পলকতে সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখৰ খবৰ

পলকতে সুখৰ খবৰ

Share This
১. ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ সতে সাহসেৰে যুঁজ দিয়া বন-কৰ্মীক দিয়া হব ২০হাজাৰ টকাৰ সৈতে সাহসিকতাৰ পুৰস্কাৰ, লগতে বানত জীৱ-জন্তুৱে আশ্ৰয় লবৰ বাবে নিৰ্মাণ কৰিব এশটাকৈ হাই লেনঃ উদ্যান পৰিচালনা সমূহৰে সতে আলোচনাৰ অন্তত বন মন্ত্ৰীয়ে কৰিলে ঘোষণা৷
নুমলীগড় ৰিফাইনেৰীৰ বৰঙণি
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ

২. সাহসিকতাৰ একমাত্ৰ পদকেৰে তেজপুৰলৈ গৌৰৱ কঢ়িয়ালে কাৰ্তিক শইকীয়াইঃ গুলীবিদ্ধ অৱস্থাতো যুঁজি নিহত কৰিছিল উগ্ৰপন্থীক ৷

৩. গেলেকীৰ সুন্দৰ পুখুৰী প্ৰগতি মহিলা সমবায় সমিতিৰ মহিলা সকলে আগষ্টতে সোণগুটি বুটলি দেখুৱালে আদৰ্শঃ সমবায় ভিত্তিত যোৱা ডিচেম্বৰতে ৰোপন কৰিছিল সেউজ বিপ্লৱৰ লক্ষ্যৰে কৃষি বিভাগে দিয়া জে.কে.আৰ.আইচ ৪০(১) ধানৰ কঁঠিয়া ৷

৪. ৰাজহুৱা উদ্যোগৰ শলাগনীয় বৰঙনিঃ এন আৰ এলে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ালে ২০লাখকৈ টকাৰ আৰ্থিক সহায়৷

৫. উজলি উঠিল তৃতীয় মৰ্চাৰ সম্ভাৱনাঃ দেশৰ আগশাৰীৰ আলোচনী ইণ্ডিয়া টুডে আৰু চি ভোটাৰ মুডে চলোৱা সমীক্ষা মতে ইউপিএ হেৰুৱাব ১২২খন আসন, তৃতীয় মৰ্চাৰ আসনৰ সংখ্যা হোৱাৰ সম্ভাৱনা ২৫১খন আসনৰ৷

৬. নতুন ৰুপত জিলিকিব উত্তৰ-পূৱৰ ন্যায়ৰ মন্দিৰ স্বৰূপ গুৱাহাটী উচ্চ ন্যায়ালয়ঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পি সথাশিভমে উদ্বোধন কৰিব নৱ-নিৰ্মিত ভৱন৷

৭. কালি ঘোষিত হ’ল শিক্ষামিত্ৰ সকলৰ বাবে অনুষ্ঠিত টেট পৰীক্ষাৰ ফলাফলঃ নিম্নপ্ৰাথমিকত ৬৫৪২গৰাকী অৱতীৰ্ণৰ বিপৰীতে উত্তীৰ্ণ হয় ৩৮৩৫জন, উচ্চ মাধ্যমিকত ১৭৪৫জনৰ ভিতৰত ১৩৭৪গৰাকীয়েই সফলতাৰে উত্তীৰ্ণ হোৱাৰ সুখৰ খবৰ৷

৮. চিএমজি বিশ্ববিদ্যালয়ৰ পৰা লোৱা ভুৱা বিএড ডিগ্ৰীধাৰীৰ পদৰ হব অৱনমনঃ ভুৱা পিএইচডিৰে প্ৰৱক্তাৰ চাকৰি লোৱা সকলক অব্যাহতি দিয়াৰ ব্যৱ্স্থা গ্ৰহণ কৰা বুলি ঘোষণা কৰি শিক্ষামন্ত্ৰীয়ে৷

৯. অহা নৱেম্বৰ মাহতে অনুষ্ঠিত হব শেষবাৰৰ বাবে এল পিৰ টেট’: উচ্চতৰ মাধ্যমিকৰ টেট’ পৰীক্ষাক দিন ঘোষিত হ’ল ১৯ নৱেম্বৰ৷

১০. ৰাস্তাৰ কুকুৰৰ বাবেও আৰম্ভ হ’ল হেল্প-লাইন টেলিফোন সেৱাঃ বাংগালুৰুৰ ৰাকেশ শুক্লা নামৰ ব্যক্তিজনে পৰিত্যক্ত কুকুকৰৰ খবৰ পালেই চিকিৎসা প্ৰদান কৰি আশ্ৰয় গৃহ দান কৰাৰ লক্ষ্যৰে হেল্পলাইন সহ স্থাপন কৰিছে ভইচ অৱ ষ্ট্ৰীট ডগচ নামৰ এনজিঅ’৷

১১. শিৱসাগৰ জিলাত এখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়ৰ দৰে শিক্ষা প্ৰতিষ্ঠান আৰু তেল শোধনাগাৰ, এলপিজি বটলিং প্লেণ্ট, তাপ বিদ্যুত প্ৰকল্প আদিকে ধৰি বিভিন্ন দাবীৰে সামগ্ৰিক উন্নয়নৰ বাবে দাবী জনাই প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে টাই আহোম যুৱ পৰিষদ, শিৱসাগৰ জিলা সমিতিয়ে৷

১২. ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে নেপাললৈ উপহাৰঃ বিশখন এম্বুলেঞ্চ আৰু চাৰিখন বাছৰ লগতে নেপাল প্ৰায় ৬০খন শৈক্ষিক প্ৰতিষ্ঠানলৈ গ্ৰন্থ সম্ভাৰ উপহাৰ দিয়ে ভাৰত চৰকাৰৰ হৈ ৰাষ্ট্ৰদূত জয়ন্ত প্ৰসাদে৷

১৩. বৰপেটা উন্নতি সভাই ল’লে অভিনৱ প্ৰতিবাদী কাৰ্যসূচীঃ প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰিলে কৰিলে ভাগৱত পাঠ৷

১৪. পেঞ্চনাৰৰ বাব সুখৰ খবৰঃ ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ আঠ সহস্ৰাধিক পেন্সনৰ গোচৰ চলিত বিত্তীয় বৰ্ষতে নিষ্পত্তি কৰাৰ লক্ষ্য স্থিৰ কৰিলে ৰাজ্য চৰকাৰে৷

No comments:

Post a Comment