ভাল খবৰঃ গণতন্ত্ৰক সৱল কৰাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত "সংবিধান সভা" - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ গণতন্ত্ৰক সৱল কৰাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত "সংবিধান সভা"

ভাল খবৰঃ গণতন্ত্ৰক সৱল কৰাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত "সংবিধান সভা"

Share This

২৬ জানুৱাৰী তাৰিখটো সমগ্ৰ ভাৰততে গণৰাজ্য বা গণতান্ত্ৰিক দিৱস হিচাপে পালন কৰা হয়। গণৰাজ্য দিৱসৰ তাৎপৰ্য এই কাৰণেই অধিক যে ১৯৫০ চনৰ এই দিনটোৰ পৰাই অৰ্থাৎ ২৬ জানুৱাৰী তাৰিখৰ পৰাই আমাৰ দেশৰ সংবিধানখন কাৰ্যকৰী কৰা হয় যিখন সংবিধানে ৰাষ্ট্ৰৰ সকলোবোৰ ক্ষমতা নিৰ্ধাৰণ কৰি দিছে আৰু সেইমতেই আমাৰ গণতান্ত্ৰিক দেশৰ কাম-কাজ পৰিচালিত হৈছে। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সেয়ে আমাৰ সংবিধানখনেই হৈছে আমাৰ মূল ভেঁটি। 


কিন্তু বিজেপি চৰকাৰৰ উগ্ৰ হিন্দুত্ববাদী আৰু ফেচিবাদী চৰিত্ৰই সাম্প্ৰতিক সময়ত দেশৰ গণতন্ত্ৰৰ প্ৰতি অকল ভাবুকি অনাই নহয়, দেশৰ সংবিধানখনকো অৱমাননা কৰা পৰিলক্ষিত হৈছে। হিন্দু মুছলমানৰ ৰাজনীতিৰ খেলত অভ্যস্ত এই চৰকাৰৰ দিনত ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰৰ প্ৰতি ভাবুকি আহি পৰিছে। দেশৰ গণতন্ত্ৰৰ বিপদঘণ্টা বাজি থকাৰ এনে জৰুৰীকালীন পৰিস্থিতিত গণতন্ত্ৰত বিশ্বাসী এচাম যুৱক-যুৱতীয়ে মিলি 'সংবিধান সেৱক' নামেৰে এটা গোট কৰি ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 'সংবিধান সভা' অনুষ্ঠিত কৰে।

সেইমতে ২৬ জানুৱাৰী, ২০১৯ ইং তাৰিখে গণৰাজ্য দিৱসৰ তাৎপৰ্যৰ সৈতে সংগতি ৰাখি 'সংবিধান সেৱক' সকলৰ উদ্যোগত কামৰূপ জিলাৰ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় 'সংবিধান সভা' নামৰ এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান। এই সভাৰ সভাপতিত্ব কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ আজাদ আলী আহমেদে আৰু সংবিধান সেৱকৰ হৈ আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যুৱ লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী তথা এই সভাৰ উদ্যোক্তা ৰেহনা চুলতানাই। ইপিনে সভাখনত গুৱাহাটীৰ পৰা অহা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী, লেখক তথা সমাজ সংগঠক মুকুট লোচন কলিতা আৰু সদৌ অসম পথাৰ পৰিচালনা সমিতিৰ উপসভাপতি ছায়েদ আহমেদ চৌধুৰীয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি গণৰাজ্য দিৱসৰ তাৎপৰ্য, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা, নাগৰিকৰ সাংবিধানিক অধিকাৰ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, নাগৰিকত্ব সংশোধনী বিধেয়ক আদিৰ ওপৰত আলোচনা কৰাৰ লগতে আজিৰ দিনত ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰ যে সংকটত সেই কথাও উনুকিয়ায়। ইপিনে প্ৰসংগক্ৰমে তেওঁলোকে সোণতলীৰ দৰে দুৰ্গম ভিতৰুৱা অঞ্চলত শিক্ষাৰ গুৰুত্ব স্বীকাৰ কৰি উপস্থিত ৰাইজক তেওঁলোকৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। সভাত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকী শিক্ষকৰ লগতে আনোৱাৰা টাইমূৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হজৰত আলী আহমেদ, বন্দেছ আলী মেমোৰিয়েল একাডেমীৰ প্ৰধান শিক্ষক মোজ্জামিল হকৰ লগতে অন্যান্য কেইবাগকৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি তেখেতসকলৰ ভাষণ আগবঢ়ায়। ইয়াৰ উপৰিও উক্ত সভাত সোণতলী অঞ্চলৰ যুৱ লেখক, সমাজকর্মী মিৰ্জা লুটফৰ ৰহমান আৰু গৱেষক ৰেহনা চুলতানাই স্বৰচিত কবিতা পাঠ কৰে। সভাৰ শেষত সংবিধান সেৱক, সমল ব্যক্তি, বিশিষ্ট অতিথি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উপস্থিত সকলো ৰাইজে মিলি 'আজি গণতান্ত্ৰিক দিৱসত আমি সংকল্প লৈছোঁ যে ভাৰতৰ সংবিধানক আমি সন্মান কৰিম, সদায় মানি চলিম আৰু ইয়াৰ সন্মান ৰক্ষাৰ কাৰণে আমি যিকোনো পদক্ষেপ ল'ম' বুলি এক সংকল্প লয়।

