মনৰ কথাঃ সোণৰ খাৰু নালাগে মোক ..... :: প্ৰিন্সিপিয়া ফুকন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সোণৰ খাৰু নালাগে মোক ..... :: প্ৰিন্সিপিয়া ফুকন

মনৰ কথাঃ সোণৰ খাৰু নালাগে মোক ..... :: প্ৰিন্সিপিয়া ফুকন

Share This


নতুন প্ৰজন্মৰ এগৰাকী নাৰী হিচাপে, বহুতেই বিশেষ বুলি ভবা এবিধ ধাতুৰ অলংকাৰ "সোণৰ গহণা"ৰ প্ৰতি আমাৰ আগ্ৰহ কম৷ ঘৰৰপৰা গঢ়াই দিয়া আ- অলংকাৰবোৰো পিন্ধিবলৈ এলাহ লাগে ৷ এইবোৰ কেৱল আভিজাত্য প্ৰকাশৰ মাধ্যম যেনহে বোধ হয় ৷ অৱশ্যে সকলোৰে এনে অনুভৱ নহবওঁ পাৰে৷ বহুতো ছোৱালী উচ্চ ডিগ্ৰী লৈ এতিয়াও চাকৰি পোৱা নাই ৷ সংস্হাপনৰ ক্ষেত্ৰত পিছ পৰি আছে ৷ এনে কিয় হৈছে সেই কথাটো যদি মন দিলে হয় তেনে চৰকাৰৰ সচাঁ অৰ্থত বেটী বচাওক বেটী পঢ়াওক কথাটোৰ উচিত মূল্যায়ন হ’ল হেতেন ৷ কেৱল বিয়া পাতি সংসাৰ কৰাই সকলোৰে জীৱনৰ উদ্দেশ্য নহবওঁ পাৰে ৷ 
নিজকে স্বাবলম্বী কৰি সমাজৰ বাবে এক শক্তি হোৱাৰ বাবে আমাক অলপ সকাহৰ প্ৰয়োজন আছে ৷ পৰিয়াল আৰু সমাজৰ প্ৰতিও ল’ৰাৰ দৰে ছোৱালীৰো সমানে কৰনীয় আছে ৷ বৰ্তমানে আমি এই অসমতেই দেখিছো বহু ছোৱালীয়ে দুখীয়া পৰিয়ালৰ পৰাই গৈ উচ্চ পদবী বা সমাজৰ আগস্থানত বহিব পাৰিছে ৷ এইখন সেইখনেই সমাজ য’ত যৌতুকৰ নামত কত ছোৱালীৰ জীৱন বিপদাপন্ন হৈছে আৰু কিমান ছোৱালী নিচেই কম বয়সতেই বিয়াৰ মেৰপাকত সোমাই নিজৰ স্বাভিমান আৰু সপোনক জলাজ্ঞলি দিব লগা অৱস্থা হৈছে ৷ আনহাতে এই সমাজতেই নাৰীয়ে পদ পদে পতিগৃহত লাঞ্ছিত হৈছে , যৌন নিৰ্যাতনত ভুগিছে ৷ বেছিদিনৰ কথা নহয়ে সকলোৰে মনত পৰিবই কিদৰে নাৰীয়ে নিজৰ সুৰক্ষাৰ বাবে ৰাজপথত ওলাই শ্লগান দিব লগা হৈছে৷ এক তোলা সোণৰ যোগেদি যৌতুকৰ বাবে উদগনি দিয়াহে হল, ই জীৱনৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে ৷অৰুন্ধতী আচনিত নিবনুৱাৰ বাবে কোনো পদক্ষেপ লোৱা দেখা নগ’ল ৷ অৰ্থনৈতিক বুনিয়াদ গঢ়িব পৰা একো এটা ভূমিকা লোৱা দেখা নগ'ল ৷ সোণৰ অসম এইদৰে কেতিয়াও গঢ়িব নোৱাৰে ৷ বাস্তৱৰ সত্যক সোণৰ দৰে গলাই সাঁচ দি একো কৰিব নোৱাৰে৷

