পলকতে সকলো সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সকলো সুখৰ খবৰ

পলকতে সকলো সুখৰ খবৰ

Share This
১. স্বাধীনতা দিৱসৰ প্ৰাক্-ক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে জনালে অৰ্থনৈতিক বিকাশৰ ধাৰা অব্যাহত ৰখাৰ বাবে আহ্বানঃ দুৰ্নীতিক এক ডাঙৰ প্ৰত্যাহ্বানৰূপে দিলে আখ্যা, এক সুস্থিৰ চৰকাৰ দেশক উপহাৰ দিয়াৰ বাবে জনালে আহ্বান৷
৬৭তম স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে
দিল্লীত উত্তোলন কৰিলে জাতীয় পতাকা

২. ৰাজ্যৰ ৬১গৰাকী সাহিত্যিক-শিল্পী-ক্ৰীড়াবিদলৈ ঘোষিত হ’ল পেঞ্চনঃ ১০জনলৈ সাহিত্য বঁটা আৰু ৪০জনলৈ আগবঢ়ালে ৰাজ্য চৰকাৰৰ এক কালীন সাহাৰ্য৷

৩. কৰ্তব্যত দেখুওৱা সাহস আৰু উল্লেখনীয় অৱদানৰ বাবে এই বৰ্ষৰ ৰাষ্ট্ৰপতিৰ পদক অসমৰ ১৪গৰাকী আৰক্ষীলৈঃ প্ৰয়াত লোহিত সোনোৱাললৈ আগবঢ়ালে কীৰ্তিচক্ৰ সন্মান৷

৪. দিল্লীত মুখ্যমন্ত্ৰীক জনালে আইন মন্ত্ৰীয়ে, অসমৰ উচ্চ সদন গঠনৰ প্ৰক্ৰিয়া হৈছে প্ৰায় সম্পূৰ্ণঃ শীতকালীন অধিৱেশনতে ৪২জনীয়া উচ্চ সদনৰ বাবে উত্থাপন কৰিব বিধেয়ক, ২৫জনলৈ বৃদ্ধি কৰিব পাৰিব ৰাজ্যৰ মন্ত্ৰীসভা৷

৫. গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ নিযুক্তিঃ উৰিষ্যাৰ ভুৱনেশ্বৰস্থিত কেন্দ্ৰীয় চৰকাৰৰ "দি ছায়েঞ্চ ফাউণ্ডেচন ফৰ ট্ৰাইবেল এণ্ড ৰুৰেল ৰিছ’ৰ্চ ডেভেলপমেণ্টৰ" মুখ্য বিজ্ঞানী ৰূপে কৰ্মৰত ডঃ মৃদুল হাজৰিকাই লাভ কৰিলে এই গুৰু দ্বায়িত্ব৷

৬. ডঃ মহেন্দ্ৰ বৰাৰ স্মৃতিত স্মাৰক বক্তৃতাৰ আয়োজন শিৱসাগৰৰ ঢুলীয়াপাৰ ৰাস মঞ্চত অহা ১৭ আগষ্টতঃ বিষয় "বৰ্তমান শিক্ষা ব্যৱস্থাৰ স্বৰূপ আৰু ইয়াৰ ভৱিষ্যত"৷

৭. বিশিষ্ট ঢোলবাদ্যৰ গৱেষক ডঃ নৰেন্দ্ৰ নাখ বৰদলৈৰ স্মৃতিচাৰণ অনুষ্ঠানত আজি উন্মোচিত হৈছে "পাতিঢোলত জীৱনৰ ছন্দ" শীৰ্ষক স্মাৰকগ্ৰন্থ৷

৮. ভাৰত-মূলীয় মাৰ্কিন বাসিন্দাৰ স্বাধীনতা দিৱসৰ পেৰেডত অংশ লব আন্না হাজাৰেইঃ কেইবাখনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সতেও অন্তৰংগ আলাপত ভাগ লব লগা আন্নাৰ ভাষণ শুনিবলৈ উত্তাৱল হৈ ৰৈছে সেই দেশৰ নাগৰিক৷

৯. যি কোনো ধৰ্মৰে বিবাহক পঞ্জীকৰণ হব বাধ্যতামূলকঃ বিধেয়ক পাছ কৰিলে ৰাজ্যসভাই৷

১০. অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমে ২কোটি ৬লাখ টকাৰ নিজা পুঁজিৰে নিৰ্মাণ কৰি অন্যান্য নিগম নিকায়ৰ সতে ব্যতিক্ৰমী হোৱাৰ দাঙি ধৰিলে উদাহৰণঃ নৱ-মিৰ্মিত কাৰ্যালয় উদ্বোধন কৰিলে শিক্ষামন্ত্ৰীয়ে৷

১১. অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰি বাহাল ৰখা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰাৰ দাবীত ৰাজ্যজুৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰিলে ইয়াৰ প্ৰতিলিপি দাহ৷

১২. অহা ১৭ আগষ্টত ঘোষিত হব ছেবাৰ বহী পুনৰীক্ষণৰ ফলাফল৷

১৩. সপ্তম এছিয়ান জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপঃ ভাৰতে জিনিলে এটা ৰূপ আৰু পাঁচোটাকৈ ব্ৰঞ্জৰ পদক৷

No comments:

Post a Comment