বিশ্লেষণঃ মোদী বাজেট ২০১৯: অন্তৰ্বতীকালীন 'দুমহীয়া বাজেট' নে নিৰ্বাচনী ইস্তাহাৰ :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ মোদী বাজেট ২০১৯: অন্তৰ্বতীকালীন 'দুমহীয়া বাজেট' নে নিৰ্বাচনী ইস্তাহাৰ :: অনন্ত কলিতা

বিশ্লেষণঃ মোদী বাজেট ২০১৯: অন্তৰ্বতীকালীন 'দুমহীয়া বাজেট' নে নিৰ্বাচনী ইস্তাহাৰ :: অনন্ত কলিতা

Share This
মােডী চৰকাৰৰ শেষ বাজেটখন লােকসভাত দাখিল কৰিলে বিত্ত বিভাগৰ অস্থায়ী দায়িত্বত থকা মন্ত্ৰী পীয়ুষ গোৱেলে। সাধাৰণতে এই বাজেটখন হ'ব লাগিছিল অন্তর্বর্তীকালীন বাজেট, কিয়নো অহা মে' মাহৰ ভিতৰতে হবই সাধাৰণ নিৰ্বাচন। এই বাজেটে মূলত এপ্ৰিল আৰু মে মাহত খৰছ কৰিব লগা প্ৰস্তাৱ সমূহহে সামৰি লব লাগিছিল। কিন্তু অনাগত লােকসভা নির্বাচনক লক্ষ্য কৰি বিজেপি চৰকাৰখনে পূর্ণাংগ বাজেট এখনেই দাখিল কৰিলে। মােড়ী চৰকাৰৰ পাঁচ বছৰীয়া কালছােৱাৰ যােৱা চাৰিখন বাজেটো আছিল চমক লগােৱা পৰিবৰ্তনৰ বাজেট। কিন্তু যােৱা চাৰি বছৰৰ চাৰিখন পৰিবৰ্তনকামী বাজেটে দেশৰ তথা জনসাধাৰণৰ জীৱনৰ কোনােধৰণৰ পৰিবর্তন ঘটাব নােৱাৰিলে। 
চৰকাৰখনৰ কৃৰ্তিত্ব হ'ল এয়ে যে যােৱা ৪৫ বছৰৰ ভিতৰতে অধিকতম হাৰৰ নিবনুৱাৰ সৃষ্টি কৰিলে। এন এছ এছ অ'ৰ অতিসম্প্রতি প্রকাশ পােৱা তথ্যত প্রতিফলিত হৈছে যে ২০১৭-১৮ বিত্তীয় বৰ্ষত নিবনুৱাৰ হাৰ ৬.১ শতাংশ। ১৯৭১-৭২ বিত্তীয় বৰ্ষৰ পৰা দেশত নিবনুৱাৰ হাৰ কেতিয়াও ৪ শতাংশ অতিক্রম কৰা নাছিল। ২০১১-১২ বিত্তীয় বৰ্ষৰ পিচত খুব বেছি গড় ২.৫ শতাংশ নিবনুৱাৰ হাৰ আছিল। চহৰীয়া যুৱকৰ নিবনুৱাৰ হাৰ ১৮.৭ শতাংশ। ২০১১-১২ত আছিল। ১৩.১ শতাংশ। এই পৰিস্থিতিত বিজেপি চৰকাৰখনে ২০১৯ চনৰ লােকসভাৰ নির্বাচনক লক্ষ্যত ৰাখি বিশেষকৈ হিন্দীবলয়ৰ ৰাজস্থান, মধ্যপ্রদেশ আৰু ছত্তশগড় বিধানসভাৰ নিৰ্বাচনত পৰাজয়ৰণ কৰাৰ পাচত দেশৰ কৃষক সমাজ আৰু মধ্যবিত্তসকলক আকর্ষিত কৰাৰ বাবে বাজেটত চমক দিছে।

