বিশ্লেষণঃ ভূ-স্বৰ্গ কাশ্মীৰত "পুলৱামাৰ নৃশংসতা" আৰু সন্ত্ৰাসৰ 'ৰাজনীতি' :: পৰেশ মালাকৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

 বিশ্লেষণঃ ভূ-স্বৰ্গ কাশ্মীৰত "পুলৱামাৰ নৃশংসতা" আৰু সন্ত্ৰাসৰ 'ৰাজনীতি' :: পৰেশ মালাকৰ

বিশ্লেষণঃ ভূ-স্বৰ্গ কাশ্মীৰত "পুলৱামাৰ নৃশংসতা" আৰু সন্ত্ৰাসৰ 'ৰাজনীতি' :: পৰেশ মালাকৰ

Share This
পুলৱামাৰ ঘটনাটোৰ আলোচনা-পৰ্যালোচনা কেনেকৈ হোৱা উচিত? জম্মু-কাশ্মীৰৰ আৰ্থ-ৰাজনৈতিক কথাবোৰ আলোচনা নকৰাকৈ,সেই অঞ্চলটোত বিৰাজ কৰা সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ কথা নপতাকৈ ঘটনাটোক বিক্ষিপ্তভাবে আমি আলোচনা কৰিব পাৰিম জানো? 
অসমীয়াৰ সুখ-দুখ:: অনলাইন দৈনিক
কাশ্মীৰলৈ নোযোৱাকৈ কাশ্মীৰনো কেনে ঠাই সেইটো আপুনি অনুভব কৰিব নোৱাৰে৷ শ্ৰীনগৰ যে ভাৰতৰ ভিতৰত আটাইতকৈ দেখিবলৈ ধুনীয়া ঠাই তাত কোনো সন্দেহ নাই৷ ভূস্বৰ্গ মানে ভূস্বৰ্গ! যোৱা অক্টোবৰ মাহত মই তালৈ গৈছিলোঁ৷ বাহ, কি অনুভব! বতৰ শুকান,শীতৰ আগমনি,শৰৎ যাওঁ যাওঁ, চিনাৰ গছৰ ৰঙচুৱা পাতবোৰে গোটেই পৰিৱেশটোৱে কিবা কৰি পেলাইছিল, বতাহ পাতল আছিল৷ যিফালেই চাইছিলোঁ সিফালেই কিবা এক মায়ময় পৰিৱেশ! ৰাতিপুৱা ৰ’দ ওলোৱাৰ পিছত গোটেই ঠাইখনেই ৰঙীন হৈ পৰিছিল৷ আপেলৰ বতৰো যাবৰ হৈছিল৷ কিন্তু কোনো কোন ঠাইত ৰঙচুৱা,সেউজীয়া আপেলবোৰ ডাল ভৰি ভৰি লাগি আছিল তেতিয়াও৷ পথাৰত শইচ নাছিল, কিন্তু শইচ ছপোৱাৰ চিন সকলোতে আছিল৷ কাশ্মীৰী মানুহবোৰো দেখিবলৈ কি ধুনীয়া, মানুহবোৰ কৰ্মী৷ আৰু আটাইতকৈ ভাললগা কথা হ’ল তেওঁলোকৰ আচৰণ৷ ইমান ভদ্ৰ তেওঁলোক মাত কথাত৷ কাশ্মীৰী ভাষাটোও শুনিবলৈ শুৱলা প্ৰায় প্ৰতিটো শব্দতে "চচ্চ”ৰ প্ৰাধান্য৷ ইমান ধুনীয়া আৰু সম্পদশালী এখন ঠাই, আমাৰ নিজৰ বুলিবলৈ কিমান ভাল লাগে৷ 


কিন্তু সেই কাশ্মীৰ আজি কিমান বছৰ ধৰি অশান্ত! পুলৱামাতো এদিনতে হোৱা নাই৷ নিৰপত্তা ৰক্ষী বা সৈন্য বাহিনীয়ে জানো এখন ঠাই চিৰদিনলৈ ধৰি ৰাখিব পাৰিব? কাশ্মীৰী মানুহক আস্থাত নোলোৱাকৈ জানো কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধানকিন্তু সেই কাশ্মীৰ আজি কিমান বছৰ ধৰি অশান্ত! পুলৱামাতো এদিনতে হোৱা নাই৷ নিৰপত্তা ৰক্ষী বা সৈন্য বাহিনীয়ে জানো এখন ঠাই চিৰদিনলৈ ধৰি