চিন্তনঃ বিজেপিক উৎখাত কৰিবলৈ অসমৰ জাতীয়তাবাদী শক্তি সমূহ কিয় একগোট হোৱা উচিত! :: শৈলেন বৰকটকী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ বিজেপিক উৎখাত কৰিবলৈ অসমৰ জাতীয়তাবাদী শক্তি সমূহ কিয় একগোট হোৱা উচিত! :: শৈলেন বৰকটকী

চিন্তনঃ বিজেপিক উৎখাত কৰিবলৈ অসমৰ জাতীয়তাবাদী শক্তি সমূহ কিয় একগোট হোৱা উচিত! :: শৈলেন বৰকটকী

Share This
নাগৰিকত্ব সংশােধনী বিধেয়কখনক লৈ সম্প্রতি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূর্বাঞ্চল উত্তাল। সংগত কাৰণতেই আজি অসমীয়া লােকসকল শংকিত হৈ পৰিছে। ল'ৰা ৰজাসদৃশ মেৰুদণ্ডহীন অসমৰ মুখ্যমন্ত্রীজনৰ আশ্বাসবাণীক অসমৰ ৰাইজে বিশ্বাসত লােৱা নাই। এই কথা আজি আৰু কাৰাে বুজিবলৈ বাকী নাই যে নৰেন্দ্ৰ মােডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমক চৰম প্ৰতাৰণা কৰিলে। যিজন নৰেন্দ্ৰ মােডীয়ে ২০১৪ চনৰ নিৰ্বাচনৰ আগে আগে অসমলৈ আহি কেন্দ্ৰত বিজেপি চৰকাৰ অধিষ্ঠিত হলে সকলাে অবৈধ বাংলাদেশী লােকে টালি-টোপােলা লৈ অসমৰ পৰা যাব লাগিব বুলি ঘােষণা কৰিছিল সেই একেজন মােডীয়েই আৰু তেওঁৰ চৰকাৰে ধৰ্মৰ ভিত্তিত অতি সাম্প্রদায়িক দৃষ্টিভংগীৰে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ উঠিপৰি লাগিছে। এয়া কি অসমীয়া জাতিৰ প্রতি বিজেপি চৰকাৰৰ চৰম বিশ্বাসঘাতকতা নহয় ? 

অসমীয়াৰ সুখ-দুখঃ অনলাইন দৈনিক
অতি সন্তোষৰ কথা যে এইবাৰ ৰাজ্যসভাত জাতিধ্বংসী বিধেয়কখন গৃহীত ন’হল আৰু মােডীৰ এইটো কার্যকালত সেইখন গৃহীত হােৱাৰ আশা নাই। সি যি নহওক, তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছ। চৰকাৰৰ দিনত অসমত যেতিয়া বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আন্দোলন গঢ়ি উঠিছিল তেতিয়া বিজেপিয়েও সেই বান্ধৰ বিৰুদ্ধে বিৰােধিতা কৰা দেখা গৈছিল। কিন্তু, আজি বিজেপিয়ে কেন্দ্ৰ ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিয়েই ওলােটা খৰ মাৰি সেইনদীবান্ধ গঢ়িবলৈ বদ্ধপৰিকৰ হৈছে। বিজেপিৰ এই ৰাজনৈতিক ভণ্ডামি আৰু বিশ্বাসঘাতকতা আজি নিজেই উদঙাই দেখুৱালে। অসমৰ তৈলক্ষেত্রসমূহ পুঁজিপতি-বণিয়াগােষ্ঠীক লুণ্ঠন কৰিবলৈ এৰি দিয়া হৈছে। আনহাতে কাগজকলকে ধৰি অসমৰ উন্নতি সাধিব পৰা বহু উদ্যোগ মৰি যাবলৈ দিয়া হৈছে। অসমৰ কৃষিভূমিত বছৰি দুই-তিনিবাৰকৈ খেতি কৰিব পৰাকৈ কৃষকক সা-সুবিধা প্রদান নকৰি বিজেপি চৰকাৰে পুঁজিপতি-বণিয়াগােষ্ঠীক বৃহৎ বৃহৎ কৃষিভূমি প্রদান কৰি অসমক শােষণ-লুণ্ঠন কৰিবলৈ বাট উলিয়াই দিছে। এইবিলাকৰপৰা প্রমাণিত হয় বিজেপি চৰকাৰ সাধাৰণ দুখীয়া ৰাইজৰ পক্ষত নাই; আছে দেশী-বিদেশী বৃহৎ বেপাৰী-বণিয়া তথা ধনীক গােষ্ঠীৰ লগতহে।

