মনৰ কথাঃ জাতীয়তাবাদীৰ 'দিল্লীৱালা' ৰণকৌশলে তুলিছে কঁপনি :: শৈলেন বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ জাতীয়তাবাদীৰ 'দিল্লীৱালা' ৰণকৌশলে তুলিছে কঁপনি :: শৈলেন বৰুৱা

মনৰ কথাঃ জাতীয়তাবাদীৰ 'দিল্লীৱালা' ৰণকৌশলে তুলিছে কঁপনি :: শৈলেন বৰুৱা

Share This
 সমুজ্জ্বল ভট্টাচাৰ্য, অখিল গগৈ, হীৰেণ গোহাঁই ছাৰকে ধৰি ৭০+ ৩০ সংগঠনৰ নেতৃত্বই বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি বিভিন্ন সাংসদ, নেতাক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে ৰাজ্য সভাত ভোট দিবলৈ আহ্বান জনোৱা কাৰ্য সাম্প্ৰতিক প্ৰেক্ষাপটত একো ভুল কাম কৰা নাই ৷ ই সাম্প্ৰতিক আন্দোলনৰ অন্তিমপাট অস্ত্ৰ ৷ তাকে নকৰি তেওঁলোকে গোপনে উগ্ৰপন্থী সংগঠন বা নেতাক লগ কৰা হলেহে কামটো গৰ্হিত কাম হলহেঁতেন৷ 

তেওঁলোকে তোলা ফটো তিনিখনে বিজেপিৰ কৰ্মী সমৰ্থকৰ বুকুত কঁপনি তোলাটো তেনেই স্বাভাৱিক কথা ৷ দিনত গৈছে, পোহৰত ফটো তুলিছে, ৰাজহুৱাকৈ ফটো প্ৰচাৰ কৰিছে ৷ জ্যোতি চিত্ৰবনৰ দৰে নিশা বৈঠক পাতি সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখা নাই ৷ বিতৰ্ক হৈছে- ভাল হৈছে ৷ মানুহবোৰে বুজি উঠক অসমীয়াৰ অস্তিত্বৰ বাবে আমাৰ জাতীয়তাবাদী নেতাই শেষ মুহূৰ্তলৈকে যুঁজিছে ৷ একাংশৰ পেংলাই আৰু ইতিকিঙেৰে যাতে এই আন্দোলন আধাতে স্তব্ধ নহয়, তাকো নজৰ দিয়া উচিৎ ৷ 

কংগ্ৰেছে ৰাজ্য সভাত বিধেয়কৰ বিৰুদ্ধে ভোট দিয়ক বা নিদিয়ক সেইটো দলটোৰ নিজা সিদ্ধান্ত ৷ সেই সিদ্ধান্তই নিৰূপন কৰিব অসমীয়াৰ ভৱিষ্যৎ অস্তিত্ব ৷ যদি কংগ্ৰেছে ভোট নিদিয়ে সেই কথাও লুকাই নাথাকিব ৷ সেইবুলি কংগ্ৰেছক আছু বা KMSSএ অনুৰোধ জনোৱাটো কোনখন শাস্ত্ৰমতে নিষিদ্ধ তাকহে বুজি পোৱা নাই ৷ যদি সেয়া ভুল কামেই হল, তেন্তে কি কৰিব লাগিছিল তাৰ উত্তৰো কালিৰে পৰা দেখা নাই ৷ অসমীয়া জাতীয়তাবাদী নেতা সকলৰ ৰণকৌশল ঠিকেই আছে ৷ বিপদত বাঘে ছাগে একেটা ঘাটত পানী খায় ৷ এইমুহূৰ্তত অসমীয়াৰ কাষত নাই সৰ্বানন্দ সোণোৱাল ৷ তেওঁক বহুবাৰ কোৱা হৈছিল - বিধেয়কৰ বিৰোধিতা কৰিবলৈ ৷ নকৰিলে আৰু ওলোটাই অসমীয়াই ভুল কৰিছে বুলিহে আস্ফালন কৰি আছে - যেন সকলো অসমীয়া মুৰ্খ, তেঁওহে পণ্ডিত ৷ 

