পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. ভাৰতে কৰিলে পৰমাণুশক্তি সম্পন্ন মিছাইল পৃথ্বী-২ৰ সফল পৰীক্ষনঃ উৰিষ্যৰ উপকূলত৷
পোহৰৰ দৰেই দুৰ্বাৰ গতি.... মস্কোত চলি থকা
বিশ্ব এথলেটিকচ চেম্পয়নশ্বিপত
পুনৰ দ্ৰুততম মানৱ হ’ল উছেইন ব’ল্ট
২. অসমৰ ফল উৎপাদন বছৰি ২১.১লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য কৃষি বিভাগৰঃ ইজৰাইলৰ কল, টাইৱানৰ অমিতা, থাইলেণ্ডৰ মাটি কঁঠালৰ প্ৰজাতিৰে  উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰিছে অভিলাষী আঁচনি৷

৩. ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব উপযুক্ত দামৰ নিশ্চিতিঃ ভাৰতীয় চাহ বৰ্ডে উপযুক্ত দাম নিৰ্ধাৰণৰ বাবে প্ৰতি জিলাতে দাম নিৰীক্ষণ সমিতি কৰি দিলে গঠন৷

৪.মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কাষৰ কালপানীত নতুনকৈ গঢ় ল’লে "স্মল টি ফাৰমাৰচ চ’ছাইটি": জৈৱিক চাহ খেতিক প্ৰাধান্য প্ৰদানৰ জৰিয়তে স্বাৱলম্বিত হবলৈ আঠ বিঘা মাটিত প্ৰথম পৰ্যায়ত ৰোপন কৰিলে চাহ পুলি৷

৫. এটা দশকৰ পিছত পুনৰ আৰম্ভ কৰিবলৈ ওলাইছে ডুগৰ শ্বিল্ড ফুটবলঃ বুটৰ গিৰিপনিত পুনৰ কঁপিব তেজপুৰৰ ঐতিহাসিক প’ল’ ফিল্ড৷

৬. গণশিল্পী খগেন মহন্তৰ জন্মদিন উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত পঞ্চসুৰৰ বিশেষ উদ্যোগঃ ১৭আগষ্ট দিনটো পালন কৰি আহিছে  "গণগীতৰ দিন" ৰূপে, এইবৰ্ষতো লোকসংগীতৰ এক অন্তৰংগ অনুষ্ঠান "লুইতৰ পাৰৰ ঢৌ.."ৰ কৰিছে আয়োজন৷

৭. অসম লোকসেৱা আয়োগৰ নিয়োগৰ বাবে আৰম্ভ হ’ল www.apsconlive.gov.in ৰে অনলাইন আবেদন সেৱাঃ ২৪১টা নতুন পদৰ বাবে দিলে নতুন বিজ্ঞাপন ৷

৮. বিশিষ্ট সামাজিক-সাংস্কৃতিক অনুষ্ঠান হিতকল্পই কৰিলে দাবীঃ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰতি বছৰেই দিয়াৰ বাবে তুলিলে দাবী৷ এই বৰ্ষ নটসূৰ্য ফণী শৰ্মা বঁটাৰ লগত আনবাৰৰ দৰে এই বঁটা প্ৰদান নকৰাক লৈ ক্ষুদ্ধ হৈছে সচেতন ৰাইজ৷

৯. জামুগুৰিহাটৰ পাতলৰ-চুক গাঁৱত আয়োজিত হৈছে ২৫০তম শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু ঐতিহাসিক বোকাখেচা ভাওনা উৎসৱঃ পৰ্যটনৰ আকৰ্ষণ ৰূপে ইয়াক গঢ় দিয়াৰ বাবে দাবী তুলিলে স্থানীয় ৰাইজে৷

১০. গোৱালপাৰাৰ অসম ক্লাৱে গৰকিলে শতবৰ্ষঃ প্ৰতিষ্ঠাপক সদস্যসকলৰ জীৱনী, গোৱালপাৰাৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শন, স্মৰণিকা প্ৰকাশ আদিৰ বাবে ক্লাৱে কৰিলে সিদ্ধান্ত গ্ৰহণ৷

১১. আজি সংসদত উত্থাপন হব লগীয়া বাংলাদেশলৈ মাটি হস্তান্তৰ বিষয়ক বিধেয়কৰ প্ৰতিবাদত ৰাজ্য জুৰি আছুৰ বিক্ষোভ প্ৰদৰ্শনঃ নতুন ৰাজ্য সৃষ্টিৰ বিৰোধিতা কৰি সমুজ্জ্বল ভট্টাচাৰ্যই ক’লে- "অসমৰ বুকুৰ পৰা কোনো এটা জাতি জনগোষ্ঠী ওলাই যোৱাটো ভাবিবই নোৱাৰোঁ৷

১২. সাম্প্ৰদায়িক সংগঠনৰূপে সৰ্বজনবিদিত আমছুক পাকিস্তান-বাংলাদেশৰ এজেণ্ট আখ্যা দি নিষিদ্ধ কৰাৰ দাবী তুলিলে উজনি অসম মুছলিম কল্যাণ পৰিষদে৷

১৩. জন্মস্থান ভবানীপুৰত গোপালদেৱ আতাৰ জীৱন আৰু কৃৰ্তি বিষয়ক বক্তৃতানুষ্ঠানঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তই ক’লে-"শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম-সংস্কৃতিৰ আন্দোলনৰ অন্যতম সেনাপতি আছিল গোপালদেৱ"৷

১৪. ছিপাঝাৰত উন্মোচিত হ’ল সাম্প্ৰতিক সময়ৰ এজন প্ৰতিভাবান কবি-লেখক গিৰীশ নাথৰ কাব্যগ্ৰন্থ "জোনাকৰ বাৰিষা"৷

১৫. ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অধিক গৰুত্ব দিয়াৰ লক্ষ্যৰে বিজেপিত চামিল হ’ল সুব্ৰমণিয়ম স্বামীৰ জনতা পাৰ্টিঃ দেশত শক্তিশালী বিৰোধীৰ অভাৱে ৰাজনৈতিক হতাশা অনাৰ সময়তে এই পদক্ষেপৰ হ’ল ঘোষণা ৷

No comments:

Post a Comment