যদিহে কৰ্মসংস্থাপনৰ বাবেও এইদৰে সুবিধা দিলেহেঁতেন তেনে সকলো উপযুক্ত আৰু শিক্ষিত ছোৱালীয়েই নিজৰ প্ৰতিভাৰে নাৰী সবলীকৰণৰ বাবে এখোজ সমাজক আগুৱাই নিব পাৰিব ৷ সোণ দি শৰীৰৰ শোভাবৰ্ধন নকৰিলেও জীৱনত একো শেষ হৈ নাযায় ৷ ক্ষন্তেকীয়া এই মোহে জীৱনটো কটাবলৈ যথেষ্ট নহয় ৷আমি এক তোলা সোণৰ সলনি কৰ্মসংস্থাপনৰ বাবে অলপ সুবিধা দিয়াটোহে বিচাৰোঁ ৷ ই কোনো অৰ্থনৈতিক বুনিয়াদ গঢ়িত কোনো ভূমিকা লোৱা দেখা নগল ৷ সোণৰ অসম এইদৰে কেতিয়াও গঢ়িব নোৱাৰে ৷ বাস্তৱক সোণৰ দৰে গলাই সাঁচ দি একো নোৱাৰিলেও নিজাকৈ কৰ্মসংস্থাপন নোহোৱালৈকে মাহেকীয়াভাৱে এককালীন সাহায্য দিবও পাৰিলে হয় নতুবা কোনো বৃত্তিমূলক শিক্ষাৰ বাবে বিশেষ সুবিধা দি স্বাবলম্বীতাৰ বাবে চিন্তা কৰিবও পাৰিলে হয়৷

এই কথাই পৰোক্ষভাৱে যৌতুক প্ৰথাক উৎসাহিত কৰিব ৷ যদি সমাজৰ প্ৰতিজন মানুহেই ভাবে তেওঁৰ ছোৱালীক তেওঁ ভালদৰে শিক্ষিত কৰি নিজৰ ভৰিত ঠিয় কৰাব পাৰে তেনে এক তোলা সোণৰ মূল্যতকৈ অধিক তেওঁৰ ছোৱালীৰ বাবে দিয়া সেই যোগাত্মক চিন্তা ৷ আমাৰ মাজত বহু মানুহৰ এনে ঠেক চিন্তাৰ বাবেই আজিও ছোৱালীৰ স্বাধীনতাত শিকলি লাগি আছে ৷ যিয়ে তেওঁক বিয়া নামৰ বান্ধোনে বান্ধি থব বিচাৰে৷

বহুতো ঠাইত ছোৱালী জন্ম হোৱাটো দুৰ্ভাগ্য বুলি ভাবি এতিয়াও কন্যা সন্তান হত্যা কৰি আহিছে আৰু কন্যা সন্তান জন্ম হোৱা মানেই সমস্যাৰ জন্ম হোবা বুলি ভাবিবলৈ লয় ৷ মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পিতৃ মাতৃৰ বহুতেই ইচ্ছা কৰিলেও আৰ্থিক সংকটত পৰি নিজৰ কন্যাক ভালদৰে পঢ়াৰ সুবিধা দিব নোৱাৰে এনে ক্ষেত্ৰত চৰকাৰী অনুদান পালে পৰিয়ালটোৰ লগতে কন্যাগৰাকীয়ো জীৱনৰ সুস্থিৰতা আহে ৷ এই আচনিয়ে বহু দৰিদ্ৰ পৰিয়ালক সকাহ দিব বুলি ভবা হৈছে কিন্ত যদিহে সেই ছোৱালীগৰাকীয়ে নিজে স্বাৱলম্বী হয় নিজৰে আয়েৰেই তেওঁ তাতকৈও বেছি মূল্যৰ সোণ নালাগে হীৰা কিনি ল’ব পাৰিব ৷ চৰকাৰী হিতাধিকাৰী হৈ পোৱা এতোলা সোণেৰে ক্ষন্তেকীয়া আভিজাত্যৰে আমি আমাৰ চিনাকি গঢ়িব নোৱাৰো, যদিহে আমাৰ পৰিচয় আমাৰ শিক্ষা-কেৰিয়াৰ-সমাজ চিন্তা আদিৰ চিনাকিৰে দিব নোৱাৰো

2 comments:

  1. সুন্দৰ বিচাৰ...প্ৰাসংগিক চিন্তা

    ReplyDelete
    Replies
    1. ধন্যবাদ থাকিল ৷ আপোনালোকৰ সহযোগিতা আশা কৰিলো

      Delete