Wednesday, July 1, 2015

বিশ্লেষণ

অসমীয়া চিনেমা কোনে চাব, আৰু কিয় চাবহে?
অজয় লাল দত্ত
ৰূপালী পৰ্দাৰ বজাৰখন এতিয়া আৰু সংকীৰ্ণ বৃত্তৰ ভিতৰত আবদ্ধ হৈ থকা নাই। গোলকীকৰণৰ প্ৰভাৱত এতিয়া বিশাল বিশাল মাল্টিনেচনেল কংগ্লোমাৰেট (বহুজাতিক সংস্থা)ই ভাৰতীয় বজাৰ দখল কৰিছে। অসমো তাৰ পৰা বিচ্ছিন্ন নহয়। প্ৰতিযোগিতা বাঢ়িছে, লগতে বাঢ়িছে প্ৰযুক্তিও। বিশ্বৰ আধুনিকতম প্ৰযুক্তিৰে আৰু অতি পেশাদাৰী শিল্পী সকলে নিৰ্মাণ কৰা ছবিও এতিয়া ভাৰতীয় পৰিবেশক বা বিশ্বজুৰি পৰিবেশনাৰ নেটৱৰ্ক থকা সংস্থাৰ দ্বাৰা ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈছে। তেওঁলোকে স্থানীয় বজাৰ দখল কৰিবৰ বাবে আনকি স্থানীয় ভাষালৈ অনুবাদ কৰিও নিজৰ ব্যৱসায় বিস্তাৰ কৰিছে। ভাৰতত স্থানীয় ছবিতো সেই সমূহ প্ৰযোজনা সংস্থাই বিনিয়োগ কৰা আৰম্ভ কৰিছে। বহুতো হলিউডৰ চিনেমাই ভাৰতীয় কেইবাটাও স্থানীয় ভাষালৈ ৰূপান্তৰ কৰি থলুৱা ভাষাতে সুন্দৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আনকি কাৰ্টুনৰ জগতখনৰ বজাৰ দখলৰ প্ৰতিযোগিতাই ইমান ৰূপ পাইছেগৈ যে টিভি চেনেলতে এতিয়া তামিল, তেলেগু ভাষাত কাৰ্টুন নেটৱৰ্ক, নিকল'ডিয়নে সেৱা আগবঢ়াইছে। মনোৰঞ্জন জগতৰ এই আগ্ৰাসী ৰূপ তথা আৰ্থ-সাংস্কৃতিক হাতোৰাৰ পৰা অসম তথা উত্তৰ-পূৱো একাষৰীয়া হৈ থকা নাই। অসম তথা উত্তৰ-পূৱৰো টিভি, ভিচিডি, প্ৰজেক্টৰ, লেপটপ, হাইস্পীড ব্ৰডবেণ্ড আদি কিনিবলৈ আৰ্থিক সক্ষমতা থকা লোকসকলে এই বিশ্ব বজাৰৰ মনোৰঞ্জনৰ সোৱাদ পাবলৈ সক্ষম হৈছে। ইউ-টিউবৰ দৰে ভিডিঅ' শ্বেয়াৰিং মুকলি মঞ্চয়ো চুটি ছবি, অপেছাদাৰী বা আৰম্ভণি কৰা সকলৰ প্ৰতিভা প্ৰদৰ্শনৰ থলী হিচাবে সৱল ভাৱে কাম কৰিবলৈ সক্ষম হৈছে। অসমত যে সুন্দৰ অসমীয়া গীতৰ ভিডিঅ'ৰ জনপ্ৰিয়তা নাই বুলি কোনে কব, যি সময়ত জনপ্ৰিয় একোটা অসমীয়া গীতে ইউ.টিউবত দুই লাখৰো অধিক দৰ্শন সংখ্যা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে অসমীয়া বুলিয়েই যে মানুহে ইমান মনোৰঞ্জনৰ সুলভতাৰ মাজতো অসমীয়া ভাল চিনেমা বা তাৰ দৃশ্যাংশ নাচাব সেয়া নহয়। 