বাজেটখনত অসংখ্য বিভিন্ন চমক লগােৱা আঁচনি অন্তর্ভুক্ত কৰিছে তথা বিভিন্ন প্রকল্পত আবণ্টন কৰিছে। তদুপৰি বাজেট ভাষণৰ প্ৰস্তাৱনাত গৌৰৱ কৰিছে যে মােডী চৰকাৰৰ অৰ্থনীতিত বিশ্বৰ ভিতৰতে মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) হাৰ অধিকতম, ৭.২ শতাংশৰে বিশ্বৰ ভিতৰতে অধিকতম বিকশিত অর্থনীতি হৈছে। প্ৰকৃততে জি ডি পিৰ হাৰ বৃদ্ধি হলেই জনসাধাৰণৰ অর্থনৈতিক উন্নয়ন নহয়। ভাৰতৰ বিকশিত অর্থনীতি, অর্থাৎ জি ডি পিৰ ৭৭.৪ শতাংশই হস্তগত কৰিছে ধনী দহ শতাংশ লােকে। বিপৰীতে ৬০ শতাংশ মানুহৰ হাতত আছে মাত্র ৪.৮ শতাংশ। বাজেটত টকা আবণ্টনৰ পৰিমাণৰ উল্লেখ তথা চমক লগােৱা আঁচনিৰ কথা উল্লেখ কৰিলেই দেশৰ বা জনসাধাৰণৰ উন্নতি নহয়, যদিহে সেইবােৰ সঠিকভাৱেই ৰূপায়ণ নহয়। 

যােৱা চাৰিখন বাজেটৰ চমক লগােৱা আঁচনিবােৰৰ এখন আঁচনিৰ উল্লেখ কৰা হ'ল। স্মার্ট চিটী প্রকল্পই দেশত তােলপাৰ লগাইছিল। যেনিবা ঘােষিত ১০০ খন চহৰ ইউৰােপীয় বা আমেৰিকান চহৰৰ নিচিনা হৈ গল। আবণ্টন কৰিছিল ৯,৯৪৩,২২ কোটি টকা সংসদীয় ষ্টেণ্ডিং কমিটীয়ে পৰীক্ষা কৰাত প্রতিফলিত হ’ল যে ২০১৮ জুলাই মাহলৈকে মাত্র ১৮২.৬২ কোটি টকাহে খৰচ হৈছে, অর্থাৎ ১.৮৩ শতাংশ। অসমতাে গুৱাহাটীকে ধৰি তিনিখনমান চহৰক অন্তর্ভুক্ত কৰিছিল স্মার্ট চহৰৰ বাবে। এখনাে স্মার্ট চিটিলৈ পৰিবর্তন হােৱা নাই। ঘোষণাবোৰ বাস্তৱায়িত কৰাৰ প্ৰত্যাহ্বানত কিন্তু মোদী চৰাকৰ উত্তীৰ্ণ নহ'ল।

বর্তমান দেশত কৃষক আৰু জনসাধাৰণৰ কর্মসংস্থানৰ ডাঙৰ সমস্যা। বাজেটখনত কৃষকক আকর্ষিত কৰাৰ আৰু মধ্যবিত্তসকলক সন্তুষ্ট কৰা কিছু আঁচনি লৈছে, যাতে এই দুই গােষ্ঠীক অহা লােকসভা নির্বাচনৰ ভােটৰ বাবে আকর্ষণ কৰিব পাৰে। ১২ কোটি কৃষক পৰিয়ালে মাহে ৫০০ টকা, অর্থাৎ বছৰি ৬,০০০ টাকা বিত্তীয় সাহায্য দিয়াৰ আঁচনি গ্ৰহণ কৰিছে। যােৱা ডিচেম্বৰৰ পৰা হিচাপ কৰি চাৰি মাহমানৰ টকা এওঁলােকৰ একাউণ্টত ভৰাই দিব। একাউণ্টত দুহেজাৰমান টকা পালে ১২ হেজাৰ পৰিয়াল সন্তুষ্ট হ'ব। অৱশ্যে ইতিমধ্যে তামিলনাড়ু, অন্ধ্রপ্রদেশৰ নিচিনা বহু ৰাজ্যত ৰাজ্য চৰকাৰৰ মাহে ১,০০০ টকা বছৰি ১২ হেজাৰ টকা সাহায্য দিয়াৰ আঁচনি আছে। ঋণ সময়মতে ঘূৰাই দিব পাৰিলে ৩ শতাংশ ঋণ ৰাজসাহায্য আৰু প্রাকৃতিক দুর্যোগত শস্য নষ্ট হলে ২ শতাংশ ঋণ ৰেহাই আদি ঘােষণা আগতেও বিভিন্ন নামত আছিল। ঘােষণা কৰিছে কৃষকৰ আয় দুগুণ হ’ব। এই শ্ল'গানটো বিজেপি চৰকাৰৰ বহু পুৰণি। অনেক শস্যৰ ন্যূনতম সাহাৰ্য্য মূল্যবৃদ্ধি কৰাৰ ঘােষণা কৰিছে। আগতেও এই ঘােষণাবােৰ আছিলে চাৰি বছৰে বাস্তৱায়িত কৰিব নােৱাৰিলে। অহা তিনি মাহত বাস্তৱায়িত হ'বনে? কৃষকৰ মৌলিক সমস্যা সমাধানৰ কোনাে কার্যসূচী নাই। কৃষকৰ আয় দুগুণ কেনেকৈ হ'ব বা ঘােষণা কৰা দিন ধৰি আয় কিমান বৃদ্ধি হ’ল ইয়াৰ কোনাে তথ্য নাই। পশুধন, গাে-মাতা ৰক্ষাকে ধৰি আৰু কেইখনমান কৃষিখণ্ডৰ আঁচনি ঘােষণা কৰিছে যিবােৰ গতানুগতিক। 

মহাত্মা গান্ধী জাতীয় কর্মসংস্থান নিশ্চয়তা আঁচনিৰ প্রতি বিজেপি চৰকাৰৰ নেতিবাচক স্থিতি আছিল। এইবাৰ নির্বাচনক লক্ষ্য কৰি ৬০,০০০ কোটি টকা আবণ্টন কৰিছে। নির্বাচনৰ আগে আগে নিশ্চয় চেষ্টা কৰিব এই আঁচনিৰে গাঁৱৰ শ্ৰমিকসকলক অন্তর্ভুক্ত কৰি তেওঁলােকৰ দলৰ প্রতি সহানুভূতি আদায় কৰাৰ। অসংগঠিত শ্ৰমিকৰ বাবে মাহে ১০০টকা জমা কৰা আঁচনিৰে, ৬০ বছৰ বয়সৰ পাচত মাহে ৩,০০০ টকাৰ পেন্সনৰ আঁচনি প্ৰৱৰ্তন কৰিব। এই আঁচনিও ভৱিষ্য ধৰ্মীহে। তাৰ বাবে কেৱল ৫০০ কোটি টকা আবণ্টন কৰিছে। দহ হেজাৰ শ্রমিক হেনাে অন্তর্ভুক্ত হ'ব। 

৮ কোটি পৰিয়ালক ৰন্ধন গেছৰ সংযােগ দিব। ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগক দুই শতাংশ সুদৰ ৰাজসাহাৰ্য্য দিব। এক মিনিটৰ ভিতৰতে দুই কোটি ঋণ দিব আদি অনেক আঁচনিৰ কথাই কৈছে। মধ্যবিত্তক আকর্ষণ কৰাৰ বাবে ৫ লাখ আয়লৈ কোনাে আয়কৰ দিব নলগা কৰিছে। টেক্স শ্লেৱৰ কোনো পৰিবৰ্তন কৰা হোৱা নাই। পাঁচ লাখৰ ওপৰত একেই ২০শতাংশ আৰু দহ লাখৰ ওপৰত ৩০শতাংশ আয়কৰ দিবই লাগিব। ষ্টেণ্ডার্ড ডিডাচনকে ধৰি বিভিন্ন জমা আৰু ঘৰৰ ঋণৰ সুদ লৈ বছৰি ৭.৫ লাখ টকা আয়লৈ আয়কৰ ৰেহাইৰ প্ৰস্তাৱ ঘোষণা কৰা হৈছে। ২.৪০ লাখ টকালৈকে ঘৰভাড়া আয়কৰ TDSৰ পৰা ৰেহাই পাব। নিজৰ সম্পত্তি বিক্ৰী কৰি নতুন থকা বাসস্থান ক্ৰয় কৰিলে লাভৰ দুই কোটি টকালৈকে কেপিটেল গেইন কৰ দিব নালাগে। হিচাপ কৰা হৈছে উক্ত আঁচনিবােৰৰ দ্বাৰা তিনি কোটি মধ্যবিত্ত পৰিয়ালে সুবিধা পাব। যিয়েই নহওক, লােকসভা নির্বাচন অহা বাৰে মধ্যবিত্তসকলে এই সুবিধাখিনি অহা এপ্ৰিলৰ পাছত পাবলৈ প্ৰস্তাৱিত হৈছে। কিন্তু, যােৱা চাৰি বছৰে বিজেপি চৰকাৰৰ মধ্যবিত্তলৈ মনত নপৰিল। নির্বাচনৰ বতৰত মধ্যবিত্তলৈ মনত পৰিল। বিশেষ জমা আঁচনিত আয়কৰ TDSৰ ৰূপত ৰেহাই ১০,০০০ টকাৰ পৰা ৪০,০০০ টকালৈ বৃদ্ধি কৰিছে।  স্বাস্থ্য, শিক্ষাৰ ক্ষেত্ৰত নতুনত্ব নাই, গতানুগতিক।

প্রশ্নটো হ'ল ৰূপায়ণ তথা সম্পদ আহৰণ। বিত্তীয় ঘাটি ৩.৪ শতাংশ দেখুৱাইছে। ৭.১ লাখ কোটি টাকা বজাৰৰ পৰা ঋণ ল'ব। ৰিজাৰ্ভ বেংকৰ পৰা আনিব ৮২,৯০০ কোটি টকা। ৰাজহুৱা খণ্ডবােৰৰ পৰা ৫৩,০০০ কোটি ডিভিডেণ্ড সংগ্রহ কৰিব। ৯০,০০০ কোটি টকা ডিছইনভেষ্টমেণ্ট কৰিব ৰাজহুৱা উদ্যোগৰ। ৰাজহুৱা বেংকৰবাৰ দেৱলীয়া হৈ ব্যক্তিগত হােৱাৰ পথত। বাজেটত ৰাজহুৱা খণ্ডৰ বেংকবােৰত মূলধন যােগান ধৰাৰ প্ৰস্তাৱ নাই। ৰাজহুৱা বিনিয়ােগতাে তেনে প্রস্তাৱ নাই। ৰাজহুৱা খণ্ড সৃষ্টিৰ পৰিবৰ্তে বিক্ৰী কৰিব। 

ছুপাৰ ৰিচ অথবা উচ্চ ধনীসকলৰ ওপৰত কোনােধৰণৰ নতুন কৰৰ বােজা দিয়া নাই। অর্থাৎ বাজেটৰ সম্পদ আহৰণৰ বাবে ধনীসকলক আঘাত নকৰিলে। কর্মসংস্থান সৃষ্টিৰাে প্রত্যক্ষ প্রস্তাৱ নাই। অসম, উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে নতুনত্ব একো নাই। ২১ শতাংশ আবণ্টন বৃদ্ধি কৰা বুলি কৈছে। ৰে'লৱেৰ বাবে বেলেগ বাজেট নাই। উত্তৰ-পূৰ্বাঞ্চলৰ সকলাে ৰাজ্যকে ৰে'ল লাইনেৰে সংযােগ কৰা বুলি কৈছে। অৱশ্যে এই কামটো আৰম্ভ হৈছিল ইউ পি এ চৰকাৰৰ দিনতে। ৰে'লৰ বা বান নিয়ন্ত্রণ আদি অসমৰ বাবে বিশেষ প্রকল্প ঘােষণা কৰা নাই। সামগ্রিকভাৱে বাজেটখন নির্বাচনমুখী। বাজেটৰ সলনি নির্বাচনী ইস্তাহাৰ বুলিহে ক'ব পাৰি।
লেখক ভাৰতীয় ষ্টেট বেংকৰ চেণ্ট্ৰেল বৰ্ডৰ ডাইৰেক্টৰ ৰূপে অৱসৰপ্ৰাপ্ত অৰ্থনীতিবিদ। ফোন : ৯৪৩৫০৪১২০৩। লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে।
ইউনিকোড সংস্কৰণত তেখেতৰ লেখাবোৰ সুখ-দুখৰ পাতত একত্ৰে পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/ANANTA-KALITA?&max-results=6

No comments:

Post a Comment