আমি নজৰ ৰাখিম ৰাজ্য সভাত কংগ্ৰেছে কি ভূমিকা লব ৷ আগত নিৰ্বাচন ৷ কোনোবা নহয় কোনোবা এটা দলে ৰাজপাটত বহিবই ৷ তাত আমাৰ কি আহে যায় ৷ কংগ্ৰেছেই বহিল যেনিবা তাত নো কি হল? বিজেপি আকৌ বহিবই লাগিব বুলি ক'ত লিখা আছে? বিজেপিও বহিব পাৰে ৷ কিন্তু আমাক লাগে অস্তিত্বৰ সুৰক্ষা ৷ হিন্দু- মুছলমান কোনো বিদেশী নালাগে ৷ অসমীয়াৰ অস্তিত্ব - প্ৰথম কথা ৷ বাদ বাকী বেলেগ কথা ৷ বিজেপি অলৰেডি টেষ্টেড-- অসমীয়াৰ পক্ষত নাই ৷ 

অসমীয়াৰ পক্ষত যি থাকিব সিয়ে ভোট পাব ৷ সেইটো আকৌ কব লগা কথানে? সেইটোকে নাভাবি আল্টু ফাল্টু কথাৰে (অখিল গগৈয়ে চেণ্ডেল পিন্ধা এতিয়াহে দেখা সকলক কৈছো- এইবোৰ আল্টু ফাল্টু কথা ৷ কোনে কি পিন্ধে, কোনে কি খায়- সেইবোৰ মানুহৰ নিজা পচন্দ ৷ তাকে ভাওনা, নাটক বুলি কৈ নিজে কিয় হীনমন্যতাৰ পৰিচয় দিয়ে ৷ অখিল গগৈক আপুনি ভাল নাপাই যদি নালাগে পাব ৷ সমুজ্জ্বল ভট্টক যদি ভাল নাপাই, নালাগে পাব ৷ কিন্তু সেই বুলি ভট্টৰ দাড়িত ধৰি কথা কোৱাটো ৰুচি বৰ্হিভূত কথা ৷ যেনেকৈ অবিবাহিত সোণোৱালৰো ব্যক্তিগত জীৱনক লৈ উপলুঙা কৰাটো সুস্থ মনৰ পৰিচায়ক নহয় ) অস্তিত্বৰ জটিল সন্ধিক্ষণত আন্দোলনৰ শেষ পৰ্যায়ত নেতাসকলৰ ব্যক্তিগত চৰিত্ৰহননেৰে আন্দোলনক বিপথে পৰিচালিত নকৰাই ভাল ৷ অসমীয়া সচেতন আৰু সুৰুচিপূৰ্ণ হৈ থাকক৷ 

শেহতীয়াকৈ আছুৱে মুম্বাইত শিৱ সেনা প্ৰধানৰ সৈতেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবে সমৰ্থন আদায় কৰিবলৈ আলোচনাত বহিছে। ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সজোৰে কেবৰ প্ৰতিবাদ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক বোলে সাক্ষাতৰ সময়েই  দিয়া নাই, মানে কান দিবৰ মনেই কৰা নাই। মিজোৰামৰ ৰাজ্যিক সভাপতিয়ে নিজেই এই বিধেয়কৰ বিৰুদ্ধে লাগিলে পদত্যাগ কৰিবলৈ ৰাজী বুলি প্ৰকাশ কৰিছে। সমান্তৰালকৈ NDAৰ সহযোগী দল জেডিইউ, বিৰোধী আপ, টিডিপি আদিয়েও সংসদৰ উচ্চ সদনত কেবৰ বিৰোধিতা কৰি ভোট দিব বুলি প্ৰকাশ কৰিছে। সংখ্যাৰ খেলক সংখ্যাৰে পৰাভূত কৰাৰ শক্তি গোটোৱা এই দিল্লী-মুম্বাইত জাতীয়তাবাদী শিবিৰে লোৱা প্ৰচেষ্টাই যে শাসকীয় দলৰ ভিতৰত কঁপনি তুলিছে, সেয়া সিদিনা ফটোৱে কথা কয় ধৰণৰ চ'চিয়েল মেডিয়া ভৰাই পেলোৱা বিভ্ৰান্তকাৰী অপ্ৰচাৰৰ অপচেষ্টাই ইতিমধ্যে প্ৰমাণ কৰিছেই। 

সেয়ে কও, বিজেপিৰ স্থিতি গম পোৱা গলেই ৷ এতিয়া কংগ্ৰেছৰ আচল স্থিতি সংসদত গম পোৱা যাব ৷ তাৰ পিছতহে গম পোৱা যাব অসমীয়াৰ অস্তিত্ব কি হব, ভৱিষ্যতে!!!

No comments:

Post a Comment