যেনেকৈ বিশ্বৰ বহু বিজ্ঞ তথা আগশাৰীৰ প্ৰসিদ্ধ নিৰ্মাতাৰ বহু ছবিয়েও একে সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰে, এখন ছবি ভাল হলেই সকলো ভাল হব ধৰণৰ পোন ফৰ্মূলাৰে ছবি জগত নচলে! বহুতৰ মতে বজাৰত ছবি এখনে ভাল আমদানি কৰিবলৈ সক্ষম হবনে নহয়, তাৰ একমাত্ৰ কাৰক নিৰ্ণয় কৰাটো এই জগতৰ বিজ্ঞ জনৰ বাবেও এক জটিল বিষয়। তথাপিও বহুতেই বাণিজ্যিক ভাৱে সফল হবৰ বাবে কিছু উপাদানক নিৰ্ণয় কৰি লৈ তাকে ব্যৱহাৰ কৰি এখনৰ পাছত একোখন বাণিজ্যিক সফল ছবি উপহাৰ দি আছে। কিছুমানে আকৌ পৰীক্ষা-নিৰীক্ষা কৰিয়েই ভিন্ন ধৰণৰ ছবিৰ সোৱাদ দিছে, তাৰে কিছু বাণিজ্যিক ভাৱে সফল হৈছে, কিছুমানত আকৌ কেইবাশ কোটি টকা বিনিয়োগ কৰাৰ পাছতো আমদানিত সফল হব পৰাই নাই। শেহতীয়া উদাহৰণ বলিউডৰ অনুৰাগ কাশ্যপৰ "বম্বে ভেলভেট"ৰ কথাই এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি। অতি লঘু, সমালোচকৰ দৃষ্টিত অনৰ্থক ছবিয়েও বিশাল টকা আৰ্জনৰ ৰেকৰ্ড গঢ়ি দিয়া দেখা যায়, এই ক্ষেত্ৰত চাজিদ খানৰ "হমচকলচ" ধৰণৰ ছবিলৈ আঙুলিয়াব পাৰি। কিছুমানে চিনেমা বাণিজ্যিক ভাৱে সফল নহলেও মানুহৰ সাৰ্বজনীন দুখ-বেদনা, চিন্তা-চেতনাক প্ৰতিনিধিত্ব কৰি মানুহৰ মনত সাঁচ বহুৱাই দিব পৰা বিধৰ হয়। কলাত্মক ছবিৰ বাহিৰেও বাণিজ্যিক দৃষ্টিৰে বনোৱা কিছুমান ছবিতো এনে শক্তিশালী উপাদান থকা দেখা যায়। এনে ছবিয়ে ক্ষণিকৰ মনোৰঞ্জনৰ উপাদানৰ বাবে বাণিজ্যিক ভাৱে সফল হোৱাৰ লগতে মানৱীয় চেতনাৰ সুক্ষ্ম-আৰু শক্তিশালী প্ৰদৰ্শন আৰু প্ৰৱাহৰ বাবে যুগজয়ী হোৱাৰ সক্ষমতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। প্ৰায়বোৰ চিনেমা নিৰ্মাতা তথা কলা-কুশলীৰে এনে চিনেমা নিৰ্মাণেই জীৱনৰ একমাত্ৰ স্বপ্ন ৰূপে দোলা দি থাকে। কাৰণ নিৰ্মাতা বা শিল্পীয়ে সদায়েই এয়াকেই আশা কৰে যে অভিলেখ সংখ্যক দৰ্শকে সৃষ্টিক আকোঁৱালি লওক, কষ্ট সফল হোৱাৰ লগতে প্ৰথমে প্ৰযোজকৰ ধনৰ বিনিয়োগো লাভজনক হওক। আৰ্থিক সফলতাৰ সৈতে বঁটা, সন্মান আদিৰ প্ৰাপ্তিয়ে আৰু আনন্দ বৃদ্ধি কৰে। যেতিয়া কোনো এখন চিনেমাই যুগজয়ী হিচাবে স্বীকৃতি পায়, তেতিয়া আৰু এই সাময়িক সম্পদৰ প্ৰাপ্তি এই বিশালতাৰ সমুখত নিস্প্ৰভ হৈ পৰে। 

এতিয়া কথা হ'ল, অসমীয়া চিনেমা কোনে চাব আৰু কিয় চাব? গোলকীকৰণে আমাৰ সমুখত আনি দিয়া ভিন্ন বিকল্পৰ মাজত সময় আৰু সমল খৰছ কৰি চাবৰ বাবে "অসমীয়াক" বাচি লোৱাৰ মূল কাৰক চাগৈ নিজৰ মাতৃভাষাটোৰ প্ৰতি আজন্ম আকৰ্ষণ। সহজে চাব পৰাকৈ ভাল সমল পালে অসমীয়া হলেও তাক আদৰি লোৱাত নৱ-প্ৰজন্মৰ বেছি ভাগৰে হয়তো আপত্তি নাই। ইউ-টিউব, ডেইলী-মোচন আদিত লাখৰ ঘৰত ক্লিক সংখ্যাই তাকেইতো প্ৰতীয়মান কৰিছে। এইদৰে হাতত থাওকতে পোৱাকৈ সকলো যোগাৰ থকা অসমীয়া আৰু তাতে অসমত বসবাস কৰা অসমীয়াৰ সংখ্যা কিমান? তাৰে ভিতৰত কিমানজনে চিনেমা হললৈ গৈ চিনেমা চাবলৈ যায়? বিশেষকৈ গুৱাহাটী মহানগৰীত নিয়মীয়াকৈ চিনেমা চাবলৈ যোৱা লোক সকল কোন, তেওঁলোকৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থিতি কি আদিও বিচাৰ্য বিষয়।

ক্ষুদ্ৰ, পুৰণি এখন পৰ্দাৰ ছবিঘৰত চিনেমা চাবলৈ যোৱা মানুহৰ সংখ্যাৰ বিপৰীতে মাল্টি-স্ক্ৰীণৰ সৰু-বৰ চেইনৰ ছবিঘৰত ছবি চোৱাৰ আগ্ৰহ বাঢ়িছে। বাতানুকূল, ডলবি আদি সুবিধাৰ দিয়াৰ বিপৰীতে এইবোৰত গড়ে এশ টকাৰ চিনেমা চাবলৈ পোৱাও নায়ায়। গুৱাহাটীৰ এনে মাল্টিপ্লেক্সত ভিৰ কৰা মানুহলৈ পৰ্যবেক্ষণ কৰিলে আধুনিক, ধনী, অনা-অসমীয়া, প্ৰেমিক-প্ৰেমিকা, ডেকা-গাভৰুৰ সংখ্যাই বেছি। সপ্তাহন্তত পৰিয়ালৰ সৈতে অহা সকলেও সকলোৱে একেলগে উপভোগ কৰিব পৰা উপভোগ্য ছবি বিচাৰে আৰু এনে পৰিয়ালৰ সংখ্যাও কম আৰু পৰিয়াল লৈ চিনেমা চাবলৈ আহিবলৈ উচ্চ আয়ৰ লোকৰ বাহিৰে আজিৰ তাৰিখত বেলেগৰ সাধ্যও নাই, সময়ো নাই। মাল্টি-প্লেক্সবোৰ অনা-অসমীয়া আৰু অতি ধনী এচাম অসমীয়াৰে ভৰি থাকে বুলি কলেও অতুক্তি নহব আৰু এই চামৰ লোকৰ ভিতৰত অসমীয়া ছবিৰ বাবে আকুল হৈ থকা মানুহ খুৱেই কম, সেই কথাও সহজেই অনুভৱ কৰিব পাৰি। কেৱল মফচলীয় চহৰৰ পৰা পঢ়িবলৈ অহা ল'ৰা-ছোৱালীয়ে কেৱল "অসমীয়া" ছবি চাই হিট কৰি দিব বুলি জানো আশা কৰিব পাৰি। সেয়ে খুৱ ভাল ছবি বুলি প্ৰচাৰৰ জোৱাৰ নুঠিলে বা চিনেমাখনৰ কলা-কুশলীৰ সৈতে চিনা-পৰিচয় নাথাকিলে দৌৰি গুৱাহাটীত অসমীয়া চাবলৈ অহা মানুহৰ সংখ্যা সঁচাই কেইবা হাজাৰো হবনে, শেহতীয়া অসমীয়া ছবিৰ দৰ্শকৰ সংখ্যাই তাৰ প্ৰতিও শংকা সৃষ্টি কৰে! তাকো মহানগৰীয় ব্যস্ততা আৰু উপাৰ্জনৰ তাড়ণাত সপ্তাহৰ মাজত চিনেমা চাই জাতিৰ সেৱা কৰিবলৈ বহুতৰে সম্ভৱ নহয়গৈ। অভিযোগ উঠে যে, নিজে জড়িত নোহোৱা ছবি চাবলৈকে খোদ অসমীয়া শিল্পী, কলা-কুশলী সকলেই ওলাই নাহে। কোনো যদি আহি, তাকো প্ৰীমিয়াৰত বিনামূলীয়াকৈ চাবলৈহে! যিটো কথাও উদ্যোগটোৰ বাবে অতি দৃষ্টিকটু!

এতিয়া আহিছো মফচলীয় চহৰলৈ। বিগত দশক কেইটাৰ আন্দোলনকামী পৰিবেশ, হত্যা-সন্ত্ৰাস, ভীতি, বোমা বিস্ফোৰণ, সংগঠনৰ ভাবুকি আদিয়ে সৰু-বৰ চহৰ নগৰৰ চলচ্চিত্ৰ প্ৰদৰ্শন থলী সমূহলৈ ব্যাপক পৰিবৰ্তন কঢ়িয়াই আনিলে। সাধাৰণ মানুহে উলাহত গৈ চিনেমা হলত সোমাই তিনি ঘণ্টা এন্ধাৰত সোমাই থাকিবলৈ ভয় কৰা হ'ল। সময়ে আনি দিয়া এই মানসিক ভীতিকো আপুনি অসমৰ ছবিজগতৰ নিশকতীয়া অৱস্থাৰ বাবে জগৰীয়া কৰিবই লাগিব। বহু পুৰণি চিত্ৰগৃহ তাৰ ফলত বন্ধ হৈ গ'ল। মাজতে সৰু-বৰ ভিডিঅ' হ'ল কিছুৱে ব্যৱসায় কৰিছিল। পিছে তাৰ পাছত সহজে ভিচিডি উপলদ্ধ হোৱাৰ পাছত দহ টকাতে নকল চিডি আনি ঘৰতে পৰিয়ালে সুৰক্ষিত ভাৱে মনোৰঞ্জন পোৱাৰ ব্যৱস্থা সুলভ হ'ল। চেটেলাইট চেনেল হোৱাৰ পাছত ভৰ-দুপৰীয়া সকলোৱে অসমীয়া ভিচিডি বা চিনেমা চলাবলৈ লোৱাৰ পৰা মানুহৰ আৰু চিনেমা হ'ললৈ গৈ অসমীয়া চিনেমা চোৱাৰ বিশেষ হেঁপাহ একোটা বাচি নাথাকিলগৈ। তাৰ ফলত সৰু-বৰ চহৰৰ যিবোৰ চিনেমাঘৰত আগতে অসমীয়া চিনেমাৰ প্ৰীমিয়াৰ হৈছিল, উদ্বোধনী অনুষ্ঠানত খোদ নায়ক-নায়িকাবোৰ উপস্থিত হৈছিল, আনকি আমাৰ ধেমাজিৰ লিলি হলতে এনেকুৱা হোৱাটোও বেছিদিনৰ আগৰ কথা নহয়, "হিয়া দিয়া নিয়া"ৰ সফলতাৰ সময়ৰ কথা, এতিয়া সেইবোৰৰো সাৰ-সুৰ নোহোৱা হ'ল। সৰু-বৰ হলবোৰে বি-গ্ৰেডৰ সস্তীয়া চিনেমা আৰু যৌনগন্ধী চিনেমাৰে নিজৰ ভাত মোকোলাই থাকিল, না উন্নতি হ'ল ব্যৱসায়ৰ না প্ৰযুক্তিৰ। এতিয়া সেইবোৰ হললৈ পৰিয়াল লৈ অসমীয়া চিনেমা উদ্ধাৰৰ খাতিৰত যে মানুহ আকৌ দলে-বলে সোমাবগৈ এই ক্ষেত্ৰত সন্দেহৰ অৱকাশ আছে। তাৰ বিপৰীতে, ডিব্ৰুগড়, তিনিচুকীয়া আদিতো মাল্টিপ্লেক্স চেইন গৈ পোৱাতো এটা সুখবৰেই, এতিয়া গল্ড চিনেমাৰ বেনাৰত নিৰ্মীয়মান আৰু তেনে ফৰ্মেটত মফচলীয়া চহৰতো বেছিকৈ ক্ষুদ্ৰ চিনেমা হল আধুনিক আৰু সুৰক্ষিত ৰূপত গঢ়ি উঠিলে অৱশ্যেই অসমৰ বাবে ভাল হব। অসমীয়া চিনেমাই তাতো শ্ব' আৰু দৰ্শকৰ সংখ্যাৰে বজাৰ দখল কৰিব পাৰিবনে নাই সেয়াও কিন্তু অান এক প্ৰশ্ন!

অসমীয়া চিনেমা কোনে নিৰ্মাণ কৰে আৰু কিয় নিৰ্মাণ কৰে সেই কথাও আলোকপাত কৰাৰ প্ৰয়োজন আছে। বয়োজ্যেষ্ঠ চিনেমা নিৰ্মাতা এগৰাকীয়ে প্ৰকাশ কৰা মতে অসমত চিনেমাৰ কলা-কুশলী সকল ইমান দিনে জীয়াই আছে ভ্ৰাম্যমাণ থিয়েটাৰ আৰু চেটেলাইট চেনেলৰৰ বেনাৰত ভাত মোকোলোৱা সকলক বাদ দিলে, বাকীসকল বিশেষকৈ দূৰদৰ্শনৰ কমিছন প্ৰগ্ৰামৰ ওপৰত। তাতো লবী, ছিণ্ডিকেট ধৰণৰ অভিযোগৰ অভাৱ নাই। তাত কি ধৰণৰ, কি মানদণ্ডৰ কাম হয়, সেয়া ডিডি নৰ্থ-ইষ্ট খুলি আধা ঘণ্টা চাবলৈ ধৈৰ্য ধৰিব পাৰিলেই বুজি পাব। তাৰ পৰা হোৱা লাভৰ ৰাহিৰ ধনেৰে কোনো কোনোৱে চখত বা নিজা প্ৰফাইলৰ খাতিৰত নিৰ্মাণ কৰে অসমীয়া চিনেমা। কিন্তু সেই সকলৰ কাম নমুনা দূৰদৰ্শনত দেখিয়েই দৰ্শকে চিনেমা দূৰতে নমস্কাৰ কৰে! আন এবিধ প্ৰযোজকৰ ধনেৰে ছবি নিৰ্মাণ হয়, সেয়া হৈছে অগাধ ক'লা টকাৰ গৰাকীৰ। যাৰ ৰাজহুৱা ধন হস্তগত কৰাৰ অপ্ৰকাশিত অভিলেখ আছে, তেনে মানুহৰ শ্ৰীমতীৰ নামৰ বেনাৰত আৰু প্ৰযোজিকা হোৱাটো ষ্টেটাচ চিম্বল হিচাবে ব্যৱহাৰ কৰিবৰ বাবেও বিনিয়োগ কৰা ধন-কুৱেৰ অসমতে আছে। চিনেমা বনোৱাৰ বাবে আগ্ৰহী, প্ৰতিভা থকা কিছু নিৰ্দেশক, নবীন, তৰুণেও পইচাৰ অভাৱত থাকি থাকি একালত বাস্তৱত তোষামোদকাৰী হৈ এওঁলোকক জালত পেলাই চিনেমা নিৰ্মাণ কৰে। এই বিধৰ প্ৰযোজকৰ চিনেমা খোদ গুৱাহাটীৰ বাহিৰেও ভিচিডি আদিৰ ৰূপত মফচলীয় চহৰতো বনি থকা দেখা যায়। ক'লা ধন ঘূৰি নাহিলেও কথা নাই, প্ৰযোজকৰ নামটো হলেও যথেষ্ট, বাইদেউ প্ৰযোজিকা, ভাগিন নায়িকা, খুড়াদেউক দেউতাকৰ ভাও দিয়াৰ ফৰ্মেটত নিৰ্মাণ হোৱা ছবিত সঁচাই মানদণ্ড ৰক্ষা হয়নে। বহু ভাল আৰু চিৰিয়াছ অসমীয়া ছবিৰ বিপৰীতে চালেই উকালি আহিব খোজা এনে ছবিৰ নিৰ্মাণে অসমীয়া চিনেমা উদ্যোগত গেলা আলুৰহে কাম কৰিছে। কিন্তু এন.কে. প্ৰডাকচন, ৰং চেনেল আদি প্ৰতিষ্ঠিত, পেশাদাৰী প্ৰযোজনা সংস্থাই উপহাৰ দিয়া ছবিবোৰে সঁচা অৰ্থত আৰু তুলনামূলক ভাৱে উন্নত, ৰুছিশীল আৰু মানদণ্ডৰ দিশৰ পৰা অসমৰ ছবি উদ্যোগক সৱল কৰিছে, সেই কথাও আমি মানি লব লাগিব।

আৰু এবিধ প্ৰযোজনাত এতিয়া অসমীয়া ছবি নিৰ্মাণ হৈ আছে, সেয়া হৈছে চলচ্চিত্ৰ নিগমৰ বিত্তীয় পৃষ্ঠপোষকতাত, মানে আপোনাৰ-মোৰ কৰৰ টকাৰে মানে ৰাজহুৱা ধনৰ খৰছেৰে। ৰাজনৈতিক নিযুক্তিৰে পদবী লভা এচাম মানুহৰ দ্বায়িত্বত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰত থকা এই নিগমৰ জৰিয়তে এক প্ৰকাৰ কমিচন প্ৰকল্প দিয়া হয়। অলপ সুনাম থকা বা বঁটা প্ৰাপ্তক প্ৰকল্প জমা দিবলৈ দি প্ৰযোজকৰ ৰূপত ৰাজনৈতিক নিযুক্তি প্ৰাপ্তৰ নামেৰে ৰূপালী পৰ্দা শুৱনি কৰা হয়। এনে দুখনমান চিনেমা মুম্বাইতো মুক্তি দিয়াত চাবলৈ গৈ সৃষ্টিৰ মানদণ্ডত নিজেও অসন্তোষ পাইছিলো। অনুভৱ কৰিছিলো, এইদৰে বিনিয়োগৰ পইচা ঘূৰাই অনাৰ প্ৰত্যাহ্বানৰ অভাৱে আৰু অসমৰ চিনেমা নিৰ্মাতা সকলৰো যেন দায়বদ্ধতা নিঃশেষ কৰিছে। তাৰ ফলো যে অসমীয়া চিনেমাৰ মানদণ্ডত জিলিকি উঠিছে, সেয়া স্বীকাৰ কৰিবই লাগিব। কিছুমান ইতিহাস-ভিত্তিক অসমীয়া ছবিত কৰা সাজ-পাৰ, সজ্জাতকৈ গাঁৱৰ ভাওনাই উন্নত যেন অনুভৱ হ'লে এই গোলকীকৃত প্ৰতিযোগিতাৰ পৃথিৱীত জাতীয়তাবাদী সহানুভূতিৰে কেৱল ছবি উদ্যোগটো বচাই ৰাখিব পৰা যাবনে বাৰু? প্ৰশ্ন হয়, একেধৰণৰ অসমীয়া কলা-কুশলীয়ে এতিয়া চেটেলাইট চেনেলৰ ধন আৰু টিআৰপিৰ প্ৰতিযোগিতাত নামি যদি উন্নত কাৰ্যসূচী নিৰ্মাণ কৰি মানুহৰ মন জিনিব পাৰিছে, তেন্তে অসমীয়াৰ ছবিৰ মাধ্যমত কিয় নোৱাৰিব। সুপ্ৰতিষ্ঠিত প্ৰযোজনা সংস্থাৰ দ্বাৰা বিত্তীয় লাভালাভৰ অংকৰে বিনিয়োগ কৰা আৰু , আনুষ্ঠানিক শিক্ষাৰে সু-সজ্জিত নিৰ্মাতা-নিৰ্দেশক কলা-কুশলীয়ে দায়বদ্ধ ভাৱে নিৰ্মাণ কৰা অসমীয়া ছবিৰ পেশাগত মাৰ্কেটিঙে নিশ্চয়কৈ অসমীয়া চলচ্চিত্ৰলৈ সফলতা কঢ়িয়াই আনিব পাৰিব। আৰু এই ক্ষেত্ৰত চলচ্চিত্ৰ আৰু বিত্তীয় উন্নয়ন নিগমে কেছ টকাৰ প্ৰকল্প বিলোৱাতকৈ উন্নত প্ৰযুক্তিৰ আমদানি কৰি আন্তঃগাঁথনিৰ উন্নীতকৰণ কৰি ষ্টুডিঅ', কেমেৰা, কাৰিকৰী দিশত অসমৰ চিনেমাবোৰক সমৃদ্ধ কৰাৰ প্ৰয়োজন। তেতিয়া এবাৰ কৰা ধনৰ বিনিয়োগেৰে সুলভ মূল্যত উন্নত সা-সঁজুলিৰ ব্যৱহাৰ কৰিবলৈ পালে কম-বাজেটতে ভাল ছবি নিৰ্মাণ কৰিবলৈ থলুৱা নিৰ্মাতা সকলেও থাওনি পাব। একেদৰে ক্ষুদ্ৰ চিনেমাঘৰ নিৰ্মাণ, প্ৰাইভেট-পাব্লিক মডেলত লাভজনক ভাৱে তাৰ ব্যৱস্থাপনা, ছবিৰ পৰিবেশন আদিৰ দ্বায়িত্বহে এই নিগমে লৈ "ফিল্ম-ফেটানিৰ্টী"য়ে নিজে কৰিব নোৱোৰা কামবোৰ কৰি দিয়া অনুঘটক সংস্থাৰ ৰূপত নিজকে নিয়োজিত কৰিব লাগিব।

কমিছন প্ৰগামৰ দৰে পাল মৰা কাম কৰা, কাম কৰি ধন পালে বাবেই প্ৰয়োজনীয় প্ৰচাৰৰ সময়ত নিস্ক্ৰিয়তা প্ৰদৰ্শন কৰি নায়ক-নায়িকাই কেৱল ভ্ৰাম্যমাণতে দেখুন বছৰটোৰ ইনকাম হয়েই বুলি স্থিতি গ্ৰহণ কৰি থাকিলে সঁচাকৈয়ে একো নহব। হিন্দী চিনেমালৈ এতিয়া নজৰ দিলেও সম্প্ৰতি বহুকেইখন কম-বাজেটৰ ছবিয়েই বাণিজ্যিক সফলতাও লাভ কৰিছে আৰু মানুহৰ হৃদয়ো জয় কৰিবলৈ সক্ষম হোৱাৰ উদাহৰণ আছে। আয়ুস্মান খুৰানাৰ দৰে অভিনেতাই "ভিকি ড'নাৰ", "জৌৰ-লাগেক-হেইচা" আদিৰ দৰে ছবিৰেই আৰ্থিক সফলতাৰ উপৰিও মানদণ্ডৰ প্ৰশংসা লভিবলৈ সক্ষম হৈছে। সেয়ে কম বাজেটৰ ভিতৰতো ভাল ছবিৰ নিৰ্মাণ হব লাগিব আৰু ৰাইজৰ মন জিনি ধন ঘূৰাই অনাৰ প্ৰত্যাহ্বান অসমীয়া ছবি নিৰ্মাতা-নিৰ্দেশকে গ্ৰহণ কৰিব লাগিব। অসমীয়া ছবিক মানুহে কেৱল ভাষা-সংস্কৃতি বচোৱাৰ জাতীয় দ্বায়িত্বৰ খাতিৰত এদিন চাবলৈ ওলাই অহাৰ দৰে চোৱাৰ পৰিবৰ্তে, ৱাল্ট ডিজনী প্ৰযোজিত ছবি, হলিউডৰ ইংৰাজী তথা অনুবাদিত ছবি, বলিউডৰ আগ্ৰাসী মাৰ্কেটিঙৰ মাজতো চাব লগীয়া ছবি হিচাবে বাচনি কৰিব পৰাৰ গুণগত মান দিব লাগিব।

গাঁৱৰ মানুহৰ, চহা মানুহৰ হৃদয়তে আছে ভাষা আৰু জাতি কলা-সংস্কৃতিৰ প্ৰতি টান আৰু মোহ সেই কথাও এই উদ্যোগৰ সৈতে জড়িত সকলে অনুভৱ কৰিব লাগিব। অসমৰ চৰ-চাপৰি, নামনি অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চল, বৰাক উপত্যাকা, চাহ-বাগান, জনজাতীয় আৰু আদিবাসী অধ্যূষিত অঞ্চল আদিকে ধৰি বিভিন্ন মূল-সুঁতিৰ বুদ্ধিজীৱি বা শিল্পীয়ে এৰা দিয়া আন-এক্সপ্ল'ৰ'ড আৰু অ-বিকশিত প্ৰান্তত থকা অসমীয়া, ন-অসমীয়া আৰু দ্বিতীয় ভাষা ৰূপে অসমীয়াক আদৰা লোক সকলকো আগ্ৰহী দৰ্শকৰ ৰূপত লক্ষ্য কৰি লব লাগিব। অসমীয়া ভাষা সংস্কৃতিক ৰক্ষা কৰাৰ বাবে নিৰৱে দ্বায়িত্ব বহন কৰা এই সকল অসমীয়াক এৰাই কেৱল "অসম সাহিত্য সভা"ক অসমীয়া সাহিত্য সভা কৰাৰ প্ৰৱণতাও এৰাই চলিব লাগিব। যি সময়ত অসমত বিভিন্ন জনগোষ্ঠীয় ৰাইজে নিজা দোৱান বা ভাষাত ছবি নিৰ্মাণ কৰিছে, মিচিং, ৰাভা, বড়ো ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমূহৰ পৰা বঁটা পাবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে কিন্তু অসমৰ ছবিৰ কলা-কুশলী সকলে "অসমৰ ছবি-উদ্যোগৰ" বিপৰীতে "অসমীয়া" ছবিৰ সুদিন ঘূৰাই আনিবলৈহে ঐক্যমতৰ দিন পালন কৰিছে। জনগোষ্ঠীয় ছবি সমূহে কি ধৰণে নিৰ্মিত হৈছে, ৰাইজে কি দৰে আদৰি লৈছে, সেই বিষয়ে কিন্তু টিভি ষ্টুডিঅ'ৰ মজিয়াতো আমাৰ কেৱল "অসমীয়া আবেগত" বন্দী হৈ থকা শিল্পী বা নিৰ্মাতা সকলে আলোচনা কৰা দুখজনক ভাৱে দেখা পোৱা নাই! এইখিনিতে উল্লেখ কৰিব পাৰি যে, গাঁৱৰ ৰাইজৰ মাজত সঁহাৰি পোৱাতহে আজিও ভ্ৰাম্যমাণ থিয়েটৰ জয়যাত্ৰা চলি থকাটো সম্ভৱপৰ হৈছে। জনগোষ্ঠীয় ভাষাত নিৰ্মিত ছবিবোৰ গাঁৱে গাঁৱে প্ৰজেক্টৰ লগাই গঞা প্ৰযোজক, নিৰ্মাতাই নিজে ঘূৰি ৰাইজক টিকট বিক্ৰী কৰি প্ৰদৰ্শন কৰিছে। সেয়ে তেওঁলোকে সীমাবদ্ধ বাজেটত সীমিত লোকৰ বাবে ছবি বনালেও কিন্তু আজি এই "উদ্যম"ৰ প্ৰতি ৰাইজৰ সঁহাৰি নাই বুলি হা-হুতাশ কাঢ়ি থকা নাই। আমাৰ মিচিং, বড়ো, ৰাভা আদি খিলঞ্জীয়া ভাষাৰ ছবিবোৰত সাধাৰণ গঞা জনতাৰ হা-হুতাশ প্ৰতিফলিত হৈছে, মানদণ্ডও প্ৰতিযোগিতা বিহীন বিপনন ব্যৱস্থাৰ বাবে প্ৰায় অনুকূলেই। এই কথাবোৰকো স্পৰ্শকাতৰ ভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। জনজাতীয় উন্নয়ন পৰিষদৰ ধন লৈ চিনেমা নিৰ্মাণৰ কমিছন প্ৰগ্ৰামৰ বেমাৰ এতিয়া সেই গ্ৰাম্য-মফচলীয়া উদ্যমৰ পথাৰতো আৰম্ভ হোৱাটোও এই ছেগতে ৰাইজক অৱগত কৰি ৰাখিলো।

সেয়ে আজি অসমত নিৰ্মিত সকলো ভাষা-গোষ্ঠীৰ চিনেমাবোৰৰ বাণিজ্যিক সফলতাৰ কথা আমি চিন্তা কৰিব লাগিব। উদ্যোগ হিচাবে লাভজনক ৰূপ দিয়াৰ বাবে লব লগা যোগাত্মক পদক্ষেপৰ কথা আলোচনা কৰিব লাগিব। তাৰ বাবে গাঁৱে-ভূঞে ভ্ৰাম্যমাণ দৰ্শনী কৰি আৰ্থিক সফলতা পোৱা কিছু ভিচিডি চিনেমাৰ কেচ ষ্টাডি কৰি কাৰ্যকৰী মডেলৰো নিৰ্মাণ কৰিব লাগিব। এই ক্ষেত্ৰত ফিল্ম-ফেটাৰ্নিটিক একেখন মঞ্চলৈ আনিবলৈ উদ্যোগ লোৱা সংস্থা সমূহে পদক্ষেপ লব লাগিব। অসমৰ অগ্ৰণী গীত আৰু চলচ্ছিত্ৰৰ পেশাদাৰী প্ৰযোজনা সংস্থা, যোৰহাটৰ এন.কে প্ৰডাকচনে আৰম্ভ কৰা "ডিজি চিনেমা"ৰ দৰে বাতানুকূল ভ্ৰাম্যমান চিনেমা হলে পাঁচখন মানকৈ চিনেমা অসম জুৰি প্ৰদৰ্শন কৰিবলৈ ওলোৱা ধৰণৰ ইতিবাচক বাতৰিৰো ফ'ল'-আপ হব লাগিব, লগতে অনুকৰণো। এইটো অতি ভাল পদক্ষেপ আছিল যদিও, নাজানো কি অপ্ৰকাশিত কাৰণত এন.কেৰ এই পদক্ষেপক প্ৰমোট আৰু প্ৰচাৰ কৰিবলৈ এই "ফিল্ম-ফেটাৰ্নিটি" আজিও ঢল ভাঙি আগবাঢ়ি নাহিল। জনগোষ্ঠীয় কলা-সংস্কৃতি ৰক্ষাৰ বাবে গঠিত ১৯খনকৈ উন্নয়ন পৰিষদ, তিনিখনকৈ ষষ্ঠ অনসূচীৰ স্বায়ত্ত-শাসিত পৰিষদেও থলুৱা ছবি উদ্যোগৰ বাবে ক্ষুদ্ৰ চিনেমাঘৰৰ প্ৰকল্প মফচলীয় নগৰ সমূহত হাতত লৈ লাভজনক ৰূপত গঢ় দিব পাৰে। ব্যক্তিগত ধনৰ বিনিয়োগৰ সীমাবদ্ধতা থকা ক্ষেত্ৰ বাবেই এনেবোৰ দিশত এনে সামাজিক সংস্থাই ব্যৱসায়িক দৃষ্টিৰে অংশগ্ৰহণৰ কথাও ভবাৰ দৰকাৰ আছে। প্ৰতিটো কথাকে প্ৰতিটো ব্লকত আঁচনি ৰূপায়ন কৰিব বুলি অভিমত দিয়া অসমৰ মুখ্যমন্ত্ৰীকো প্ৰতিটো ব্লক বা পঞ্চায়তত ৰাজহুৱা ভৱনত সাপ্তাহিক চিনেমা হলৰ ৰূপত মনোৰঞ্জন স্থলীৰ সৃষ্টি কৰিবলৈ সচেতন ৰাইজেই হেঁচা দিব লাগিব। কম আন্তঃগাঁথনিৰেও প্ৰতিটো পঞ্চায়ততে এনে ক্ষুদ্ৰ ৰাজহুৱা সম্পদৰ সদ-ব্যৱহাৰেৰ লাভজনক ভাৱে স্থানীয় লোকক আৰ্জন কৰিবলৈ সুবিধা দিয়াৰ দৰে এনে ব্যতিক্ৰমী চিন্তাও আমি কৰিব লাগিব। এনে পদক্ষেপেহে অসমীয়া চিনেমাক সুৰক্ষিত ভাৱে অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি অকৃত্ৰিম মোহ থকা লোক সকলৰ কাষ চপাই নিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

কেৱল নিজৰ চিনেমা মুক্তি দিয়াৰ সময়ত টিভি চেনেলত অনা-অসমীয়া চিনেমাগৃহৰ মালিকৰ হেঁচা, পৰিবেশকে শ্ব নিদিয়ে বুলি সহানুভূতিৰ ঢৌ সৃষ্টি কৰিবলৈ ওলাই আহিলেই নহব। প্ৰতিখন অসমীয়া চিনেমা মুক্তি দিয়াৰ সময়ত উদ্যোগটোৰ লগত জড়িত কলা-কুশলীয়ে প্ৰথমে জোৰ-বান্ধি টিকেট কাটি চিনেমা চাবলৈ আহিব লাগিব, উচাহৰ সৃষ্টি কৰিব লাগিব। কেৱল দীঘলী পুখুৰীৰ পাৰত অসমীয়াত নকৈ ইংৰাজীতে "চলিডাৰিটি দে" উদযাপন কৰি সীমাবদ্ধ হৈ থাকিলে নহব। হললৈ একোটা দৰ্শনীত এশজনকো টানিব নোৱাৰা শোচনীয় অৱস্থাতো টিভিৰ কেমেৰাৰ সমুখত হলিউডৰ তাৰকাৰ দৰে ভাও দিয়াতকৈ বাস্তৱত সৃষ্টিৰ পথাৰত নামি ঘামৰ ঢল বোৱাব লাগিব, ৰ'ড শ্বো কৰিও দৰ্শক গোটাবলৈ অভিনেতা-অভিনেত্ৰী সকল বলিউদৰ দৰেই ওলাই আহিব লাগিব। বলিউডত যি দৰে চিনেমাৰ প্ৰথম দৰ্শনীত ইজনে সিজনৰ চিনেমা চাই, মুক্তিৰ দিনা আহি উছাহ জগায়, ইজনে সিজনৰ কামৰ পাৰস্পৰিক প্ৰশংসা কৰে, সেই ধৰণৰ সহযোগিতাৰ কামো আমাৰ সকলেও কৰিবলৈ অন্তৰ বিশাল কৰি, কেকোঁৰা মানসিকতা ত্যাগি ওলাই আহিব লাগিব। চ'ছিয়েল মেডিয়া যোগেও প্ৰচাৰত হাত-উজান দিব লাগিব। মহাৰাষ্ট্ৰত মাৰাঠী চিনেমাক সুৰক্ষিত কৰিবলৈ চৰকাৰে কঠোৰ আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এক পৰ্দাৰ চিনেমাহলৰ বাহিৰেও মাল্টিপ্লেক্সটো ৰাইজৰ সুবিধা হোৱাকৈ সন্ধিয়া বা বিশেষ দৰ্শনীত মাৰাঠী ছবিৰ প্ৰদৰ্শন বাধ্যতামূলক কৰা হৈছে। একে সূত্ৰ অৱলম্বন কৰিবলৈ অসমৰ সাংস্কৃতিক বিভাগেও প্ৰশাসনীয় পৰ্যায়ত নিৰ্দেশ জাৰি আৰু বলৱতৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়া "অহেতুক"ৰ দৰে ভাল ছবিয়েও বাণিজ্যিক ৰূপত দৰ্শনীৰ অভাৱত লাভ কৰি দিয়া ছবি ৰূপে নিজকে প্ৰমাণ কৰিবলৈ হয়তো বিশেষ বাধা নাথাকিব। যথেষ্ট দৰ্শনী আৰু দৰ্শকৰ ব্যৱস্থা নোহোৱালৈকে মনোৰঞ্জন কৰ ঘূৰাই দিয়া বা ৰাজ-সাহাৰ্যৰে এই উদ্যোগ চলাব পৰা নাযাব, সেই কথাও ৰাইজে হৃদয়ংগম কৰিব লাগিব।

অতি কম সা-সুবিধা, প্ৰযুক্তিৰেই অসমত চিনেমাৰ পথ নিৰ্মাণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পদাংকন অনুসৰণ কৰি অসমীয়া ছবি নিৰ্মাতা সকলে আজিৰ যুগসন্ধিৰ প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিব লাগিব। এসময়ত হিল-দোল ভাঙি অসমীয়া ছবি চাবলৈ উঠি অহা অসমৰ সেই সময়বোৰ ঘূৰাই আনিবলৈ পেশাদাৰীত্ব, প্ৰযুক্তি আৰু মানদণ্ডৰ সৈতে মানৱীয় আশা-আকাংক্ষাৰে দুখ-বেদনাৰ হৃদয়স্পৰ্শী সৃষ্টিৰে যুগজয়ী অথচ বাণিজ্যিক ভাৱে সফল ছবিৰ নিৰ্মাণ হবই লাগিব। গোলকীকৰণে দিয়া প্ৰত্যাহ্বানৰ লগতে আনি দিয়া ইতিবাচক সুবিধাবোৰৰো ব্যৱহাৰৰ কথা চিন্তা কৰিব লাগিব। উন্নত থলুৱা ছবি ইংৰাজী তথা আন মাধ্যমলৈ ভাষান্তৰ কৰিও ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ কথা চিন্তা কৰিব লাগিব। নিজৰ প্ৰতিভা আৰু কৌশল বিশ্বস্তৰত প্ৰতিপন্ন কৰিব পাৰিলে মূলতে অসমীয়া বা অসমৰ থলুৱা ভাষাত নিৰ্মিত ছবিৰ প্ৰযোজনাৰ বাবেও যে দেশী-বিদেশী বিশাল প্ৰযোজনা আৰু পৰিবেশনা সংস্থাবোৰো যে আগবাঢ়ি নাহিব তাৰ মানে নাই। বিশ্বৰ বা ভাৰতৰ আন প্ৰান্তৰ আঞ্চলিক ভাষাৰ ছবিয়ে এইদৰে ইতিবাচক প্ৰত্যাহ্বান গ্ৰহণ কৰি বজাৰ আৰু প্ৰযোজক বিচাৰি উলিয়াইছে, আমিও তাত পিছপৰি থাকিলে নহব। তেতিয়াহে হয়তো আমি সকলোৱেই এদিন দাঠি কব পাৰিম, অসমীয়া চিনেমা কোনে নাচাব, আৰু কিয় নাচাবহে? সেই দিনাই জ্যোতিৰ সপোনে অসমৰ মাটিত পুনৰ প্ৰাণ পাই উঠা বুলি অনুভৱ কৰিম। এইবোৰ প্ৰত্যাহ্বান আৰু পদক্ষেপ, আন্তৰিকতাৰে গ্ৰহণ নকৰিলে কিন্তু "অসম"ৰ ছবি উদ্যোগলৈ ভাল দিন অহাটো "৩১জুন"ৰ দৰেই অলীক স্বপ্ন হৈ ৰব, সেয়াও নিশ্চিত।

No comments:

Post a Comment