প্ৰৱন্ধঃ বান্দৰ আৰু মানুহৰ সংঘাতৰ পৰিত্রাণ ক’ত? :: লীলাকান্ত পায়েঙ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
প্ৰৱন্ধঃ বান্দৰ আৰু মানুহৰ সংঘাতৰ পৰিত্রাণ ক’ত? :: লীলাকান্ত পায়েঙ

প্ৰৱন্ধঃ বান্দৰ আৰু মানুহৰ সংঘাতৰ পৰিত্রাণ ক’ত? :: লীলাকান্ত পায়েঙ

Share This
বন্য প্রাণী আৰু মানৱ সমাজৰ সংঘাত নতুন কথা নহয়। বিশ্বত অত্যাধিক হাৰত বৃদ্ধি পোৱা জনসংখ্যা আৰু উদ্যোগীকৰণৰ ফলত মানুহে আবাসস্থল বিচাৰি হাবি-বননি কাটি তহিলং কৰাৰ ফলত খাদ্য আৰু আশ্রয়স্থল বিচাৰি বন্য প্রাণী ৰাজপথলৈ নামি অহাটো বর্তমান আমাৰ ৰাজ্যত তেনেই এক সুলভ দৃশ্য হৈ পৰিছে। বর্তমান হাতী-মানুহৰ সংঘাত যেনেকৈ অতি চিন্তনীয় বিষয় হৈ পৰিছে ঠিক তেনেকৈ সমান্তৰলাৰ ভাবে থকা আন এক বিষয় হৈছে বান্দৰ আৰু মানুহৰ সংঘাত। 
অসমীয়াৰ সুখ-দুখঃ অনলাইন দৈনিক
বিশেষকৈ আমাৰ নিচিনা ৰাজ্যত বান্দৰ আৰু মানুহৰ সংঘাত এতিয়া নতুন কথা হৈ থকা নাই। অসম তথা দেশৰ অন্য ৰাজ্য সমূহত পূর্বৰ তুলনাত বান্দৰ আৰু মানুহৰ সংঘাতৰ বৃদ্ধি পাবলৈ ধৰিছে। হয়তো বহু পাঠকৰ পোন প্রথমে উদয় হোৱা প্রশ্নটো হ’ল বান্দৰ আৰু মানুহৰ সংঘাতো ইমান চিন্তনীয় বিষয় হ’ব পাৰেনে। কিন্তু যিবোৰ অঞ্চলত যুগ যুগ ধৰি মানুহ আৰু বান্দৰ একেলগে সহবাস কৰি আহিছে এইবোৰ মানুহে জানে বান্দৰৰ উৎপাতত কিদৰে দিনে-ৰাতিয়ে অশান্তি আৰু দুর্ভোগ কটাই আহিছে। বর্তমান বান্দৰ আৰু মানুহৰ সংঘাত বৃদ্ধি পাই অহা শীর্ষত থকা ৰাজ্য কেইখন হৈছে অসম, হিমাচল প্রদেশ, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ড। হিমাচল প্রদেশ, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডৰ আদিৰ দৰে ৰাজ্যত কৃষক আৰু বান্দৰৰ সংঘাত নতুন কথা নহয়। বান্দৰৰ উৎপাতৰ বাবে কৃষক সকলে জীয়াতু ভোগিছে। বান্দৰৰ উৎপাতৰ কৃষকৰ কোটি কোটি টকাৰ লোকচান হোৱাৰ ফলত এইবোৰ ৰাজ্যত বান্দৰৰ প্রকোপ আৰু জন্ম নিয়ন্ত্রণ কৰিবৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও বিশেষ তেনেকৈ সফল হ’ব পৰা নাই। 

বর্তমান বান্দৰ আৰু মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ দুটা হৈছে-(১) আবাসস্থল হ্রাস পোৱা আৰু (২) খাদ্যৰ নাটনি হোৱা। দেশত বৃদ্ধি পোৱা অত্যাধিক জনসংখ্যা আৰু উদ্যোগীকৰণৰ ফলত হাবি-বননি কাটি ঘৰ-দুৱাৰ তথা উদ্যোগ, কল-কাৰখানা আদি নির্মাণ হোৱাৰ ফলত বনাঞ্চল হ্রাস পাই আহিছে। গতিকে মানুহৰ আশ্রয়স্থললৈ ওলাই আহিছে। হাবি-বননি গুচি নগৰ-চহৰ হ’ল আৰু ফলত অৰণ্যাঞ্চলৰ ফল-মুল থকা গছ-গছনিৰ সংখ্যা হ্রাস পাই আহিছে। ফলত গোটেই কপিকুল খাদ্য সংকটৰ নিচিনা গৰাহত পৰিছে। আচলতে বান্দৰে খাদ্য হিচাপে আম গছ, লিচু, ৰঙালাও, কঠাল, কল, বাহ, প্লাম, আলু, বেঙেনা আদি গছৰ ফুল-ফল-মূল, পাত ইত্যাদি ভক্ষণ কৰা দেখা যায়। যিবোৰ অঞ্চলত বান্দৰৰ খাদ্য সংকটৰ নিচিনা সমস্যা আছে তাত বান্দৰবোৰ অতি উগ্র আৰু খঙাল হৈ পৰে। ফলত মানুহক আক্রমণ কৰা দেখা যায়। কেতিয়াবা এই আক্রমণ ইমান গুৰুতৰ হৈ পৰে যে মৃত্যু মুখত পৰিব লগীয়া হৈ পৰে। বান্দৰে পুৰুষ মানুহক দেখিলে অলপ-চলপ ভয় হ’লেও কিন্তু তিৰোতা বা ছোৱালী মানুহলৈ অলপো ভয় নকৰে। মতা বান্দৰবোৰ মাইকীবোৰতকৈ বেছি উগ্র আৰু আক্রমণকাৰী। মানুহৰ বসতি অঞ্চলত বসবাস কৰা বান্দৰবোৰ খাদ্যৰ সন্ধানত মানুহৰ ঘৰে ঘৰে খিৰকী বা দুৱাৰৰ যোগেদি প্রৱেশ কৰি বস্তু-বাহানি ওলট-পালট কৰি থৈ যায়। আনকি বান্দৰে পাকঘৰৰ চৰু, কেৰাহী, কাঁহী-বাতি, কাপোৰ আদি উঠাই লৈ যায়। বান্দৰৰ উৎপাতৰ বাবে এনে অঞ্চলবোৰত মানুহে ঘৰ-দুৱাৰ এৰি থৈ ক’লৈকো যাব নোৱাৰা অৱস্থা কৰি দিয়ে। এই কথা এনে অঞ্চলত বসবাস কৰা মানুহে ভালদৰে জানে। 

বান্দৰৰ উপদ্রৱৰ বাবে ফল-মূল, শাক-পাচলি তথা বিভিন্ন শইছৰ খেতি ভক্ষণ কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে। কিছুমান ৰাজ্যৰ খেতিপথাৰ অঞ্চলত বান্দৰৰ প্রকোপ ইমানেই বেছি যে কৃষকে খেতি কৰিব নোৱাৰি মূৰে-কপালে হাত দি বহি পৰিছে। আনকি এনে পর্যন্ত পাইছেগৈ যে কৃষকে খেতি কৰিবলৈ এৰি দিছে। আপুনি শুনি আচৰিত হ’ব যে হিমাচল প্রদেশত প্রতি বছৰে বান্দৰৰ ফলত কৃষকৰ কোটি কোটি টকাৰ লোকচান হয়। ফলত বান্দৰৰ জনসংখ্যা আৰু উপদ্রৱ নিয়ন্ত্রনৰ বাবে হিমাচল ৰাজ্য চৰকাৰে কোটি টকাৰ এক আঁচনি প্রস্তত কৰি উলিয়াইছে। এক পৰিতথ্য মতে বান্দৰৰ জনসংখ্যা বৃদ্ধি পাইছে। কিন্তু বান্দৰ-মানুহৰ সংঘাতৰ পৰিত্রাণৰ উপাই নাই নেকি। আন ৰাজ্যৰ যিবোৰ অঞ্চলত বোৰত বান্দৰৰ উপদ্রৱ বেছি এনে অঞ্চলবোৰত বান্দৰৰ জনসংখ্যা ৰোধৰ বাবে বন্ধ্যাকৰণৰ দৰে আঁচনি প্রস্তত কৰি উলিয়াইছে। ঠিক তেনে ব্যৱস্থাৰে অলপ হ’লেও বান্দৰৰ জনসংখ্যা কমাই আনিব পাৰি। বিশেষকৈ যিবোৰ অঞ্চল জনবসতি তথা খেতিপথাৰ আদি ঠাইবোৰৰ পৰা বান্দৰ বোৰ অন্য অঞ্চললৈ স্থানন্তৰ কৰিব লাগে। গছ-গছনি, ফল-মূলৰ অভাৱ হোৱা আদি ঠাইৰ পৰা বনাঞ্চললৈ স্থানন্তৰ কৰিব লাগে। তাৰোপৰি বান্দৰৰ বাবে পৃথকৈ ‘মনকী জ’ন’ আদি দৰে অঞ্চল নির্মাণ কৰিব লাগে যত সিহঁত মুক্ত বাবে বিচৰণ কৰিব পাৰে। গতিকে এনে বোৰ ব্যৱস্থা ল’লে কিছু পৰিমাণে হ’লেও বান্দৰ আৰু মানুহৰ সংঘাত ৰোধ হ’ব বুলি আশা কৰিব পাৰি।

No comments:

Post a Comment