ৰাখিব পাৰিব? কাশ্মীৰী মানুহক আস্থাত নোলোৱাকৈ জানো কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধান সম্ভৱ? কাশ্মীৰী মানুহ বুলি কোৱাটো অতি সহজ৷ কিন্তু এই কাশ্মীৰী মানুহৰ প্ৰতিনিধি কোন? তাত থকা ৰাজনৈতিক দলবোৰ নে সন্ত্ৰাসবাদী সন্ত্ৰাসবাদী সংগঠনবোৰ? আচলতে একক ভাবে কোনো নহয় আৰু চাবলৈ গ’লে সকলো৷ আৰু এটা কথা মূৰ্ত মানুহৰ এটা বিমূৰ্ত অস্তিত্বও আছে, আছে এটা বিমূৰ্ত মাসিকতা, এক বিমূৰ্ত অথচ বাস্তৱ অস্তিত্ব৷গতিকে হিচাপ অহিচাপকৈ কাশ্মীৰ সম্পৰ্কে নীতি নিৰ্ধাৰণ কৰিবলৈ যাওতে এই সকলোবোৰ দিশ আমি বিবেচনা কৰিব লাগিব৷ পিছে, তেনে এটা পঠভূমি তাত্ত্বিকভাবে উপস্থাপন কৰা সহজ, কিন্তু বাস্তবায়িত কৰা প্ৰায় অসম্ভৱ যেন লাগে৷ আৰু সেই কৰণেই কাশ্মীৰ সমস্যাৰ সমাধান জটিল৷ কিন্তু, জটিল বস্তু এটা আমি ইচ্ছা কৰিলেই জানো সহজ কৰিব পৰিব! আমি পৰিস্থিতি বুজি যদি সময়ৰ পদক্ষেপ সময়ত নলওঁ, সময় গৈ থাকে মানে, সমস্যা জটিলতৰ হৈ গৈ থাকিব৷

সেইফালৰ পৰা পি ডি পিৰ মেহবুবা মুফটিৰ লগত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন কিন্তু এটা ভাল আৰম্ভণিয়ে আছিল৷ যদিও তেতিয়া ক্ষমতাৰ খকৰ বাবেই সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল ৰাজনৈতিক দল এটাৰ লগলাগি চৰকাৰ কৰা বুলি কৈ আমি বিজেপিক সমালোচনা কৰিছিলোঁ৷ কাশ্মীৰত সন্ত্ৰাসবাদীসকলৰ প্ৰতি কাৰ সহানুভূতি নাই কওকচোন! তাৰ লগতে কিন্তু এইটোও ১০০% শুদ্ধ যে কাশ্মীৰৰ সকলো মানুহ সন্ত্ৰাসবাদী নহয়৷ সন্ত্ৰাসবাদী হোৱা আৰু সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল হোৱাটো জানো একে কথা! বিজেপি আৰু পিডিপিৰ যুক্তমৰ্চা চৰকাৰখনে অন্তত: কাশ্মীৰীসকলৰ লগত এটা যোগসূত্ৰ আৰু যোগাযোগ স্থাপনৰ সুযোগ আনি দিছিল৷ কিন্তু সেই সুযোগৰ সদ্ব্যৱহাৰ কেন্দ্ৰীয় চৰকাৰে কৰিব নোৱাৰিলে৷ কাঠুৱাৰ দৰে ঘটনাত বিজেপিয়ে লোৱা ভূমিকাই পৰিস্থিতি অধিক জটিল হে কৰি তুলিলে৷বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাশ্মীৰ নীতি কি? কঠোৰ নীতি, মানে সন্ত্ৰাসবাদীসকলক গুলিয়াই মাৰি পেলালে, এজনো সন্ত্ৰাসবাদী নাথাকিলে আপোনা আপুনি কাশ্মীৰলৈ শান্তি ঘূৰি আহিব৷ ভুল নীতি৷ সম্পূৰ্ণৰূপে ভুল নীতি৷ কিয় ভুল বুলি কৈছোঁ? 

