ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১.মা কামাখ্যাৰ আশীষ লৈহে শান্তি পালে, বেংগল কন্যা বেনাৰ্জিয়ে৷ ৰঙা ৰঙৰ আতংকৰ পৰা বাচিবলৈ মন্দিৰটো নল’লে ফোট৷ ৰঙা আপেলৰ সলনি প্ৰসাদত ব্যৱহাৰ কৰিলে সেউজীয়া আপেল!

২. অশ্লীল চিনেমা নকৰে বুলি ঘোষণা কৰিলে অজয় দেৱৰগনে৷ তেখেতে কয় ভাৰতত সেইবিধ ছবিত ধৰি এতিয়া চানি লিয়নীৰ লগত প্ৰতিযোগিতা কৰা  ধৰণৰ দেহ তথা সামৰ্থ্য তেখেতৰ দৰে ভটিয়নী হিৰোৰ নাই৷ এতিয়া ৰাইজক অলপ হহুৱাইৱেই ভাত মোকোলাব পাৰিলেও যথেষ্ট বুলি তেখেতে মত প্ৰকাশ কৰে৷
৩. দিগবিদিগ সিঙে বনাব এখন নতুন চলচিত্ৰ “থ্ৰী-ইডিয়টচ”৷ ৰাহুল, মোদী আৰু মূলায়ম হব ইয়াৰ মুখ্য চৰিত্ৰ৷ পি.এমৰ দৌৰৰ ওপৰত নিৰ্মিত হব লগা ফিল্ম খনৰ চিত্ৰনাট্য, সংলাপ কপিল সিয়ানৰ৷ হাস্য মধুৰ ছবি খনৰ জৰিয়তে কেনেকৈ এজন ৰাজকুমাৰ, এজন চাহৱালাৰ পৰা ৰাজনীতিলৈ অহা ডেকা আৰু এজন মস্তানৰ চৰ্দাৰে পি.এম. নামৰ চকীত বহিবলৈ খোৱা-কামোৰা কৰি মৰে তাকে চিত্ৰায়ন কৰিব৷ বিৰোধ পক্ষই এই ছবিত বফৰ্চৰ টকা জড়িত থকাৰ অভিযোগ অনাত বিতৰ্কই নিৰ্মিয়মান ছবিখনত ইতিমধ্যেই জনপ্ৰিয়তা প্ৰদান কৰিছে৷

৪. নৰেন মেদিৰ জীৱনক লৈ আমেৰিকাত থকা এজন গুজৰাটীয়ে নিৰ্বাচনমুখী চিনেমা বনোৱাক লৈ তাক প্ৰত্যাহ্বান স্বৰূপে ইটালিৰ মামা সকলে এখন হলিউদী চিনেমাত ৰাহুক চুপাৰ হিৰ কৰি চিনেমা বনাবলৈ প্ৰস্তুতি চলোৱাৰ বাতৰি৷ পিছে ভাৰতীয় শিশু সকলে চুপাৰ হিৰটো দেখুন আচলতেই এটা কাৰ্টুন, আৰু তাতকৈ সেই কাৰ্টুন চিনেমা বনালেহে হিট হব বুলি মতামত প্ৰকাশ কৰিছে৷ 

৫. টিনা আম-বাণীয়ে দিলে চিবিআইক বাণীঃ গৃহস্থই চুৰি-তাৰি কৰি আনিলেইওটো মই নাজানো৷ শাক-পাচলি আনে কৰবাৰ পৰা, মই মাত্ৰ ৰান্ধি বাঢ়িহে দিও৷ মই ভাত সিজিচেনে চাম নে গৃহস্থৰ কামকাজ! টু-জি কেলেংকাৰীত বিষয়ত আচলতে চিবিআইৰ ঘৰত টিনা আই হৈছিল এদিনৰ আলহী!

৬. ৰাহুৰ মাকে ক’লে, আমাৰ মাইনাই হব প্ৰধানমন্ত্ৰী৷ ইলেকচন কেনেকৈ জিকিব লাগে সকলো টেকনিক আমি কেইবাদশকো ব্যৱহাৰ কৰিয়েই আছো৷ সূতা, কম্বল, মদ আদিটো ফাইনেল ৰাউণ্ডত, এতিয়াটো তিনি টকাত চাউল, বিনামূলীয়া চাইকেল, বেংকত টকা আদি খোলা বেপাৰবোৰ আৰম্ভ কৰিয়েই দিছো৷ আমিয়েই নিজিকি জিকিব কোন আপুনিয়েই কওকচোন বুলি সাংবাদিককে সুধিলে ওলোটাই প্ৰশ্ন৷

৭. অনিল আম-বাণীয়ে লিখিব নতুন কিতাপ “কেলেংকাৰী পাহৰাৰ সহজ উপায়”, সুৰেশ কালমাটিৰ পৰাও তেখেতে সংগ্ৰহ কৰিছে টিপছ৷ সকলো টেলিকম কোম্পানীৰ মানৱ সম্পদ বিকাশ কেন্দ্ৰত ইয়াক পাঠ্যক্ৰম ৰূপে ইয়াক প্ৰৱৰ্তন কৰিব লাগিব বুলিও টেলিকম লবী সন্থাই প্ৰকাশ কৰিলে দৃঢ়মত৷

৮. আচাৰ ৰাম বাপুৱে পুলিচৰ লগত আজি খেলিব প্ৰশ্নোত্তৰৰ খেল৷ নাবালিকাই তেওঁক যৌন-পীড়ন কৰা সন্দৰ্ভত তেখেতে দিব আজি উত্তৰ৷ তেখেতে ক’লে বৌদ্ধ দেৱেও এনে দুৰ্দিনৰ সন্মুখীন হৈছিল৷ বুদ্ধত্ব প্ৰাপ্তিৰ বাবে বৃদ্ধ বয়সত এনে লুৎসাৰ সন্মুখীন হোৱাটো অতিশয় প্ৰয়োজনীয়, সেই বুলিও তেখেতে বাণী প্ৰদান কৰে!

৯. কাইলৈৰ পৰা উত্তৰ প্ৰদেশত বিতৰ্কিত অযোধ্যা যাত্ৰা৷ "ভাগ মোদী ভাগ" নামৰ ঐতিহাসিক মাৰাথানক জনপ্ৰিয় কৰাৰ বাবে এই বিতৰ্কিত যাত্ৰাৰ আয়োজন কৰা হৈছে৷ আয়োজক অমিতা শ্বাহে ক’লে বিতৰ্কইহে আনিব জনপ্ৰিয়তা!

১০. চেন্নাই এক্সপ্ৰেছে ২০০কোটি আৰ্জনৰ অভিলেখ গঢ়িলে, কিন্তু এই হিচাব বিজ্ঞাপনৰ বাবেহে, ইনকাম টেক্সৰ বাবে নহয় বুলি তলত লিখি দিলে বিধি সন্মত সতৰ্কীকৰণ৷

No comments:

Post a Comment