চিন্তনঃ বাঘ হাজৰিকাৰ অস্তিত্ব ৰবগৈ নে? ইঞ্জিনিয়াৰ জাকিৰ হুছেইন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
 চিন্তনঃ  বাঘ হাজৰিকাৰ অস্তিত্ব ৰবগৈ নে?     ইঞ্জিনিয়াৰ জাকিৰ হুছেইন

চিন্তনঃ বাঘ হাজৰিকাৰ অস্তিত্ব ৰবগৈ নে? ইঞ্জিনিয়াৰ জাকিৰ হুছেইন

Share This
কেৱল ধৰ্মীয় আৱেগ বিজড়িত ৰাজনৈতিক উন্মাদনাৰ বাবে কেনেকৈ এখন দেশ আৰু এটা জাতিক তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়া হয় তাকেই দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে। যোৱা কেইমাহমানৰ পৰা কেন্দ্ৰৰ শাসকীয় দলটোৱে এনে কিছু নিৰ্বাচনী কুটকৌশল হাতত লৈছে যিবোৰ দলটোৰ বাবে বুমেৰাং হৈ পৰিছে। 
বিভিন্ন সাংবিধানিক সংস্থাৰ ওপৰত কুঠাৰাঘাট কৰিব বিচাৰি জোলোঙাৰ মেকুৰী নিজে নিজে উলিয়াই দিছে। ৰিজাৰ্ভ বেংকৰ দুজন অৰ্হতাসম্পন্ন গভৰ্নৰৰ পদত্যাগ আৰু এজন অৰ্হতাহীন ব্যক্তিক আসীন কৰা, চিবিআইৰ অন্তকণ্ডল, ৰাম মন্দিৰক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ৰ ওপৰত প্ৰশ্নচিহ্ন আদিয়ে শাসকীয় দলটোক সহায় কৰাৰ বিপৰীতে লোকচান কৰাৰ সম্ভাৱনাই অধিক। কাৰণ এই কাণ্ডকাৰখানা বোৰ জনমানসত বৰ বেয়া লগাকৈ উলম্বভাৱে ধৰা দিছে। অসমতো কেন্দ্ৰীয় চৰকাৰখনে জনসাধাৰণৰ দাবী আৰু প্ৰতিবাদক সম্পূৰ্ণৰূপে উপেক্ষা কৰি দেশৰ সংবিধানখনকে চৰম অৱমাননাৰে নাগৰিক সংশোধনী বিধেয়ক, ২০১৬ সংসদত উত্থাপন কৰাৰ লগতে গৃহীতও কৰিলে। ধৰ্মৰ ভিত্তিত অসম তথা উত্তৰ পুৰ্বাঞ্চলক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰি দেশখনৰ জনসাধাৰণক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছে। দেশত বিকাশৰ ৰাজনীতি কৰিব বুলিয়ে মোডীৰ প্ৰতি জনসাধাৰণে অপৰিসীম আস্থা প্ৰদৰ্শন কৰিছিল। অসমৰ ৰাইজেও বিদেশীমুক্ত ৰাজ্য এখনৰ বাবে, জাতি মাটি ভেটিৰ স্বাৰ্থত বিজেপিক শাসনভাৰ গটাইছিল। অসমীয়াৰ পালচ্ যে ক্ষমতাসীন চৰকাৰখনে বুজা নাই সেয়াকথা নিশ্চিত। অবৈধ বাংলাদেশী হিন্দুয়ে হওক অথবা মুছলমানে হওক, অসমীয়াই কোনো বিদেশীকে আকোৱালি লব নোৱাৰে। এই আৱেগ আজিৰ নহয়, প্ৰাকস্বাধীন কালৰে পৰা অসমীয়াই নিজ ভাষা-সাহিত্য ৰক্ষাৰ্থে সংগ্ৰাম কৰিবলগা হৈছে। মুলত কাৰ প্ৰৰোচনাৰ বিৰুদ্ধে এই আৱেগ সেইকথা প্ৰতিজন অসমীয়াই জানে। পোন্ধৰ বছৰে শাসনভাৰ চলোৱা মুখ্যমন্ত্ৰী তৰুন গগৈয়েও বহুবাৰ কৈছিল যে প্ৰতিবাদ যিমানে হওক ৰাইজে শেষত কংগ্ৰেছকে ভোট দিব। কিন্তু পৰবৰ্তী সময়ত কংগ্ৰেছৰ কি অৱস্থা হ’ল তাক বহলাই কোৱাৰ প্ৰয়োজনীয়তা নাই। সেই একেই মনোবৃত্তি বৰ্তমানৰ শাসকীয় দলটোৰ। বৃটিছ ঔপনিবেশিক কালত অসমীয়া ভাষাৰ বিপৰীতে বাঙালী ভাষা প্ৰৱৰ্তনে হয়তো আছিল প্ৰথম সংঘাট আৰু তাৰ পাছত ভাষা আন্দলোনৰ পৰা অসম আন্দোলনো একেই জাতীয় সংগ্ৰাম। সেই সংঘাটৰ অন্ত পৰিছে জানো? তাৰ পাছতো কিদৰে চৰকাৰখনে এনে হঠকাৰী সিদ্ধান্ত লব পাৰিলে? নে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ হেচাত এনে সি্দ্ধান্ত লব লগা হ’ল? অসমৰ আৰএছএছত হেনো প্ৰধানত বাঙালীৰ দপদপনি।

সি যি নহওক কেন্দ্ৰীয় চৰকাৰখনে বিধেয়কখন গৃহীত কৰাৰ সময়ত অসমৰ ৰাইজলৈ দুটা ললিপপ দিলে। দলটোৰ ধাৰাভাষ্যকাৰ সকলৰ মতে অসম চুক্তিৰ ৬ নং দফা এঢাপ আগুৱাই হলেও কাৰ্যকৰী কৰা হ’ব। তেওঁলোকে অসমীয়া জাতি-জনগোষ্ঠীক সাংবিধানিক ৰক্ষাকবচ দিয়াৰ যোজা চলাইছে। সেইমৰ্মে উচ্চস্তৰীয় সমিতি এখনো গঠন কৰিলে। অৱশ্যে সমিতিখনৰ দুৰৱস্থা কি হ’ল সকলোৱে প্ৰত্যক্ষ কৰিলে। তেওঁলোকে এফালে বিধেয়কখন গৃহীত কৰাই অসম চুক্তিকে অসাৰ প্ৰতিপন্ন কৰিলে আৰু আনফালে কৈছে যে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিব। দুয়োটা এটা আনটোৰ পৰিপন্থী নহয় নে? যদি বিধেয়ক গৃহীত কৰাৰ সংকল্প আছিলেই তেন্তে এনআৰচিৰ নামত ইমান বৃহৎ অংকৰ ধন খৰচ কৰা, কৰ্মচাৰীৰ শ্ৰম, জনসাধাৰণক হাৰাশাস্তি দিয়াৰ প্ৰয়োজনীয়তা কি আছিল? নে কেৱল মুছলমানক চিনাক্ত কৰাৰ বাবেহে এনআৰচি কৰা হৈছিল? এনআৰচিৰ গুৰুত্বই বা কি থাকিব? উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপৰ ফলস্বৰূপে এনআৰচি খন সম্পূৰ্ণ হোৱাৰ পথত অগ্ৰসৰ হৈছে। ন্যায়ালয়ে বান্ধি দিয়া চৰ্তসমূহৰ অন্যতম হ’ল ২৫ মাৰ্চ, ১৯৭১ চনৰ সময়সীমা। কিন্তু বিধেয়কখনে প্ৰধানত এই চৰ্তটোকে নস্যাৎ কৰি উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা নাইনে? বিধেয়কখন ন্যায়ালয়ৰ মজিয়াত তিস্থিব পাৰিবনে? লোকসভাত এই বিধেয়কখন দাখিল কৰি দিয়া ভাষণত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বাৰম্বাৰ অসমৰ নাম লোৱাৰ পৰা সহজে অনুমেয় যে চৰকাৰে এই বিধেয়কৰ প্ৰভাৱ অসমতে সকলোতকৈ বেছিকৈ পৰিব বুলি নিশ্চিত। ভাৰতৰ পশ্চিম সীমান্তত ইতিমধ্যেই পাকিস্তান বা আফগানিস্তানৰ পৰা অহা, আনকি বাংলাদেশী ভগনীয়া সকলক সংস্থাপন দিয়াৰ প্ৰক্ৰিয়া চলি আছে, আৰু তাত বৰ বিশেষ প্ৰতিক্ৰিয়াও হোৱা নাই। বিজেপিয়ে এই বিধেয়কখনক খিলঞ্জীয়া অসমীয়াৰ ৰক্ষাকৱচ বুলি বাৰে বাৰে কৈ আহিছে যদিও অসম বা উত্তৰ-পূৱৰ ৰাইজে তেওঁলোকক বিশ্বাসত নলয়। যোৱা নিৰ্বাচনত অসমত বিজেপিৰ জয়ৰ এটা মুল কাৰণ হ’ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি জয়ী হ’লে সকলো বাংলাদেশী অসমৰ পৰা যাব লাগিব বুলি ঘোষণা কৰিছিল, কিন্তু প্ৰকৃতাৰ্থত তেওলোকে বৰ বিশেষ প্ৰচেষ্টা হাতত লোৱা দেখা নগ’ল। বিজেপি আজিও সৰহসংখ্যক অসমীয়াৰ বাবে আচহুৱা ৰাজনৈতিক দলেই হৈ আছে, তাক অস্বীকাৰ কৰা বিজেপিৰ বাবেই ভুল হব।

এই মুহুৰ্তত আমাৰ মনলৈ এটা প্ৰশ্ন আহিছে, আমাৰ যদি অসমীয়াক ৰক্ষাকবচ দিয়া তেন্তে খিলঞ্জীয়া মুছলমানৰ কি হ’ব? অসমীয়া জাতি-সত্বাৰ বাবে খিলঞ্জীয়া মুছলমানে বৰ্তমানলৈকে অসমীয়া জাতিৰ সৈতে খোজত খোজ মিলাই প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিছে। স্বাধীনতা আন্দোলনৰ পৰা ভাষা আন্দোলন আৰু তাৰ পৰবৰ্তি পৰ্যায়ত অসম আন্দোলনটো আন আন জাতি-জনগোষ্ঠীৰ সৈতে মুছলমানে একেলগে মিলি জুলি জাতিটোৰ কঠিন সময়বোৰত যুজ দি আহিছে। কিন্তু আজিলৈ অন্যান্য জাতি-জনগোষ্ঠীৰ লেখিয়াকৈ স্বকীয় পৰিচয় পাবলৈ সক্ষম হোৱা নাই। অন্যান্য জাতি-জনগোষ্ঠীসমূহে কিন্তু স্বকীয় পৰিচয় তথা স্বাধীকাৰৰ বাবে সময়ে সময়ে প্ৰতিবাদী আন্দোলনেৰে চৰকাৰ সমূহক ব্যতিব্যস্ত কৰি আহিছে। ফলত তেওঁলোকক স্বকীয় পৰিচয়েৰে অধিকাৰ সুনিশ্চিত কৰিব বাধ্য হৈছে। বি জে পি নেতৃত্বাধীন চৰকাৰখনে ভিজন ডকুমেন্টত উল্লেখ কৰিছিল যে খিলঞ্জীয়া মুছলমান সকলৰ সুকীয়া লোকপিয়ল বা জৰীপৰ ব্যৱস্থা কৰিব, কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে পালন কৰা নাই। সেয়েহে গৰিয়া মৰিয়া দেশীৰ বহু সংগঠনে সুকীয়া লোকপিয়লৰ দাবীত প্ৰতীকী অনশন কাৰ্যসূচী প্ৰতিখন জিলাতে জিলা সদৰ বা মহুকমা সদৰত লোৱাৰ বাবে সংকল্প লৈছে। খিলঞ্জীয়া মুছলমানক ৰক্ষাকবচ দিবনে? ধৰা হওক চৰকাৰে ৰক্ষাকবচ দিব বিচাৰে, কিন্তু কেনেকৈ দিব যদিহে সঠিক জৰীপ কৰা নহয়? সম্প্ৰতি ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যাদা দিয়াৰ বাবে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে বিধেয়ক উত্থাপন কৰিছে আৰু ই অতিকৈ আদৰনীয় পদক্ষেপ। কিন্তু এই জনগোষ্ঠীসমূহ ক্ৰমে কোচ-ৰাজবংশী, তাই আহোম, মৰাণ, মটক, চুটীয়া, চাহ-জনগোষ্ঠী আদিক জনজাতীয় মৰ্যাদা দিয়া হ'ল পুৰ্বপুৰুষৰ পৰিচয়ৰ ভিত্তিত। স্মৰ্তব্য যে নামনি অসমৰ খিলঞ্জীয়া মুছলমান সকল কোচ-ৰাজবংশী, মেচ-কছাৰী আদিৰ পৰা ধৰ্মান্তকৰণ কৰি সৃষ্টি হোৱা। ঠিক একেদৰে উজনি অসমৰ মুছলমান সকল তাই আহোম, মৰাণ, মটক, চুটীয়া আদি জনগোষ্ঠীৰ পৰা সৃষ্টি হোৱা। গতিকে পুৰ্বপুৰুষৰ পৰিচয়ৰ ভিত্তিত খিলঞ্জীয়া মুছলমানকো জনজাতীয় পৰিচয় দিব লাগে। ধৰ্মান্তকৰণ কৰা বাবেই নিজস্ব জনজাতীয় পৰিচয় নাথাকিব নেকি? উত্তৰ-পুৰ্বাঞ্চলৰ বহুতো জনজাতীয় লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পাছতো জনজাতীয় পৰিচয় অটুত আছে। উদাহৰণ স্বৰূপে খাচি, গাৰো, মিজো, বড়ো, কাৰ্বি আদি! কিন্তু মুছলমান হোৱাৰ লগে লগে জাতীয়, জনজাতীয় পৰিচয় নোহোৱা হৈ যায় কিয়?

যোৱা বিধানসভা নিৰ্বাচনত প্ৰধান ৰাজনৈতিক দলদুটাই ঘোষনা কৰিছিল যে এই নিৰ্বাচন হ’ল শৰাইঘাটৰ শেষ ৰণ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহোদয়ে লাচিত দিৱস উপলক্ষে লাচিত বৰফুকণৰ সুবিশাল ব্ৰঞ্জৰ প্ৰতিমূৰ্তি লুইতৰ বুকুত উন্মোচন কৰাত উঠি পৰি লাগিছিল। যুদ্ধস্তৰৰ প্ৰস্তুতি তথা তৎপৰতা পৰিলক্ষিত হৈছিল। সেইয়া নিঃসন্দেহে আদৰণীয় আৰু প্ৰশংসনীয়। অৱশ্যে ৰাজনৈতিক স্বাৰ্থত তেনে কৰিলেহে দৃষ্টিকটু হয়। দৰাচলতে তেনে কৰাৰ আঁৰৰ ৰহষ্য আছিল। বীৰ লাচিতক ইটো দলে হিন্দু বীৰ হিচাবে প্ৰতিস্থিত কৰা বাবে এই ৰাজনৈতিক ইছ্যুটো হাইজেক কৰাৰ অভিসন্ধি কৰিছিল। কিন্তু ১৬৭১ চনৰ শৰাইঘাট ৰণৰ অন্যতম হোতা তথা লাচিতৰ পালি সেনাপতি বাঘ হাজৰিকা ওৰফে ইচমাইল চিদ্দিকিক পাহৰি যোৱাটোহে দুৰ্ভাগ্যজনক। তাতে কংগ্ৰেছৰ মুছলিম দৰদী হোৱাৰ সুবাদ এটা আছে। উল্লেখযোগ্য যে ইচমাইল চিদ্দিকীয়ে খালী হাতৰে বাঘ এটা বধ কৰাৰ বাবে 'বাঘ হাজৰিকা' নামে প্ৰখ্যাত হৈ পৰিছিল। মোগলৰ সৈতে হোৱা যুদ্ধৰ আগদিনা বাঘ হাজৰিকাই মোগলৰ বৰটোপত মনে মনে পানী ভৰাই বিকল কৰি থৈছিল আৰু পাছদিনা বৰটোপবোৰ বিকল হৈ থকাত আহোম সৈন্যই সহজে জয়লাভ কৰিছিল। শৰাইঘাটৰ ৰণত আহোমৰ জয়লাভৰ পাছত তেঁওৰ পাৰদৰ্শিতাৰ বাবে স্বৰ্গদেউৰ পৰা পুৰস্কাৰ হিচাপে গড়গাঁৱৰ সেনাপতিৰ বাবো লাভ কৰিছিল। কিন্তু তাহানিতে আহোম স্বৰ্গদেউৰ পৰা পুৰস্কাৰ লাভ কৰিলেও আজিৰ স্বৰ্গদেউসকলে এই মহান বীৰ যোদ্ধাগৰাকীক সমূলি পাহৰি পেলাইছে। বাঘ হাজৰিকাকো সঠিকভাৱে সন্মান জনাই চৰকাৰখনে অসমীয়াৰ মাজত থকা তাহানিৰ সম্প্ৰীতিৰ চানেকি ডাঙি ধৰিব পাৰিলেহেঁতেন। তেখেতৰ বাবে ইমান বিশালকায় প্ৰতিমুৰ্তি নহলেও চলিলহেঁতেন।

যি সময়ত অন্যান্য জাতি-জনগোষ্ঠীয়ে উন্নয়নৰ পৰা উত্তৰণৰ দিশে অগ্ৰসৰ হৈছে, সেইসময়ত অসমীয়া খিলঞ্জীয়া মুছলমানৰ সমাজ জীৱনৰ গ্ৰাফডাল ঋনাত্মক দিশে পিছ হোঁহকি গৈছে। এনে চৰম পৰ্যায় পাইছেগৈ যে নিজৰ ভেটি উচন কৰি জীৱন নিৰ্বাহ কৰিবলগা পৰিবেশ আহিছে। পৈত্ৰিক সম্পত্তি যিকন আছিল তাক সংৰক্ষন কৰি ৰখাৰ পৰিবৰ্তে তাৰ ওপৰতে খাই বৈ জীৱন অতিবাহিত কৰি ভৱিষ্যত প্ৰজন্মক অন্ধকাৰাচ্ছন্ন অনন্ত কাললৈ ঠেলি দিছে। শিক্ষাৰ ওপৰত গুৰুত্ব নোহোৱাটোৱে ইয়াৰ অন্যতম কাৰণ। কানি খোৱা অসমীয়াৰ সেই এলেহুৱা বিশেষণটো জীয়াই ৰখা বাবে এটা নিম্ন জাতিলৈ পৰ্যবশিত হৈছে। নেতৃবিহীনতাই খুলি খুলি খাবলৈ ধৰিছে। অগপৰ দৰে আঞ্চলিক শক্তিৰ চত্ৰছায়াত খিলঞ্জীয়া মুছলমানৰ বহু নেতাই আত্মপ্ৰকাশ কৰিছিল। কিন্তু দলটোৱে সমগ্ৰ অসমীয়া জাতিকে নিৰাশ কৰাৰ দৰে এই নেতাসকলেও খিলঞ্জীয়া মুছলমানক নিৰাশ কৰিলে। ৰাজনৈতিক ভাৱে সজাগ নোহোৱা বাবেই আজি অসমৰ লাঞ্চিত বঞ্চিত নিপীড়িত এটা সম্প্ৰদায় হৈ পৰিল খিলঞ্জীয়া মুছলমান৷ সদায় তুচ্ছ তাচ্ছিল্যৰ বলী হবলৈ ধৰিছে। নিজকে মুলখুতিৰ অসমীয়া বুলি ভ্ৰম পালি থকা বাবেই জীয়াতু ভূগিব লগা হৈছে নেকি? ৰাজনৈতিক পৰিপক্কতাৰ অভাৱতে দিনক দিনে সামাজিক-ৰাজনৈতিকভাৱে অপ্ৰাসঙ্গিক হৈ পৰিছে নেকি? আজি এনে পৰ্যায় পালে যে কোনো এটা সমষ্টিৰ পৰা এজন বিধায়কক এককভাবে জিকাই পঠোৱাৰো ক্ষমতা নোহোৱা হ’ল। খিলঞ্জীয়া মুছলমানৰ নামত সংগঠনৰ জন্ম দিয়া ন্যস্ত স্বাৰ্থজনিত লোকৰ অভাৱ নাই। বহুধা বিভক্ত বহুকেইটা সংগঠনৰে জন্ম হৈছে। কিন্তু বেছিভাগে জনসমৰ্থন নথকা আৰু এখন সভা-সমিতিৰ বাবে পাঁচশ মানুহো গোটাব নোৱাৰা সংগঠনে ৰাইজৰ কি হিত সাধিব? তথাকথিত শঙ্কৰ-আজানৰ নামত ওলোৱা ৰাজনৈতিক শোভাযাত্ৰাত তুপী পিন্ধি শোভাবৰ্ধনৰ কামতহে ব্যৱহৃত হোৱাৰ বাবে এওঁলোকৰ জন্ম হৈছে নেকি?বেছিভাগেই ৰাজনৈতিক দলৰ ওচৰত বিক্ৰী হৈ যোৱা বিধৰ। তেনেক্ষেত্ৰত অস্তিত্ব বিপন্ন নহৈ কি হ'ব?

সংখ্যাত সোল্ল শতাংশ হোৱা স্বত্বেও ৰাজনৈতিকভাৱে খিলঞ্জীয়া মুছলমানে কোনো গুৰুত্ব নাপায়। ৰাজনৈতিক দলৰ ভোটবেংক হোৱাৰ বিপৰীতে পকেটৰ ভোট হৈ থাকিব লগা হৈছে। সৌসিদিনালৈকে কংগ্ৰেছৰ সপক্ষে ভোটদান কৰি আহিছে। কিন্তু কোনো সুফল আজিলৈকে নাপালে। সমউন্নয়নৰ কথা নোকোৱাই ভাল। দুই এজন দলীয় দালালৰ অৱস্থা ভাল নোহোৱা বুলি নকও। আজান ক্ষেত্ৰৰ অৱস্থা কি হৈ আছে সকলোৱে জানে। নামমাত্ৰ মৰিয়া উন্নয়ন পৰিষদ গঠন কৰিছিল যদিও ই তেওঁলোকৰ কি উন্নয়ন সাধিছে নাজানো। কংগ্ৰেছে ১৫ বছৰ শাসন চলোৱাৰ পাছত নিৰ্বাচনৰ মাত্ৰ দুমাহ আগেয়ে গৰিয়া উন্নয়ন পৰিষদ গঠন, জোলা উন্নয়ন পৰিষদ গঠনৰ বিষয়ে ঘোষণা কৰিছিল যি বৰ্তমান চৰকাৰৰ দিনত বিকল হৈ আছে। আভুৱাভাৰাৰ বাহিৰে যে আন একো হিতসাধন নহয় সেয়া নিশ্চিত। ইফালে মুছলমানৰ ত্ৰানকৰ্তাৰ ৰূপত আত্মপ্ৰকাশ কৰা দলটোৱেও খিলঞ্জীয়া মুছলমানৰ বিষয়ে কোনোকালে শুভচিন্তা নকৰিলে। তেওঁলোকৰ জন্ম আইএমডিটি আইন বাতিলৰ পটভূমিতহে হৈছিল, সেয়ে খিলঞ্জীয়া মুছলমানৰ কোনো নেতা-কৰ্মীক গুৰুত্ব নিদিলে। ইফালে বিজেপি দলে খিলঞ্জীয়া জাতি-জনগোষ্ঠীক বিশ্বাসত লৈ আগবঢ়াৰ বিষয়ে বক্তৃতা মঞ্চ গৰম কৰিলেও কাৰ্যক্ষেত্ৰত খিলঞ্জীয়া মুছলমানৰ আস্থাভাজন হোৱাৰ কোনো পৰিকল্পনা নাই দলটোৰ। দলটোত খিলঞ্জীয়া মুছলমানৰ গুৰুত্ব নাই অথবা বলিষ্ঠ তেনে কোনো নেতা-কৰ্মী নাই, সেয়ে স্বাধীকাৰ ৰক্ষাৰ ৰ'ডমেপ নাই। তেওঁলোকৰ বহুবল্কী নেতা কিছুমানে আজান ফকিৰকে বিদেশী সজায়। মুখ্যমন্ত্ৰী গৰাকীয়ে অৱশ্যে লাচিতৰ সৈতে বাঘ হাজৰিকাৰ বিষয়ো উত্থাপন কৰে। কিন্তু তেওঁ নিজকে যিদৰে লাচিত সজাইছে, বাঘ হাজৰিকাৰ নাম ভূমিকাত কোন থাকিব সেইটোহে স্পষ্ট কৰা নাই। দলটোৱে নিৰ্বাচনৰ আগেয়ে খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থ সুৰক্ষাৰ বাবে এক সুকীয়া, অৰ্থপুৰ্ণ, স্পষ্ট নীতি পোশন কৰা পৰিলক্ষিত হৈছিল। কিন্তু শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছত খিলঞ্জীয়া মুছলমানৰ বাবে তেওঁলোকৰ যে স্পষ্ট কোনো নীতি নাই সেইকথা প্ৰায় জলজল পটপটকৈ ওলাই পৰিছে। তেনেক্ষেত্ৰত খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বকীয় অস্তিত্ব ৰবগৈনে? নে বিলীন হৈ যাব ‘সংখ্যালঘু’ৰ উমৈহতীয়া শব্দৰ এলজোলামত? অসমীয়া খিলঞ্জীয়া মুছলমানক ইতিকিং কৰা সকলে বাৰু অসমৰ ইতিহাস জানেনে? এই অসম খিলঞ্জীয়াৰ অসম৷ সকলো জাতি জনগোষ্ঠীৰ সৈতে মিলি জুলি একেলগে গঢ়িছে এই অসম৷ ইয়াত মাথোঁ লাগে সম অধিকাৰ৷

বিজেপি দলে খিলঞ্জীয়া জাতি-জনগোষ্ঠীক বিশ্বাসত লৈ আগবঢ়াৰ বিষয়ে বক্তৃতা মঞ্চ গৰম কৰিলেও কাৰ্যক্ষেত্ৰত খিলঞ্জীয়া মুছলমানৰ আস্থাভাজন হোৱাৰ কোনো পৰিকল্পনা নাই দলটোৰ। দলটোত খিলঞ্জীয়া মুছলমানৰ গুৰুত্ব নাই অথবা বলিষ্ঠ তেনে কোনো নেতা-কৰ্মী নাই, সেয়ে স্বাধিকাৰ ৰক্ষাৰ ৰ'ডমেপ নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে অৱশ্যে লাচিতৰ সৈতে বাঘ হাজৰিকাৰ বিষয়ো উত্থাপন কৰে। কিন্তু তেওঁ নিজকে যিদৰে লাচিত সজাইছে, বাঘ হাজৰিকাৰ নাম ভূমিকাত কোন থাকিব সেইটোহে স্পষ্ট কৰা নাই। দলটোৱে নিৰ্বাচনৰ আগেয়ে খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থ সুৰক্ষাৰ বাবে এক সুকীয়া, অৰ্থপুৰ্ণ, স্পষ্ট নীতি পোশন কৰা পৰিলক্ষিত হৈছিল। কিন্তু শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছত খিলঞ্জীয়া মুছলমানৰ বাবে তেওঁলোকৰ যে স্পষ্ট কোনো নীতি নাই সেইকথা প্ৰায় জলজল পটপটকৈ ওলাই পৰিছে। স্মৰ্তব্য যে অসমত প্ৰায় ৫৩-৫৫ লাখ খিলঞ্জীয়া অসমীয়া মুছলমান লোক আছে, যিসকল অসমপ্ৰেমী আৰু হাৰে হিমজুৱে অসমীয়া। এক জৰীপৰ মতে, গৰীয়া প্ৰায় ৩০ লাখ, মৰীয়া প্ৰায় ৫ লাখ, দেশী (উজানি) প্ৰায় ১০ লাখ, বৰাকৰ বাংলাভাষী খিলঞ্জীয়া প্ৰায় ৫ লাখ (যেনে চৌধুৰী, বৰ লস্কৰ. লস্কৰ, মজুমদাৰ, বৰভুঞা, মাজৰ ভুঞা আদি), মাইমেল প্ৰায় ৬০ হেজাৰ, জোলহা প্ৰায় ৭০ হেজাৰ, পাংগাল ১ লাখ ৩০ হেজাৰ লোক আছে। ইফালে গৰীয়া, মৰীয়াসকলে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱা অসমৰ বিধানসভা সমষ্টিসমূহ হ’ল- হাজো, ধৰ্মপুৰ, ছয়গাওঁ, পলাশবাৰী, কমলপুৰ, ৰঙীয়া, নলবাৰী, বৰক্ষেত্ৰী, জালুকবাৰী, মৰিগাওঁ, সৰুপথাৰ, শিৱসাগৰ, চিপাঝাৰ, মঙ্গলদৈ। আনহাতে পৰোক্ষভাৱে প্ৰভাৱ পেলোৱা সমষ্টিকেইটা হ’ল- পাটাছাৰকুছি, দিশপুৰ, কলাইগাওঁ, জাগিৰোড, বটদ্ৰবা, বোকাখাট, গোলাঘাট, যোৰহাট, নাজিৰা, লক্ষীমপুৰ, ডিব্ৰুগড়। ইফালে দেশী (উজানি) বিধানসভা সমষ্টিকেইটা ক্ৰমে মানকাছাৰ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা পুব, গোৱালপাৰা পুৱ আৰু পৰোক্ষভাৱে প্ৰভাৱিত কৰা সমষ্টিকেইটা ক্ৰমে গৌৰিপুৰ, বিলাসীপাৰা পশ্চিম, জলেশ্বৰ, অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ।

সেয়ে বিজেপি দলে খিলঞ্জীয়া মুছলমানৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংখ্যালঘুৰ নেতৃত্ব অৰ্পন লাগে খিলঞ্জীয়া মুছলমানৰ ওপৰত। অতি কৌশলগতভাৱে দলীয়ভাৱে কাৰ্য সম্পাদন কৰিব পাৰিলে খিলঞ্জীয়া মুছলমানৰ ভোট লাভ কৰা সম্ভৱপৰ হ’ব। কাৰণ খিলঞ্জীয়া মুছলমান কোনো দলৰে ভোটবেংক হৈ নাথাকে, সময়ে সময়ে অগপ দলৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ লক্ষনীয়। 

No comments:

Post a Comment