এই সভাৰ শেষত সংবিধান সেৱকৰ হৈ ৰেহনা চুলতানা আৰু মুকুট কলিতা আৰু ছাহেদ আহমেদ চৌধুৰীয়ে চৰ আৰু চৰবাসীৰ জীৱন আৰু জীৱকাৰ চাক্ষুস অভিজ্ঞতা ল'বলৈ সোণতলীৰ নিকটৱৰ্তী অৰিকাটি চৰ অঞ্চললৈ গৈ সেই অঞ্চলটোৰ দুখনকৈ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। সংবিধান সেৱকসকলে অঞ্চলটোৰ আনোৱাৰা টাইমূৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হজৰত আলী আহমেদ ডাঙৰীয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি উক্ত বিদ্যালয়লৰ লগতে কাছাৰীপাম প্ৰাথমিক বিদ্যালয়লৈ গৈ গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ভাষণ আগবঢ়োৱাৰ লগতে শেষত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজৰ সৈতে পূৰ্বে লোৱা একেই সংকল্প লয়।

একেদৰে গণৰাজ্য দিৱস উপলক্ষে 'সংবিধান সেৱক'ৰ উদ্যোগত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি আন স্থানীয় স্বেচ্ছাসেৱী সন্থাৰ সহযোগত বৰপেটা জিলাৰ বহৰিৰ গোমাফুলবাৰীতো 'সংবিধান সভা' আয়োজন কৰা হয়। বহৰি অঞ্চলৰ বিশিষ্ট শিক্ষক-সমাজকৰ্মী মাইনুল হক চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা-সমাজকৰ্মী শান্তনু বৰঠাকুৰ,  বিশিষ্ট সংগ্ৰামী নেতা হৰেশ্বৰ বৰ্মন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ, বৰপেটা চাইল্ড লাইনৰ সমন্নয়ক ৰফিকুল ইছলাম আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু বামপন্থী নেতা হৰেশ্বৰ বৰ্মনে ভাষণ প্ৰসংগত কেন্দ্ৰৰ মোডী আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰক ফেচিষ্ট আখ্যাৰে তেওঁলোকৰ শাসনে ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি তীব্ৰ সমালোচনা কৰে আৰু সেই প্ৰেক্ষাপটতেই ভাৰতীয় সংবিধান আৰু ইয়াৰ ধৰ্মনিৰপেক্ষ বৈশিষ্টক উৰ্ধত তুলি ধৰিব লাগিব অৰ্থাৎ ৰক্ষা কৰিব লাগিব বুলিও কয়। নাগৰিকত্ব (সংশোধনী) বিধেয়কখনকো সংবিধান বিৰোধী আৰু অসমীয়া জাতি ধ্বংসী বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ বিকপ্ল নাই বুলিও তেওঁলোকে অভিমত কৰে। সভাৰ উদ্দেশ্য বাখ্যা কৰে যুৱ লেখক-সমাজকৰ্মী তথা এই সভাৰ এজন অন্যতম উদ্যোক্তা আশ্ৰাফুল হুছেইনে। সংবিধান সভাৰ পূৰ্বে ৰাতিপুৱা গণৰাজ্য দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু সংবিধান সভাত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।
অকল কামৰূপ জিলা আৰু বৰপেটা জিলাতেই নহয় সংবিধান সেৱকসকলৰ উদ্যোগত গুৱাহাটী, গোৱালপাৰা, কোকৰাঝাৰ আদি জিলাতো 'সংবিধান সভা'ৰ আয়োজন কৰি সংবিধান সেৱকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন কৰা পৰিলক্ষিত হয়।
-প্ৰতিবেদন যুগুতালে গুৱাহাটীৰ পৰা ৰেহনা চুলতানাই।

No comments:

Post a Comment