বৰ্তমান কাশ্মীৰৰ পৰিস্থিতি আৰু তাৰ চাৰিওফালে থকা সন্ত্ৰাসবাদী সংগঠনবোৰৰ যিটো পাৰস্পৰিক যোগাযোগ আৰু সহযোগিতাৰ ব্যৱস্থা আছে সেইটো বৰ কটকটীয়া৷ পুলৱামাৰ ঘটনাটো যিটো সন্ত্ৰাসবাদী সংগঠনে কৰিছে সেইটো হ’ল জইছ-ঈ-মহম্মদ৷ এই সংগঠনটোৰ লগত খুব ভাল যোগাযোগ আছে তালিৱান আৰু অল-কায়দাৰ৷এই সংগঠন কেইটা আটাইতকৈ ক’ত বেছি সক্ৰিয় আৰু শক্তিশালী? মূলতঃ তিনিখন ঠাইত- সেইকেইখন হ’ল পাকিস্তান, আফগানিস্তান আৰু ভাৰতৰ কাশ্মীৰ৷ আৰু এই তিনিওখন ঠাইৰ ভৌগলিক অৱস্থানটো চাওক৷কাশ্মীৰৰ এফালে গাতে লাগি আছে আফগানিস্তান আৰু পাকিস্তান আৰু আনফালে আছে চীন৷ পাকিস্তানক এখন ব্যৰ্থ ৰাষ্ট্ৰ বুলি কোৱা হয়৷ অৰ্থাৎ নামতহে এখন ৰাষ্ট্ৰ, কামত একো নাই৷ তাত অসামৰিক নেতৃত্বই ৰাজ কৰে নে, সামৰিক নেতৃত্বই ৰাজ কৰে নে সন্ত্ৰাসবাদীয়ে ৰাজ কৰে তাৰ কোনো ঠিকনা নাই৷ এই তিনিটাৰ এটা আনটোৰ বৈৰী নে মৈত্ৰী কোনেও নাজানে৷ সন্ত্ৰাসবাদৰ উত্থানৰ ইয়াতকৈ সাৰুৱা ক্ষেত্ৰ আৰু একো হ’ব নোৱাৰে৷ তাত প্ৰতি মাহে কিমান সন্ত্ৰাসবাদী ঘটনা ঘটি থাকে তাৰ লেখ ৰখাটোৱেই টান৷ আফগানিস্তানৰ অৱস্থা পাকিস্তানতকৈ ভালেই বুলিব নে বেয়াই বুলিব! দুয়োখন দেশৰে প্ৰায় একেই অৱস্থা৷চীন কিন্তু খবৰদাৰী ৰাষ্ট্ৰ৷ তাত কোনো সন্ত্ৰাসবাদী সংগঠনৰ কেৰামতালি নচলে৷ কিন্তু ভাৰতৰ বিৰুদ্ধে এই শক্তিবোৰক চীনে মাজে মাজে মদত নিদিয়ে বুলি ক’ব নোৱাৰি৷ পাকিস্তান, আফগানিস্তান হ’ল মুচলিম মানুহৰ সংখ্যাধিক্য দেশ৷ তেওঁলোকে নিজকে ইছলামিক গণতন্ত্ৰ বুলিয়ে কয়৷ আৰু কাশ্মীৰৰ জন সংখ্যাৰ প্ৰায় ৯৪% হ’ল ইচলাম ধৰ্মাৱলম্বী মানুহ৷ ধৰ্ম হিচাপে ইছলামৰ সন্ত্ৰাসবাদৰ লগত কোনো সম্পৰ্ক নাই, অথচ এই সন্ত্ৰাসবাদী সংগঠন কেইটাই ধৰ্মক তেওঁলোকৰ সন্ত্ৰাসবাদৰ লগত সাঙুৰি লৈছে৷ সম্প্ৰতি এই পটভূমিত আমি কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সমস্যাটো চাব লাগিব৷ জইছ-ঈ-মহম্মদ, অল-কায়দা আৰু তালিৱান হ’ল ধৰ্মীয় মৌলবাদী সন্ত্ৰাসবাদী সংগঠন৷ তেওঁলোকৰ লক্ষ্য ইছলাম ধৰ্মাৱলম্বী লোকসকলক লৈ এক ধৰ্মীয় ৰাষ্ট্ৰ গঠন৷ তেওঁলোকৰ মূল বাণী:তৰিলে দেশ,মৰিলে স্বৰ্গ৷ গতিকে এনে মতাদৰ্শৰ লোকক কোনোবাই মাৰি শেষ কৰিব পাৰিব নে৷ তেওঁলোকে কয়ে তোমালোক এজন সন্ত্ৰাসবাদী মাৰিবা, তাৰপৰা আৰু পাঁচজন সন্ত্ৰাসবাদীৰ জন্ম হ’ব৷ তেনেহ’লে কি হ’ব? 