মােডীয়ে প্রতিশ্রুতি দিছিল বিদেশত থকা সকলাে কলা ধন দেশলৈ ঘূৰাই আনিম বুলি, কৈছিল পােন্ধৰ লাখকৈ টকা ভাৰতীয় নাগৰিকৰ বেংকৰ একাউণ্টত ভৰােৱা হ'ব, নিবনুৱাক আশ্বাস দিছিল লাখ লাখ চাকৰি সৃষ্টি কৰা হ'ব বুলি। কিন্তু মােডীৰ কার্যকালত সেইবােৰ ৰূপায়ণ হ’লনে? যি প্রতিশ্রুতি দি কেন্দ্ৰত বিজেপি চৰকাৰ অধিষ্ঠিত হৈছিল সেই প্রতিশ্রুতি যে সম্পূর্ণ ভুৱা আছিল সেয়া ভাৰতীয় জনগণে আজি দেখিলে আৰু বুজিলে। ক্ষমতা লাভ কৰিয়েই তেওঁলােকে তেওঁলােকৰ গুপ্ত আঁচনিবােৰ মােনাৰ পৰা এটি এটিকৈ উলিয়াই জোৰজবৰদস্তি কার্যকৰী কৰিবলৈ উঠিপৰি লাগিল। ক্ষমতাত অধিক বছৰ টিকি থাকিবলৈ মােডীয়ে দেশত যি বিস্ময়কৰ বিমুদ্ৰাকৰণ ঘটালে সি বিশ্বৰ অন্যতম বৃহৎ ঠগবাজি, লুণ্ঠনৰ কাৰবাৰ আছিল বুলি দেশৰ সর্বত্রতে এতিয়া নিন্দিত হৈছে। বিমুদ্ৰাকৰণে দেশলৈ কি পৰিৱৰ্তন আনিলে ভাৰতীয় জনগণে আজি স্বচক্ষে প্রত্যক্ষ কৰিলে। বিমুদ্ৰাকৰণৰ নামত সর্বসাধাৰণ জনতাক বিপর্যস্ত কৰি মােডী চৰকাৰে ধনকুবেৰসকলৰ জেপ শক্তিশালী কৰিলে। কোটি কোটি টকা ঋণ দি বহু ধনকুবেৰক দেশৰ পৰা পলাই যাবলৈ সুবিধা কৰি দিয়া হ'ল। ইয়াৰ বিপৰীতে দুখীয়া খেতিয়কে ঋণ নাপাই বা পালেও অধিক সুতৰ বাবে ঋণ মাৰিব নােৱাৰি বহু হেজাৰ খেতিয়কে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। বাহিৰত যিমানেই ঢােল নিপিটক কিয় বা বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি আদিয়ে যিমানেই প্রমাণপত্র নিদিয়ক কিয় আজি মােডীৰ শাসনকালত ভাৰতীয় অর্থনীতি বিধ্বস্ত, বিপর্যস্ত। মােডী চৰকাৰৰ বেপৰুৱা, অগণতান্ত্রিক তথা লুণ্ঠন ৰাজনীতিৰ লগত তিষ্ঠি নােৱাৰি আজি এজন এজনকৈ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণ পদত্যাগ কৰিবলগীয়া হৈছে।

বিজেপি চৰকাৰৰ সংবিধানবিৰােধী এক মাৰাত্মক বিপজ্জনক মূল কাৰ্যসূচী হৈছে বহু ভাষা-ধর্ম-সংস্কৃতিৰে গঠিত ভাৰতবৰ্ষখনক এখন হিন্দুৰাষ্ট্ৰ হিচাপে গঢ়ি তােলা। মােডী চৰকাৰে নিজৰ বিফলতাবােৰ ঢাকি ৰাখিবলৈ এতিয়া সাম্প্রদায়িক ৰাজনীতিৰ আশ্রয় ল’বলগীয়া হৈছে। ইয়াৰ বাবে তেওঁলােকে মূল আক্ৰমণৰ লক্ষ্য কৰি লৈছেমুছলমানসকলক। ভাৰতীয় বৈধ মুছলমানসকলে হয় হিন্দুধর্ম দীক্ষিত হ'ব লাগিব নহয় অতি সীমিত সা-সুবিধা লৈ হিন্দুৰ পদতলত থাকিব লাগিব আৰু যদি সেয়াও নহয় তেনেহ'লে তেওঁলােকে চিৰদিনৰ বাবে ভাৰত এৰি আৰব, পাকিস্তান, আফগানিস্তান আদি দেশলৈ গুচি যাব লাগিব। 

সম্পূর্ণ ফেচিবাদী কায়দাৰে, উগ্র সাম্প্রদায়িক দৃষ্টিভংগীৰে বিজেপি চৰকাৰে এনেবােৰ বিপজ্জনক কার্য বলপূর্বকভাৱে কৰিবলৈ গৈ দেশত যি অস্থিৰতাৰ পৰিৱেশ সৃষ্টি কৰিছে সিয়ে ভাৰতীয় গণতন্ত্র তথা সংবিধানৰ ভেটিটোকেই ধূলিস্যাৎ কৰি দিছে। দেশত যেন পুনৰ ব্রাহ্মণ্যবাদ সবল ৰূপত প্রতিষ্ঠা কৰিবলৈ দিনে ৰাতিয়ে কচৰৎকৰি থকা হৈছে। দেশত অহর্নিশে সাম্প্রদায়িক বিষবাষ্প প্ৰসাৰ, অবৈজ্ঞানিক চিন্তা-চৰ্চৰ ব্যাপক প্রচাৰ, তথ্যনিষ্ঠ আৰু বস্তুনিষ্ঠ তথা বিজ্ঞানসন্মতভাৱে লিখিত পাঠ্যপুথিৰ ঠাইত কেৱল হিন্দুৰ গৰিমাৰে ভৰপূৰ সাম্প্রদায়িক দৃষ্টিভংগীৰে লিখা পাঠ্যপুথি প্রচলন, দেশৰ বিভিন্ন চৰকাৰী বিভাগসমূহত সাম্প্রদায়িক ব্যক্তিক মুৰব্বী পদত নিয়ােগ, মানুহৰ খাদ্যাভাসৰ ওপৰত বৰ্বৰােচিতভাবে হস্তক্ষেপ তথা হত্যা, দলিতসকলৰ ওপৰত অমানুষিক অত্যাচাৰ আদিৰ জৰিয়তে মােডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে যােৱা প্রায় পাঁচ বছৰত নিজৰ কুৎসিত তথা ফেচিবাদী চৰিত্ৰ সুন্দৰভাৱে উন্মােক্ত কৰি দেখুৱালে। কিন্তু ইয়াৰ পৰিণাম অতি ভয়াৱহ হ'বলৈ গৈ আছে। হিন্দুত্ববাদী চৰকাৰখনে নিজৰ স্বার্থ সিদ্ধি কৰিবলৈ গৈ সমগ্ৰ ভাৰতবৰ্ষখনকেই এক অগ্নিগর্ভ অৱস্থালৈ ঠেলি দিছে। এক ভয়াৱহ সাম্প্রদায়িক সংঘৰ্ষৰ পিনে দেশক লৈ যােৱা হৈছে। বিজেপি চৰকাৰৰ এই কুকীর্তিসমূহৰ পৰা পৰিত্ৰাণৰ উপায়।

ভাৰতত এতিয়া লােকসভা নির্বাচন সমাগত। পূর্বৰ কংগ্ৰেছ চৰকাৰৰ অবাধ দুর্নীতি আৰু স্বৈচ্ছাৰী শাসনৰ পৰা পৰিত্ৰাণ বিচাৰি আজি পাঁচ বছৰৰ আগতে ভাৰতীয় জনসাধাৰণে বিজেপিক ক্ষমতাৰ আসনত বহুৱাইছিল। এইকেইবছৰতেই জনতাই মর্মে মর্মে উপলব্ধি কৰিলে যে কংগ্ৰেছ যিমান বিপজ্জনক তাতােকৈ বেছি বিপজ্জনক বিজেপি আৰু চৰকাৰ। কাৰণ বিজেপিৰ গাত কংগ্ৰেছৰ সকলাে অপসংস্কৃতি থকাৰ উপৰি আন এক মাৰাত্মক বীজাণুৰ বীজ নিহিত হৈ আছে। সি হ’ল হিন্দুত্ববাদ, গােড়া সাম্প্রদায়িক দৃষ্টিভংগী যিয়ে ভাৰতীয় সমাজখনক খণ্ডবিখণ্ড কৰিবলৈ গৈ আছে। এনে ক্ষেত্ৰত আৰু পাঁচ বছৰ বিজেপিক ক্ষমতাৰ আসনত বহুৱালে ভাৰতত যে বর্বৰ ফেচিবাদী, একনায়কত্ববাদী, হিটলাৰী শাসনতন্ত্র পূর্ণমাত্রাই প্রয়ােগ হ’ব তাত তিলাও সন্দেহ নাই। সেয়েহে আগন্তুক লােকসভা নির্বাচনত ভাৰতৰ সমূহ সচেতন তথা প্রতাৰিত দুৰ্ভগীয়া জনতাই বিজেপিক পৰাভূত কৰাৰ বাহিৰে গত্যন্তৰ নাই। বিজেপি প্রার্থীৰ পৰিৱর্তে এক যােগ্য প্রার্থীক ভােট দি নির্বাচনত জয়যুক্ত কৰি তুলিবই লাগিব; লাগিলে কেন্দ্ৰত জোট বন্ধন চৰকাৰেই হওক।

অসমত আজি যি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সংগ্রাম চলিছে সি কার্যতঃ বিজেপিবিৰােধী সংগ্রামলৈ ৰূপান্তৰিত হ'বনে? দেখা গৈছে বিধেয়কখনৰ বিৰুদ্ধে বহু দল-সংগঠন, ব্যক্তিয়ে আন্দোলনত নামি পৰিছে, কিন্তু এই দল-সংগঠনসমূহে (অখিল গগৈকে ধৰি দুই এক সংগঠন আৰু বামপন্থী বুদ্ধিজীৱীসকলৰ বাহিৰে) কেৱল বিধেয়কখনকহে বিৰােধিতা কৰিছে, বিজেপিক বা চৰকাৰখনক কোনেও বিৰােধিতা কৰাৰ কথা স্পষ্টভাৱে কোৱা নাই। আছু, অগপ, অসম সাহিত্য সভা, যুৱ-ছাত্ৰ পৰিষদ আদি জাতীয়তাবাদী দল-সংগঠনসমূহেও এইকথা আজিও স্পষ্ট কৰা নাই। সেয়েহে বিধেয়কবিৰােধী সকলাে দল-সংগঠনলৈ আমাৰ পােনপটীয়া প্রশ্নঃ

(১) এতিয়া যিহেতু বিধেয়কখন ৰাজ্যসভাত গৃহীত নহ'ল সেয়েহে এই দল-সংগঠনসমূহে আনন্দত মতলীয়া হৈ পুনৰ বিজেপিকেই ভােট দি ক্ষমতাৰ আসনত বহুৱাব নেকি? 

(২) বিজেপিৰ যি সাম্প্রদায়িক নীতি, হিন্দু-মুছলমানক ভাগ ভাগ কৰাৰ নীতি, হিন্দুৰাষ্ট্র গঢ়াৰ যি অসাংবিধানিক পৰিকল্পনা তাক এই জাতীয়তাবাদী দল-সংগঠনসমূহেসমর্থন কৰে নে নকৰে? 

যদি নকৰে তেনেহ'লে তেওঁলােকে তাক স্পষ্টভাৱে ৰাজহুৱাকৈ ঘােষণা কৰক আৰু অহা লােকসভা নির্বাচনত বিজেপিক উৎখাত কৰিবলৈ ভৱিষ্যৎ কার্যপন্থা গ্রহণ কৰক। অকল সেযে নহয় অহা ২১ চনৰ বিধানসভাৰ নির্বাচনত মেৰুদণ্ডহীন সােণােৱাল চৰকাৰখনকো ওফৰাই পেলাবলৈ এতিয়াৰ পৰাই সকলােৱে চেষ্টা কৰিব লাগিব। মুঠতে অসমত আজি যি বিধেয়ক-বিৰােধী সংগ্রাম চলিছে সেই সংগ্রাম বিজেপিবিৰােধী সংগ্রামলৈ ৰূপান্তৰিত কৰিব নােৱাৰিলে সমগ্র ভাৰতৰ লগতে অসমৰাে ভৱিষ্যৎ অন্ধকাৰলৈ যে গতি কৰিব সেয়া নিশ্চিত।
ফোনঃ ৯৮৬৪০-২৬৩৯১ লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment