্ত বিহীন ভাৱেই আৰক্ষী প্ৰহাৰ বিষয়ত ক্লীনচিট দিলে ডিজিপিয়ে৷

৮. বেতবাৰী অঞ্চলত অব্যাহত আছে দিচাং-দিখৌৰ বানৰ তাণ্ডৱঃ বিদ্যালয়ো আছে পানীৰ তলত, ব্যাহত হৈছে পাঠদান৷

৯. ধৃত আব্দুল কৰিম তুণ্ডাৰ স্বীকাৰোত্কিঃ লস্কৰ-ই-তৈবাৰ সদস্য সংখ্যা প্ৰায় তিনিলাখ৷

১০. মুছলিম স্বায়ত্ত শাসনৰ বিৰোধিতা কৰিলে গৰিয়া-মৰিয়া-দেশী সকলৰ সংগঠনে৷

No comments:

Post a Comment