পুলৱামাৰ দৰে ঘটনা ঘটিলে আমি কি কৰিম হাত সাৱটি বহি থাকিম?প্ৰথম কথা হ’ল পুলৱামাৰ দৰে ঘটনা ঘটাটোৱেই আমাৰ চৰম ব্যৰ্থতা৷গতিকে এনে ঘটনা যাতে দুনাই নঘটে তাৰ বাবে আমি নিৰাপত্তা জনিত সাৱধানতা আৰু সতৰ্কতা ল’বই লাগিব৷ তাৰ প্ৰথম পদক্ষেপ হ’ব কি কাৰণে পুলৱামাৰ দৰে মাৰাত্মাক ঘটনা এটা ঘটিবলৈ পালে তাৰ এক সৰ্বঢাক (Comprehensive)আৰু পুংখানুপুংখ অনুসন্ধান হ’ব লাগিব যি অনুসন্ধানে নীতি আৰু ব্যৱহৰিক(Policy and its implementation) দুয়োটা দিশ সামৰি ল’ব লাগিব আৰু তাৰ বাবে কাৰোবাক জবাবদিহি কৰিব লাগিব৷ যিটো বিষয়ে সমগ্ৰ দেশখনতে তোলপাৰ লগাইছে, আন্তৰ্জাতিক স্তৰত সলকনি তুলিছে, স্বাভাবিকতে তাৰ আউটিৰ ভিতৰলৈ অন্যান্যসকলৰ লগতে আমাৰ গৃহ মন্ত্ৰী,দেশৰ নিৰপত্তা উপদেষ্টা আৰু জন্মু আৰু কাশ্মীৰৰ ৰাজ্যপালো আহিব লাগিব৷ এই অনুসন্ধানেই আমাক ভৱিষ্যতৰ নিৰপত্তা আচনী হ’ব লাগিব৷কিন্তু তেনে কিবা প্ৰচেষ্টা আমি দেখিছোঁ নে? নে গোটেই ঘটনাটোক কেন্দ্ৰকৰি শাসকীয় দলটোৱে দেশখনত এক যুদ্ধোন্মাদনা আৰু ধৰ্মোন্মাদনা সৃষ্টিকৰি তাক কিবা প্ৰকাৰে নিৰ্বাচন জিকাৰ ফন্দিহে কৰিছে? সেই কাৰণেই চৰকাৰী বক্তব্যই যেন সকলোৰে বক্তব্য হ’বই লাগিব আৰু মতৰ অমিল হোৱাবোৰ যেন সকলো দেশদ্ৰোহী পাকিস্তানৰ সমৰ্থক তেনে ধৰণৰ বাটাৱৰণ এটা সৃষ্টিকৰা কৰিবলৈ চেষ্টা কৰা হৈছে৷ না সেইটো আমি মানি ল’ব নোৱাৰোঁ৷এই ঘটনাটো সম্পৰ্কে আমাৰ মনত উদয় হোৱা সকলো প্ৰশ্ন আমি সুধিমেই৷ 

আমি আগতেই উল্লেখ কৰিছোঁ যে কাশ্মীৰ সমস্যাটো দিনক দিনে জটিলৰ পৰা জটিলতৰ হৈ গৈ আছে৷ এই কথাটোও উল্লেখ কৰা হৈছে যে কাশ্মীৰৰ সকলো মানুহ কেতিয়াও সন্ত্ৰাসবাদী নহয়, কিন্তু সন্ত্ৰাসবাদীসকলৰ প্ৰতি তেওঁলোকৰ প্ৰায় আটায়েৰে সহানুভূতি আছে৷ কঠোৰ নীতিৰ কথা, যিসকলে কৈছে, পাকিস্তানৰ লগত যুদ্ধৰ কথা যিসকলে কৈছে তেওঁলোকে সমস্যাটো বুজিয়ে পোৱা নাই৷ সৈন্য বাহিনীক সোধক তেওঁলোকে ক’ব আমি কাশ্মীৰ সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, আমি যুদ্ধ কৰিবহে জানো৷ কাশ্মীৰৰ সমস্যাৰ সমাধান ৰাজনৈতিকহে৷ গতিকে কঠোৰ লাইন নচলিব৷ আৰু অসমত থাকি কঠোৰ লাইনৰ পোষকতা কৰাসকলক মই ক’ব খোজো অসম আৰু উত্তৰপূৰ্বাঞ্চলত যদি সৈন্য বাহিনী নিয়োগকৰা হয় আমি কথাটো সমৰ্থন কৰিম নে ? বা সৈন্য বাহিনীয়ে আমাৰ সমস্যা সমাধান কৰিব পাৰিব নে? অলপ ইফাল সিফাল কৰি কাশ্মীৰৰ কথাটোও তেনে নহয় জানো৷ এইখিনিতে এটা কথা ভাবক৷ অসম আৰু উত্তৰপূৰ্বাঞ্চলৰ মানুহে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছিল৷ বিজেপিৰ, কেন্দ্ৰ চৰকাৰে তাৰ প্ৰতি কি দৃষ্টিভঙ্গী লৈছিল? তেওঁলোকে অসমৰ মানুহৰ কথাক গুৰুত্ব দিছিল নে? যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনা কেব বিৰোধী প্ৰায় আটাইবোৰ অৰাজনৈতিক দলৰ মুখপাত্ৰৰ সৈতে যশৱন্ত সিনহাই কথা পাতিছিল৷ আমাৰ মানুহৰ মনৰ দুখৰ কথা শুনি তেওঁ কৈছিল৷মই বুজিছোঁ, এইটো আপোনালোকৰ কাৰণে অস্তিত্বৰ সমস্যা৷ কথাটোতো সঁচা৷ এই মাহৰ ১১ আৰু ১২ তাৰিখে আমাৰ কি দুশ্চিন্তা হৈছিল? আমি কি মানসিক আঘাট পাইছিলোঁ? কিন্তু কেন্দ্ৰৰ বিজেপি চৰকাৰে কি কৰিলে? আমাক অসমীয়া মানুহক,অসমৰ মানুহক বৃদ্ধাংগুষ্ঠ নেদেখুৱালে নে? ৰাজ্য সভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই বুলিহে এইবাৰলৈ আমি বাচিলোঁ৷ নহ’লেতো কথা বিষমেই আছিল৷ আৰু তেতিয়া অসমৰ আকাশে বতাহে স্বাধীনতাৰ কথা আলোচনা হোৱা নাছিল জানো!কিয়, সেইদিনা অমিত শ্বাহে আকৌ কি দম্ভ মাৰি গ’ল! এনেদৰেই লাহে লাহে এটা জাতিৰ আত্ম-সন্মান ক্ষূণ্ণ হয়, মানসিক আঘাতে বিচ্ছিন্নতাবাদী, পৃথকতাবাদী দৃষ্টিভংগী জন্ম দিয়ে৷ এনেদৰেই ক্ৰমাত কাশ্মীৰৰ অৱস্থা বেয়াৰ পৰা আৰু বেয়ালৈ ঢাল খাইছিল৷ কিন্তু মনত ৰাখিব কাশমীৰীসকলে কিন্তু এতিয়াও জেহদীৰ কথা নকয়, আজাদীৰ কথাহে কয়৷ইয়াতেই ক’ৰবাত আমি সমাধানৰ আঁহডাল বিচাৰিব লাগিব৷সন্ত্ৰাসবাদে যে তেওঁলোকৰ সমস্যাৰ সমাধান নকৰে সেইটো তেওঁলোকে ভালদৰে জানে আৰু সন্ত্ৰাসবাদীসকলৰ লগত যে সদায়ে পইছাৰ লেনদেন চলে সেইটোও কাশ্মীৰী মানুহে ভালদৰে জানে৷সেইবাবেই সাধাৰণ কিন্তু জনাবুজা কাশ্মীৰী মানুহ এজনে মোক কৈছিল- চাহাব আমাৰ দুৰ্কপাল যে আমাৰ ইয়াত ভাল নেতা নাই৷কাশ্মীৰৰ মানুহক বাদ দি কেৱল অস্ত্ৰ শস্ত্ৰৰে কাশ্মীৰ সমস্যা সমাধান কৰিব পৰা যাব বুলি ভবাটো এক অলীক সপোন, এক মূঢ়তা৷
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment